< Mithali 20 >

1 Mvinyo ni mdhihaki na kileo ni mgomvi; yeyote apotoshwaye navyo hana hekima.
দ্ৰাক্ষাৰস নিন্দক, আৰু সুৰা দ্বন্দ্ব-কাজিয়া কৰা লোক; যি কোনোৱে সুৰা পান কৰি মতলীয়া হয়, তেওঁ জ্ঞানী নহয়।
2 Ghadhabu ya mfalme ni kama ngurumo ya simba; yeye amkasirishaye hupoteza uhai wake.
ৰজাৰ ক্রোধ যুবা সিংহৰ গৰ্জ্জনৰ দৰে; যিজনে তেওঁৰ খং তোলে, তেওঁ নিজৰ জীৱন হেৰুৱাই।
3 Ni kwa heshima ya mtu kujitenga ugomvi, bali kila mpumbavu ni mwepesi kugombana.
বিবাদৰ পৰা দূৰত থকাই মানুহৰ সন্মান; কিন্তু প্ৰত্যেক অজ্ঞানী লোকে বিতৰ্কত সোমায়।
4 Mvivu halimi kwa majira; kwa hiyo wakati wa mavuno hutazama lakini hapati chochote.
এলেহুৱা লোকে শৰৎ কালত হাল নাবায়; আৰু তেওঁ শস্য দোৱাৰ সময়ত অলপ শস্য বিচাৰে, কিন্তু একোকে নাপায়।
5 Makusudi ya moyo wa mwanadamu ni maji yenye kina, lakini mtu mwenye ufahamu huyachota.
মানুহৰ হৃদয়ৰ অভিপ্রায় গভীৰ জলৰ দৰে; কিন্তু সেই কল্পনা বিবেচক ব্যক্তিয়ে বাহিৰত প্রকাশ কৰে।
6 Watu wengi hujidai kuwa na upendo usiokoma, bali mtu mwaminifu ni nani awezaye kumpata?
বহুতো লোকে নিজৰ সাধুতা ঘোষণা কৰে; কিন্তু বিশ্বাসী লোক কোনে বিচাৰি পায়?
7 Mtu mwenye haki huishi maisha yasiyo na lawama, wamebarikiwa watoto wake baada yake.
ন্যায় কাৰ্য কৰা লোকে নিজৰ ন্যায়পৰায়ণতাত চলে, আৰু তেওঁক অনুসৰণ কৰা তেওঁৰ সন্তান সকল সুখী হয়।
8 Wakati mfalme aketipo katika kiti chake cha enzi kuhukumu, hupepeta ubaya wote kwa macho yake.
সিংহাসনত বহা ৰজাই বিচাৰকৰ দ্বায়ীত্ব পালন কৰে; তেওঁৰ আগত থকা সকলো দুষ্টতা তেওঁৰ দৃষ্টিৰে পৰীক্ষা কৰে।
9 Ni nani awezaye kusema, “Nimeuweka moyo wangu safi; mimi ni safi na sina dhambi?”
কোনে ক’ব পাৰে “মই মোৰ হৃদয় শুদ্ধ কৰি ৰাখিছোঁ, আৰু মোৰ পাপৰ পৰা মই মুক্ত হ’লো?
10 Mawe ya kupimia yaliyo tofauti na vipimo tofauti, Bwana huchukia vyote viwili.
১০পাৰ্থক্য থকা ওজন, আৰু অসমান জোখ, এই দুয়োটাকে যিহোৱাই ঘিণ কৰে।
11 Hata mtoto hujulikana kwa matendo yake, kama tabia yake ni safi na adili.
১১এনেকি যুৱক এজনে তেওঁৰ কাৰ্যৰ দ্বাৰাই পৰিচিত হয়, শুদ্ধ আৰু ন্যায়পৰায়ণ আচৰণৰ দ্বাৰাই তেওঁক বুজিব পৰা যায়।
12 Masikio yasikiayo na macho yaonayo, Bwana ndiye alivifanya vyote viwili.
১২শ্ৰৱনকাৰী কাণ আৰু দৰ্শনকাৰী চকু, এই দুয়োকো যিহোৱাই সৃষ্টি কৰিলে।
13 Usiupende usingizi la sivyo utakuwa maskini, uwe macho nawe utakuwa na chakula cha akiba.
১৩নিদ্ৰাক ভাল নাপাবা অথবা, তুমি দৰিদ্ৰ হবা; তোমাৰ চকু মেলা, আৰু তোমাৰ প্রচুৰ পৰিমাণে খোৱা বস্তু থাকিব।
14 “Haifai, haifai!” asema mnunuzi, kisha huondoka akijisifia ununuzi wake.
১৪কিনা জনে কয়, “বেয়া! বেয়া! কিন্তু যেতিয়া তেওঁ আঁতৰি যায়, তেতিয়া তেওঁ অহংকাৰ কৰে।
15 Dhahabu kunayo, na marijani kwa wingi, lakini midomo inenayo maarifa ni kito cha thamani kilicho adimu.
১৫সোণ আৰু অজস্র মূল্যবান পাথৰ আছে; কিন্তু জ্ঞানযুক্ত ওঁঠ অমূল্য ৰত্ন।
16 Chukua vazi la yule awekaye dhamana kwa ajili ya mgeni; lishikilie iwe dhamana kama anafanya hivyo kwa ajili ya mwanamke mpotovu.
১৬যি জনে অচিনাকীৰ জামিন হয়, তেওঁৰ বস্ত্ৰ লোৱা; যেতিয়া তেওঁ কোনো ব্যভিচাৰিণীৰ বাবে জামিন হয়, তেতিয়া তেওঁৰ পৰা বন্ধক লোৱা।
17 Chakula kilichopatikana kwa hila ni kitamu kwa mwanadamu, bali huishia na kinywa kilichojaa changarawe.
১৭প্ৰবঞ্চনাৰে পোৱা পিঠাৰ সোৱাদ মিঠা লাগে; কিন্তু পাছত তেওঁৰ মুখ শিলেৰে পূৰ্ণ হয়।
18 Fanya mipango kwa kutafuta mashauri, ukipigana vita, tafuta maelekezo.
১৮পৰামৰ্শৰ দ্বাৰাই আঁচনিবোৰ সিদ্ধ হয়; আৰু কেৱল জ্ঞানী লোকৰ নেতৃত্বত যুদ্ধ আৰম্ভ কৰা হয়।
19 Maneno ya kusengenya husababisha kutokuaminika, kwa hiyo mwepuke mtu anayezungumza kupita kiasi.
১৯পৰচৰ্চ্চাকাৰীয়ে গুপুত কথা প্ৰকাশ কৰে; সেয়ে যি জনে বহু কথা কয়, তেওঁৰ সৈতে সহযোগ নকৰিবা।
20 Ikiwa mtu atamlaani baba yake au mama yake, taa yake itazimwa katika giza nene.
২০যি জনে নিজৰ পিতৃক নাইবা মাতৃক শাও দিয়ে, ঘোৰ অন্ধকাৰত তাৰ চাকি নুমাই যায়।
21 Urithi upatikanao haraka mwanzoni, hautabarikiwa mwishoni.
২১উত্তৰাধিকাৰ আৰম্ভণীতে শীঘ্ৰে পোৱা যায়; কিন্তু শেষত সেয়ে ভাল নহব।
22 Usiseme, “Nitakulipiza kwa ajili ya kosa hili!” Mngojee Bwana, naye atakuokoa.
২২এইদৰে নকবা, “মই তোমাৰ ভুলৰ বাবে প্ৰতিকাৰ সাধিম!” যিহোৱালৈ অপেক্ষা কৰা, তেওঁ তোমাক উদ্ধাৰ কৰিব।
23 Bwana anachukia sana mawe ya kupimia ya udanganyifu, nazo mizani zisizo halali hazimpendezi.
২৩যিহোৱাই অসমান ওজন ঘিণ কৰে, ফাঁকি তুলাচনী ভাল নহয়।
24 Hatua za mtu huongozwa na Bwana. Anawezaje basi mtu yeyote kuelewa njia yake mwenyewe?
২৪মানুহৰ ভৰিৰ খোজ যিহোৱাৰ পৰিচালিত; তেনেহলে মানুহে কেনেকৈ নিজৰ পথ বুজিব?
25 Ni mtego kwa mtu kuweka wakfu kitu kwa haraka na baada ya kitambo kidogo kufikiria tena nadhiri zake.
২৫কোনো লোকে হঠাতে “এই বস্তু পবিত্ৰ” বুলি কোৱা, মানুহ; আৰু সঙ্কল্প কৰাৰ পাছত তাৰ অৰ্থ কি সেই বিষয়ে চিন্তা কৰা মানুহৰ বাবে ফান্দৰ দৰে।
26 Mfalme mwenye hekima hupepeta waovu, hulipitisha gurudumu la kupuria juu yao.
২৬জ্ঞানী ৰজাই দুষ্টসকলক পৃথক কৰে, আৰু তাৰ পাছত তেওঁ শষ্য মৰা গাড়ী তেওঁলোকৰ ওপৰেদি চলায়।
27 Taa ya Bwana huchunguza roho ya mwanadamu, huchunguza utu wake wa ndani.
২৭মানুহৰ আত্মা যিহোৱাৰ প্ৰদীপস্বৰূপ; সেয়ে তেওঁ সকলোৰে অন্তৰৰ ভিতৰ অংশ বিচাৰে।
28 Upendo na uaminifu humweka mfalme salama, kwa njia ya upendo, kiti chake cha enzi huwa salama.
২৮বিশ্বাসযোগ্য আৰু বিশ্বস্বতাৰ নিয়মে ৰজাক সংৰক্ষিত কৰে, আৰু তেওঁৰ সিংহাসন প্রেমৰ দ্বাৰাই নিৰাপদে থাকে।
29 Utukufu wa vijana ni nguvu zao, mvi ni fahari ya uzee.
২৯যুৱকৰ বলেই তেওঁৰ গৌৰৱ, আৰু পকা চুলিয়ে বৃদ্ধ লোকৰ অভিজ্ঞতা দৰ্শাই।
30 Mapigo na majeraha huusafisha ubaya, nayo michapo hutakasa utu wa ndani.
৩০ঘা লগোৱা প্ৰহাৰে দুষ্টতা পৰিষ্কাৰ কৰে, আৰু প্রহাৰে অন্তৰৰ গভীৰতম অংশ পৰিষ্কাৰ কৰে।

< Mithali 20 >