< 1 Wafalme 14 >
1 Wakati huo Abiya mwana wa Yeroboamu akawa mgonjwa sana.
১সেই সময়ত যাৰবিয়ামৰ পুত্ৰ অবিয়া বেমাৰত পৰিছিল।
2 Yeroboamu akamwambia mke wake, “amka ujibadilishe, ili wasikutambue kuwa wewe ndiye mke wangu, na uende Shilo, kwa sababu nabii Ahiya yuko huko, yeye ndiye aliyeninea mimi kuwa nitakuwa mfalme juu ya watu hawa.
২তেতিয়া যাৰবিয়ামে নিজৰ পত্নীক ক’লে, “হেৰা উঠা, তোমাক যেন আন লোকে মোৰ পত্নী বুলি চিনি নাপাই, তাৰ বাবে তুমি ছদ্মবেশ ধৰা, আৰু চীলোলৈ যোৱা; কিয়নো যি অহীয়া ভাববাদীয়ে, এই জাতিৰ ওপৰত মই ৰজা হোৱাৰ কথা কৈছিল, তেওঁ সেই ঠাইত আছে।
3 Uchukue mikate kumi, na kaki na mtungi wa asali, na uende kwa Ahiya. Naye atakuambia kitakachotokea kwa mtoto.”
৩তুমি তোমাৰ হাতত দহোটা পিঠা, কিছু মুৰমুৰিয়া পিঠা আৰু এটেকেলি মৌ লৈ অহীয়াৰ ওচৰলৈ যোৱা; ল’ৰাটিৰ কি ঘঠিব, তেওঁ সেই বিষয়ে তোমাক ক’ব।”
4 Mke wa Yeroboamu akafanya hivyo; akaenda Shilo mpaka kwenye nyumba ya Ahiya. Wakati huo Ahiya alikuwa hawezi kuona, kwa kuwa macho yake yalikuwa yameishiwa nguvu kwa sababu ya umri wake.
৪তেতিয়া যাৰবিয়ামৰ পত্নীয়ে সেইদৰে কৰিলে আৰু তেওঁ উঠি চীলোত থকা অহীয়াৰ ঘৰলৈ গ’ল। সেই সময়ত অহীয়াই চকুৰে নেদেখা হৈছিল, কাৰণ তেওঁৰ অতি বয়স হোৱাত তেওঁৰ চকু দৃষ্টিহীন হৈছিল।
5 BWANA akamwambia Ahiya, “Tazama mke wa Ahiya anakuja kutafuta kutaka ushauri toka kwako kuhusiana na mwanae, kwa kuwa ni mgonjwa. Mwambie hivi na hivi, kwa sababu atakapofika atajifanya kuwa ni mwanamke mwingine.”
৫তেতিয়া যিহোৱাই অহীয়াক ক’লে, “চোৱা, যাৰবিয়ামৰ পত্নীয়ে নিজৰ ল’ৰাটিৰ বিষয়ে সুধিবলৈ তোমাৰ ওচৰলৈ আহিব, কিয়নো ল’ৰাটি বেমাৰত পৰিছে; তুমি তাইক অমোক তমোকৰ কথা কবা; কাৰণ তাই যেতিয়া আহিব, তেতিয়া আন মহিলাৰ বেশ ধৰিব।”
6 Naye Ahiya aliposikia sauti za miguu yake alipokuwa akiukaribia mlango, akasema, “karibu, mke wa Yeroboamu. Kwa nini unajifanya kuwa mtu mwingine? Nimetumwa kwako nikiwa na habaari mbaya.
৬পাছত তাই দুৱাৰেদি সোমাই অহা লগে লগে, অহীয়াই তাইৰ ভৰিৰ শব্দ শুনা পালে। তেতিয়া তেওঁ ক’লে, “হে যাৰবিয়ামৰ পত্নী, ভিতৰলৈ আহাঁ৷ তুমি কিয় আন মহিলাৰ বেশ ধৰিছা? তোমাক অশুভ কথা ক’বলৈ মই আজ্ঞা পালোঁ।
7 Nenda ukamwambia Yeroboamu kwamba BWANA, Mungu wa Israeli, anasema, 'Nilikuinua kutoka kati ya watu na kukufanya uwe kiongozi wa watu wangu Israeli.
৭তুমি গৈ যাৰবিয়ামক কোৱাগৈ, ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এই কথা কৈছে, ‘মই প্ৰজাসকলৰ মাজৰ পৰা তোমাক ওখ পদত নিযুক্ত কৰিলোঁ আৰু মোৰ প্ৰজা ইস্ৰায়েলৰ ওপৰত তোমাক অধিপতি পাতিলোঁ৷
8 Niliugawa ufalme kutoka kwa Daudi na kukupa wewe, lakini bado hutaki kuwa kama mtumishi wangu Daudi, ambaye alizishika amri zangu na kunifuata kwa moyo wake wote, na kufanya kilichokuwa sawa mbele ya macho yangu.
৮মই দায়ুদৰ বংশৰ পৰা ৰাজ্য কাঢ়ি লৈ তোমাক দিলোঁ; তথাপি মোৰ দাস দায়ূদে মোৰ আজ্ঞা পালন কৰিছিল, আৰু মোৰ দৃষ্টিত যি ন্যায়, অকল তাকেই কৰিবলৈ নিজৰ সকলো মনৰ সৈতে মোৰ পাছত চলিছিল, তুমি তেওঁৰ দৰে হবলৈ নোৱাৰিলা৷
9 Badala yake, umefanya maovu, zaidi ya wote waliokutangulia. Umetengeneza miungu mingine, na umetengeneza sanamu za kuyeyushwa ili kunikasirisha na kunitupa nyuma yako.
৯কিন্তু তোমাৰ পূৰ্বৰ সকলো লোকতকৈয়ো তুমি অধিক কুকৰ্ম কৰিলা। বিশেষকৈ মোক খঙত উত্তেজিত হ’বলৈ, তুমি গৈ ইতৰ দেৱতাবোৰ আৰু সাঁচত ঢলা প্ৰতিমাবোৰ নিৰ্মাণ কৰিলা আৰু মোক হ’লে পিঠিৰ পাছলৈ পেলাই দিলা।
10 Kwa hiyo, tazama, Nitaleta majanga kwenye familia yako; Nitawatupilia mbali watoto wako wote wa kiume katika Israeli, kama ni mtumwa au ni huru, na nitaiondoa familia yako, kama mtu anayechoma mavi mpaka yaishe.
১০এই হেতুকে চোৱা, মই তোমাৰ বংশলৈ অমঙ্গল ঘটাম আৰু তোমাৰ সম্বন্ধীয়া প্ৰত্যেকজন পুৰুষক ইস্ৰায়েলৰ মাজৰ বন্দী আৰু মুক্ত অৱস্থাত থকা লোকসকলক সম্পূৰ্ণৰূপে উচ্ছন্ন কৰিম, যিদৰে মানুহে গোবৰৰ সাৰ শেষ নোহোৱালৈকে জ্ৱলাই থাকে৷
11 Yeyote ambaye ni mwanafamilia yako atakayefia mjini ataliwa na mbwa, na yeyote atakayefia shamabani ataliwa na ndege wa angani, kwa kuwa Mimi BWANA, nimesema;
১১তোমাৰ পৰিয়ালৰ যি লোকৰ এই নগৰত মৃত্যু হ’ব, তাক কুকুৰবোৰে খাব; আৰু যি জন লোক নগৰৰ বাহিৰত মৰিব, তাক আকাশৰ চৰাইবোৰে খাব, কিয়নো মই যিহোৱাই এই কথা কৈছো।
12 Kwa hiyo inuka wewe mke wa Yeroboamu, na uende nyumbani kwako; na mguu wako utakapokanyaga mjini, yule mtoto wa Abiya atakufa.
১২এই হেতুকে, হে যাৰবিয়ামৰ পত্নী, তুমি উঠি ঘৰলৈ যোৱা। তুমি গৈ যেতিয়াই নগৰত ভৰি দিবা, তেতিয়াই অবিয়াৰ মৃত্যু হ’ব।
13 Na Israeli yote itamwombolezea na kumzika. Ni yeye pekee katika familia ya Abiya atakayepelekwa makaburini, kwa sababu ni yeye pekee yake kutoka kwenye nyumba ya Abiya, ambaye BWANA, Mungu wa Israeli alimwona kuwa ni mwema.
১৩তেতিয়া তাৰ কাৰণে সমুদায় ইস্ৰায়েলে বিলাপ কৰি তাক মৈদাম দিব৷ কিয়নো যাৰবিয়ামৰ সমন্ধীয়া কেৱল এওঁহে মৈদাম পাব, কিয়নো যাৰবিয়ামৰ বংশৰ মাজৰ পৰা এওঁতহে কিছু সদ্স্বভাৱ ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ পক্ষত পোৱা গ’ল।
14 Pia BWANA atainua mfalme katika Israeli ambaye ataifutilia mbali familia ya Yeroboamu katika siku hiyo. Leo ndiyo siku hiyo, sasa hivi.
১৪তদুপৰি যিদিনা যিহোৱাই নিজে ইস্ৰায়েলৰ ওপৰত এজন ৰজা উৎপন্ন কৰিব; সেই দিনাই তেওঁ যাৰবিয়ামৰ বংশক উচ্ছন্ন কৰিব; আৰু আজিয়েই সেই দিন আৰু এতিয়াই উচ্ছন্ন কৰা সময়।
15 Kwa kuwa BWANA ataishambulia Israeli kama vile majani yanavyotikiswa majini, na ataing'oa Israeli katika nchi hii njema ambayo aliwpa mababu. Atawatawanya hata ng'ambo ya Mto Frati, kwa sababu wamefanya nguzo za Ashera kumkasirisha BWANA.
১৫কিয়নো যিহোৱাই ইস্ৰায়েলক পানীৰ সোঁতত লৰি থকা নলৰ দৰে আঘাত কৰিব আৰু তেওঁ ইস্ৰায়েলক, তেওঁলোকৰ পূর্বপুৰুষসকলক দিয়া উত্তম দেশৰ পৰা উঘালি, নদীৰ সিপাৰে সিঁচৰিত কৰিব কাৰণ তেওঁলোকে নিজ নিজ আচেৰা মুৰ্ত্তি নিৰ্মাণ কৰি যিহোৱাৰ খং উঠাবলৈ উত্তেজিত কৰিলে৷
16 Ataiacha Israeli kwa sababu ya dhambi ya Yeroboamu, dhambi ambazo ametenda, na kwa hizo ameifanya Israeli kufanya dhambi.
১৬যাৰবিয়ামে যি যি পাপ কৰিলে আৰু তেওঁৰ দ্ৱাৰাই ইস্ৰায়েলৰ সন্তান সকলে যি পাপ কৰিলে, সেইবোৰ পাপৰ কৰণে তেওঁ ইস্ৰায়েলক ত্যাগ কৰিব।”
17 Kwa hiyo mke wa Yeroboamu akainuka na akaondoka na akaenda mpaka Tirza. Naye alipofika kizingitini kwa nyumba yake, yule mtoto akafa.
১৭পাছত যাৰবিয়ামৰ পত্নী উঠি গৈ তিৰ্চালৈ আহিল৷ তাই দুৱাৰ-ডলিত ভৰি দিয়া মাত্ৰকে ল’ৰাটি মৰিল।
18 Isareli wote wakamzika na kumwombolezea, kama vile alivyokuwa ameambiwa kwa neno la BWANA ambalo amelisema kupitia mtumishi wake nabii Ahiya.
১৮তেতিয়া যিহোৱাই নিজৰ দাস অহীয়া ভাববাদীৰ মুখেৰে কোৱাৰ দৰে সমুদায় ইস্ৰায়েলে তাক মৈদাম দিলে আৰু তাৰ কাৰণে বিলাপ কৰিলে।
19 Na kwa mambo mengine yanayOmhusu Yeroboamu, jinsi alivyopigana vita na jinsi alivyotawala, tazama yameandikwa katika kitabu cha matukio ya wafalme wa Israeli.
১৯যাৰবিয়ামৰ অৱশিষ্ট বৃত্তান্ত, অৰ্থাৎ তেওঁ কেনেকৈ যুদ্ধ কৰিছিল আৰু কি প্ৰকাৰে ৰাজ্য শাসন কৰিছিল, চোৱা, তেওঁৰ বিৱৰণ ইস্ৰায়েলৰ ৰজাসকলৰ ইতিহাস-পুস্তক খনত লিখা আছে।
20 Yeroboamu alitawala kwa miaka ishirini na mbili naye akalala na babu zake, na Nadabu mwanawe akawa mfalme mahali pake.
২০যাৰবিয়ামে বাইশ বছৰ ৰাজত্ব কৰি, তেওঁৰ পূর্বপুৰুষসকলৰ লগত নিদ্ৰিত হ’ল৷ তাৰ পাছত তেওঁৰ পুত্ৰ নাদব তেওঁৰ পদত ৰজা হ’ল।
21 Sasa Rehoboamu mwana wa Sulemani alikuwa mtawala wa Yuda. Rehoboamu alikuwa na umri wa miaka arobaini na moja alipokuwa mfalme, na akatawala kwa miaka kumi na saba kule Yerusalemu, mji ambao BWANA alikuwa ameuchagua kati ya makabila yote ya Israeli ili aweke jina lake kule. Jina la mama yake alikuwa Naama Mwamori.
২১সেই সময়ত চলোমনৰ পুত্ৰ ৰহবিয়াম যিহূদা দেশৰ ওপৰত ৰাজত্ৱ কৰিছিল৷ ৰহবিয়ামে একচল্লিশ বছৰ বয়সত ৰজা হৈছিল আৰু তেওঁ যিহোৱাই নিজ নাম স্থাপন কৰিবৰ অৰ্থে ইস্ৰায়েলৰ সকলো ফৈদৰ মাজৰ পৰা মনোনীত কৰা নগৰ যিৰূচালেমত সোঁতৰ বছৰ ৰাজত্ব কৰিলে; তেওঁৰ মাতৃৰ নাম অম্মোনীয়া নয়মা।
22 Yuda ikafanya yaliyo maovu mbele ya macho ya BWANA; wakamtia wivu kwa makosa yao, zaidi ya yote ambayo baba zao walikuwa wamefanya
২২যিহূদাই যিহোৱাৰ সাক্ষাতে কু-আচৰণ কৰিলে৷ তেওঁলোকে তেওঁলোকৰ পূৰ্বপুৰুষসকলে কৰা কাৰ্যতকৈয়ো তেওঁলোকৰ দ্বাৰাই তেওঁৰ অন্তৰ্জ্বালা অধিককৈ জন্মালে।
23 Kwa kuwa walijijengea wenyewe mahali pa juu, nguzo za mawe, na nguzo za Ashera katika kila mahali pa juu na katika kila mti wenye majani mabichi.
২৩কিয়নো তেওঁলোকে প্ৰত্যেক ওখ পৰ্বতত আৰু প্ৰত্যেক কেঁচাপতীয়া গছৰ তলত নিজৰ কাৰণে পবিত্ৰ ঠাইবোৰ, স্তম্ভ, আৰু আচেৰা মূৰ্ত্তিবোৰ যুগুত কৰিলে৷
24 Pia kulikuwepo na ukahaba wa kipagani katika nchi. Walifanya machukizo yaleyale kama wa mataifa yale ambayo BWANA alikuwa amewafukuza kutoka kwa watu wa Israeli.
২৪সেই দেশত ৰতিক্রিয়া কৰা পুৰুষসকলো আছিল। যিহোৱাই ইস্ৰায়েলৰ সন্তান সকলৰ সন্মুখৰ পৰা যি জাতি দূৰ কৰিছিল, সেই জাতিৰ ঘিণলগীয়া কাৰ্যবোৰৰ দৰে তেওঁলোকে কাৰ্য কৰিব ধৰিলে।
25 Ilitokea wakati wa mwaka wa tano wa mfalme Rehoboamu wakati Shishaki akiwa mfalme wa Misri, akaja kinyume na Yerusalemu.
২৫পাছত ৰহবিয়ামৰ ৰাজত্বৰ পঞ্চম বছৰত মিচৰৰ ৰজা চীচকে যিৰূচালেমৰ বিৰুদ্ধে উঠি আহিল৷
26 Akaichukua hazina iliyokuwa kwenye nyumba ya BWANA, na ile hazina iliyokuwa kwenye nyumba ya Mfalme. Akachukua kila kitu; Pia alizichukua zile ngao za dhahabu ambazo Sulemani alikuwa ametengeneza.
২৬তেওঁ যিহোৱাৰ গৃহত আৰু ৰাজগৃহত সাঁচি থোৱা বস্তুবোৰ লৈ গ’ল; তেওঁ সকলো বস্তুৱে লৈ গ’ল আৰু চলোমনে সজা সোণৰ ঢালবোৰো তেওঁ লৈ গ’ল।
27 Mfalme Rehoboamu akatengeneza ngao za shaba mahali pake na akazikabidhi kwa wakuu wa walinzi, ambao walilinda malango ya kuingia kwa mfalme.
২৭তেতিয়া ৰজা ৰহবিয়ামে সেইবোৰৰ সলনি পিতলৰ ঢাল কৰাই ৰাজগৃহৰ দুৱাৰ-ৰখীয়া প্ৰহৰীবোৰৰ অধ্যক্ষসকলৰ হাতত শোধাই দিলে।
28 Na ikawa kila mfalme alipoingia kwenye nyumba ya BWANA, wale walinzi walizibeba na baadaye walizirudisha katika chumba cha walinzi.
২৮তাতে যেতিয়াই ৰজাই যিহোৱাৰ গৃহত সোমাই প্ৰহৰীবোৰে সেই ঢালবোৰ কঢ়িয়াই লৈ যায়; পাছত আকৌ পুনৰায় প্ৰহৰীৰ কোঁঠালিলৈ ঘূৰাই লৈ আহে।
29 Lakini katika mambo mengine kuhusiana na Rehoboamu, na yote yale aliyofanya, je, hayakuandikwa kwenye kitabu cha matukio ya wafalme wa Yuda?
২৯ৰহবিয়ামৰ অবশিষ্ট বৃত্তান্ত, তেওঁ কৰা সকলো কাৰ্যৰ কথা জানো যিহূদাৰ ৰজাসকলৰ ইতিহাস-পুস্তকখনত লিখা নাই?
30 Kulikuwa na mapigano yasiyokoma kati ya nyumba ya Rehoboamu na nyumba ya Yeroboamu.
৩০ৰহবিয়াম আৰু যাৰবিয়াম ৰজাৰ মাজত সদায় যুদ্ধ লাগি আছিল।
31 Kwa hiyo Rehoboamu akalala na mababu zake naye akazikwa pamoja nao katika mji wa Daudi Jina la mama yake alikuwa Naama Mwamori. Abiya mwanawe akawa mfalme mahali pake
৩১পাছত ৰহবিয়াম তেওঁৰ পূর্বপুৰুষসকলৰ লগত নিদ্ৰিত হ’ল আৰু নিজ পূর্বপুৰুষসকলৰ লগত দায়ূদৰ নগৰত তেওঁক মৈদাম দিয়া হ’ল; তেওঁৰ মাকৰ নাম অম্মোনীয়া নয়মা; পাছত তেওঁৰ পুত্ৰ অবিয়াম তেওঁৰ পদত ৰজা হ’ল।