< Mithali 11 >
1 Bwana huchukia sana mizani za udanganyifu, bali vipimo sahihi ni furaha yake.
১ভুল তুলাচনী যিহোৱাৰ ঘিণলগীয়া; কিন্তু সঠিক জোখ তেওঁৰ সন্তোষ জনক।
2 Kiburi kinapokuja, ndipo huja aibu, bali unyenyekevu huja na hekima.
২যেতিয়া অহংকাৰ হয়, তেতিয়া অপমানো হয়; কিন্তু নম্ৰতাই প্রজ্ঞা আনে।
3 Uadilifu wa wenye haki huwaongoza, bali wasio waaminifu huharibiwa na hila yao.
৩সাধুলোকৰ সততা তেওঁলোকৰ পথদৰ্শক; কিন্তু বিশ্বাস-ঘাতকসকলৰ কুটিলতাই তেওঁলোকক বিনষ্ট কৰে।
4 Utajiri haufaidi kitu katika siku ya ghadhabu, bali haki huokoa kutoka mautini.
৪ক্ৰোধৰ দিনত ধন-সম্পত্তি মূল্যহীন; কিন্তু সত্যতাই মৃত্যুৰ পৰা তোমাক উদ্ধাৰ কৰে।
5 Haki ya wasio na lawama, huwatengenezea njia iliyonyooka, bali waovu huangushwa kwa uovu wao wenyewe.
৫সিদ্ধলোকৰ ধাৰ্মিকতাই তেওঁৰ পথ সমান কৰে; কিন্তু দুষ্টলোক নিজৰ দুষ্টতাৰ দ্বাৰাই পতিত হয়।
6 Haki ya wanyofu huwaokoa, bali wasio waaminifu hunaswa na tamaa mbaya.
৬যিজনে সিদ্ধ কাৰ্যৰ দ্বাৰাই ঈশ্বৰক আনন্দিত কৰে, তেওঁ ৰক্ষা পায়; কিন্তু নিজৰ আকাংক্ষাৰ বাবে বিশ্বাসঘাতক সকলে ফান্দত পৰে।
7 Wakati mtu mwovu anapokufa, matumaini yake hutoweka; yote aliyoyatazamia kutokana na nguvu zake huwa si kitu.
৭দুষ্টলোকৰ যেতিয়া মৃত্যু হয়, তেতিয়া তেওঁৰ আশাবোৰ বিলুপ্ত হৈ যায়; আৰু আশা যি তেওঁৰ শক্তি আছিল, সেই শক্তি ব্যৰ্থ হৈ যায়।
8 Mtu mwenye haki huokolewa kutoka taabu, naye mtu mwovu huingia humo badala yake.
৮সৎ কাৰ্য কৰা জনে সঙ্কটৰ পৰা ৰক্ষা পায়; কিন্তু ইয়াৰ পৰিৱৰ্তে দুষ্টলোকলৈ সঙ্কট আহে।
9 Kwa kinywa chake mtu asiyemwamini Mungu humwangamiza jirani yake, bali kwa maarifa mwenye haki huokolewa.
৯তেওঁ নিজৰ অবিশ্বাসী মুখেৰে চুবুৰীয়াক ধ্বংস কৰে; কিন্তু জ্ঞানেৰে যিজনে সৎ কাৰ্য কৰে, তেওঁ সুৰক্ষিত হয়।
10 Wakati mwenye haki anapofanikiwa, mji hufurahi; mwovu atowekapo, kuna kelele za furaha.
১০যেতিয়া সৎ কাৰ্য কৰা লোকৰ উন্নতি হয়, তেতিয়া নগৰখনে উল্লাস কৰে; কিন্তু যেতিয়া দুষ্টলোকৰ বিনাশ ঘটে, তেতিয়া আনন্দ-ধ্বনি হয়।
11 Kutokana na baraka ya mtu mnyofu mji hukwezwa, bali kwa kinywa cha mwovu mji huharibiwa.
১১ঈশ্বৰক সন্তুষ্ট কৰা লোকসকলৰ আশীৰ্ব্বাদৰ দ্বাৰাই নগৰৰ উন্নতি হয়; কিন্তু দুষ্টলোকৰ মুখৰ দ্বাৰাই নগৰ উচ্ছন্ন হয়।
12 Mtu asiye na akili humdharau jirani yake, bali mtu mwenye ufahamu huuzuia ulimi wake.
১২বন্ধুক অবজ্ঞা কৰা লোক জ্ঞানশূন্য; কিন্তু সুবিবেচনা কৰা লোক নিমাতে থাকে।
13 Masengenyo husaliti tumaini, bali mtu mwaminifu hutunza siri.
১৩পৰচৰ্চ্চা কৰা লোকে গুপুত কথা প্ৰকাশ কৰে; কিন্তু বিশ্বাসী লোকে বিষয়বোৰ গুপুতে ৰাখে।
14 Pasipo ushauri wa hekima taifa huanguka, bali washauri wengi hufanya ushindi uwe wa hakika.
১৪যি খন দেশ জ্ঞানেৰে পৰিচালিত নহয়, সেই দেশৰ পতন হয়; কিন্তু বহুত উপদেষ্টাৰ আলোচনাৰ দ্বাৰাই দেশৰ উন্নতি হয়।
15 Yeye amdhaminiye mgeni hakika atateseka, bali yeyote akataaye kuunga mkono dhamana ni salama.
১৫যিজনে অচিনাকী লোকৰ জামিন হয়, তেওঁৰ নিশ্চয় অনিষ্ট হ’ব; কিন্তু যিজনে জামিন হ’বলৈ ইচ্ছা নকৰে, তেওঁ নিৰাপদে থাকে।
16 Mwanamke mwenye moyo wa huruma hupata heshima, bali wanaume wakorofi hupata mali tu.
১৬দয়ালু মহিলাই সন্মান পায়; কিন্তু নিৰ্দয় লোকে সম্পত্তিক ধৰি ৰাখে।
17 Mwenye huruma hujinufaisha mwenyewe, bali mkatili hujiletea taabu mwenyewe.
১৭দয়ালু লোকে নিজৰ উপকাৰ কৰে; কিন্তু নিৰ্দয় লোকে নিজৰ অনিষ্ট কৰে।
18 Mtu mwovu hupata ujira wa udanganyifu, bali yeye apandaye haki huvuna tuzo ya uhakika.
১৮দুষ্টলোকে উপাৰ্জনৰ বাবে মিছা কথা কয়; কিন্তু যি জনে সত্যৰ গুটি সিঁচে তেওঁ প্ৰকৃত পুৰস্কাৰ পায়।
19 Mtu mwenye haki kweli kweli hupata uzima, bali yeye afuatiliaye ubaya huendea kifo chake.
১৯যি সাধুলোকে সৎ কাৰ্য কৰে, তেওঁ জীৱন লাভ কৰে; কিন্তু যিলোকে দুষ্টতা অনুসৰণ কৰে, তেওঁৰ মৃত্যুৰ হ’ব।
20 Bwana huwachukia sana watu wenye moyo wa upotovu, bali hupendezwa na wale ambao njia zao hazina lawama.
২০কুটিল মনৰ লোক যিহোৱাৰ ঘিণ লগা; কিন্তু যিসকলৰ আচৰণ সিদ্ধ, তেওঁলোকত তেওঁ আনন্দ পায়।
21 Uwe na hakika na hili: Waovu hawataepuka kuadhibiwa, bali wenye haki watakuwa huru.
২১নিশ্চিত হোৱা যে, দুষ্ট লোকে শাস্তি নোপোৱাকৈ নাথাকিব; কিন্তু সত্যতাত চলা লোকসকলৰ বংশই উদ্ধাৰ পাব।
22 Kama pete ya dhahabu katika pua ya nguruwe ndivyo alivyo mwanamke mzuri ambaye hana busara.
২২গাহৰিৰ নাকত সোণৰ নথ যেনে, সুবিবেচনা নথকা সুন্দৰী মহিলাও তেনে।
23 Shauku ya mwenye haki huishia tu kwenye mema, bali tumaini la mwovu huishia tu kwenye ghadhabu.
২৩সত্যতাত চলা লোকৰ আকাংক্ষাৰ ফল উত্তম; কিন্তু দুষ্টলোকে কেৱল ক্ৰোধৰ আশা কৰে।
24 Kuna mtu atoaye kwa ukarimu, hata hivyo hupata zaidi, mwingine huzuia, lakini huwa maskini.
২৪যি লোকে গুটি সিঁচে, তেওঁ অধিক সংগ্রহ কৰে; আৰু যি লোকে গুটি নিসিঁচে, তেনে লোকলৈ দৰিদ্ৰতাহে আহে।
25 Mtu mkarimu atastawi; yeye awaburudishaye wengine ataburudishwa mwenyewe.
২৫দয়ালু লোকৰ উন্নতি হয়, আৰু যি লোকে আনলোকক পানী দিয়ে, তেওঁ নিজৰ বাবেও পানী পায়।
26 Watu humlaani mtu awanyimae watu nafaka, bali baraka itamkalia kichwani kama taji yeye aliye radhi kuiuza.
২৬যি লোকে শস্য বিক্রী কৰিবলৈ অমান্তি হয়, তেওঁক লোকসকলে শাও দিয়ে; কিন্তু যি লোকে বিক্রী কৰে, তেওঁ মুৰত মুকুট স্বৰূপ আশীৰ্ব্বাদ লাভ কৰে।
27 Yeye atafutaye mema hupata ukarimu, bali ubaya huja kwake yeye autafutaye.
২৭যিলোকে আগ্রহেৰে ভাল কৰিবলৈ বিচাৰে, তেওঁ অনুগ্ৰহো বিচাৰে; কিন্তু যি জনে দুষ্টতা বিচাৰে, তেওঁ তাকে পায়।
28 Yeyote ategemeaye utajiri wake ataanguka, bali mwenye haki atastawi kama jani bichi.
২৮যিজনে নিজৰ ধন-সম্পত্তিত নির্ভৰ কৰে, তেওঁ পতিত হয়; কিন্তু সত্যতাত চলা জন পাতৰ দৰে লহপহকৈ বাঢ়ি উঠে।
29 Yeye aletaye taabu kwa jamaa yake atarithi tu upepo, naye mpumbavu atakuwa mtumishi wa wenye hekima.
২৯যিজনে নিজৰ পৰিয়ালক দুখ দিয়ে, তেওঁৰ বায়ুৰূপ আধিপত্য হ’ব; আৰু অজ্ঞানী লোক বুদ্ধিমানৰ দাস হ’ব।
30 Tunda la mwenye haki ni mti wa uzima, naye mwenye hekima huvuta roho za watu.
৩০সত্যতাত চলা জন জীৱনদায়ক গছৰ দৰে, কিন্তু হিংস্রতাই জীৱন কাঢ়ি নিয়ে।
31 Kama wenye haki watapokea ujira wao duniani, si zaidi sana yule asiyemcha Mungu na mwenye dhambi?
৩১সত্যতাত চলা জনে যদি তেওঁ পাবলগীয়া প্ৰতিফল পায়, তেনেহ’লে কিমান অধিক পৰিমাণে দুষ্টলোক আৰু পাপীয়ে পাব।