< 2 Nyakati 12 >

1 Ikawa kwamba, Rehoboamu alipokuwa ameimarishwa na mwenye nguvu, kwamba akaikataa sheria ya Yahwe—na Waisraeli wote pamoja naye.
যেতিয়া ৰহবিয়ামৰ ৰাজ্য প্ৰতিস্থিত আৰু তেওঁ শক্তিশালী হ’ল, তেতিয়া তেওঁ আৰু তেওঁৰে সৈতে গোটেই ইস্ৰায়েলে যিহোৱাৰ বিধি ত্যাগ কৰিলে।
2 Ilitokea katika mwaka wa tano wa Mfalme Rehoboamu, kwamba, Shishaki, mfalme wa Israeli, akaja kinyume na Yerusalelemu, kwa sababu watu walikuwa wameacha kuwa waaminifu kwa Yahwe.
তেতিয়া এই ঘটনা ঘটিছিল, সেয়া আছিল ৰজা ৰহবিয়ামৰ ৰাজত্ৱৰ পঞ্চম বছৰ; মিচৰৰ ৰজা চীচকে যিৰূচালেমৰ বিৰোদ্ধ কৰিলে৷ কাৰণ তেওঁলোকে যিহোৱাৰ প্ৰতি অবিশ্ৱাসী আছিল৷
3 Akaja na magari elfu moja na mia mbili pamoja naye na wapand farasi elfu sitini. Askari wasio hesabika wakaja pamaoja naye kutoka Misri: Walubi, Wasukii, na Waethiopia.
তেওঁ বাৰশ ৰথ আৰু ষাঠী হাজাৰ অশ্বাৰোহী লগত লৈ আহিছিল৷ তেওঁৰ লগত মিচৰৰ পৰা লুবীয়া, চুক্কীয়া আৰু কুচীয়া লোকসকল অসংখ্যৰূপে আহিছিল।
4 Akaiteka miji yenye ngome ya Yuda na akaja Yerusalemu.
তেওঁ গড়েৰে আবৃত থকা যিহূদাৰ নগৰবোৰ আটক কৰি যিৰূচালেমলৈ আহিছিল।
5 Sasa Shemaya nabii akaja kwa Rehoboamu na kwa viongozi wa Yuda ambao walikuwa wamekusanyika pamoja Yerusalemu kwa sababu ya Shishaki. Shemaya akasema kwao, “Hivi ndivyo anavyosema Yahwe: Mmenisahau, kwa hiyo pia nimewaweka katika mkono wa Shishaki”.
সেই সময়ত চময়িয়া ভাববাদীয়ে ৰহবিয়ামৰ ওচৰলৈ আৰু চীচকৰ ভয়ত যিৰূচালেমত গোট খোৱা যিহূদাৰ অধ্যক্ষসকলৰ ওচৰলৈ আহিল আৰু তেওঁলোকক ক’লে, “যিহোৱাই এই কথা কৈছে: ‘তোমালোকে মোক ত্যাগ কৰিলা, এই কাৰণে ময়ো তোমালোকক ত্যাগ কৰি চীচকৰ হাতত দিলোঁ’৷”
6 Kisha wakuu wa Israeli na mfalme wakajinyenyekeza na kusema, “Yahwe ni mtakatifu.”
তেতিয়া ইস্ৰায়েলৰ ৰাজকুমাৰ আৰু ৰজাই নিজকে নম্ৰ কৰি ক’লে, “যিহোৱা ন্যায়বান।”
7 Yaahwe alipoona kuwa wamejinyenyekeza, neno la Yahwe likamjia Shemaya, likisema, “Wamejinyenyekeza. Stawaadhibu; nitawaokoa kwa hataua fulani, na hasira yangu haitamiminwa juu ya Yerusalemu kwa mkono wa Shishaki.
তেতিয়া যিহোৱাই তেওঁলোকক নম্ৰ হোৱা দেখি চময়িয়াৰ ওচৰলৈ যিহোৱাৰ এই বাক্য আহিল, বোলে, “তেওঁলোক নম্ৰ হ’ল৷ মই তেওঁলোকক বিনষ্ট নকৰোঁ; কিন্তু অলপ সময়ৰ কাৰণেহে তেওঁলোকক উদ্ধাৰ কৰিম আৰু চীচকৰ হাতৰ দ্বাৰাই যিৰূচালেমৰ ওপৰত মোৰ ক্ৰোধ ঢলা নাযাব।
8 Vile vile, watakuwa watumishi wake, ili kwamba wajue nini maana ya kunitumikia mimi na kuwatumikia watawala wa nchi zingine.”
তথাপি তেওঁলোকে তেওঁৰ দাস হ’ব, যাতে তেওঁলোকে বুজি পায় মোক সেৱা কৰিলে কি হয় আৰু অন্য দেশীয় শাসনকর্তাক সেৱা কৰিলে কি হয়৷”
9 Kwa hiyo Shishaki, mfalme wa Misiri akaja Yerusalemu akazichukua hazina katika nyumba ya Yahwe, na hazina katika nyumba ya mfalme. akachukua kila kitu; pia akazichukua ngao za dhahabu alizokuwa amezitengeneza Selemani. Mfalme
পাছত মিচৰৰ ৰজা চীচকে যিৰূচালেমৰ বিৰুদ্ধে আহিল আৰু যিহোৱাৰ গৃহৰ লগতে ৰাজ গৃহত সাঁচি থোৱা বস্তুবোৰ লৈ গ’ল৷ তেওঁ সকলোকে নিলে আৰু চলোমনে সজোৱা সোণৰ ঢালবোৰো লৈ গ’ল।
10 Rehoboamu akatengeneza ngao za shaba katika nafasi zake na kuzikabidhi mikoni mwa maamrijeshi wa walinzi, amabao waliilinda milango ya kuelekea kwenye nyumba ya mfalme.
১০তেতিয়া ৰজা ৰহবিয়ামে সেইবোৰৰ সলনি পিতলৰ ঢাল সাজিলে আৰু ৰাজ গৃহৰ দুৱাৰ ৰখীয়া প্ৰহৰীবোৰৰ অধ্যক্ষসকলৰ হাতত শোধাই দিলে।
11 Ikawa kwamba mfalme kila alipoingia katika nyumba ya Yahwe, walinzi wakazibeba; kisha wakazirudisha katika nyumba ya ulinzi.
১১এইদৰে ৰজা যেতিয়া যিহোৱাৰ গৃহলৈ আহে, তেতিয়া প্ৰহৰীবোৰে সেই ঢালবোৰ উলিয়াই আনে; পাছত পুনৰ প্ৰহৰীৰ কোঁঠাত সেইবোৰ থৈ দিয়ে৷
12 Rehoboamu alipojinyenyekeza mwenyewe, ghadhabu ya Yahwe ikampisha mbali, kwa hiyo hakumwangamiza kabisa kabisa; pembeni, bado kulikuwa na baadhi ya wema wa kupatikana katika Yuda.
১২ৰহবিয়াম নম্ৰ হোৱাৰ পাছত যিহোৱাৰ ক্ৰোধ ক্ষান্ত হ’ল৷ তেওঁ ৰহবিয়ামক সম্পূৰ্ণৰূপে বিনষ্ট নকৰিলে; আনহাতে যিহূদাৰ মাজতো লোকৰ সদ্ভাৱ আছিল।
13 Hivyo mfalme Rehoboamu akafanya ufalme wake imara katika Yerusalemu, na kwa hiyo akatawala. Rehoboamu alikuwa na umri wa miaka aroabaini na moja alipoanza kutawala, na akatawala kwa muda wa mika kumi na saba katika Yerusalemu, mji ambao Yahwe alikuwa ameuchagua kutoka kwa makabila ya Israeli ili kwamba aliweke jina lake humo. Jina lake aliitwa Naama, Mwamoni.
১৩ক্রমশঃ ৰজা ৰহবিয়ামে যিৰূচালেমত তেওঁৰ ৰাজপদ শক্তিশালী কৰি, ৰাজত্ব কৰিবলৈ ধৰিলে। যেতিয়া ৰহবিয়ামৰ বয়স একচল্লিশ বছৰ আছিল, তেতিয়া ৰাজত্ব কৰিবলৈ লৈছিল। তেওঁ যিৰূচালেমত সোঁতৰ বছৰ ৰাজত্ব কৰিছিল। যিহোৱাই নিজ নাম স্থাপন কৰিবৰ বাবে ইস্ৰায়েলৰ সকলো ফৈদৰ মাজৰ পৰা তেওঁক মনোনীত কৰিছিল। তেওঁৰ মাকৰ নাম নয়মা আছিল, তেওঁ অম্মোনীয়া আছিল।
14 Akafanya yaliyokuwa uovu, kwa sababu hakuuelekeza moyo wake kumtafuta Yahwe.
১৪কিন্তু তেওঁ কু-আচৰণ কৰিছিল, কিয়নো তেওঁ যিহোৱাক বিচাৰ কৰিবলৈ নিজৰ মন স্থিৰ কৰা নাছিল।
15 Kwa mambo mengine kuhusu Rehoboamu, mwanzo na mwisho, hayakuandikwa katika maandishi ya Shemaya nabii na ya Ido mwonaji, ambayo pia yana kumbukumbu ya vizazi na vita kati ya Rehoboamu na Yeroboamu?
১৫ৰহবিয়ামে যি যি কৰিছিল, সেই সকলো বিষয় প্ৰথমৰ পৰা শেষলৈকে চময়িয়া ভাববাদী আৰু ইদ্দো দৰ্শকৰ ইতিহাস পুস্তক দুখনত বংশাৱলীসহ সবিশেষ লিখা আছে। ৰহবিয়াম আৰু যাৰবিয়ামৰ মাজত সদায় যুদ্ধ লাগি আছিল।
16 Rehoboamu akalala pamoja na babu zake na alizikwa katika mji wa Daudi; Abiya mwanye akawa mfalme katika nafasi yake.
১৬পাছত ৰহবিয়ামে তেওঁৰ পূর্ব-পুৰুষসকলৰ লগত নিদ্ৰিত হ’ল আৰু দায়ূদৰ নগৰত তেওঁক মৈদাম দিয়া হ’ল; তেতিয়া তেওঁৰ পুত্ৰ অবিয়া তেওঁৰ পদত ৰজা হ’ল।

< 2 Nyakati 12 >