< 1 Wathesalonike 4 >
1 Hatimaye, ndugu, twawatia moyo na kuwasihi kwa Yesu Kristo. Kama mlivyopokea maelekezo toka kwetu namna iwapasavyo kuenenda na kumpendeza Mungu, kwa njia hiyo pia muenende na kutenda zaidi.
১সর্বশেষত, হে প্রিয় ভাইসকল, ঈশ্বৰক সন্তুষ্ট কৰিবৰ কাৰণে কি ৰূপে জীৱন-যাপন কৰিব লাগে, এই বিষয়ে আপোনালোকে আমাৰ পৰা যি শিক্ষা গ্রহণ কৰিলে, সেইভাৱেই আপোনালোকে চলিছে। আমি প্রভু যীচুত থাকি আপোনালোকক উদগাওঁ আৰু পৰামর্শ দিওঁ, আপোনালোকে যেন অধিককৈ সেইভাৱে জীৱন-যাপন কৰে।
2 Kwa kuwa mwajua ni maelekezo gani tuliyowapa kupitia Bwana Yesu.
২কাৰণ প্ৰভু যীচুৰ অধিকাৰৰ দ্বাৰাই আমি আপোনালোকক কি কি পৰামৰ্শ দিছিলোঁ, সেই বিষয়ে আপোনালোকে জানে।
3 Kwa kuwa haya ndiyo mapenzi ya Mungu: utakaso wenu - kwamba muepuke zinaa,
৩কিয়নো ঈশ্বৰৰ ইচ্ছা এই যে, আপোনালোক যেন পবিত্ৰ হয় অর্থাৎ সকলো ধৰণৰ ব্যভিচাৰৰ পৰা যেন দূৰৈত থাকে।
4 Kwamba kila mmoja wenu anajua namna ya kumiliki mke wake mwenyewe katika utakatifu na heshima.
৪আপোনালোক প্রত্যেকে নিজৰ নিজৰ ভার্যাৰ লগত কেনেদৰে পবিত্রতাৰে আৰু সন্মানজনক ভাৱে সহবাস কৰিব লাগে, সেই বিষয়ে জানে।
5 Usiwe na mke kwa ajili ya tamaa za mwili (kama Mataifa wasiomjua Mungu).
৫ঈশ্বৰক নজনা অনা-ইহুদী সকলৰ নিচিনা অবৈধ মাংসিক কামনাৰ বশত চলিব নালাগে।
6 Asiwepo mtu yeyote atakaye vuka mipaka na kumkosea nduguye kwa ajili ya jambo hili. Kwa kuwa Bwana ndiye mwenye kulipa kisasi kwa mambo yote haya, kama tulivyo tangulia kuwaonya na kushuhudia.
৬এই বিষয়ত কোনেও যেন সীমা পাৰ নহয় আৰু তেওঁৰ ভাইক নঠগায়; আমি আগেয়ে আপোনালোকক জনাইছিলোঁ আৰু সাৱধান কৰি দিছিলোঁ যে, এই সকলো পাপ বিষয়ৰ কাৰণে প্রভুৱে তেওঁলোকক দণ্ড দিব।
7 Kwa kuwa Bwana hakutuita kwa uchafu, bali kwa utakatifu.
৭কিয়নো ঈশ্বৰে আমাক অপবিত্রতালৈ নহয়, কিন্তু পবিত্ৰতালৈহে আমন্ত্ৰণ কৰিলে।
8 Kwa hiyo anayelikataa hili hawakatai watu, bali anamkataa Mungu, anayewapa Roho Mtakatifu wake.
৮এতেকে যি জনে এই শিক্ষা অগ্ৰাহ্য কৰে, তেওঁ মানুহক নহয়, কিন্তু যিজনে তেওঁৰ পবিত্ৰ আত্মা আপোনালোকক দান কৰিলে, সেই ঈশ্বৰকেই অগ্ৰাহ্য কৰে।
9 Kuhusu upendo wa ndugu, hakuna haja ya mtu yeyote kukuandikia, kwa kuwa mmefundishwa na Mungu kupendana ninyi kwa ninyi.
৯ভাতৃপ্ৰেমৰ বিষয়ে হ’লে আপোনালোকলৈ লিখা অপ্ৰয়োজন; কিয়নো এজনে আন জনক প্রেম কৰাৰ শিক্ষা আপোনালোকে ঈশ্বৰৰ পৰাই শিকিছে।
10 Hakika, mlifanya haya yote kwa ndugu walioko Makedonia yote, lakini twawasihi, ndugu, mfanye hata na zaidi.
১০বাস্তৱতে সমুদায় মাকিদনিয়া প্রদেশৰ সকলো বিশ্বাসী ভাইকে আপোনালোকে প্রেম কৰে। কিন্তু হে ভাইসকল, আমাৰ পৰামর্শ এই যে, আপোনালোকে যেন প্রেমত অধিককৈ উপচি পৰে।
11 Twawasihi mtamani kuishi maisha ya utulivu, kujali shughuli zenu, na kufanya kazi kwa mikono yenu, kama tulivyowaamuru.
১১আমি আপোনালোকক পুণৰ পৰামর্শ দিওঁ যে, আপোনালোকে শান্তিপূর্ণ জীৱন কটোৱাৰ বাবে আপ্রাণ চেষ্টা কৰক; আমি দিয়া আজ্ঞা অনুসাৰে নিজৰ কার্যত মনোযোগ দিয়ক, নিজ হাতেৰে পৰিশ্রম কৰিবলৈ ইচ্ছা কৰক।
12 Fanya haya ili uweze kuenenda vizuri na kwa heshima kwa hao walio nje ya imani, ili usipungukiwe na hitaji lolote.
১২আপোনালোকে এনেদৰে জীৱন কটাওঁক যাতে বিশ্বাস নকৰা বাহিৰা লোকে আপোনালোকৰ সন্মানপূর্ণ উপযুক্ত আচাৰ-ব্যৱহাৰক মান্য কৰিব পাৰে আৰু এইদৰে আপোনালোকৰ যেন একোৰে অভাৱ নহয়।
13 Hatutaki ninyi muelewe isivyo sahihi, enyi ndugu, juu ya hao waliolala, ili msije mkahuzunika kama wengine wasio na uhakika kuhusu wakati ujao.
১৩হে ভাইসকল, যিসকল লোক নিদ্রিত হ’ল তেওঁলোকৰ কি হ’ব সেই সম্বন্ধে আপোনালোকে একো নজনাকৈ থকাটো আমি নিবিচাৰোঁ; কাৰণ আশাহীন অন্য লোকৰ নিচিনাকৈ আপোনালোক শোকাকুল হোৱাটো আমি নিবিচাৰোঁ।
14 Iwapo tunaamini kuwa Yesu alikufa na akafufuka tena, vivyo hivyo Mungu atawaleta pamoja na Yesu hao waliolala mauti katika yeye.
১৪কিয়নো যীচু মৰি পুনৰায় উঠিল, ইয়াক যদি আমি বিশ্বাস কৰোঁ, তেনেহলে আমি ইয়াকো বিশ্বাস কৰোঁ যে, ঈশ্বৰে যীচুৰ আশ্ৰয়ত মৃত্যু হোৱা সকলকো যীচুৰ লগত লৈ যাব।
15 Kwa ajili ya hayo twawaambia ninyi kwa neno la Bwana, kwamba sisi tulio hai, tutakaokuwepo wakati wa kuja kwake Bwana, hakika hatutawatangulia wale waliolala mauti.
১৫প্ৰভুৰ বাক্যৰ দ্বাৰাই আমি আপোনালোকক এই কথা কওঁ যে, আমি যিমান লোক জীয়াই আছোঁ আৰু প্ৰভুৰ আগমণত যিমান লোক অৱশিষ্ট থাকিম, আমি সকলোৱে কোনোমতে সেই মৃত লোক সকলতকৈ আগেয়ে নাযাওঁ।
16 Kwa kuwa Bwana mwenyewe atashuka toka mawinguni. Atakuja na sauti kuu, pamoja na sauti ya malaika mkuu, pamoja na parapanda ya Mungu, nao waliokufa katika Kristo watafufuka kwanza.
১৬কিয়নো প্রভু নিজে জয়ধ্বনি, প্ৰধান স্বর্গৰ দূতৰ স্বৰ, আৰু ঈশ্বৰৰ তূৰী বাদ্যৰে সৈতে স্বৰ্গৰ পৰা নামি আহিব; তেতিয়া খ্ৰীষ্টৰ আশ্ৰয়ত মৰা লোক সকল প্ৰথমে উঠিব;
17 Kisha sisi tulio hai, tuliobaki, tutaungana katika mawingu pamoja nao kumlaki Bwana hewani. Kwa njia hii tutakuwa na Bwana siku zote.
১৭তাৰ পাছত আমি যি সকল জীয়াই থাকিম, সেই সময়ত আকাশত প্ৰভুৰ লগ লবলৈ তেওঁলোকৰ সৈতে আমাকো মেঘৰ মাজত তুলি নিয়া হব আৰু এইদৰে আমি সদায় প্ৰভুৰ সাক্ষাতে থাকিম।
18 Kwa hiyo, mfarijiane ninyi kwa ninyi kwa maneno haya.
১৮এতেকে, এইবোৰ কথাৰ দ্বাৰাই আপোনালোকে পৰস্পৰক সান্ত্বনা দিয়ক।