< Mithali 29 >
1 Mtu anayeendelea kuwa na shingo ngumu baada ya maonyo mengi, ataangamia ghafula, wala hapati dawa.
১যি মানুহে বাৰে বাৰে অনুযোগ পায়ো নিজৰ ডিঙি ঠৰ কৰে, সুস্থ হ’ব নোৱাৰাকৈ তেওঁ হঠাতে ভগ্ন হ’ব।
2 Wenye haki wanapostawi, watu hufurahi; waovu watawalapo, watu hulia kwa huzuni.
২সৎ কাৰ্য কৰা লোক যেতিয়া বৃদ্ধি পায়, তেতিয়া লোকসকল আনন্দ কৰে। কিন্তু যেতিয়া এজন দুষ্টলোক শাসনকৰ্ত্তা হয়, তেতিয়া লোকসকল বিৰক্তি পায়।
3 Mtu apendaye hekima huleta furaha kwa baba yake, bali aambatanaye na makahaba hutapanya mali yake.
৩যি জনে প্ৰজ্ঞাক ভাল পায়, সেই জনে নিজৰ পিতৃক আনন্দিত কৰে; কিন্তু যি কোনোৱে বেশ্যাসকলৰ সৈতে সঙ্গী হয়, তেওঁ নিজৰ ধন-সম্পত্তি অপব্যয় কৰে।
4 Kwa haki mfalme huipa nchi uthabiti, bali mfalme aliye na tamaa ya rushwa huiangamiza.
৪ৰজাই ন্যায় বিচাৰ কৰাৰ দ্বাৰাই দেশ প্রতিষ্ঠা কৰে; কিন্তু যিজনে উপহাৰ দাবী কৰে, সেই জনে দেশ নষ্ট কৰে।
5 Yeyote amsifuye jirani yake isivyostahili, anautandaza wavu kuitega miguu yake.
৫যি মানুহে নিজৰ চুবুৰীয়াক তোষামোদ কৰে, তেওঁ নিজৰ ভৰিলৈ জাল পাতে।
6 Mtu mbaya hutegwa na dhambi yake mwenyewe bali mwenye haki huweza kuimba na kufurahi.
৬দুষ্ট লোক নিজৰ পাপৰ দ্বাৰাই ফান্দত পৰে; কিন্তু সৎ কাৰ্য কৰে, সেই জনে হৰ্ষিত মনেৰে গীত গায়।
7 Mwenye haki hujali haki kwa ajili ya maskini, bali mwovu hajishughulishi na hilo.
৭ন্যায় কাৰ্য কৰা লোকে দৰিদ্র লোকৰ হৈ ওকালতি কৰে; কিন্তু দুষ্ট লোকে সেই জ্ঞানৰ কথা বুজি নাপায়।
8 Wenye mzaha huuchochea mji, bali watu wenye hekima hugeuzia mbali hasira.
৮নিন্দক লোকে নগৰত জুই জ্বলাই; কিন্তু যি সকল জ্ঞানী, তেওঁলোকে ক্ৰোধৰ পৰা আঁতৰি থাকে।
9 Kama mwenye hekima akienda mahakamani na mpumbavu, mpumbavu hukasirika na kudhihaki, wala hakuna amani.
৯যেতিয়া অজ্ঞানী লোকৰ লগত জ্ঞানী লোকৰ বিবাদ হয়, তেতিয়া তেওঁ ক্রোধিত হৈ হাঁহে, আৰু কোনো শান্তি লাভ নকৰে।
10 Watu wamwagao damu humchukia mtu mwadilifu na hutafuta kumuua mtu mnyofu.
১০নিৰ্দ্দোষী লোকক ৰক্তপাতকাৰী সকলে ঘিণ কৰে; কিন্তু সৰল লোকসকলৰ প্রাণ বিচাৰি ফুৰে।
11 Mpumbavu huonyesha hasira yake yote, bali mwenye hekima hujizuia.
১১অজ্ঞানী লোকে নিজৰ মনৰ সকলো ভাব প্ৰকাশ কৰে; কিন্তু জ্ঞানী লোকে নিজৰ মনৰ ভাব দমন কৰি শান্ত হৈ থাকে।
12 Kama mtawala akisikiliza uongo, maafisa wake wote huwa waovu.
১২যি শাসনকৰ্ত্তাই মিছা কথালৈ মনোযোগ দিয়ে, তেওঁৰ সকলো কৰ্মচাৰী দুষ্ট প্রকৃতিৰ হয়।
13 Mtu maskini na mtu anayeonea wanafanana kwa jambo hili: Bwana hutia nuru macho yao wote wawili.
১৩দৰিদ্ৰ আৰু অত্যাচাৰী লোক দুয়ো একেলগ হয়; আৰু যিহোৱাই দুয়ো জনৰ চকুত পোহৰ দিয়ে।
14 Kama mfalme akiwaamua maskini kwa haki, kiti chake cha enzi kitakuwa thabiti siku zote.
১৪যদি ৰজাই সত্যতাৰে দৰিদ্ৰ লোকৰ বিচাৰ কৰে, তেতিয়া তেওঁৰ সিংহাসন চিৰকালৰ বাবে প্রতিষ্ঠিত হয়।
15 Fimbo ya maonyo hutia hekima, bali mtoto aliyeachiwa bila maonyo humwaibisha mama yake.
১৫চেকনী আৰু দোষাৰোপে প্ৰজ্ঞা দিয়ে; কিন্তু শাসন নকৰা সন্তানে নিজৰ মাতৃক লাজ দিয়ে।
16 Wakati waovu wanapostawi, pia dhambi vivyo hivyo, lakini wenye haki wataliona anguko lao.
১৬যেতিয়া দুষ্টলোক বৃদ্ধি হয়, তেতিয়া অপৰাধো বৃদ্ধি হয়; কিন্তু যি সকলে ন্যায় কাৰ্য কৰে, তেওঁলোকে তেওঁলোকৰ পতন দেখা পাই।
17 Mrudi mwanao, naye atakupa amani, atakufurahisha nafsi yako.
১৭তোমাৰ সন্তানক অনুশাসন কৰা; তাতে তেওঁ তোমাক শান্তি দিব, আৰু তোমাৰ প্ৰাণক আনন্দিত কৰিব।
18 Mahali pasipo na ufunuo, watu kujizuia, bali ana heri mtu yule aishikaye sheria.
১৮যি ঠাইত ভবিষ্য দৰ্শনৰ অভাৱ থাকে, তাত লোকসকল অবাধ্য হয়; কিন্তু যিজনে বিধান পালন কৰে, সেই জন সুখী হয়।
19 Mtumishi hawezi kuonywa kwa maneno matupu, ajapoelewa, hataitikia.
১৯কথাৰ দ্বাৰাই দাসক শুধৰাব নোৱাৰি; যদিও তেওঁ বুজি পায়, তথাপিও তেওঁ প্রতিক্রিয়া নকৰে।
20 Je, unamwona mtu azungumzaye kwa haraka? Kuna matumaini zaidi kwa mpumbavu kuliko yeye.
২০দ্রুতগতিত কথা কোৱা লোকক চোৱা; তেওঁতকৈ অজ্ঞানী লোকৰ অধিক আশা আছে।
21 Kama mtu akimdekeza mtumishi wake tangu ujanani, atamletea sikitiko mwishoni.
২১যি জনে নিজৰ দাসক যৌৱন কালৰে পৰা প্রশ্রয় দিয়ে, ইয়াৰ কাৰণে সেই দাসে শেষত সমস্যাত পেলায়।
22 Mtu mwenye hasira huchochea ugomvi, naye mtu mwenye hasira ya haraka hutenda dhambi nyingi.
২২ক্রোধি লোকে বিবাদ সৃষ্টি কৰে, আৰু ক্ৰোধেৰে পৰিচালিত লোকে অধিক পাপ কৰে।
23 Kiburi cha mtu humshusha, bali mtu mwenye roho ya unyenyekevu hupata heshima.
২৩মানুহৰ অহঙ্কাৰে তেওঁক নত কৰায়; কিন্তু যিজনৰ নম্ৰ গুণ থাকে, তেওঁক সন্মান দিয়া হ’ব।
24 Anayekubaliana na mwizi ni adui wa nafsi yake mwenyewe; huapishwa lakini hathubutu kushuhudia.
২৪যি জনে চোৰৰ সৈতে অংশীদাৰ হয়, সেই জনে নিজৰ প্ৰাণক ঘিণ কৰে; শাও দিয়া শুনিও তেওঁ একো নকয়।
25 Kuwaogopa watu huwa ni mtego, bali yeyote amtumainiaye Bwana atakuwa salama.
২৫মানুহৰ ভয়েই তেওঁলৈ বিপদ আনে; কিন্তু যিজনে যিহোৱাত ভাৰসা কৰে, সেই জন নিৰাপদে থাকে।
26 Wengi hutafuta kusikilizwa na mtawala, bali mtu hupata haki kutoka kwa Bwana.
২৬অনেক লোকে শাসনকৰ্ত্তাৰ অনুগ্ৰহ বিচাৰে; কিন্তু তেওঁৰ বাবে যিহোৱাৰ পৰাহে ন্যায় আহে।
27 Mwenye haki huwachukia sana wasio waaminifu; waovu huwachukia sana wenye haki.
২৭অন্যায়কাৰী মানুহ ন্যায় কৰা লোকসকলৰ বাবে ঘৃণনীয়; কিন্তু ন্যায়পৰায়ণ লোকৰ পথ দুষ্ট লোকৰ বাবে ঘৃণনীয়।