< 1 Petro 4 >

1 Kwa hiyo, kwa kuwa Kristo aliteseka katika mwili, jivikeni silaha za nia ile ile. Yeye aliyeteseka katika mwili ameondokana na dhambi.
এতেকে, খ্ৰীষ্টই মাংসত দুখভোগ কৰাৰ কাৰণে, নিজকে সেই একে অভিপ্ৰায়েৰে সুসজ্জিত কৰক৷ যি জনে মাংসত দুখভোগ কৰে, সেই জনে পাপৰ পৰা ক্ষান্ত হয়৷
2 Mtu huyu haendelei tena kuishi katika tamaa za mwili, bali kwa mapenzi ya Mungu, kwa maisha yake yaliyosalia.
এনে ব্যক্তিয়ে মাংসিক অভিলাষত দীর্ঘ সময় জীৱন-যাপন নকৰে৷ কিন্তু ঈশ্বৰৰ ইচ্ছাৰ দৰে মানৱ জীৱনৰ অৱশিষ্ট সময় কটায়৷
3 Kwa kuwa muda uliopita umetosha kutenda mambo ambayo wamataifa wanataka kufanya- ufisadi, nia mbaya, ulevi, ulafi, sherehe za kipagani na ibada za sanamu zenye machukizo.
যিহেতু অনা-ইহুদী সকলে কৰি অহা, ইন্দ্ৰিয়পৰায়ণতা, আবেগ, সুৰাসক্ত, পানার্থক আমোদ-প্ৰমোদ, ঘিণলগীয়া মূৰ্তিপূজা - এইবোৰত যি সময় পাৰ কৰিলে সেয়াই যথেষ্ট৷
4 Wanafikiri ni ajabu mnapojiepusha kutenda mambo hayo pamoja nao, hivyo wananena maovu juu yenu.
তাতে আপোনালোকে তেওঁলোকৰ সৈতে সেইবোৰ কর্ম নকৰা দেখি তেওঁলোকে আচৰিত মানি আপোনালোকক নিন্দা কৰে।
5 Watatoa hesabu kwake aliye tayari kuhukumu walio hai na wafu.
কিন্তু যি জন জীৱিত আৰু মৃত লোক সকলৰ সোধ-বিচাৰ কৰিবলৈ যুগুত আছে, তেওঁৰ আগত তেওঁলোকে হিচাব দিব লাগিব।
6 Kwa kusudi hili injili ilihubiriwa kwao waliokwisha kufa, kwamba ijapokuwa walikwisha hukumiwa katika miili yao kama wanadamu, ili waweze kuishi kulingana na Mungu katika roho.
কিয়নো যি সকল মৰিল, তেওঁলোকৰ আগত এই অভিপ্ৰায়েৰে শুভবাৰ্তা প্ৰচাৰ কৰা হৈছিল, যদিও তেওঁলোকৰ বিচাৰ যিহেতু মানৱ শৰীৰত হব, আত্মাত তেওঁলোক সেই অনুসাৰে ঈশ্ৱৰলৈ জীৱিত৷
7 Mwisho wa mambo yote unakuja. Kwa hiyo, mwe na ufahamu ulio sahihi, na iweni na nia njema kwa ajili ya maombi yenu.
কিন্তু সকলোৰে শেষ ওচৰ চাপিছে; এতেকে প্ৰাৰ্থনাৰ কাৰণে সুবোধ আৰু সচেতন হৈ থাকক;
8 Kabla ya mambo yote, eweni na bidii katika upendo kwa kila mmoja, kwa kuwa upendo hautafuti kufunua dhambi za wengine.
বিশেষকৈ আপোনালোকৰ মাজত পৰস্পৰে আগ্ৰহযুক্ত প্ৰেম ৰাখক; কিয়নো প্ৰেমে আনৰ পাপ সমূহ নিবিচাৰে।
9 Onyesheni ukarimu kwa kila mmoja bila kunung'unika.
আপত্তি নকৰাকৈ ইজন-সিজনৰ প্ৰতি অতিথিপৰায়ণ হওক।
10 Kama ambavyo kila mmoja wenu alivyopokea karama, itumieni katika kuhudumiana, kama wasimamizi wema wa karama nyingi zilizotolewa bure na Mungu.
১০আপোনালোকে যেনেকৈ প্ৰতিজনে অনুগ্ৰহৰ বৰ পালে, তেনেকৈ ঈশ্বৰৰ বহুবিধ অনুগ্ৰহৰূপ ধনৰ উত্তম তত্ৱাৱধায়কৰদৰে, আপোনালোকে পৰস্পৰক সেৱা শুশ্ৰূষা কৰক;
11 Kama mtu akiongea, na iwe kama mausia ya Mungu, na kama mtu akihudumu, na iwe kama uwezo aliopewa na Mungu, ili kwamba kwa kila jambo Mungu apate kutukuzwa kupitia Yesu Kristo. Utukufu na uweza vina Yeye milele na milele. Amina. (aiōn g165)
১১যদি কোনোৱে কথা কয়, তেনেহলে ঈশ্বৰৰ বাক্যৰদৰে কওক; যদি কোনোৱে সেৱা শুশ্ৰূষা কৰে, তেনেহলে ঈশ্বৰে দিয়া শক্তি অনুসাৰে কৰক; এইদৰে সকলো বিষয়তে যীচু খ্ৰীষ্টৰ দ্বাৰাই ঈশ্বৰ মহিমান্বিত হয়; তেওঁৰেই মহিমা আৰু পৰাক্ৰম চিৰকাল হওক। আমেন। (aiōn g165)
12 Wapendwa, msihesabu jaribu ambalo huja kuwajaribu kama kitu kigeni, ingawa kuna kitu kigeni kilichokuwa kinatukia kwenu.
১২হে প্ৰিয় লোক সকল, আপোনালোকক পৰীক্ষা কৰিবৰ কাৰণে আপোনালোকৰ মাজত যি অগ্নিময় কষ্টৰ জুই জ্ৱলিছে, এইবোৰত আপোনালোকে বিস্মিত নহ’ব, কোনো অদ্ভুত বিষয় ঘটিছে বুলি মনত নাভাবিব৷
13 Lakini kwa kadri mnavyozidi kupata uzoefu wa mateso ya Kristo, furahini, ili kwamba mfurahi pia na kushangilia katika ufunuo wa utukufu wake.
১৩কিন্তু খ্ৰীষ্টৰ দুখভোগৰ সহভাগী হোৱা বাবে আপোনালোকে আনন্দ কৰক, ইয়াৰ উপৰি তেওঁৰ গৌৰৱ প্ৰকাশিত হোৱা সময়ত আপোনালোকে অধিক আনন্দ আৰু উল্লাস কৰিব পাৰিব।
14 Iwapo mmetukanwa kwa ajili ya jina la Kristo, mmebarikiwa, kwa sababu ya Roho wa utukufu na Roho wa Mungu anakaa juu yenu.
১৪আপোনালোক ধন্য, যদি আপোনালোকে খ্ৰীষ্টৰ নামৰ কাৰণে নিন্দিত হয়; কাৰণ ঈশ্ৱৰৰ আত্মা আৰু গৌৰৱৰ আত্মা আপোনালোকৰ ওপৰত স্থিৰ হৈ আছে।
15 Lakini asiwepo yeyote mwenye kuteswa kama muuaji, mwizi, mtenda maovu, au ajishughulishaye na mambo ya wengine.
১৫কিন্তু আপোনালোকৰ মাজত কোনেও যেন নৰবধী, চোৰ, কুকৰ্মকাৰী বা পৰচৰ্চ্চাকাৰী বুলি দুখভোগ নকৰক;
16 Lakini ikiwa mtu anateswa kama Mkristo, asione aibu, bali amtukuze Mungu katika jina hilo.
১৬যদি কোনো এজনে খ্ৰীষ্টিয়ান হোৱা কাৰণে দুখভোগ কৰে, তেনেহলে লজ্জিত নহওক; কিন্তু সেই নামেৰে ঈশ্বৰক মহিমান্বিত কৰক।
17 Kwa kuwa wakati umefika kwa hukumu kuanzia katika nyumba ya Mungu. Na kama inaanzia kwetu, itakuwaje kwa wale wasioitii injili ya Mungu?
১৭কিয়নো ঈশ্বৰৰ পৰিয়াল বর্গৰ সৈতে সোধ-বিচাৰৰ সময় আৰম্ভ হৈছে; আৰু সেয়ে যদি প্ৰথমে আমাৰ সৈতে আৰম্ভ হয়, তেনেহলে ঈশ্বৰৰ শুভবাৰ্তা নমনা সকলৰ শেষগতি কি হ’ব?
18 Na kama “mwenye haki anaokolewa kupitia magumu, itakuwaje kwa mtu asiyehaki na mwenye dhambi?”
১৮আৰু যদি ধাৰ্মিক লোকেই কোনো প্ৰকাৰেহে পৰিত্ৰাণ পায়, তেনেহলে ভক্তিহীন আৰু পাপিষ্ঠ লোকে ক’ত মুখ দেখুৱাব?
19 Kwa hiyo wote wanaoteseka kutokana na mapenzi ya Mungu wakabidhi nafsi zao kwa Muumba mwaminifu ili hali wakitenda mema.
১৯এই কাৰণে যি সকল লোকে ঈশ্বৰৰ ইচ্ছা অনুসাৰে দুখভোগ কৰে, সেই লোক সকলে সৎ কৰ্ম কৰি, নিজ নিজ জীৱাত্মাক বিশ্বাসী সৃষ্টিকৰ্ত্তাৰ হাতত সমৰ্পণ কৰক।

< 1 Petro 4 >