< Zaburi 28 >

1 Zaburi ya Daudi. Ninakuita wewe, Ee Bwana, Mwamba wangu; usiwe kwangu kama kiziwi. Kwa sababu ukinyamaza nitafanana na walioshuka shimoni.
হে যিহোৱা, মই তোমাৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ; হে মোৰ শিলা, মোলৈ আওকাণ নকৰিবা। কাৰণ, তুমি যদি মনে মনে থাকা, তেন্তে মৈদামৰ গাতলৈ নামি যোৱাবোৰৰ দৰে মোৰ দশা হ’ব।
2 Sikia kilio changu unihurumie ninapokuita kwa ajili ya msaada, niinuapo mikono yangu kuelekea Patakatifu pa Patakatifu pako.
সহায়ৰ কাৰণে মই যেতিয়া তোমাৰ আগত কাতৰোক্তি কৰোঁ, তোমাৰ মহা পবিত্ৰ স্থানৰ ফাললৈ হাত দাঙো, তেতিয়া তুমি মোৰ নিবেদন শুনা।
3 Usiniburute pamoja na waovu, pamoja na hao watendao mabaya, ambao huzungumza na jirani zao maneno mazuri, lakini mioyoni mwao wameficha chuki.
যিসকল দুষ্ট, যিসকলে দুষ্টতাৰ কার্য কৰি ফুৰে, যিসকলে চুবুৰীয়াৰ লগত মুখেৰে শান্তিৰ কথা কয়, অথচ অন্তঃকৰনত দুষ্ট ইচ্ছা পুহি ৰাখে, সেইসকলৰ লগত তুমি মোক টানি নিনিবা।
4 Walipe sawasawa na matendo yao, sawasawa na matendo yao maovu; walipe sawasawa na kazi za mikono yao, uwalipe wanavyostahili.
তেওঁলোকৰ কাৰ্য আৰু কৰ্মৰ দুষ্টতা অনুসাৰে, তুমি তেওঁলোকক প্ৰতিফল দিয়া; তেওঁলোকৰ হাতৰ কার্য অনুসাৰে তেওঁলোকক প্রতিফল দিয়া। তেওঁলোকে পাবলগীয়া যি আছে, তাকেই তেওঁলোকক দিয়া।
5 Kwa kuwa hawaheshimu kazi za Bwana, na yale ambayo mikono yake imetenda, atawabomoa na kamwe hatawajenga tena.
কিয়নো তেওঁলোকে যিহোৱাৰ কাৰ্য বা তেওঁৰ হাতে কৰা কর্মলৈ মনোযোগ নিদিয়ে; সেয়ে, যিহোৱাই তেওঁলোকক বিনষ্ট কৰিব, আৰু পুনৰায় গঢ় নিদিব।
6 Bwana asifiwe, kwa maana amesikia kilio changu nikimwomba anihurumie.
সকলো প্রশংসা যিহোৱাৰেই; তেওঁ মোৰ কাকুতিৰ স্বৰ শুনিলে।
7 Bwana ni nguvu zangu na ngao yangu, moyo wangu umemtumaini yeye, nami nimesaidiwa. Moyo wangu unarukaruka kwa furaha nami nitamshukuru kwa wimbo.
যিহোৱাই মোৰ বল আৰু মোৰ ঢাল; মোৰ হৃদয়ে তেওঁতে ভাৰসা কৰে। সেইবাবেই মই সহায় পাইছোঁ। সেইবাবেই মোৰ অন্তৰ আনন্দত ভৰি পৰিছে; মই মোৰ গীতেৰে তেওঁৰ ধন্যবাদ কৰোঁ।
8 Bwana ni nguvu ya watu wake, ngome ya wokovu kwa mpakwa mafuta wake.
যিহোৱা তেওঁৰ লোকসকলৰ বল; তেৱেঁই তেওঁৰ অভিষিক্তজনৰ পৰিত্ৰাণৰ দুৰ্গ।
9 Waokoe watu wako na uubariki urithi wako; uwe mchungaji wao na uwabebe milele.
হে যিহোৱা, তোমাৰ লোকসকলক তুমি ৰক্ষা কৰা, তোমাৰ সম্পত্তিক তুমি আশীৰ্ব্বাদ কৰা; তুমি তেওঁলোকৰ ৰখীয়া হোৱা আৰু চিৰকাল তেওঁলোকক বৈ নিয়া।

< Zaburi 28 >