< Zekaria 11 >
1 Fungua milango yako, ee Lebanoni, ili moto uteketeze mierezi yako!
১হে লিবানোন, অগ্নিয়ে তোমাৰ এৰচ গছবোৰ গ্ৰাস কৰিবৰ কাৰণে তোমাৰ দুৱাৰবোৰ মুকলি কৰা!
2 Piga yowe, ee mti wa msunobari, kwa kuwa mwerezi umeanguka; miti ya fahari imeharibiwa! Piga yowe, enyi mialoni ya Bashani, msitu mnene umefyekwa!
২হে দেৱদাৰু, বিলাপ কৰা, কিয়নো এৰচ বৃক্ষ পতিত হ’ল, কাৰণ যি উত্তম আছিল সেইবোৰ নষ্ট হ’ল! হে বাচানৰ অলোন গছবোৰ, বিলাপ কৰা কিয়নো দুৰ্গম কাঠনি ভাঙি পৰিছে।
3 Sikiliza yowe la wachungaji; malisho yao manono yameangamizwa! Sikia ngurumo za simba; kichaka kilichostawi sana cha Yordani kimeharibiwa!
৩মেৰ-ছাগ ৰখীয়াবোৰৰ মাতে চিঞৰিছে, কিয়নো তেওঁলোকৰ গৌৰৱ ধ্বংস-প্রাপ্ত হ’ল! যুৱা সিংহবোৰ গৰ্জি উঠিছে, কিয়নো যৰ্দ্দনৰ গৌৰৱ উচ্ছন্ন হ’ল।
4 Hili ndilo asemalo Bwana Mungu wangu: “Lilishe kundi lililokusudiwa kuchinjwa.
৪এই হেতুকে মোৰ ঈশ্বৰ যিহোৱাই এই কথা ক’লে, “বধ কৰিবলগীয়া মেৰ-ছাগৰ জাকক তুমি চৰোৱা;
5 Wanunuzi wake huwachinja na kuondoka pasipo kuadhibiwa. Wale wanaowauza husema, ‘Bwana asifiwe, mimi ni tajiri!’ Wachungaji wao wenyewe hawawahurumii.
৫(সেইবোৰৰ কিনোতাবোৰে সেইবোৰক বধ কৰে আৰু নিজক দোষী বুলি নাভাবে; আৰু সেইবোৰক বেচোঁতা প্ৰতিজনে কয়, ‘যিহোৱা ধন্য হওঁক! কিয়নো মই ধনী হ’লো’, কাৰণ সেইবোৰৰ নিজ ৰখীয়াসকলে সেইবোৰক মৰম নকৰে।)
6 Kwa kuwa sitawahurumia tena watu wa nchi,” asema Bwana. “Nitawakabidhi kila mtu mkononi mwa jirani yake na mfalme wake. Wataitenda jeuri nchi, nami sitawaokoa kutoka mikononi mwao.”
৬কিয়নো দেশ-নিবাসীসকলক মই দয়া নকৰিম।” এয়ে যিহোৱাৰ ঘোষণা। “কিন্তু চোৱা! মই লোকসকলৰ প্ৰতিজনক নিজ মেৰ-ৰখীয়াৰ আৰু নিজ ৰজাৰ হাতত শোধাই দিম; তেওঁলোকে দেশ চূৰ্ণ কৰিব, কিন্তু মই তেওঁলোকৰ হাতৰ পৰা তেওঁলোকক উদ্ধাৰ নকৰিম।”
7 Kwa hiyo nikalilisha kundi lililotiwa alama kwa kuchinjwa, hasa kundi lililoonewa sana. Kisha nikachukua fimbo mbili, moja nikaiita Fadhili na nyingine Umoja, nami nikalilisha kundi.
৭তেতিয়া বেচোঁতাসকলৰ বধ কৰিবলগীয়া সেই মেৰ-ছাগ জাকবোৰৰ ৰখীয়া মই হ’লো, আৰু মই নিজৰ কাৰণে দুডাল লাখুটি ললোঁ; এডালৰ নাম “দয়া” আৰু আনডালৰ নাম “একতা” ৰাখিলোঁ। এইদৰে মই মেৰ-ছাগৰ জাকটো চৰাবলৈ ধৰিলোঁ।
8 Katika mwezi mmoja nikawaondoa wachungaji watatu. Kundi la kondoo likanichukia, nami nikachoshwa nao,
৮মই এক মাহৰ ভিতৰতে সেই তিনিজন মেৰ-ছাগ ৰখীয়াক বিনষ্ট কৰিলোঁ; কিয়নো মই তেওঁলোকৰ প্রতি অধৈৰ্য হ’লো - কিয়নো তেওঁলোকৰ প্ৰাণেও মোক ঘিণ কৰিলে।
9 nikasema, “Sitakuwa mchungaji wenu. Waache wanaokufa wafe na wanaoangamia waangamie. Wale waliobakia kila mmoja na ale nyama ya mwenzake.”
৯তেতিয়া মই ক’লো, “মই তোমালোকক আৰু নচৰাওঁ। যিবোৰ মৰি আছে - সেইবোৰক বিনষ্ট হ’বলৈ দিয়া। আৰু যিবোৰ অৱশিষ্ট থাকিব, সেইবোৰক ইজনে সিজনৰ মাংস খাওঁক।”
10 Kisha nikachukua fimbo yangu inayoitwa Fadhili nikaivunja, kutangua Agano nililofanya na mataifa yote.
১০সেই কাৰণে মই সকলো জাতিৰ লগত স্থাপন কৰা নিয়মটি ভাঙিবলৈ মোৰ সেই “দয়া” নামৰ লাখুটিডাল দুডোখৰ কৰিলোঁ।
11 Likatanguka siku hiyo, kwa hiyo wale waliodhurika katika kundi, waliokuwa wakiniangalia wakajua kuwa hilo lilikuwa neno la Bwana.
১১সেইদিনা সেই নিয়মটি ভঙা হ’ল আৰু মোক সেইদৰে কৰা দেখি বেচোঁতাসকলে জানিলে যে, এয়ে যিহোৱাৰ বাক্য!
12 Nikawaambia, “Mkiona kuwa ni vyema, nipeni ujira wangu, la sivyo, basi msinipe.” Kwa hiyo wakanilipa vipande thelathini vya fedha.
১২মই তেওঁলোকক কলোঁ, “যদি তোমালোকে ভাল দেখা, তেন্তে মোক মোৰ বেচ দিয়া; যদি ভাল নেদেখা তেন্তে নালাগে।” তেতিয়া তেওঁলোকে মোৰ বেচৰ অৰ্থে ত্ৰিশ চেকল ৰূপ জুখি মোক দিলে।
13 Naye Bwana akaniambia, “Mtupie mfinyanzi,” hiyo bei nzuri waliyonithaminia! Kwa hiyo nikachukua hivyo vipande thelathini vya fedha na kumtupia huyo mfinyanzi katika nyumba ya Bwana.
১৩তেতিয়া যিহোৱাই মোক ক’লে, “সেই ৰূপ ধন-ভঁৰালত জমা দিয়া, তেওঁলোকৰ বিবেচনাত এয়ে উচিত মূল্য!” তেতিয়া মই সেই ত্ৰিশ চেকল ৰূপ লৈ যিহোৱাৰ গৃহত কুমাৰৰ আগত জমা দিলোঁ।
14 Kisha nikaivunja fimbo yangu ya pili iitwayo Umoja, kuvunja undugu kati ya Yuda na Israeli!
১৪পাছত যিহূদা আৰু ইস্ৰায়েলৰ মাজত ভ্ৰাত্বৰ বন্ধন ভাঙিবলৈ মোৰ “একতা” নামৰ আনডাল লাখুটি দুডোখৰ কৰিলোঁ।
15 Kisha Bwana akaniambia, “Vitwae tena vifaa vya mchungaji mpumbavu.
১৫তেতিয়া যিহোৱাই মোক পুনৰায় ক’লে, “তুমি আকৌ নিজৰ বাবে এজন অজ্ঞান মেৰ-ছাগ ৰখীয়াৰ সঁজুলি লোৱা,
16 Kwa maana ninakwenda kumwinua mchungaji juu ya nchi ambaye hatamjali aliyepotea, wala kuwatafuta wale wachanga au kuwaponya waliojeruhiwa, wala kuwalisha wenye afya, lakini atakula nyama ya kondoo wanono na kuzirarua kwato zao.
১৬কিয়নো চোৱা! মই দেশত এজন মেৰ-ছাগৰ ৰখীয়া উৎপন্ন কৰিম! তেওঁ নষ্ট হ’বলগীয়া ছাগলীবোৰৰ বুজ বিচাৰ নল’ব। ছিন্ন-ভিন্ন হোৱা ছাগলীবোৰক নিবিচাৰিব বা ভগ্ন হোৱাটোক সুস্থ নকৰিব। আনকি সুস্থকো প্ৰতিপালন নকৰিব, কিন্তু হৃষ্টপুষ্টবোৰে মাংস খাব পাব আৰু সেইবোৰৰ খুৰাও ডোখৰ ডোখৰকৈ ছিঙিব।
17 “Ole wa mchungaji asiyefaa, anayeliacha kundi! Upanga na uupige mkono wake na jicho lake la kuume! Mkono wake na unyauke kabisa, jicho lake la kuume lipofuke kabisa!”
১৭হায়, জাক এৰি যোৱা অযোগ্য মেৰ-ৰখীয়া! তেওঁৰ সোঁ চকু আৰু সোঁ হাতৰ বিৰুদ্ধে তৰোৱাল লৈ আহা! তেওঁৰ সোঁ হাত নিষ্কৰ্মা হৈ যাব আৰু তেওঁৰ সোঁ চকু অন্ধ হ’ব।