< 1 Nyakati 5 >

1 Wana wa Rubeni mzaliwa wa kwanza wa Israeli - sasa Rubeni alikuwa mzaliwa wa kwanza wa Israeli, lakini haki yake ya mzaliwa wa kwanza ilipewa kwa wana wa Yusufu mwana wa Israeli kwa sababu Rubeni alinajisi kochi la baba yake. Hivyo hajanakiliwa kama mwana wa kwanza.
ৰূবেণ ইস্ৰায়েলৰ প্রথম সন্তান আছিল, তেওঁ আছিল ইস্রায়েলৰ প্রথম পুত্র; কিন্তু তেওঁৰ পিতৃৰ শয্যা কলুষিত কৰা বাবে তেওঁ নিজৰ জেষ্ঠাধিকাৰ হেৰুৱাইছিল, আৰু ইস্ৰায়েলৰ পুত্ৰ যোচেফৰ সন্তানক সেই অধিকাৰ দিয়া হৈছিল। সেয়ে বংশাৱলীত তেওঁৰ নাম জেষ্ঠৰ শ্ৰেণীত লিখা নহ’ল।
2 Yuda alikuwa mwenye nguvu kuliko kaka zake, na kiongozi ata toka kwake. Lakini haki ya mzaliwa wa kwanza ilikuwa ya Yusufu -
যিহূদা তেওঁৰ ভাইসকলৰ মাজত শক্তিশালী আছিল, আৰু নেতা তেওঁৰ পৰাই হ’ল; কিন্তু জ্যেষ্ঠাধিকাৰ যোচেফৰ হ’ল।
3 wana wa Rubeni, mzaliwa wa kwanza wa Israeli alikuwa Hanoki, Palu, Hezroni, na Karmi.
ইস্ৰায়েলৰ প্ৰথম পুত্ৰ ৰূবেণৰ সন্তান সকল হ’ল, হনোক, পল্লু, হিষ্রোণ, আৰু কৰ্ম্মী।
4 Uzao wa Yoeli ulikuwa huu: Mwana wa Yoeli alikuwa Shemaia. Mwana wa Shemaia alikuwa Gogi. Mwana wa Gogi alikuwa Shimei.
যোৱেলৰ বংশধৰ এওঁলোক: যোৱেলৰ পুত্র চিময়ীয়া, চিময়িয়াৰ পুত্র গোগ, গোগৰ পুত্র চিমিয়ী,
5 Mwana wa Shimei alikuwa Mika. Mwana wa Mika alikuwa Reaia. Mwana wa Reaia alikuwa Baali.
চিমিয়ীৰ পুত্র মীখা, মীখাৰ পুত্র ৰায়া, ৰায়াৰ পুত্র বাল,
6 Mwana wa Baali alikuwa Bera, ambaye Tiligathi Pileseri alimpeleka matekani kule Assiria. Bera alikuwa kiongozi katika kabila la Rubeni.
বালৰ পুত্র বেৰা, তেওঁক অচূৰৰ ৰজা তিলগৎ-পিলনেচৰ বন্দী কৰি লৈ গৈছিল। তেওঁ ৰূবেণীয়াসকলৰ নেতা আছিল।
7 Ndugu wa Bera kwa makabila yao ni hawa wafuatao, wameorodheshwa katika nakala za uzao wao: Yeieli wa kwanza, Zekaria, na
যেতিয়া তেওঁলোকৰ বংশাৱলী লিপিৱদ্ধ কৰা হৈছিল, তেতিয়া নিজ নিজ গোষ্ঠী অনুসাৰে তেওঁৰ ভাই সকল হ’ল: প্ৰধান যিয়ীয়েল, জখৰিয়া,
8 Bela mwana wa Azazi mwana wa Shema mwana wa Yoeli. Waliishi Aroeri, kwa umbali wa Nebo na Baali Meoni,
যোৱেলৰ পুত্র চেমা, চেমাৰ পুত্র আজজ, আজজৰ পুত্র বেলা। তেওঁলোক নবো আৰু বাল-মিয়োনলৈকে অৰোয়েৰত বাস কৰিছিল,
9 na mwanzo wa mashariki mwa jangwa lenye umbali wa hadi Mto Efarati. Hii ni kwa sababu walikuwa na mifugo mingi katika nchi ya Gileadi.
আৰু তেওঁলোক পূবদিশে ফৰাৎ নদীৰ পৰা মৰুপ্রান্তৰ কাষলৈকে বাস কৰিছিল, কাৰণ গিলিয়দ দেশত তেওঁলোকৰ পশুবোৰ বৃদ্ধি হৈছিল।
10 Katika siku za Sauli, kabila la Rubeni lilishambulia Wahagiri na kuwa shinda. Wakaishi ndani ya hema za Wahagiri katika nchi yote mashariki mwa Gileadi.
১০চৌলৰ ৰাজত্বৰ সময়ত তেওঁলোকে হাগৰীয়াসকলক আক্রমণ কৰি পৰাজিত কৰিলে। তেওঁলোক হাগৰীয়াসকলৰ তম্বুত আৰু গিলিয়দৰ পূব দিশৰ আটাই দেশত বাস কৰিছিল।
11 Kabila la Gadi liliishi karibu nao, katika nchi ya Bashani umbali wa Saleka.
১১তেওঁলোকৰ ওচৰত বাচান দেশৰ পৰা চলখালৈকে গাদৰ সন্তান সকলে বাস কৰিছিল।
12 Viongozi wao walikuwa Yoeli, aliyekuwa kichwa wa ukoo, na Shafamu alikuwa kichwa wa ukoo mwingine, na Yanai na Shafati walikuwa wa Bashani.
১২যোৱেল তেওঁলোকৰ গোষ্ঠীৰ মূৰব্বী আছিল, আৰু চাফম আন এটা গোষ্ঠীৰ মূৰব্বী আছিল; তাৰ পাছত যনয় আৰু চাফট মূৰব্বী হ’ল। এওঁলোক বাচানত আছিল।
13 Ndugu zao, kwa familia za baba yao, walikuwa Mikaeli, Meshulamu, Sheba, Yorai, Yakani, na Eberi - jumla saba wote.
১৩তেওঁলোকৰ পিতৃ-বংশৰ সম্পৰ্কীয় সাত জন হ’ল, মীখায়েল, মচুল্লম, চেবা, যোৰয়, যক্কন, জীয়া, আৰু এবৰ।
14 Hawa watu walio tajwa hapo juu ni uzao wa Abihaili, na Abihaili alikuwa mwana wa Huri. Huri alikuwa mwana w a Yaroa. Yaroa alikuwa mwana wa Gileadi. Gileadi alikuwa mwana wa Mikaeli. Mikaeli alikuwa mwana wa Yeshishai. Yeshishai alikuwa mwana wa Yado. Yado alikuwa mwana wa Buzi.
১৪উল্লেখিত এই ব্যক্তিসকল অবীহয়িলৰ বংশধৰ আছিল: হূৰীৰ পুত্র অবীহয়িল আছিল। যাৰোহৰ পুত্র হূৰী আছিল। গিলিয়দৰ পুত্র যাৰোহ আছিল। মীখায়েলৰ পুত্র গিলিয়দ আছিল। যিচীচয়ৰ পুত্র মীখায়েল আছিল। যহদোৰ পুত্র যিচীচয় আছিল। বূজৰ পুত্র যহদো আছিল।
15 Ahi mwana wa Abidieli mwana wa Guni, alikuwa kichwa cha familia ya baba yake.
১৫গূনীৰ পুত্র অব্দীয়েল, অব্দীয়েলৰ পুত্র অহী তেওঁলোকৰ পিতৃ-বংশৰ মূল ব্যক্তি আছিল।
16 Waliishi Gileadi, Bashani, katika miji, na katika nchi zote za malisho ya Sharoni kwa umbali wa mipaka yake.
১৬তেওঁলোক গিলিয়দত, বাচানৰ নগৰত, আৰু চাৰোণৰ সীমালৈকে চৰণীয়া ঠাইত বাস কৰিছিল।
17 Hawa wote waliorodheshwa katika nakaka za uzao katika siku za Yothamu mfalme wa Yuda na Yeroboamu mfalme wa Israeli.
১৭যিহূদাৰ ৰজা যোথম আৰু ইস্ৰায়েলৰ ৰজা যাৰবিয়াম ৰাজত্বৰ সময়ত তেওঁলোকৰ সকলোৰে বংশাৱলী লিপিৱদ্ধ কৰি ৰখিছিল।
18 Warubeni, Wagadi, na nusu ya kabila la Manase walikuwa na wana jeshi elfu arobaini na nne walio fuzu kwa vita, walio beba ngao na upanga, na pinde na mishale.
১৮ৰূবেণৰ, গাদীয়াৰ, আৰু মনচিৰ আধা গোষ্ঠীৰ মাজৰ চৌৱাল্লিশ হাজাৰ সৈন্যক যুদ্ধৰ বাবে প্রশিক্ষণ দিয়া হৈছিল, তেওঁলোকে ঢাল, তৰোৱাল কঢ়িয়াইছিল, আৰু ধনু মাৰিছিল।
19 Waliwashambulia Wahagri, Yeturi, Nafishi, na Nodabu.
১৯তেওঁলোকে হাগৰীয়া, যটূৰ, নাফীচ, আৰু নোদবক আক্রমণ কৰিছিল।
20 Walipokea msaada wa Kimungu dhidi yao. Katika hili Wahagri na wote walio kuwa nao walishindwa. Hii ni kwa sababu Waisraeli walipaza sauti katika vita, na yeye akawajibu, kwa sababu waliweka tumaini lao kwake.
২০তেওঁলোকৰ বিৰুদ্ধে তেওঁলোকে ঈশ্বৰীয় সহায় পাইছিল। এইদৰে হাগৰীয়াসকল আৰু তেওঁলোকৰ লগত থকা সকলোকে তেওঁলোকে পৰাজিত কৰিলে। কিয়নো তেওঁলোকে যুদ্ধত ঈশ্বৰৰ আগত কাতৰোক্তি কৰিলে আৰু তেওঁ তেওঁলোকৰ কাতৰোক্তি শুনিলে, কাৰণ তেওঁলোকে তেওঁত বিশ্বাস কৰিছিল।
21 Walikamata wanya wao, pamoja na ngamia elfu hamsini, kondoo 250, 000, punda elfu mbili, na wanaume 100, 000.
২১তেওঁলোকৰ জীৱ-জন্তুবোৰ তেওঁলোকে আটক কৰিলে, তাৰ ভিতৰত পঞ্চাশ হাজাৰ উট, দুই লাখ পঞ্চাশ হাজাৰ মেৰ-ছাগ, দুই হাজাৰ গাধ, আৰু এক লাখ মানুহ।
22 Kwa sababu Mungu aliwapigania, waliua maadui wengi. Waliishi katika nchi yao mpaka mateka.
২২কাৰণ তেওঁলোকৰ হৈ ঈশ্বৰে যুদ্ধ কৰিছিল, সেয়ে বহুতো শত্রুক তেওঁলোকে হত্যা কৰিছিল। এইদৰে বন্দী কৰি নিয়া সময়লৈকে তেওঁলোকৰ ঠাই সমূহত তেওঁলোকে বাস কৰিছিল।
23 Baadhi ya watu wa kabila la Manase waliishi katika nchi ya Bashani kwa umbali wa Hermoni na Seniri (hiyo ni, Mlima Hermoni).
২৩মনচিৰ আধা গোষ্ঠীৰ লোকসকলে বাচান দেশৰ পৰা বাল-হৰ্মোন, আৰু চনীৰলৈকে বাস কৰিছিল।
24 Hawa walikuwa viongozi wa familia zao: Eferi, Ishi, Elieli, Azrieli, Yeremia, Hodavia, na Yahdieli. Walikuwa wenye nguvu na wanaume wa jasiri, wanaume maharufu, viongozi wa familia zao.
২৪তেওঁলোকৰ নিজ নিজ বংশৰ নেতাসকল হ’ল: এৰফ, যিচী, ইজ্ৰীয়েল, যিৰিমিয়া, হোদবিয়া, আৰু যহদিয়েল। এওঁলোক বলৱান, সাহসী, নাম জ্বলা, আৰু নিজ নিজ পিতৃ-বংশৰ নেতা আছিল।
25 Lakini walikuwa sio wa aminifu kwa Mungu wa babu zao. Badala yake, waliabudu miungu ya watu waio nchi, ambao Mungu aliwaangamiza mbele yao.
২৫কিন্তু তেওঁলোক পূৰ্বপুৰুষৰ ঈশ্বৰৰ প্রতি অবিশ্ৱাসী আছিল। ঈশ্ৱৰে তেওঁলোকৰ সন্মুখত যাক ধ্বংস কৰিছিল, সেই দশৰ তেনে দেৱ-দেৱীবোৰক তেওঁলোকে আৰাধনা কৰিছিল।
26 Mungu wa Israeli alimchochea Puli mfalme wa Assiria ( ambaye pia uitwa Tiligathi Pileseri, mfalme wa Assiria). Aliwa peleka matekani Warubeni, Wagadi, na nusu ya kabila la Manase. Aliwaleta kwa Hala, Habori, Hara, na kwenye mto wa Gozani, ambapo wapo adi leo.
২৬সেয়ে অজৰীয়াৰ ৰজা পূলক ইস্ৰায়েলৰ ঈশ্বৰে অস্থিৰ কৰিলে, তিলগৎ-পিলনেচৰ বুলি কোৱা হয়। তেওঁ ৰূবেণীয়া, গাদীয়া, আৰু মনচিৰ আধাগোষ্ঠীৰ লোকসকলক হাবোৰ, হাৰা, গোজনৰ নদীলৈকে লৈ গ’ল; আজিলৈকে তেওঁলোকে সেই ঠাইতে আছে।

< 1 Nyakati 5 >