< Zaburi 143 >
1 Zaburi ya Daudi. Ee Bwana, sikia sala yangu, sikiliza kilio changu unihurumie; katika uaminifu na haki yako njoo unisaidie.
১হে যিহোৱা, মোৰ প্ৰাৰ্থনা শুনা, মোৰ কাকুতিলৈ কাণ পাতা; তোমাৰ বিশ্বস্ততা আৰু ধাৰ্মিকতাত মোক উত্তৰ দিয়া।
2 Usimhukumu mtumishi wako, kwa kuwa hakuna mtu anayeishi aliye mwenye haki mbele zako.
২তোমাৰ দাসক বিচাৰলৈ নিনিবা; কিয়নো তোমাৰ দৃষ্টিত কোনো জীৱিত লোক ধাৰ্মিক নহয়।
3 Adui hunifuatilia, hunipondaponda chini; hunifanya niishi gizani kama wale waliokufa zamani.
৩শত্ৰুৱে মোক পাছে পাছে খেদি আহিল, তেওঁ মোক মাটিত পেলাই মোৰ জীৱন ছিন্ন-ভিন্ন কৰিলে, দীর্ঘ দিনৰ আগেয়ে মৃত হোৱা লোকৰ দৰে তেওঁ মোক অন্ধকাৰময় ঠাইত বসতি কৰালে।
4 Kwa hiyo roho yangu inazimia ndani yangu, moyo wangu ndani yangu unakata tamaa.
৪সেইবাবে মোৰ আত্মা অন্তৰত ব্যাকুল হৈছে; মোৰ অন্তৰত মন অসাৰ হৈ পৰিছে।
5 Nakumbuka siku za zamani; natafakari juu ya kazi zako zote, naangalia juu ya kazi ambazo mikono yako imezifanya.
৫মই পূৰ্বকালৰ দিনৰ কথা মনত পেলাও, মই তোমাৰ সকলো কার্যৰ বিষয়ে চিন্তা কৰোঁ, তোমাৰ হাতৰ কাৰ্যবোৰ ধ্যান কৰোঁ।
6 Nanyoosha mikono yangu kwako, nafsi yangu inakuonea kiu kama ardhi kame.
৬মই তোমাৰ ফালে মোৰ হাত মেলি আগবঢ়াই দিছোঁ; শুকান ভূমিৰ নিচিনাকৈ মোৰ প্ৰাণ তোমাৰ কাৰণে তৃষ্ণাতুৰ হৈছে। (চেলা)
7 Ee Bwana, unijibu haraka, roho yangu inazimia. Usinifiche uso wako, ama sivyo nitafanana na wale washukao shimoni.
৭হে যিহোৱা, তুমি শীঘ্ৰে মোক উত্তৰ দিয়া, কাৰণ মোৰ আত্মাৰ উৎসাহ নোহোৱা হৈছে; মোৰ পৰা তোমাৰ মুখ লুকুৱাই নাৰাখিবা, মই গাতলৈ নামি যোৱাবোৰৰ নিচিনা হৈ পৰিম।
8 Asubuhi uniletee neno la upendo wako usiokoma, kwa kuwa nimeweka tumaini langu kwako. Nionyeshe njia nitakayoiendea, kwa kuwa kwako nainua nafsi yangu.
৮ৰাতিপুৱাতে মোক তোমাৰ সুস্থিৰ প্রেমৰ বচন শুনুউৱা, কাৰণ মই তোমাৰ ওপৰতে ভাৰসা কৰিছোঁ; তুমি মোক মই চলিবলগীয়া পথ শিকোঁৱা, কিয়নো মই মোৰ প্রাণ তোমালৈ তুলি ধৰিছোঁ।
9 Ee Bwana, uniokoe na adui zangu, kwa kuwa nimejificha kwako.
৯হে যিহোৱা, মোৰ শত্ৰুবোৰৰ পৰা তুমি মোক উদ্ধাৰ কৰা; মই লুকাবৰ কাৰণে তোমাৰ ওচৰলৈ পলাই আহিছোঁ;
10 Nifundishe kufanya mapenzi yako, kwa maana wewe ndiwe Mungu wangu, Roho wako mwema na aniongoze katika nchi tambarare.
১০তোমাৰ ইচ্ছাৰ কার্য সিদ্ধ কৰিবলৈ তুমি শিকোৱা, কিয়নো তুমিয়েই মোৰ ঈশ্বৰ; তোমাৰ মংগলময় আত্মাৰে মোক সমান পথত চলাই নিয়া।
11 Ee Bwana, kwa ajili ya jina lako, hifadhi maisha yangu, kwa haki yako nitoe katika taabu.
১১হে যিহোৱা, তোমাৰ নামৰ কাৰণে মোক পুনৰায় সঞ্জীৱিত কৰা; তোমাৰ ধাৰ্মিকতাৰে সংকটৰ পৰা তুমি মোক উদ্ধাৰ কৰা।
12 Kwa upendo wako usiokoma, nyamazisha adui zangu; waangamize watesi wangu wote, kwa kuwa mimi ni mtumishi wako.
১২তোমাৰ সুস্থিৰ প্রেমেৰে মোৰ শত্ৰুবোৰক উচ্ছন্ন কৰা; মোৰ সকলো বিপক্ষবোৰক তুমি ধ্বংস কৰা, কিয়নো মই তোমাৰ দাস।