< Zaburi 33 >
1 Mwimbieni Bwana kwa furaha, enyi wenye haki; kusifu kunawapasa wanyofu wa moyo.
১হে ধাৰ্মিক লোকসকল, যিহোৱাত আনন্দ-ধ্ৱনি কৰা, তেওঁৰ প্রশংসা কৰা সাধু লোকৰেই কাম।
2 Msifuni Bwana kwa kinubi, mwimbieni sifa kwa zeze la nyuzi kumi.
২বীণাৰে সৈতে যিহোৱাৰ ধন্যবাদ কৰা, দহগুণীয়া নেবল যন্ত্ৰৰে তেওঁৰ প্ৰশংসা কৰা।
3 Mwimbieni wimbo mpya; pigeni kwa ustadi, na mpaze sauti za shangwe.
৩তেওঁৰ উদ্দেশ্যে এটি নতুন গীত গোৱা; দক্ষতাৰে বাদ্য-যন্ত্র বজাই জয়-ধ্বনি কৰা।
4 Maana neno la Bwana ni haki na kweli, ni mwaminifu kwa yote atendayo.
৪যিহোৱাৰ বাক্য সত্য; তেওঁৰ সকলো কাৰ্যত তেওঁ বিশ্বাসযোগ্য।
5 Bwana hupenda uadilifu na haki; dunia imejaa upendo wake usiokoma.
৫তেওঁ ধাৰ্মিকতা আৰু ন্যায়বিচাৰ ভাল পায়; সমগ্র পৃথিৱী যিহোৱাৰ দয়াৰে পৰিপূৰ্ণ।
6 Kwa neno la Bwana mbingu ziliumbwa, jeshi lao la angani kwa pumzi ya kinywa chake.
৬যিহোৱাৰ বাক্যৰ দ্বাৰাই আকাশ-মণ্ডল নির্মাণ কৰা হ’ল, তাত থকা সকলো বাহিনী তেওঁৰ মুখৰ প্ৰশ্বাসেৰে নির্মিত হ’ল।
7 Ameyakusanya maji ya bahari kama kwenye chungu; vilindi vya bahari ameviweka katika ghala.
৭তেওঁ সমুদ্ৰৰ জল সমূহক বটলত গোটাই ৰখাৰ দৰেই জমা কৰিলে; মহাসাগৰৰ গভীৰ জলৰাশিক ভঁৰালবোৰত ৰাখিলে।
8 Dunia yote na imwogope Bwana, watu wote wa dunia wamche.
৮গোটেই পৃথিবীয়ে যিহোৱালৈ ভয় ৰাখক; জগতৰ সকলোৱে তেওঁৰ আগত সমীহ কৰি থিয় হওক।
9 Kwa maana Mungu alisema, na ikawa, aliamuru na ikasimama imara.
৯কিয়নো তেওঁ ক’লে আৰু সকলোবোৰ সৃষ্টি হ’ল, তেওঁ আজ্ঞা দিলে আৰু সকলো প্রতিস্থিত হ’ল।
10 Bwana huzuia mipango ya mataifa, hupinga makusudi ya mataifa.
১০যিহোৱাই জাতিবোৰৰ পৰিকল্পনা নিস্ফল কৰে, তেওঁ লোক সমূহৰ সঙ্কল্পবোৰ ব্যৰ্থ কৰে।
11 Lakini mipango ya Bwana inasimama imara milele, makusudi ya moyo wake kwa vizazi vyote.
১১যিহোৱাৰ পৰিকল্পনা চিৰকাললৈকে থিৰে থাকে; তেওঁৰ মনৰ সঙ্কল্প পুৰুষানুক্ৰমে স্থায়ী।
12 Heri taifa ambalo Bwana ni Mungu wao, watu ambao aliwachagua kuwa urithi wake.
১২ধন্য সেই জাতি, যি জাতিৰ ঈশ্বৰ যিহোৱা; সেই লোকসকলক তেওঁ নিজৰ আধিপত্যৰ অর্থে মনোনীত কৰিলে।
13 Kutoka mbinguni Bwana hutazama chini na kuwaona wanadamu wote;
১৩যিহোৱাই স্বৰ্গৰ পৰা তললৈ দৃষ্টিপাত কৰে; তেওঁ সকলো মনুষ্য সন্তানক নিৰীক্ষণ কৰে।
14 kutoka maskani mwake huwaangalia wote wakaao duniani:
১৪পৃথিৱী নিবাসী সকলো লোকৰ ওপৰত তেওঁ নিজৰ বাসস্থানৰ পৰা দৃষ্টি ৰাখে।
15 yeye ambaye huumba mioyo yao wote, ambaye huangalia kila kitu wanachokitenda.
১৫তেৱেঁই তেওঁলোক সকলোৰে হৃদয়ৰ নিৰ্ম্মাণকৰ্ত্তা; তেওঁলোকৰ সকলো কাৰ্যই তেওঁ নিৰীক্ষণ কৰে।
16 Hakuna mfalme aokokaye kwa ukubwa wa jeshi lake; hakuna shujaa aokokaye kwa wingi wa nguvu zake.
১৬বৃহৎ সৈন্যদল থাকিলেও ৰজাই তাৰ দ্বাৰা ৰক্ষা নাপায়; মহাশক্তিৰ দ্বাৰাও কোনো যোদ্ধা ৰক্ষা নাপায়।
17 Farasi ni tumaini la bure kwa wokovu, licha ya nguvu zake nyingi, hawezi kuokoa.
১৭জয়ৰ অৰ্থে ঘোঁৰাৰ ওপৰত নির্ভৰ কৰা এক মিছা আশা; মহা-শক্তি থাকিলেও ঘোঁৰাই তাৰ বলেৰে ৰক্ষা কৰিব নোৱাৰে।
18 Lakini macho ya Bwana yako kwa wale wamchao, kwa wale tumaini lao liko katika upendo wake usio na kikomo,
১৮যিসকলে যিহোৱালৈ ভয় ৰাখে, যিসকলে তেওঁৰ অসীম দয়াৰ ওপৰত আশা ৰাখে, যিহোৱাৰ দৃষ্টি তেওঁলোকৰ ওপৰত থাকে,
19 ili awaokoe na mauti, na kuwahifadhi wakati wa njaa.
১৯যাতে মৃত্যুৰ পৰা তেওঁলোকৰ প্রাণ ৰক্ষা কৰিব পাৰে; আকালৰ সময়ত তেওঁলোকক জীয়াই ৰাখিব পাৰে;
20 Sisi tunamngojea Bwana kwa matumaini, yeye ni msaada wetu na ngao yetu.
২০আমাৰ প্ৰাণে যিহোৱালৈ অপেক্ষা কৰে; তেঁৱেই আমাৰ সহায় আৰু আমাৰ ঢাল।
21 Mioyo yetu humshangilia, kwa maana tunalitumainia jina lake takatifu.
২১আমাৰ হৃদয়ে তেওঁতেই আনন্দ কৰে; কাৰণ আমি তেওঁৰ পবিত্ৰ নামত ভাৰসা কৰিছোঁ।
22 Upendo wako usio na mwisho ukae juu yetu, Ee Bwana, tunapoliweka tumaini letu kwako.
২২হে যিহোৱা, আমাৰ ওপৰত তোমাৰ অসীম প্রেম থাকক, কিয়নো তুমিয়েই আমাৰ আশাভূমি হৈছা।