< Mithali 26 >
1 Kama theluji wakati wa kiangazi au mvua wakati wa mavuno, ndivyo asivyostahili heshima mpumbavu.
১গ্রীষ্ম কালত বৰফ, আৰু শস্য দোৱাৰ সময়ত বৃষ্টি যেনে, সেইদৰে অজ্ঞানীয়ে সন্মান পোৱাৰ যোগ্য নহয়।
2 Kama shomoro apigapigavyo mabawa yake au mbayuwayu katika kuruka kwake kasi, ndivyo ilivyo laana isiyo na sababu haimpati mtu.
২যিদৰে ঘৰ চিৰিকাই জাপ মাৰি মাৰি খোৱা বস্তু গিলি ক্ষিপ্র গতিত উৰি যায়, সেইদৰে অকাৰণে দিয়া শাও প্রজ্বলিত নহয়।
3 Mjeledi kwa farasi, lijamu kwa punda, nayo fimbo kwa migongo ya wapumbavu!
৩ঘোঁৰাৰ বাবে চাবুক আৰু গাধৰ বাবে লাগাম, আৰু অজ্ঞানীসকলৰ পিঠিৰ বাবে চেকনী।
4 Usimjibu mpumbavu sawasawa na upumbavu wake, ama wewe mwenyewe utakuwa kama yeye.
৪অজ্ঞানীক উত্তৰ নিদিবা, আৰু অজ্ঞানীৰ অজ্ঞানতাত সহযোগ নকৰিবা; নহ’লে তুমি তেওঁৰ দৰেই হ’বা।
5 Mjibu mpumbavu sawasawa na upumbavu wake, ama atakuwa mwenye hekima machoni pake mwenyewe.
৫অজ্ঞানীক উত্তৰ দিয়া আৰু তেওঁৰ অজ্ঞানতাত সহযোগ কৰা; সেয়ে তেওঁ নিজৰ দৃষ্টিত জ্ঞানী বোধ নকৰিব।
6 Kama vile ilivyo kujikata miguu au kunywa hasara, ndivyo ilivyo kutuma ujumbe kwa mkono wa mpumbavu.
৬যি জনে অজ্ঞানী লোকৰ হাতত বাৰ্ত্তা পঠিয়াই, তেওঁ নিজৰ ভৰি নিজে কাটি পেলায়, আৰু অত্যাচাৰ ভোগ কৰে।
7 Kama miguu ya kiwete inavyoningʼinia ndivyo ilivyo mithali katika kinywa cha mpumbavu.
৭জঠৰ ৰোগীৰ ভৰি যিদৰে তললৈ ওলমি থাকে, অজ্ঞানীসকলৰ মুখত নীতিবাক্যও সেইদৰে।
8 Kama kufunga jiwe kwenye kombeo, ndivyo ilivyo kumpa mpumbavu heshima.
৮ফিঙ্গাত শিল বন্ধা যেনে, অজ্ঞানীক সন্মান দিয়াও তেনে।
9 Kama mwiba kwenye mkono wa mlevi ndivyo ilivyo mithali kinywani mwa mpumbavu.
৯মতলীয়াৰ হাতত বিন্ধা কাঁইট যেনে, অজ্ঞানীৰ মুখত নীতিবাক্যও তেনে।
10 Kama mpiga upinde ambaye hujeruhi ovyo, ndivyo alivyo yeye aajiriye mpumbavu au yeyote apitaye njiani.
১০ধনুৰ্দ্ধৰে যিদৰে সকলোকে আঘাত কৰে, কোনো এজনে অজ্ঞানী, বা বাটৰুৱাক মজুৰি কৰোৱাও তেনে।
11 Kama mbwa ayarudiavyo matapiko yake, ndivyo mpumbavu arudiavyo upumbavu wake.
১১কুকুৰে যিদৰে নিজৰ বমি পুনৰ খায়, তেনেদৰে অজ্ঞানীয়ে পুনৰ অজ্ঞানতাৰ কাম কৰে।
12 Je, unamwona mtu ajionaye mwenye hekima machoni pake mwenyewe? Liko tumaini zaidi kwa mpumbavu kuliko kwake.
১২নিজকে নিজে জ্ঞানী বুলি ভবা মানুহ তুমি দেখিছা নে? তেওঁতকৈ অজ্ঞানীৰ বাবে বহুতো আশা আছে।
13 Mvivu husema, “Yuko simba barabarani, simba mkali anazunguka mitaa!”
১৩এলেহুৱা ব্যক্তিয়ে কয়, “বাটত এটা সিংহ আছে! মুকলি ঠাইৰ মাজত এটা সিংহ আছে।”
14 Kama vile mlango ugeukavyo kwenye bawaba zake, ndivyo mvivu ajigeuzavyo kitandani mwake.
১৪দুৱাৰ যেনেকৈ কবজাত ঘুৰে, এলেহুৱা ব্যক্তিও তেনেকৈ নিজৰ শোৱাপাটিত বাগৰে।
15 Mtu mvivu hutumbukiza mkono wake kwenye sahani, naye huchoka kuupeleka kwenye kinywa chake.
১৫এলেহুৱা এজনে পাত্ৰত থকা আহাৰত হাত সুমুৱাই দিয়ে, কিন্তু তেওঁৰ মুখলৈ সেই আহাৰ নিবলৈ শক্তি নাথাকে।
16 Mtu mvivu ni mwenye hekima machoni pake mwenyewe, kuliko watu saba wawezao kujibu kwa busara.
১৬সাত জন বুদ্ধিমান ব্যক্তিতকৈ এলেহুৱা লোকে নিজৰ দৃষ্টিত নিজকে জ্ঞানী বুলি ভাবে।
17 Kama yeye amkamataye mbwa kwa masikio, ndivyo alivyo mtu apitaye njiani na kujiingiza kwenye ugomvi usiomhusu.
১৭কুকুৰৰ কাণত ধৰা লোকৰ যেনে, বাটৰুৱাই আনৰ বিবাদত ক্রোধিত হোৱা তেনে।
18 Kama mtu mwendawazimu atupaye vijinga vya moto au mishale ya kufisha,
১৮জ্বলন্ত কাঁড় মৰা জন যেনে,
19 ndivyo alivyo mtu amdanganyaye jirani yake na kusema, “Nilikuwa nikifanya mzaha tu!”
১৯নিজৰ চুবুৰীয়াক প্ৰতাৰণা কৰা জনো তেনে, আৰু তেওঁ কয়, “মই জানো ধেমালি কৰা নাই?”
20 Bila kuni moto huzimika; pasipo uchongezi ugomvi humalizika.
২০যেনেকৈ খৰিৰ অভাৱত জুই নুমায় যায়, তেনেকৈ পৰচৰ্চ্চাকাৰী নহ’লে কন্দলো নহয়।
21 Kama makaa juu ya makaa yanayowaka, na kama kuni kwenye moto, ndivyo alivyo mtu mgomvi kwa kuchochea ugomvi.
২১জ্বলি থকা আঙঠাৰ বাবে কাঠকয়লা আৰু জুইৰ বাবে খৰি যেনে, বিবাদত ইন্ধন যোগাবলৈ দ্বন্দুৰা লোক তেনে।
22 Maneno ya mchongezi ni kama chakula kitamu; huingia sehemu za ndani sana za mtu.
২২পৰচৰ্চ্চাকাৰীৰ কথা সুস্বাদু আহাৰৰ দৰে; সেয়ে শৰীৰৰ ভিতৰলৈকে সোমাই যায়।
23 Kama rangi ingʼaayo iliyopakwa kwenye vyombo vya udongo ndivyo ilivyo midomo laini pamoja na moyo mbaya.
২৩জ্বলন্ত ওঁঠ আৰু দুষ্টৰ হৃদয়, মাটিৰ পাত্ৰত সানি দিয়া জিলিকনিৰ দৰে।
24 Mtu mwenye nia ya kudhuru wengine hujificha kwa maneno ya midomo yake, lakini moyoni mwake huficha udanganyifu.
২৪যি জনে ওঁঠে প্রকাশ কৰা কথা ঘিণ কৰে, তেওঁ নিজৰ ভিতৰত প্ৰতাৰণা স্থাপন কৰে;
25 Ingawa maneno yake huvutia, usimwamini, kwa maana machukizo saba hujaza moyo wake.
২৫তেওঁ অমায়িভাবে কথা ক’ব, কিন্তু তেওঁক বিশ্বাস নকৰিবা, কাৰণ তেওঁৰ হৃদয়ত ঘিণলগীয়া বস্তু সাতটা থাকে;
26 Nia yake ya kudhuru wengine inaweza kufichwa na udanganyifu, lakini uovu wake utafichuliwa kwenye kusanyiko.
২৬যদিও তেওঁৰ ঘৃণা কপটেৰে ঢকা, তথাপি তেওঁৰ দুষ্টতা সমাজত প্ৰকাশিত হ’ব।
27 Kama mtu akichimba shimo, atatumbukia ndani yake, kama mtu akivingirisha jiwe, litamrudia.
২৭যি কোনোৱে খাল খানে, তেঁৱেই সেই খালত পৰিব; আৰু যি কোনোৱে শিল ঠেলি পঠায়, তেওঁলৈ সেই শিল ঘূৰি আহিব।
28 Ulimi wa uongo, huwachukia wale unaowaumiza, nacho kinywa cha kujipendekeza hutenda uharibifu.
২৮মিছলীয়া জিভাই দমন কৰা লোকক ঘিণ কৰে, আৰু আত্মতৃপ্তিকৰ মুখে নিজলৈ বিনাশ আনে।