< 1 Nyakati 28 >

1 Daudi akakusanya waamuzi wote wa Israeli Yerusalemu: waamuzi wa makabila, maafisa wa vitengo walio mtumikia mfalme katika kazi walizo pangiwa, wakuu wa maelfu na mamia, wasimamizi wa mali zote za mfalme na mwanae, na maafisa na wanaume wa mapambano, ukijumuisha wale wenye ujuzi sana.
দায়ূদে যিৰূচালেমত ইস্ৰায়েলৰ সকলো কৰ্মচাৰীক এক গোট কৰিলে: জাতিবোৰৰ কৰ্মচাৰীসকলক, সময়-সূচী অনুযায়ী ৰজাৰ পৰিচৰ্যা কৰা বিভাগবোৰৰ কৰ্মচাৰীসকলক, সহস্ৰপতিসকলক আৰু শতপতিসকলক, ৰজা আৰু তেওঁৰ পুত্রসকলৰ দখলত থকা সকলো সম্পত্তিৰ পৰিচালকসকলক, কর্মচাৰী আৰু যুদ্ধাৰু লোকসকলক, তেওঁলোকৰ মাজৰ সকলোতকৈ নিপূণ লোকসকলক যিৰূচালেমত এক গোট কৰিলে।
2 Daudi mfalme akainuka kwa miguu yake na kusema, “Sikilizeni mimi, kaka zangu na watu wangu. Ilikuwa dhumuni langu kujenga hekalu kwa ajili ya sanduku la agano la Yahweh; stuli ya miguu kwa ajili ya Mungu wetu, na nimefanya maandalizi kuijenga.
তাৰ পাছত ৰজা দায়ূদে থিয় হৈ ক’লে, “হে মোৰ ভাইসকল আৰু মোৰ লোক সমূহ, মোৰ কথা শুনা; যিহোৱাৰ নিয়ম-চন্দুকৰ অৰ্থে আৰু আমাৰ ঈশ্বৰৰ ভৰি-পীৰাৰ অৰ্থে এটা মন্দিৰ নিৰ্ম্মাণ কৰিবলৈ মোৰ পৰিকল্পনা আছিল। এই গৃহ নিৰ্ম্মাণৰ বাবে মই প্ৰস্তুতো হৈছিলো।
3 Lakini Mungu akaniambia, 'Hautajenga hekalu kwa ajili ya jina la langu, kwasababu wewe ni mwanaume wa vita na umemwaga damu.'
কিন্তু ঈশ্বৰে মোক ক’লে, ‘মোৰ নামৰ অৰ্থে তুমি মন্দিৰ নিৰ্ম্মাণ নকৰিবা, কাৰণ তুমি এজন যুদ্ধৰু আৰু তুমি ৰক্তপাত কৰিলা।’
4 Bado Yahweh, Mungu wa Israeli, alinichagua kutoka katika familia ya baba yangu kuwa mfalme wa Israeli milele. Amechagua kabila la Yuda kama kiongozi. Katika kabila la Yuda, na nyumba ya baba yangu, kutoka kwa wana wa baba yangu, amenichagua kuwa mfalme wa Israeli.
তথাপি যিহোৱাই, ইস্ৰায়েলৰ ঈশ্বৰে; ইস্ৰায়েলৰ ওপৰত সদায় ৰাজত্ব কৰিবৰ বাবে মোৰ আটাই পিতৃপৰিয়ালৰ মাজৰ পৰা মোক মনোনীত কৰিলে। তেওঁ নেতৃত্ব দিবৰ বাবে যিহূদা জাতিক মনোনীত কৰিলে। যিহূদাৰ জাতি, মোৰ পিতৃৰ পৰিয়ালবৰ্গ আৰু মোৰ পিতৃৰ সকলো পুত্রৰ মাজৰ পৰা তেওঁ মোক গোটেই ইস্ৰায়েলৰ ওপৰত ৰজা হ’বলৈ মনোনীত কৰিলে।
5 Kutoka kwa wana wengi ambao Yahweh amenipa, amemchagua Sulemani, mwanangu, kuketi katika kiti cha enzi cha ufalme wa Yahweh, juu ya Israeli.
যিহোৱাই মোক দিয়া অনেক পুত্ৰৰ মাজত ইস্ৰায়েলৰ ওপৰত যিহোৱাৰ ৰাজসিংহাসনত বহিবলৈ তেওঁ মোৰ পুত্ৰ চলোমনক মনোনীত কৰিলে।
6 Aliniambia, 'Sulemani mwanae atanijengea nyumba yangu na nyuani mwangu, kwa kuwa nimemchagua kuwa mwana wangu, nami nitakuwa baba yake.
তেওঁ মোক ক’লে, ‘তোমাৰ পুত্ৰ চলোমনে মোৰ গৃহ আৰু চোতাল কেইখন নিৰ্ম্মাণ কৰিব, কাৰণ মোৰ পুত্ৰ হ’বলৈ মই তেওঁক মনোনীত কৰিলোঁ, আৰু মই তেওঁৰ পিতৃ হ’ম।
7 Nitaimarisha ufalme wake, akidumu kutii sheria na amri zangu, kama ulivyo siku ya leo.'
আজি তুমি যি দৰে আছা যদি তেওঁ সেই দৰে মোৰ আজ্ঞাবোৰ আৰু শাসন-প্ৰণালীবোৰ পালন কৰি চলে, তেনেহলে মই তেওঁৰ ৰাজ্য চিৰস্থায়ীৰূপে স্থাপন কৰিম।
8 Kisha sasa, katika macho ya Waisraeli wote, ili kusanyiko la yahweh, na katika uwepo wa Mungu wetu, nyinyi nyote lazima mshike na kufanya amri zote za Yahweh Mungu wenu. Fanyeni hivi ili mmiliki nchi nzuri na kuacha urithi wa watoto wenu baada yenu milele.
এই হেতুকে এতিয়া ইস্ৰায়েলৰ সাক্ষাতে যিহোৱাৰ উদ্দেশে সমবেত হোৱা আৰু আমাৰ ঈশ্বৰৰ উপস্থিতিত ঈশ্ৱৰ যিহোৱাৰ সকলো আজ্ঞা পালন কৰিবলৈ তোমালোক সকলোৱে চেষ্টা কৰা। এই উত্তম দেশৰ অধিকাৰী হবলৈ আৰু তোমালোকৰ পাছত চিৰকালৰ বাবে পুৰুষানুক্রমে তোমালোকৰ সন্তান সকলৰ অধিকাৰত যেন থাকে তাৰ কাৰণে এই সকলো কৰা।
9 Kwako wewe, Sulemani mwanangu, mtii Mungu wa baba yako, mtumikie kwa moyo wako wote na roho ya utayari. Fanya hivi kwasababu yahweh anachunguza mioyo yote na kufahamu amasa ya kila wazo la mtu. Ukimtafuta, ataonekana kwako, lakini ukimtelekeza, atakukataa milele.
হে বোপা চলোমন, তুমি তোমাৰ পিতৃৰ ঈশ্বৰক মানি চলিবা, আৰু তোমাৰ সকলো হৃদয়েৰ আৰু হৰ্ষিত মনেৰে তেওঁৰ পৰিচৰ্যা কৰিবা। এই দৰে কৰা কাৰণ যিহোৱাই সকলোৰে হৃদয় অনুসন্ধান কৰে আৰু সকলোৰে কল্পনাকো বুজে। তুমি যদি তেওঁক বিচাৰা, তেন্তে তুমি তেওঁক পাবা, কিন্তু যদি তেওঁক ত্যাগ কৰা, তেন্তে তেওঁ তোমাকো চিৰকাললৈকে ত্যাগ কৰিব।
10 Elewa kuwa Yahweh amekuchagua kujenga hekalu ili kama sehemu yake takatifu. Kuwa imara na ufanye.”
১০পবিত্র-স্থানৰ অৰ্থে মন্দিৰ নিৰ্ম্মাণ কৰিবলৈ যিহোৱাই যে, তোমাক মনোনীত কৰিলে তাক তুমি অনুভৱ কৰা; সাহিয়াল হোৱা আৰু এই কাৰ্য কৰা।
11 Kisha Daudi akamkabidhi Sulemani mwanae mipango ya baraza la hekalu, jengo la hekalu, vyumba vya hifadhi, vyumba vya juu, vyumba vya ndani, na chumba chenye mfuniko wa maombezi.
১১তাৰ পাছত দায়ূদে তেওঁৰ পুত্ৰ চলোমনক মন্দিৰৰ বাৰাণ্ডাৰ, মন্দিৰৰ ঘৰৰবোৰৰ, গুদামবোৰৰ, ওপৰৰ কোঁঠালিবোৰৰ, ভিতৰৰ কোঁঠালিবোৰৰ, আৰু পাপ-প্রায়শ্চিতৰ আৱৰণৰ নক্সা দিলে।
12 Alimpatia mipango aliyo chora ya nyuani kwa ajili ya nyumba ya Yahweh, vyumba vyote vilivyo zunguka, vyumba vya hifadhi katika nyumba ya Mungu, na hazina za vitu vya Yahweh.
১২যিহোৱাৰ গৃহৰ চোতাল কেইখনৰ, চাৰিওফালে থকা সকলো কোঁঠালিবোৰৰ, ঈশ্বৰৰ গৃহত থকা গুদামবোৰৰ, আৰু মন্দিৰৰ বাবে পবিত্ৰ কৰা বস্তুৰ ভঁৰালবোৰৰ বাবে তেওঁ অঙ্কন কৰা নক্সা তেওঁ চলোমনক দিলে।
13 Alimpatia masharti kwa vitengo vya makuhani na Walawi, kwa majukumu walio pangiwa katika nyumba ya Yahweh, na kwa vyombo vyote vinavyo tumika katika nyumba ya Yahweh.
১৩তেওঁ তেওঁক পুৰোহিতসকলৰ আৰু লেবীয়াসকলৰ বিভাগসমূহৰ বাবে বিধি দিলে আৰু যিহোৱাৰ গৃহৰ পৰিচৰ্যাৰ কাৰ্য আৰু যিহোৱাৰ গৃহৰ পৰিচৰ্যাৰ বাবে ব্যৱহাৰ হোৱা সামগ্রী সমূহৰ দায়িত্বত নিযুক্ত কৰিলে।
14 Alimpa uzito wote wa vifaa vya dhahabu kwa kila huduma na vifaa vyote vya fedha, na vitu vyote kwa kila namna ya huduma.
১৪তেওঁ সকলো প্রকাৰৰ পৰিচৰ্যাৰ বাবে সোণৰ পাত্ৰবোৰ আৰু সকলো প্রকাৰৰ পৰিচৰ্যাৰত ব্যৱহাৰ হোৱা সামগ্রীৰ বাবে ৰূপৰ পাত্ৰবোৰ গুৰুত্ব সহকাৰে তেওঁক দিলে।
15 Haya maelekezo yalitolewa kwa uzito, ukijumuisha maelekezo yote ya vinara vya taa vya dhahabu na taa za dhahabu, maelekezo kwa uzito kwa kila vinara vya taa, kwa vinara vya taa vya fedha, na maelekezo kwa matumizi sahihi ya vinara vya taa vyote.
১৫সোণৰ দীপাধাৰবোৰৰ আৰু তাৰ প্রদীপবোৰৰ প্ৰত্যেক দীপাধাৰ আৰু তাৰ প্রদীপবোৰৰ সোণৰ পৰিমান অনুসাৰে জুখি দিলে। ৰূপৰ দীপাধাৰবোৰৰ আৰু প্রদীপবোৰৰ প্ৰত্যেক দীপাধাৰ আৰু তাৰ প্রদীপবোৰৰ ৰূপৰ পৰিমান অনুসাৰে জুখি দিলে। যাতে প্রত্যেক দীপাধাৰবোৰৰ উপযুক্ত ব্যৱহাৰ হয়।
16 Alitoa uzito wa dhahabu kwa meza za mkate wa uwepo, kwa kila meza, na uzito wa fedha kwa meza za fedha.
১৬দৰ্শন-পিঠাৰ মেজ, আৰু প্রত্যক মেজৰ বাবে সোণৰ পৰিমাণ, আৰু ৰূপৰ মেজবোৰৰ বাবে ৰূপৰ পৰিমাণ তেওঁ জুখি দিলে।
17 Alitoa uzito wa dhahabu safi kwa uma za nyama, bakuli, na vikombe. Alitoa uzito kwa kila bakuli ya dhahabu, na uzito kwa kila bakuli ya fedha.
১৭তেওঁ যাঠী, তেজ ছটিওৱা চৰিয়া, আৰু পিয়লাবোৰৰ বাবে শুদ্ধ সোণৰ পৰিমাণ জুখি দিলে। তেওঁ প্রত্যেক সোণৰ বাটিবোৰৰ আৰু প্ৰত্যেক ৰূপৰ বাটিবোৰৰ বাবে সোণৰ আৰু ৰূপৰ পৰিমাণ জুখি দিলে।
18 Alitoa uzito wa dhahabu ya kutakasika kwa madhabahu ya uvumba, na kwa dhahabu kwa ajili ya mchoro wa makerubi waliye tanda mabawa yao na kufunika sanduku la agano la Yahweh.
১৮ধূপ-বেদিৰ বাবে নিৰ্ম্মল সোণৰ পৰিমাণ, আৰু ডেউকা মেলি যিহোৱাৰ নিয়ম-চন্দুক ঢাকি ধৰা কৰূব দুটাৰ নক্সাৰ কাৰণে সোণৰ পৰিমাণ জুখি দিলে।
19 Daudi akasema, “Nimeeka haya katika maandishi kama Yahweh alivyo ni elekeza na kunipa kuelewa kuhusu mchoro.”
১৯দায়ূদে ক’লে, “নমুনাৰ বিষয়ে বুজিব পৰাকৈ যিহোৱাই মোক নিৰ্দেশ দিয়া অনুযায়ী মই এই সকলো লিখিত ভাৱে ৰাখিলোঁ।
20 Daudi akasema kwa Sulemani mwanae, “Kuwa hodari na mjasiri. Fanya kazi. Usiogope au kuwa na wasiwasi, kwa kuwa Yahweh Mungu, Mungu wangu, yupo nawe. Hatakuacha wala kukutelekeza mpaka kazi ya huduma ya hekalu la Yahweh imekamilika.
২০দায়ূদে তেওঁৰ পুত্ৰ চলোমনক ক’লে, “তুমি বলৱান আৰু সাহিয়াল হোৱা। এই কাৰ্য কৰা। ভয় নকৰিবা আৰু ব্যাকুল নহ’বা, কিয়নো ঈশ্বৰ যিহোৱা, মোৰ ঈশ্বৰেই তোমাৰ লগত আছে। যিহোৱাৰ গৃহৰ সকলো কাৰ্য সমাপ্ত নোহোৱালৈকে তেওঁ তোমাক পৰিত্যাগ নকৰিব।
21 Ona, hivi ni vitengo vya makuhani na Walawi kwa huduma katika hekalu la Mungu. Watakuwa nawe, pamoja na wanaume walio tayari na wenye ujuzi, kukusaidia katika kazi na kutenda huduma. Waamuzi na watu wote wako tayari kufuata amri zako.”
২১চোৱা, ইয়াত ঈশ্বৰৰ গৃহৰ সকলো কাৰ্যৰ বাবে পুৰোহিতসকল আৰু লেবীয়াসকলৰ বিভাগসমূহ আছে। তেওঁলোক তোমাৰ লগত থাকিব, এই কাৰ্যৰ অৰ্থে ইচ্ছা থকা সকলো লোক আৰু নিপূণ লোকসকলে তোমাক সকলো কাৰ্য কৰিবলৈ আৰু পৰিচৰ্যা কৰিবলৈ সহায় কৰিব। তোমাৰ আদেশবোৰ অনুসৰণ কৰিবলৈ সকলো কৰ্মচাৰী আৰু সকলো লোক প্রস্তুত।

< 1 Nyakati 28 >