< Zaburi 75 >
1 Kwa mwimbishaji. Mtindo wa “Usiharibu!” Zaburi ya Asafu. Wimbo. Ee Mungu, tunakushukuru, tunakushukuru wewe, kwa kuwa jina lako li karibu; watu husimulia matendo yako ya ajabu.
১হে ঈশ্বৰ, আমি তোমাৰ ধন্যবাদ কৰিম; আমি তোমাৰ ধন্যবাদ কৰিম, কিয়নো তুমি তোমাৰ উপস্থিতি প্রকাশ কৰিলা; লোকসকলে তোমাৰ আচৰিত কাৰ্যবোৰ বৰ্ণনা কৰি আছে।
2 Unasema, “Ninachagua wakati maalum; ni mimi nihukumuye kwa haki.
২যেতিয়া নিৰুপিত সময় উপস্থিত হব; তেতিয়া মই ন্যায়েৰে বিচাৰ কৰিম।
3 Wakati dunia na watu wake wote inapotetemeka, ni mimi ninayezishikilia nguzo zake imara.
৩যদিও পৃথিৱী আৰু তাৰ বাসিন্দাসকল ভয়াতুৰ আৰু দুর্বল; তথাপি ময়েই তাৰ স্তম্ভবোৰ দৃঢ়কৈ স্থাপন কৰিলোঁ। (চেলা)
4 Kwa wale wenye majivuno ninasema, ‘Msijisifu tena,’ kwa wale waovu, ‘Msiinue pembe zenu.
৪মই অহঙ্কাৰীবোৰক কলোঁ, “তোমালোকে অহঙ্কাৰেৰে কাৰ্য নকৰিবা;” দুষ্টবোৰক ক’লো, “পৰিত্রাণ পাবলৈ নি: সংশয় নহবা; দুষ্টবোৰ জয়ী হ’বলৈ অত্যন্ত নিশ্চিন্ত নহওক।
5 Msiinue pembe zenu dhidi ya mbingu; msiseme kwa shingo zilizonyooshwa.’”
৫তোমালোক জয়ী হ’বলৈ অত্যন্ত নিশ্চিন্ত নহবা; তোমালোকে গর্ব কৰি কথা নকবা।”
6 Hakuna yeyote atokaye mashariki wala magharibi au kutoka jangwani awezaye kumkweza mwanadamu.
৬কিয়নো পূব বা পশ্চিম দিশৰ পৰা জয় লাভ নহয়।
7 Bali Mungu ndiye ahukumuye: Humshusha huyu na kumkweza mwingine.
৭কিন্তু ঈশ্বৰ ন্যায় বিচাৰক; কোনোক তললৈ নমায়, কোনোক ওপৰলৈ তোলে।
8 Mkononi mwa Bwana kuna kikombe kilichojaa mvinyo unaotoka povu uliochanganywa na vikolezo; huumimina, nao waovu wote wa dunia hunywa mpaka tone la mwisho.
৮কিয়নো যিহোৱাৰ হাতত এক পান-পাত্ৰ আছে, তাত মিশ্ৰিত দ্ৰব্যেৰে সৈতে পৰিপূৰ্ণ ফেনাই উঠা দ্রাক্ষাৰস আছে; আৰু তেওঁ সেই পাত্রৰ কিছু ঢালি দিয়ে; পৃথিৱীৰ দুষ্ট লোকবোৰে অৱশ্যেই তাৰ তলিলৈকে থকা গেদবোৰ খাব লাগিব।
9 Bali mimi, nitatangaza hili milele; nitaimba sifa kwa Mungu wa Yakobo.
৯কিন্তু মই হ’লে, চিৰকাললৈ তেওঁ কৰা কার্যৰ প্ৰচাৰ কৰিম; মই যাকোবৰ ঈশ্বৰৰ উদ্দেশ্যে স্তুতি গান কৰিম।
10 Nitazikatilia mbali pembe za waovu wote, bali pembe za wenye haki zitainuliwa juu.
১০তেওঁ ক’লে, “মই দুষ্ট লোকবোৰৰ আটাই শিং কাটি পেলাম; কিন্তু ধাৰ্মিক লোকসকলৰ শিং উচ্চ কৰিম।”