< Mithali 6 >

1 Mwanangu, kama umekuwa mdhamini wa jirani yako, ikiwa umeshika mikono kwa kuweka ahadi kwa ajili ya mwingine,
হে মোৰ পুত্র, তুমি যদি তোমাৰ চুবুৰীয়াৰ জামিন হ’বলৈ তোমাৰ ধন এফলিয়া কৈ ৰাখা, তুমি যদি কোনো অচিনাকী লোকক ধাৰ দিবলৈ প্রতিজ্ঞা কৰা,
2 kama umetegwa na ulichosema, umenaswa kwa maneno ya kinywa chako,
তেনেহ’লে তুমি নিজে কৰা প্রতিজ্ঞাৰ দ্বাৰাই ফান্দত পৰিবা, আৰু তুমি নিজৰ মুখৰ কথাৰ দ্বাৰাই ধৰা পৰিবা।
3 basi fanya hivi mwanangu, ili ujiweke huru, kwa kuwa umeanguka mikononi mwa jirani yako: Nenda ukajinyenyekeshe kwake; msihi jirani yako!
হে মোৰ পুত্র, সেই বিষয়ত তুমি এইদৰে কৰা আৰু নিজকে ৰক্ষা কৰা; কাৰণ তুমি তোমাৰ চুবুৰীয়াৰ অনুগ্রহত আছা। যোৱা আৰু নিজকে নম্র কৰি তোমাক মুক্ত কৰিবলৈ তোমাৰ চুবুৰীয়াক মিনতি কৰা।
4 Usiruhusu usingizi machoni pako, usiruhusu kope zako zisinzie.
তোমাৰ চকুক টোপনি যাবলৈ নিদিবা, আৰু চকুৰ পতাক মুদ যাবলৈ নিদিবা।
5 Jiweke huru, kama swala mkononi mwa mwindaji, kama ndege kutoka kwenye mtego wa mwindaji.
হৰিণে চিকাৰীৰ হাতৰ পৰা ৰক্ষা পোৱাৰ দৰে, আৰু চৰাইয়ে চিকাৰীৰ হাতৰ পৰা ৰক্ষা পোৱাৰ দৰে তুমি নিজকে ৰক্ষা কৰা।
6 Ewe mvivu, mwendee mchwa; zitafakari njia zake ukapate hekima!
হে এলেহুৱা লোক, পৰুৱালৈ দৃষ্টি কৰা, সিহঁতৰ কাৰ্যলৈ চাই জ্ঞানী হোৱা।
7 Kwa maana yeye hana msimamizi, wala mwangalizi, au mtawala,
সিহঁতৰ কোনো অধিপতি, কাৰ্যধ্যক্ষ, বা শাসনকৰ্ত্তা নাই,
8 lakini hujiwekea akiba wakati wa kiangazi na hukusanya chakula chake wakati wa mavuno.
তথাপি সিহঁতে জহকালৰ আহাৰ গোটায়, আৰু শস্য দোৱাৰ সময়ত আহাৰ চপায়।
9 Ewe mvivu, utalala hata lini? Utaamka lini kutoka usingizi wako?
হে এলেহুৱা, তুমি কিমান কাল শুই থাকিবা? আৰু কেতিয়া টোপনিৰ পৰা উঠিবা?
10 Bado kulala kidogo, kusinzia kidogo, bado kukunja mikono kidogo upate kupumzika:
১০“আৰু অলপ শুই থাকো, আৰু অলপ টোপনিয়াও, আৰু অলপ জিৰণী লবলৈ হাত সাৱটো”-
11 hivyo umaskini utakuja juu yako kama mnyangʼanyi, na kupungukiwa kutakujia kama mtu mwenye silaha.
১১তেতিয়া তোমাৰ দৰিদ্ৰতা ডকাইতৰ দৰে, আৰু তোমাৰ প্রয়োজনীতা সুসজ্জিত ৰণুৱাৰ দৰে আহিব।
12 Mtu mbaya sana na mlaghai, ambaye huzungukazunguka na maneno ya upotovu,
১২এজন অপদাৰ্থ ব্যক্তি, এজন পাপী লোক- কটু কথাৰ দ্বাৰাই জীয়াই থাকে।
13 ambaye anakonyeza kwa jicho lake, anayetoa ishara kwa miguu yake na kuashiria kwa vidole vyake,
১৩তেওঁ চকু টিপিয়াই আৰু ভৰিৰে সঙ্কেত দিয়ে, আৰু আঙুলিৰে ইঙ্গিত কৰে।
14 ambaye hupanga ubaya kwa udanganyifu moyoni mwake: daima huchochea fitina.
১৪তেওঁ হৃদয়ৰ প্রতাৰণাৰ সৈতে বেয়া চক্রান্ত কৰে, তেওঁ সদায় বিবাদক আলোড়িত কৰে,
15 Kwa hiyo maafa yatamkumba ghafula; ataangamizwa mara, pasipo msaada.
১৫সেই কাৰণে তেওঁলৈ অকস্মাতে দুৰ্যোগ আহে; তৎক্ষণাত সুস্থ হ’ব নোৱাৰাকৈ তেওঁ ভাঙি পৰে।
16 Kuna vitu sita anavyovichukia Bwana, naam, viko saba vilivyo chukizo kwake:
১৬যিহোৱাই ঘিণ কৰা বিষয় ছয়টা, সপ্তমটো তেওঁলৈ বিতৃষ্ণাজনক।
17 macho ya kiburi, ulimi udanganyao, mikono imwagayo damu isiyo na hatia,
১৭গৰ্ব্ব কৰা চকু, মিছা কথা কোৱা জিভা, নিৰ্দ্দোষীৰ তেজত পতিত হোৱা হাত,
18 moyo uwazao mipango miovu, miguu iliyo myepesi kukimbilia uovu,
১৮বেয়া পৰিকল্পনা কৰা হৃদয়, বেয়া কৰ্ম কৰিবলৈ বেগাই দৌৰ মৰা ভৰি,
19 shahidi wa uongo ambaye humwaga uongo, na mtu ambaye huchochea fitina kati ya ndugu.
১৯মিছা কথা ব্যক্ত কৰা সাক্ষী, আৰু ভাইসকলৰ মাজত কন্দলৰূপ গুটি সিচোঁতা লোক।
20 Mwanangu, zishike amri za baba yako, wala usiyaache mafundisho ya mama yako.
২০হে মোৰ পুত্র, তুমি তোমাৰ পিতৃৰ আজ্ঞা পালন কৰা, আৰু তোমাৰ মাতৃৰ শিক্ষা হেয়জ্ঞান নকৰিবা।
21 Yafunge katika moyo wako daima, yakaze kuizunguka shingo yako.
২১সেইবোৰ সদায় তোমাৰ হৃদয়ত গাঁঠি থোৱা, আৰু সেইবোৰ ডিঙিত বান্ধি ৰাখা।
22 Wakati utembeapo, yatakuongoza; wakati ulalapo, yatakulinda; wakati uamkapo, yatazungumza nawe.
২২তুমি যেতিয়া খোজ কাঢ়িবা, তেতিয়া সেইবোৰে তোমাক পৰিচালনা কৰিব, তুমি যেতিয়া শুবা, তেতিয়া সেইবোৰে তোমাক পৰ দি ৰাখিব, আৰু যেতিয়া তুমি শুই উঠিবা, তেতিয়া সেইবোৰে তোমাক শিক্ষা প্রদান কৰিব।
23 Kwa maana amri hizi ni taa, mafundisho haya ni mwanga na maonyo ya maadili ni njia ya uzima,
২৩কাৰণ সেই আজ্ঞাবোৰ প্ৰদীপস্বৰূপ, আৰু সেই শিক্ষা পোহৰস্বৰূপ হয়, নেতিবাচক অনুশাসন জীৱনৰ পথ হয়।
24 yakikulinda na mwanamke aliyepotoka, kutokana na maneno laini ya mwanamke aliyepotoka.
২৪অসৎ মহিলাৰ পৰা, আৰু ব্যভিচাৰিণীৰ মিঠা কথাৰ পৰা ই তোমাক দূৰ কৰি ৰাখে,
25 Moyo wako usitamani uzuri wake wala macho yake yasikuteke,
২৫তুমি তোমাৰ অন্তৰেৰে তেওঁৰ সৌন্দৰ্যত মোহ নাযাবা, আৰু তেওঁক তেওঁৰ চকুৰে তোমাক মোহিত কৰিব নিদিবা।
26 kwa maana kahaba atakufanya uwe maskini, hata ukose kipande cha mkate, naye mwanamke mzinzi huwinda maisha yako hasa.
২৬বেশ্যা মহিলাৰ সৈতে শয়ন কৰা, এটা পিঠাৰ মূল্যৰ সমান হ’ব পাৰে, কিন্তু অন্য লোকৰ ভাৰ্যাই তোমাৰ সমগ্র জীৱন ক্ষতি কৰিব পাৰে।
27 Je, mtu aweza kuchotea moto kwenye paja lake bila nguo zake kuungua?
২৭কাপোৰ নোপোৰাকৈ কোনোবাই নিজৰ বুকুত, জুই ৰাখিব পাৰে নে?
28 Je, mtu aweza kutembea juu ya makaa ya moto yanayowaka bila miguu yake kuungua?
২৮কোনোবাই জানো নিজৰ ভৰি নোপোৰাকৈ, জ্বলি থকা আঙঠাৰ ওপৰত খোজকাঁঢ়িব পাৰে নে?
29 Ndivyo alivyo mtu alalaye na mke wa mwanaume mwingine; hakuna yeyote amgusaye huyo mwanamke ambaye hataadhibiwa.
২৯সেয়ে যি মানুহে নিজৰ চুবুৰীয়াৰ ভাৰ্যাৰ ওচৰলৈ যায়, সেই জনে তেওঁৰে সৈতে সম্পৰ্ক কৰিলে, তেওঁ দণ্ড নোপোৱাকৈ নাথাকে।
30 Watu hawamdharau mwizi kama akiiba kukidhi njaa yake wakati ana njaa.
৩০চোৰে ক্ষুধাতুৰ হৈ পেট ভৰাবলৈ চুৰ কৰিলে, লোকসকলে তেওঁক ঘিণ নকৰিব পাৰে;
31 Pamoja na hayo, kama akikamatwa, lazima alipe mara saba, ingawa inamgharimu utajiri wote wa nyumba yake.
৩১কিন্তু ধৰা পৰিলে, তেওঁ তাৰ সাত গুণ ক্ষতি পুৰণ কৰিব লাগিব, আৰু নিজৰ ঘৰৰ সৰ্ব্বস্বৰ মূল্য দিব লগা হ’ব।
32 Lakini mwanaume aziniye na mwanamke hana akili kabisa; yeyote afanyaye hivyo hujiangamiza mwenyewe.
৩২যিজনে পৰস্ত্ৰীৰ সৈতে সহবাস কৰে তেওঁ জ্ঞানশূন্য; যি মানুহে এনে কাৰ্য কৰে, তেওঁ নিজকে ধ্বংস কৰে।
33 Mapigo na aibu ni fungu lake na aibu yake haitafutika kamwe;
৩৩তেওঁ আঘাত আৰু অপমান পোৱাৰ যোগ্য; আৰু তেওঁৰ অপমান কেতিয়াও মচি দিয়া নহ’ব।
34 kwa maana wivu huamsha ghadhabu ya mume, naye hataonyesha huruma alipizapo kisasi.
৩৪কাৰণ ঈৰ্ষাই মানুহক ক্রোধাম্বিত কৰে; তেওঁ যেতিয়া প্ৰতিশোধ লয়, তেতিয়া তেওঁ দয়া নেদেখোৱায়।
35 Hatakubali fidia yoyote; atakataa malipo, hata yakiwa makubwa kiasi gani.
৩৫তেওঁ কোনো প্ৰকাৰৰ ক্ষতিপূৰণ গ্ৰহণ নকৰিব; আৰু তুমি তেওঁক বহুত উপহাৰ দিলেও তেওঁক কিনিব নোৱাৰিবা।

< Mithali 6 >