< 1 Samweli 20 >
1 Kisha Daudi akakimbia kutoka Nayothi huko Rama akaenda na kumwambia Yonathani, “Nimefanya nini? Uovu wangu ni upi? Dhambi yangu ni ipi kwa baba yako, inayofanya atafute kuutoa uhai wangu.”
১তাৰ পাছত দায়ূদে ৰামাৰ নায়োতৰ পৰা পলাই যোনাথনৰ ওচৰলৈ আহি ক’লে, “মই নো কি কৰিলোঁ? মোৰ অপৰাধ কি? আপোনাৰ পিতৃৰ আগত মই কি পাপ কৰিলোঁ, তেওঁ যে মোৰ প্ৰাণ লবলৈ চেষ্টা কৰিছে?”
2 Yonathani akamwambia Daudi, “La hasha; hautakufa. Baba yangu hafanyi jambo kubwa wala dogo bila kunijulisha. Kwa nini inamlazimu baba yangu anifiche jambo hili? La, siyo hivyo?”
২যোনাথনে দায়ূদক ক’লে, “ইয়াৰ পৰা আঁতৰি থাকক, আপোনাৰ মৃত্যু নহয়। মোৰ পিতৃয়ে ডাঙৰ কি সৰু কোনো কাম মোক নোকোৱাকৈ নকৰে। মোৰ পিতৃয়ে এই কথা মোৰ পৰা কিয় গোপনে ৰাখিব? সেয়ে নহয়।”
3 Bado Daudi aliapa tena na akasema, “Baba yako anajua wazi kwamba nimepata kibali machoni pako. Pengine anasema, 'Asije Yonathani akajua jambo hili, labda atahuzunika.' Lakini kweli kama BWANA aishivyo, kama wewe uishivyo, kuna hatua moja tu kati yangu na mauti.”
৩তথাপিও দায়ূদে শপত খাই ক’লে, “মই তোমাৰ দৃষ্টিত যে অনুগ্ৰহপ্ৰাপ্ত হৈছোঁ, তাক তোমাৰ পিতৃয়ে ভালকৈ জানে; তেওঁ কৈছে, ‘যোনাথনক এই কথা জানিবলৈ নিদিবা, জানিলে সি অসন্তোষ পাব’। কিন্তু যিহোৱাৰ জীৱনৰ আৰু তোমাৰ জীৱনৰ শপত, মোৰ আৰু মৃত্যুৰ মাজত নিশ্চয়ে এখোজহে অন্তৰ আছে।”
4 Kisha Yonathani akamwambia Daudi, “Lolote utakalosema, nitakufanyia.”
৪তেতিয়া যোনাথনে দায়ূদক ক’লে, “আপুনি যি ক’ব বিচাৰে কওক, মই আপোনাৰ কাৰণে তাকেই কৰিম।”
5 Daudi akamwambia Yonathani, “Kesho ni siku ya mwezi mpya, na inanibidi kukaa na kula pamoja na mfalme. Lakini acha niende, ili niweze kujificha katika shamba hadi siku ya tatu jioni.
৫দায়ূদে যোনাথনক ক’লে, “কাইলৈ ন-জোন ওলাব; তাতেই ময়েই ৰজাৰ লগত ভোজনত বহিব লাগিব। কিন্তু তুমি মোক যাবলৈ দিয়া, মই তৃতীয় দিনৰ গধূলিলৈকে পথাৰত লুকাই থাকিম।
6 Baba yako akinikosa kabisa, ndipo utasema, 'Daudi aliniomba kwa msisitizo ruhusa aondoke kwenda mjini kwake Bethlehemu; kwa sababu huko ni kipindi cha utoaji wa dhabihu ya mwaka kwa familia yao yote.'
৬যদি তোমাৰ পিতৃয়ে মই নথকাটো মন কৰে, তেন্তে তুমি ক’বা, ‘দায়ূদে নিজ নগৰ বৈৎলেহেমলৈ সোনকালে যাবৰ কাৰণে মোৰ আগত বৰ আগ্ৰহেৰে অনুমতি বিচাৰিলে; কাৰণ সেই ঠাইত গোটেই বংশৰ কাৰণে এটা বছৰেকীয়া যজ্ঞ হৈ আছে।’
7 Kama atasema kuwa ni vyema, 'basi mtumishi wako atakuwa na amani. Lakini kama atakasirika sana, ndipo utajua kwamba ameamua kunitendea uovu.
৭তেওঁ যদি কয়, ‘ঠিকেই আছে’, তেতিয়া তোমাৰ দাসৰ মঙ্গল হ’ব। কিন্তু যদি তেওঁৰ খং উঠে, তেন্তে জানিবা যে, তেওঁ অমঙ্গলৰ কথা চিন্তা কৰিছে।
8 Kwa hiyo, umtendee wema mtumishi wako. Kwa maana umemweka mtumishi katika agano la BWANA pamoja na wewe. Lakini kama kuna dhambi ndani yangu, wewe mwenyewe uniuwe; maana kwa nini basi unipeleke kwa baba yako?”
৮এই হেতুকে তুমি তোমাৰ দাসলৈ অনুগ্ৰহ কৰিবা; কাৰণ তুমি তোমাৰ এই দাসক তোমাৰে সৈতে যিহোৱাৰ চুক্তিলৈ আনিছা। তথাপি যদি মোৰ কোনো অপৰাধ থাকে, তেন্তে তুমি নিজে মোক বধ কৰা; তেনেহলে কিয় মোক তোমাৰ পিতৃৰ ওচৰলৈ নিব খুজিছা?”
9 Yonathani akasema, “La hasha! Ikiwa ninajua kwamba baba ameamua baya likupate, siwezi kukuambia?”
৯যোনাথনে ক’লে, “এনে ভয় আপোনাৰ পৰা দূৰ হওক! কাৰণ মোৰ পিতৃয়ে আপোনালৈ অমঙ্গল ঘটাবলৈ স্থিৰ কৰা কথা যদি মই কেনেবাকৈ জানিব পাৰোঁ, তেন্তে মই জানো আপোনাক কৈ নিদিম?”
10 Ndipo Daudi akamwambia Yonathani, “Ni nani ataniambia ikiwa imetokea, baba yako akakujibu kwa ukali?”
১০তেতিয়া দায়ুদে যোনাথনক ক’লে, “তোমাৰ পিতৃয়ে তোমাক কটু উত্তৰ দিলে, তাক কোনে মোক ক’ব?”
11 Yonathani akamwambia Daudi, “Njoo, hebu twende huko shambani.” Ndipo wote wakaondoka kwenda shambani.
১১যোনাথনে দায়ুদক ক’লে, “আহক, আমি পথাৰলৈ ওলাই যাওঁহঁক।” সেয়ে দুয়ো পথাৰলৈ ওলাই গ’ল।
12 Yonathani akamwambia Daudi, “Na BWANA, Mungu wa Israeli, awe shahidi. Kesho muda kama huu, nitakuwa nimemuuliza baba yangu, au siku ya tatu, tazama, ikiwa kutakuwa na jambo zuri upande wa Daudi; je, nisikutumie taarifa na kulidhihirisha kwako?
১২যোনাথনে দায়ুদক ক’ল, “মই ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাক সাক্ষী কৰি কৈছোঁ যে, কাইলৈ বা পৰহিলৈ প্ৰায় এই সময়ত মোৰ পিতৃৰ মন চাম; তাতে আপোনালৈ অনুগ্ৰহ থকাৰ প্ৰমাণ পালে, মই তেতিয়াই মানুহ পঠিয়াই আপোনাক সেই বিষয়ে নজনাম নে?
13 Na kama ikimpendeza baba yangu akufanyie madhara, Basi BWANA ayafanye hayo kwa Yonathani na kuzidi ikiwa sitakujulisha jambo na kukupeleka mbali, ili kwamba uende kwa amani. Na BWANA awe pamoja nawe, kama alivyokuwa na baba yangu.
১৩যদি আপোনাৰ অমঙ্গল কৰিবলৈ মোৰ পিতৃ মন থাকে, আৰু মই সেই বিষয়ে আপোনাক নজনাও, তেনেহলে যিহোৱাই যোনাথনক অমুক আৰু তাতকৈ অধিক দণ্ড দিয়ক; তেনেকুৱা হ’লে, আপোনাক বিদায় দিম; তাতে আপুনি কুশলে যাব; আৰু যিহোৱা মোৰ পিতৃৰ লগত থকাৰ দৰে আপোনাৰ লগতো থাকক।
14 Kama bado nikiwa hai, hautanionesha uaminifu wa agano la BWANA, kwamba siwezi kufa?
১৪মই নমৰিবৰ কাৰণে আপুনি যে কেৱল মই জীয়াই থকা কালত যিহোৱাৰ অনুগ্ৰহ মোৰ বাবে দেখুৱাব এনে নহয়;
15 Na usivunje kabisa uaminifu wako wa agano kati yako na nyumba yangu, hata wakati BWANA atakapowaodoa kila mmoja wa adui za Daudi kutoka uso wa dunia.”
১৫কিন্তু মোৰ বংশলৈকো দয়া কৰিবলৈ কেতিয়াও ক্ৰুতি নকৰিব, আনকি যেতিয়া যিহোৱাই দায়ুদৰ শত্ৰুবোৰৰ প্ৰতিজনক পৃথিবীৰ পৰা উচ্ছন্ন কৰিব, তেতিয়াও নকৰিবা।”
16 Basi Yonathani akafanya agano na nyumba ya Daudi na kusema, “Naye BWANA atawaondoa maadui wa Daudi.”
১৬এইদৰে যোনাথনে দায়ূদৰ পৰিয়ালৰ সৈতে এটা চুক্তি কৰিলে আৰু তেওঁ ক’লে, যিহোৱাই দায়ুদক শত্ৰুবোৰৰ হাতৰ পৰা ৰক্ষা কৰক।
17 Yonathani akamtaka Daudi aape tena kwa sababu ya upendo aliokuwa nao juu yake, kwa sababu alimpenda kama alivyopenda roho yake mwenyewe.
১৭এইদৰে যোনাথনে দায়ুদৰ ওচৰত পুনৰ প্রতিজ্ঞা কৰিলে, কাৰণ তেওঁ তেওঁক প্ৰেম কৰিছিল; তেওঁ নিজ প্ৰাণৰ দৰে দায়ূদক প্ৰেম কৰিছিল।
18 Kisha Yonathani akamwambia Daudi, “Kesho ni siku ya mwezi mpya. Hautakuwapo, kwa sababu kiti chako kitakuwa wazi.
১৮সেয়ে যোনাথনে দায়ুদক ক’লে, “কাইলৈ ন-জোন ওলাব; তাতে আপোনাৰ অনুপস্থিতি অনুভৱ হ’ব, কাৰণ আপোনাৰ আসন খালী হৈ থাকিব।
19 Utakapokuwa umekaa huko siku tatu, uende upesi hadi mahala ulipojificha mara ya kwanza, wakati shughuli ikifanyika, na ukaye karibu jiwe Ezeli.
১৯আপুনি পৰহিলৈ অতি বেগাই নামি আহিব, আৰু আগেয়ে যি ঠাইত আহি লুকাই আছিল, সেই ঠাইলৈ আহি এজল নামৰ শিলটোৰ ওচৰত লুকাই থাকিব।
20 Nitatupa mishale mitatu pembeni mwa jiwe, kama vile ninalenga kitu fulani.
২০তাতে মই লক্ষ্য কৰি মৰাৰ দৰে তিনিটা কাঁড় মাৰিম।
21 Kisha nitamtuma kijana wangu na kumwambia, 'Nenda utafute hiyo mishale.' Kama nitamwambia kijana hivi, 'Tazama, mishale iko upande huu wa kwako; kaichukue,” ndipo uje; maana hapo kutakuwa na usalama kwako na siyo madhara, kama BWANA aishivyo.
২১আৰু মই এজন ডেকা ল’ৰাক সেই ঠাইলৈ পঠিয়াম আৰু তেওঁক ক’ম, ‘যোৱা আৰু কাঁড়বোৰ বিচাৰা’। যদি মই সেই ডেকা ল’ৰাক কওঁ, কাঁড় কেইডাল এইফালে আছে, তাৰ পৰা তুলি আনা’; তেনেহলে আপুনি আহিব। কিয়নো কোনো ভয় নাই, যিহোৱাৰ জীৱনৰ শপত তোমাৰ মঙ্গলহে হ’ব।
22 “Lakini kama nikimwambia kijana hivi, 'Tazama, mishale iko mbele yako,' ndipo utakapokwenda zako, maana BWANA ametaka uende zako.
২২কিন্তু মই যদি ডেকা ল’ৰাটোক কওঁ, ‘চোৱা, কাঁড়বোৰ তোৰ সিফালে আছে’, তেতিয়া আপুনি নিজৰ পথত গুচি যাব; কাৰণ যিহোৱাই আপোনাক বিদায় দিছে।
23 Kulingana na makubaliano ambayo mimi na wewe tumeongea, angalia, BWANA yupo kati yangu na wewe milele.'”
২৩আপোনাৰ আৰু মোৰ মাজত হোৱা চুক্তি আৰু মই কোৱা কথাবোৰ মনত ৰাখিব; যিহোৱা আপোনাৰ আৰু মোৰ মাজত চিৰদিন সাক্ষী হৈ আছে।”
24 Kwa hiyo Daudi akajificha mle shambani. Pindi mwezi ulipoandama, mfalme aliketi chini ale chakula.
২৪তাৰ পাছত দায়ূদে গৈ পথাৰত লুকাই থাকিল; পাছত যেতিয়া ন-জোন ওলাল, তেতিয়া ৰজাই আহি ভোজনত বহিল।
25 Mfalme alikaa juu ya kiti chake, kama kawaida kwenye kiti karibu na ukuta. Yonathani alisimama wima, na Abneri alikaa ubavuni mwa Sauli. Lakini nafasi ya Daudi ilikuwa wazi.
২৫তাতে ৰজাই সচৰাচৰ বহাৰ দৰে দেৱালৰ ওচৰত থকা আসনত গৈ বহিল। পাছত যোনাথন উঠি থিয় হ’ল আৰু অবনেৰ চৌলৰ কাষতে বহিল, কিন্তু দায়ুদৰ আসন খালী হৈ থাকিল।
26 Hata hivyo Sauli hakusema kitu siku hiyo, kwa sababu alifikiri, “Kuna jambo limempata Daudi. Hayuko safi; hakika hayuko safi.”
২৬সেইদিনা চৌলে একোকে নক’লে; কাৰণ তেওঁ ভাবিলে, “দায়ূদৰ কিবা হয়তো হৈছে। সি শুচি নহয়, সঁচাকৈ সি শুচি নহয়।”
27 Lakini siku ya pili, siku moja baada ya mwandamo wa mwezi, bado nafasi ya Daudi ilikuwa tupu. Ndipo Sauli akamuuliza Yonathani mwanaye, “Kwa nini mwana wa Yese hakuja kwenye chakula, jana na hata leo?”
২৭ন-জোনৰ পাছদিনা অৰ্থাৎ মাহৰ দ্বিতীয় দিনাও দায়ুদৰ আসন শূণ্য হৈ থকাত চৌলে নিজৰ পুত্ৰ যোনাথনক সুধিলে, “যিচয়ৰ পুতেক কালি আৰু আজিও ভোজলৈ কিয় অহা নাই?”
28 Yonathani akamjibu Sauli, “Daudi aliomba kwangu ruhusa kwa dhati ili aende Bethlehemu.
২৮তেতিয়া যোনাথনে উত্তৰ দি চৌলক ক’লে, “দায়ুদে বৈৎলেহেমলৈ যাবৰ কাৰণে বৰ আগ্ৰহেৰে মোৰ পৰা অনুমতি বিচাৰিলে;
29 Alisema, 'Tafadhali niruhusu niende. Maana familia yetu wanayo dhabihu huko mjini, na kaka yangu ameniagiza niwe huko. Basi kama nimepata kibali machoni pako, tafadhali niruhusu niende nikawaone kaka zangu.' Hakuja kwenye meza ya mfalme kwa sababu hii.”
২৯আৰু মোক ক’লে, ‘মই মিনতি কৰিছোঁ, মোক যাবলৈ দিয়া; কিয়নো নগৰত আমাৰ গোষ্ঠীৰ এক যজ্ঞ হ’ব, আৰু মোৰ ককায়ে মোক তাত উপস্থিত হ’বলৈ আজ্ঞা কৰিছে; এই হেতুকে মই যদি তোমাৰ দৃষ্টিত অনুগ্ৰহপ্ৰাপ্ত হৈছোঁ, তেন্তে বিনয় কৰোঁ, মোক যাবলৈ দিয়া; মই গৈ মোৰ ভাইসকলক চাই আহোঁ’। এই কাৰণে তেওঁ মহাৰাজৰ মেজলৈ আহিব পৰা নাই’।”
30 Ndipo hasira ya Sauli iliwaka juu ya Yonathani, na akamwambia, “Wee mwana wa mwanamke mkaidi na muasi! Wadhani kwamba sijui kuwa umemchagua Mwana wa Yese kwa ajili ya aibu yako, na kwa aibu ya uchi wa mama yako?
৩০তেতিয়া যোনাথনলৈ চৌলৰ ক্ৰোধ জ্বলি উঠিল আৰু তেওঁ যোনাথনক ক’লে, “হেৰ’ বিপথগামীনী আৰু বিদ্ৰোহীনী তিৰোতাৰ পুতেক, তই তোৰ লাজ, আৰু তোৰ মাৰক বিবস্ত্ৰ কৰাৰ লাজ প্ৰকাশ কৰিবলৈ যে যিচয়ৰ পুতেকক মনোনীত কৰিলি, তাক জানো মই নাজানো?
31 Kwa kuwa mwana wa Yese anaishi duniani, siyo wewe wala ufalme wako utakaoimarika. Sasa basi, tuma watu wamlete kwangu, kwa sababu inampasa kufa.”
৩১কিন্তু যিচয়ৰ পুতেক যেতিয়ালৈকে পৃথিবীত জীয়াই থাকিব, তেতিয়ালৈকে তই থিৰে থাকিব নোৱাৰিবি, আৰু তোৰ ৰজাও থিৰে নাথাকিব; এই হেতুকে এতিয়া মানুহ পঠাই তাক মোৰ আগলৈ আন; কিয়নো সি মৰিবই লাগিব”;
32 Yonathani akamjibu Sauli baba yake, “Kwa sababu gani inampasa kuuwawa? Amefanya nini?”
৩২তাতে যোনাথনে উত্তৰ দি নিজৰ বাপেক চৌলক ক’লে, “তেওঁ কিয় মৰিব? তেওঁনো কি কৰিলে?
33 Ndipo Sauli akamtupia mkuki apate kumuua. Kwa hiyo Yonatani akatambua kwamba baba yake alinuia kumuua Daudi.
৩৩তেতিয়া চৌলে যোনাথনক মাৰিবৰ বাবে যাঠি মাৰি পঠালে। তেতিয়া যোনাথনে বুজিলে যে, তেওঁৰ পিতৃ চৌলে সচাঁকৈয়ে দায়ূদক বধ কৰিবলৈ চল বিচাৰি আছে।
34 Yonathani alitoka mezani akiwa na hasira kali bila kula chakula siku ya pili ya mwezi, kwa sababu alimhuzunikia Daudi, na kwa sababu baba yake amemwaibisha.
৩৪তাতে যোনাথন অতিশয় ক্ৰুদ্ধ হৈ উঠিল আৰু ভোজনৰ মেজৰ পৰা উঠি গ’ল। এইদৰে তেওঁ মাহৰ দ্বিতীয় দিনাও একো ভোজন নকৰিলে। দায়ুদৰ কাৰণে তেওঁ বেজাৰ পালে, কিয়নো তেওঁৰ পিতৃয়ে তেওঁক অপমান কৰিছিল।
35 Ikawa asubuhi, Yonathani akaenda huko shambani kama walivyoahidiana na Daudi, akiwa pamoja na kijana wake.
৩৫পাছদিনা ৰাতিপুৱা দায়ুদেৰে সৈতে নিৰূপণ কৰা পথাৰলৈ যোনাথনে ওলাই গ’ল আৰু তেওঁৰ লগত এজন ডেকা ল’ৰা আছিল।
36 Akamwambia yule kijana wake, “Kimbia utafute ile mishale niliyoitupa.” Na kijana alikimbia, akatupa mshale mwingine mbele yake.
৩৬তেওঁ সেই ডেকা ল’ৰাক ক’লে, “দৌৰ আৰু মই মাৰি পঠোৱা কাঁড়বোৰ বিচাৰি আন।” তাতে ল’ৰাটিয়ে দৌৰ মাৰোতে তেওঁ তাৰ সিফালে পৰাকৈ কাঁড়বোৰ মাৰিলে।
37 Kijana alipofika katika eneo ambapo mshale ulitua, ule alioutuma Yonathani, akamwita tena kijana, na kusema, “Huo mshale hauko mbele yako?”
৩৭তাতে ডেকা ল’ৰা জনে গৈ যোনাথনে মাৰি পঠোৱা কাঁড়বোৰৰ ওচৰ পোৱাত, তেওঁ তাক ক’লে, ‘তোৰ সিফালে জনো কাঁড়বোৰ নাই’?
38 Kisha Yonathani akamwita yule kijana, “Upesi, harakisha, usikawie!” Hivyo kijana wa Yonathani akaikusanya mishale na kurudi kwa bwana wake.
৩৮পাছত যোনাথনে ল’ৰাজনক মাতি ক’লে, “বেগাই দৌৰি আহ। তাত ৰৈ নাথাকিবি।” তেতিয়া সেই ল’ৰাজনে কাঁড়বোৰ বুটলি আনি যোনাথানৰ ওচৰলৈ আহিল।
39 Lakini huyo kijana hakujua lolote. Ni Yonathani na Daudi tu ndio walijua habari yenyewe.
৩৯কিন্তু ল’ৰাজনে একো বুজি নাপালে; মাত্ৰ দায়ূদেহে এই বিষয় বুজি পালে।
40 Yonathani akampa kijana wake silaha na kumwambia, “Nenda, uzipeleke mjini.”
৪০পাছত যোনাথনে নিজৰ ধনু-কাঁড়বোৰ ল’ৰা জনৰ হাতত দিলে আৰু ক’লে, “যোৱা, এইবোৰ লৈ নগৰলৈ যোৱা।”
41 Punde tu kijana alipoondoka, Daudi akasimama kutokea upande wa kusini, akiwa amelala kifudifudi, akainama mara tatu. Walibusiana wao kwa wao na wote wakalia kwa pamoja, Daudi akilia zaidi.
৪১তাৰ পাছত ডেকা ল’ৰা জন যোৱাৰ লগে লগে দায়ূদে দক্ষিণ দিশৰ পৰা ওলাই আহিল আৰু তললৈ মুখ কৰি পৰি তিনিবাৰ প্ৰণিপাত কৰিলে। তাতে তেওঁলোক পৰস্পৰে চুমা খালে আৰু কান্দিলে; তাতে দায়ুদৰ সৈতে অধিক ক্ৰন্দন হ’ল।
42 Yonathani akamwambia Daudi, “Nenda kwa amani, kwa sababu wote tumeapa kwa jina la BWANA na tulisema, 'BWANA awe kati yangu na wewe, na awe kati ya uzao wangu na uzao wako, milele.'” Kisha Daudi alisimama na akaondoka, na Yonathani akarudi mjini.
৪২পাছত যোনাথনে দায়ুদক ক’লে, “আপুনি কুশলে যাওক; কিয়নো আমি দুয়ো যিহোৱাৰ নামেৰে এই শপত খালো যে, যিহোৱা আপোনাৰ আৰু মোৰ মাজত থকাৰ দৰে আপোনাৰ বংশ আৰু মোৰ বংশৰ মাজতো সদাকাল থাকিব।” পাছত তেওঁ উঠি গুচি গ’ল, আৰু যোনাথন নগৰলৈ উভতি গ’ল।