< Hesabu 26 >
1 Baada ya hiyo tauni, Bwana akamwambia Mose na Eleazari mwana wa kuhani Aroni,
১এই মহামাৰীৰ পাছত যিহোৱাই মোচি আৰু হাৰোণৰ পুত্ৰ ইলিয়াজৰ পুৰোহিতক ক’লে,
2 “Hesabu jumuiya yote ya Kiisraeli kwa jamaa zao, wale wote wenye umri wa miaka ishirini na zaidi, ambao wanaweza kutumika katika jeshi la Israeli.”
২“তোমালোকে ইস্ৰায়েলৰ সন্তান সকলৰ গোটেই মণ্ডলীৰ মাজত নিজ নিজ পিতৃ-বংশ অনুসাৰে, ইস্ৰায়েলৰ কাৰণে ৰণলৈ যাব পৰা অৱস্থাত থকা বিশ বছৰ বয়সীয়া আৰু তাতকৈ অধিক বয়সীয়া যিমান লোক আছে, তেওঁলোকক গণনা কৰা।”
3 Hivyo Mose na kuhani Eleazari wakazungumza na watu kwenye nchi tambarare ya Moabu, ngʼambo ya Yordani kutokea Yeriko, wakasema,
৩তেতিয়া মোচি আৰু ইলিয়াজৰ পুৰোহিতে যিৰীহোৰ সন্মুখত যৰ্দ্দনৰ ওচৰত মোৱাবৰ সমথলত লোকসকলক ক’লে,
4 “Hesabuni wanaume wenye umri wa miaka ishirini na zaidi, kama Bwana alivyomwagiza Mose.” Hawa ndio Waisraeli waliotoka Misri:
৪“মোচিক, আৰু মিচৰ দেশৰ পৰা ওলাই অহা ইস্ৰায়েলৰ সন্তান সকলক দিয়া যিহোৱাৰ আজ্ঞা অনুসাৰে, বিশ বছৰ বয়সীয়া আৰু তাতকৈ অধিক বয়সীয়া লোকক গণনা কৰা।”
5 Wazao wa Reubeni, mwana mzaliwa wa kwanza wa Israeli, walikuwa: kutoka kwa Hanoki, ukoo wa Wahanoki; kutoka kwa Palu, ukoo wa Wapalu;
৫ৰূবেণ ইস্ৰায়েলৰ জ্যেষ্ঠ পুত্ৰ আছিল। তেওঁৰ পুত্র হনোকৰ পৰা হনোকীয়া গোষ্ঠী, পল্লুৰ পৰা পল্লূইয়া গোষ্ঠী,
6 kutoka kwa Hesroni, ukoo wa Wahesroni; kutoka kwa Karmi, ukoo wa Wakarmi.
৬হিষ্রোণৰ পৰা হিষ্ৰোণীয়া গোষ্ঠী, কৰ্ম্মীয়াৰ পৰা কৰ্ম্মীয়া গোষ্ঠী।
7 Hizi zilikuwa ndizo koo za Reubeni; wale waliohesabiwa walikuwa 43,730.
৭এই সকলোৱেই ৰূবেণৰ গোষ্ঠী; তেওঁলোকৰ মাজৰ গণিত লোক তিয়াল্লিশ হাজাৰ সাতশ ত্ৰিশজন আছিল।
8 Mwana wa Palu alikuwa Eliabu,
৮আৰু পল্লুৰ সন্তান ইলিয়াব আছিল; ইলিয়াবৰ সন্তান সকল নমূৱেল, দাথন, আৰু অবীয়াম আছিল।
9 nao wana wa Eliabu walikuwa Nemueli, Dathani na Abiramu. Hawa wawili Dathani na Abiramu ndio walikuwa maafisa wa jumuiya ambao walimwasi Mose na Aroni, na walikuwa miongoni mwa wafuasi wa Kora wakati walimwasi Bwana.
৯কোৰহৰ দলে যেতিয়া যিহোৱাৰ বিৰুদ্ধে বিবাদ কৰিছিল, তেতিয়া মোচি আৰু হাৰোণৰ অহিতে বিবাদ কৰা মণ্ডলীভূক্ত লোক সেই দাথন আৰু অবীৰামেই আছিল।
10 Ardhi ilifunua kinywa chake na kuwameza pamoja na Kora, ambaye wafuasi wake walikufa wakati moto ulipowateketeza wanaume 250. Nao walikuwa kama alama ya onyo.
১০সেই সময়ত পৃথিৱীয়ে মুখ মেলি তেওঁলোকক আৰু কোৰহকো গ্ৰাস কৰিলে, আৰু তেওঁৰ পাছত চলোঁতাসকলোৰে মৃত্যু হ’ল; সেই সময়ত অগ্নিয়ে দুশ পঞ্চাশ জনক পুৰি ভষ্ম কৰিলে, আৰু তেওঁলোকেই দৃষ্টন্তস্বৰূপ হ’ল।
11 Pamoja na hayo, hao ukoo wa Kora hawakufa.
১১কিন্তু কোৰহৰ সন্তান সকলৰ হ’লে মৃত্যু হোৱা নাছিল।
12 Wazao wa Simeoni kwa koo zao walikuwa: kutoka kwa Nemueli, ukoo wa Wanemueli; kutoka kwa Yamini, ukoo wa Wayamini; kutoka wa Yakini, ukoo wa Wayakini;
১২নিজ নিজ গোষ্ঠী অনুসাৰে এই লোকসকল চিমিয়োনৰ সন্তান: নমূৱেলৰ পৰা নমূৱেলীয়া গোষ্ঠী, যাখীনৰ পৰা যাখীনীয়া গোষ্ঠী, যামীনৰ পৰা যামীনীয়া গোষ্ঠী, যাখীনৰ পৰা যাখীনীয়া গোষ্ঠী,
13 kutoka kwa Zera, ukoo wa Wazera; kutoka kwa Shauli, ukoo wa Washauli.
১৩জেৰহৰ পৰা জেৰহীয়া গোষ্ঠী, চৌলৰ পৰা চৌলীয়া গোষ্ঠী।
14 Hizi ndizo koo za Simeoni; walikuwa 22,200.
১৪চিমিয়োনীয়া গোষ্ঠীবোৰৰ বাইশ হাজাৰ দুশজন লোক আছিল।
15 Wazao wa Gadi kwa koo zao walikuwa: kutoka kwa Sifoni, ukoo wa Wasifoni; kutoka kwa Hagi, ukoo wa Wahagi; kutoka kwa Shuni, ukoo wa Washuni;
১৫নিজ নিজ গোষ্ঠী অনুসাৰে এই লোকসকল গাদৰ সন্তান: চফোনৰ পৰা চফোনীয়া গোষ্ঠী, হগ্গীয়াৰ পৰা হগ্গীয়া গোষ্ঠী, চূনীৰ পৰা চূনীয়া গোষ্ঠী,
16 kutoka kwa Ozni, ukoo wa Waozni; kutoka kwa Eri, ukoo wa Waeri;
১৬অজনী পৰা অজনীয়া গোষ্ঠী, এৰীৰ পৰা এৰীয়া গোষ্ঠী,
17 kutoka kwa Arodi, ukoo wa Waarodi; kutoka kwa Areli, ukoo wa Waareli.
১৭অৰোদৰ পৰা অৰোদীয়া গোষ্ঠী, অৰেলাৰ পৰা অৰেলীয়া গোষ্ঠী।
18 Hizi ndizo zilizokuwa koo za Gadi; wale waliohesabiwa walikuwa 40,500.
১৮গাদৰ এই গোষ্ঠীবোৰৰ লোকসকলৰ সংখ্যা চল্লিশ হাজাৰ পাঁচ শ লোক আছিল।
19 Eri na Onani walikuwa wana wa Yuda, lakini walifia huko Kanaani.
১৯যিহূদাৰ পুত্র এৰ আৰু ওনন আছিল; এই দুজন লোকৰ কনান দেশতেই মৃত্যু হৈছিল।
20 Wazao wa Yuda kwa koo zao walikuwa: kutoka kwa Shela, ukoo wa Washela; kutoka kwa Peresi, ukoo wa Waperesi; kutoka kwa Zera, ukoo wa Wazera.
২০নিজ নিজ গোষ্ঠী অনুসাৰে এই লোকসকল যিহূদাৰ সন্তান: চেলাৰ পৰা চেলানীয়া গোষ্ঠী, পেৰচৰ পৰা পেৰচীয়া গোষ্ঠী, জেৰহৰ পৰা জেৰহীয়া গোষ্ঠী।
21 Wazao wa Peresi walikuwa: kutoka kwa Hesroni, ukoo wa Wahesroni; kutoka kwa Hamuli, ukoo wa Wahamuli.
২১পেৰচৰ সন্তান এইসকল: হিষ্ৰোণৰ পৰা হিষ্ৰোণীয়া গোষ্ঠী, হামূলৰ পৰা হামূলীয়া গোষ্ঠী।
22 Hizi ndizo zilizokuwa koo za Yuda; wale waliohesabiwa walikuwa 76,500.
২২যিহূদাৰ এই গোষ্ঠীবোৰৰ লোকসকলৰ সংখ্যা ছয়সত্তৰ হাজাৰ পাঁচ শ লোক আছিল।
23 Wazao wa Isakari kwa koo zao walikuwa: kutoka kwa Tola, ukoo wa Watola; kutoka kwa Puva, ukoo wa Wapuva;
২৩নিজ নিজ গোষ্ঠী অনুসাৰে এই লোকসকল ইচাখৰৰ সন্তান: তোলাৰ পৰা তোলাইয়া গোষ্ঠী, পুব্বাৰ পৰা পুনীয়া গোষ্ঠী,
24 kutoka kwa Yashubu, ukoo wa Wayashubu; kutoka kwa Shimroni, ukoo wa Washimroni.
২৪যাচূবৰ পৰা যাচূবীয়া গোষ্ঠী, চিম্ৰোণৰ পৰা চিম্ৰোণীয়া গোষ্ঠী।
25 Hizi ndizo zilizokuwa koo za Isakari; wale waliohesabiwa walikuwa 64,300.
২৫ইচাখৰৰ এই গোষ্ঠীবোৰৰ লোকসকলৰ সংখ্যা চৌষষ্ঠী হাজাৰ তিনিশ লোক আছিল।
26 Wazao wa Zabuloni kwa koo zao walikuwa: kutoka kwa Seredi, ukoo wa Waseredi; kutoka kwa Eloni, ukoo wa Waeloni; kutoka kwa Yaleeli, ukoo wa Wayaleeli.
২৬নিজ নিজ গোষ্ঠী অনুসাৰে এই লোকসকল জবূলূনৰ সন্তান: চেৰদৰ পৰা চেৰদীয়া গোষ্ঠী, এলোনৰ পৰা এলোনীয়া গোষ্ঠী, যহলেলৰ পৰা যহলেলীয়া গোষ্ঠী।
27 Hizi ndizo zilizokuwa koo za Zabuloni, wale waliohesabiwa walikuwa 60,500.
২৭জবূলূনৰ এই গোষ্ঠীবোৰৰ লোকসকলৰ সংখ্যা ষাঠী হাজাৰ পাঁচশ লোক আছিল।
28 Wazao wa Yosefu kwa koo zao kutoka kwa Manase na kwa Efraimu walikuwa:
২৮নিজ নিজ গোষ্ঠী অনুসাৰে যোচেফৰ পুত্ৰ মনচি আৰু ইফ্ৰয়িম আছিল।
29 Wazao wa Manase: kutoka kwa Makiri, ukoo wa Wamakiri (Makiri alikuwa baba wa Gileadi); kutoka kwa Gileadi, ukoo wa Wagileadi.
২৯মনচিৰ সন্তান এইসকল: মাখীৰৰ পৰা মাখীৰীয়া গোষ্ঠী, সেই গিলিয়দৰ পৰা গিলিয়দীয়া গোষ্ঠী।
30 Hawa ndio waliokuwa wazao wa Gileadi: kutoka kwa Iezeri, ukoo wa Waiezeri; kutoka kwa Heleki, ukoo wa Waheleki;
৩০গিলিয়দৰ সন্তান এইসকল: ঈয়েজৰৰ পৰা ঈয়েজৰীয়া গোষ্ঠী, হেলকৰ পৰা হেলকীয়া গোষ্ঠী
31 kutoka kwa Asirieli, ukoo wa Waasirieli; kutoka kwa Shekemu, ukoo wa Washekemu;
৩১অস্ৰীয়েলৰ পৰা অস্ৰীয়েলীয়া গোষ্ঠী, চেখমৰ পৰা চেখমীয়া গোষ্ঠী,
32 kutoka kwa Shemida, ukoo wa Washemida; kutoka kwa Heferi, ukoo wa Waheferi.
৩২চমীদাৰ পৰা চমীদাইয়া গোষ্ঠী, আৰু হেফৰৰ পৰা হেফৰীয়া গোষ্ঠী।
33 (Selofehadi mwana wa Heferi hakuzaa wana, bali alikuwa na watoto wa kike tu, ambao majina yao yalikuwa Mahla, Noa, Hogla, Milka na Tirsa.)
৩৩সেই হেফৰৰ পুত্র চলফাদৰ কোনো পুত্ৰ সন্তান নাছিল, কেৱল জীয়েক আছিল। সেই চলফাদৰ জীয়েকসকলৰ নাম মহলা, নোৱা, হগ্লা, মিল্কা, আৰু তিৰ্চা আছিল।
34 Hizi ndizo zilizokuwa koo za Manase; wale waliohesabiwa walikuwa 52,700.
৩৪এইসকলেই মনচিৰ গোষ্ঠী আছিল যাৰ লোকসকলৰ সংখ্যা বাৱন্ন হাজাৰ সাত শ জন লোক আছিল।
35 Hawa walikuwa wazao wa Efraimu kwa koo zao: kutoka kwa Shuthela, ukoo wa Washuthela; kutoka kwa Bekeri, ukoo wa Wabekeri; kutoka kwa Tahani, ukoo wa Watahani;
৩৫নিজ নিজ গোষ্ঠী অনুসৰি এই লোকসকল ইফ্ৰয়িমৰ সন্তান: চুথেলহৰ পৰা চুথেলহীয়া গোষ্ঠী, বেখৰৰ পৰা বেখৰীয়া গোষ্ঠী, তহনৰ পৰা তহনীয়া গোষ্ঠী,
36 Hawa ndio walikuwa wazao wa Shuthela: kutoka kwa Erani, ukoo wa Waerani.
৩৬আৰু চুথেলহৰ সন্তান সকল এই, এৰণৰ পৰা এৰণীয়া গোষ্ঠী।
37 Hizi ndizo zilizokuwa koo za Efraimu; wale waliohesabiwa walikuwa 32,500. Hawa ndio waliokuwa wazao wa Yosefu kwa koo zao.
৩৭ইফ্ৰয়িমৰ সন্তান সকলৰ এই গোষ্ঠীবোৰৰ বত্ৰিশ হাজাৰ পাঁচ শ লোক আছিল। নিজ নিজ গোষ্ঠী অনুসাৰে এই লোকসকলেই যোচেফৰ সন্তান।
38 Wazao wa Benyamini kwa koo zao walikuwa: kutoka kwa Bela, ukoo wa Wabela; kutoka kwa Ashbeli, ukoo wa Waashbeli; kutoka kwa Ahiramu, ukoo wa Waahiramu;
৩৮নিজ নিজ গোষ্ঠী অনুসাৰে বিন্যামীনৰ সন্তান এই লোকসকল: বেলাৰ পৰা বেলাইয়া গোষ্ঠী, অচবেলৰ পৰা অচবেলীয়া গোষ্ঠী, অহীৰামৰ পৰা অহীৰামীয়া গোষ্ঠী,
39 kutoka kwa Shufamu, ukoo wa Washufamu; kutoka kwa Hufamu, ukoo wa Wahufamu.
৩৯চুফুফমৰ পৰা চুফমীয়া গোষ্ঠী, হূফমৰ পৰা হূফমীয়া গোষ্ঠী।
40 Wazao wa Bela kutoka kwa Ardi na Naamani walikuwa: kutoka kwa Ardi, ukoo wa Waardi; kutoka kwa Naamani, ukoo wa Wanaamani.
৪০আৰু বেলাৰ সন্তান অৰ্দ আৰু নামন আছিল; অৰ্দৰ পৰা অৰ্দীয়া গোষ্ঠী আৰু নামনৰ পৰা নামনীয়া গোষ্ঠী।
41 Hizi ndizo zilizokuwa koo za Benyamini; wale waliohesabiwa walikuwa 45,600.
৪১নিজ নিজ গোষ্ঠী অনুসাৰে এওঁলোকেই বিন্যামীনৰ সন্তান; তেওঁলোকৰ সংখ্যা পঞ্চল্লিশ হাজাৰ ছশ জন লোক আছিল।
42 Hawa ndio waliokuwa wazao wa Dani kwa koo zao: kutoka kwa Shuhamu, ukoo wa Washuhamu. Hizi ndizo zilizokuwa koo za Dani:
৪২নিজ নিজ গোষ্ঠী অনুসাৰে দানৰ সন্তান এই লোকসকল: চূহমৰ পৰা চুহমীয়া গোষ্ঠী। নিজ নিজ গোষ্ঠী অনুসাৰে এওঁলোকেই দানৰ গোষ্ঠী।
43 Wote walikuwa koo za Washuhamu; wale waliohesabiwa walikuwa 64,400.
৪৩চুহমীয়াৰ আটাই গোষ্ঠীৰ সংখ্যা চৌষষ্ঠী হাজাৰ চাৰিশ জন লোক আছিল।
44 Wazao wa Asheri kwa koo zao walikuwa: kutoka kwa Imna, ukoo wa Waimna; kutoka kwa Ishvi, ukoo wa Waishvi; kutoka kwa Beria, ukoo wa Waberia;
৪৪নিজ নিজ গোষ্ঠী অনুসাৰে আচেৰৰ সন্তান এই লোকসকল: যিম্নাৰ পৰা যিম্নীয়া গোষ্ঠী, যিচবিৰ পৰা যিচবিয়া গোষ্ঠী, বৰীয়াৰ পৰা বৰীয়াইয়া গোষ্ঠী।
45 kutoka kwa wazao wa Beria: kutoka kwa Heberi, ukoo wa Waheberi; kutoka kwa Malkieli, ukoo wa Wamalkieli.
৪৫বৰীয়াৰ সন্তান এই লোকসকল: হেবৰৰ পৰা হেবৰীয়া গোষ্ঠী, মল্কীয়েলৰ পৰা মল্কীয়েলীয়া গোষ্ঠী।
46 (Asheri alikuwa na binti aliyeitwa Sera.)
৪৬আচেৰৰ জীয়েকৰ নাম চেৰহ আছিল।
47 Hizi ndizo zilizokuwa koo za Asheri; wale waliohesabiwa walikuwa 53,400.
৪৭আচেৰৰ এই গোষ্ঠীবোৰৰ সন্তান সকলৰ সংখ্যা ত্ৰেপন্ন হাজাৰ চাৰিশ জন লোক আছিল।
48 Wazao wa Naftali kwa koo zao walikuwa: kutoka kwa Yaseeli, ukoo wa Wayaseeli; kutoka kwa Guni, ukoo wa Waguni;
৪৮নিজ নিজ গোষ্ঠী অনুসাৰে নপ্তালীৰ সন্তান এই লোকসকল: যহচিয়েলৰ পৰা যহচিয়েলীয়া গোষ্ঠী, গূণীৰ পৰা গূণীয়া গোষ্ঠী,
49 kutoka kwa Yeseri, ukoo wa Wayeseri; kutoka kwa Shilemu, ukoo wa Washilemu.
৪৯যেচৰৰ পৰা যেচৰীয়া গোষ্ঠী, চিল্লেমৰ পৰা চিল্লেমীয়া গোষ্ঠী।
50 Hizi ndizo zilizokuwa koo za Naftali; wale waliohesabiwa walikuwa 45,400.
৫০নিজ নিজ গোষ্ঠী অনুসাৰে এই লোকসকল নপ্তালীৰ গোষ্ঠী; তেওঁলোকৰ গণিত লোক পঞ্চল্লিশ হাজাৰ চাৰিশ জন আছিল।
51 Jumla ya hesabu ya wanaume wa Israeli ilikuwa 601,730.
৫১ইস্ৰায়েলৰ সন্তান সকলৰ মাজত গণনা কৰা লোকসকলৰ সংখ্যা ছয় লাখ এক হাজাৰ সাতশ ত্ৰিশ জন আছিল।
52 Bwana akamwambia Mose,
৫২পাছত যিহোৱাই মোচিক ক’লে,
53 “Watagawiwa nchi kama urithi kwa kulingana na hesabu ya majina.
৫৩“নামৰ সংখ্যা অনুসাৰে উত্তৰাধিকাৰৰ অৰ্থে এই লোকসকলৰ মাজত দেশ ভাগ কৰা হ’ব।
54 Kundi kubwa zaidi lipe urithi mkubwa zaidi, na kundi dogo zaidi lipewe urithi mdogo zaidi; kila kundi litapokea urithi wake kulingana na hesabu ya wale walioorodheshwa.
৫৪অধিককে থকা লোকসকলৰ গোষ্ঠীক অধিককৈ উত্তৰাধিকাৰ দিবা, আৰু কমকৈ থকা লোকসকলৰ গোষ্ঠীক কমকৈ দিবা; প্রতিজন পৰিয়ালৰ যিমান গণিত লোক, তাক সেই হিচাপে তাৰ উত্তৰাধীকাৰ দিবা।
55 Hakikisha kuwa nchi inagawanywa kwa kura. Kile kitakachorithiwa na kila kikundi kitakuwa kwa kulingana na majina ya kabila la babu yao.
৫৫কিন্তু চিঠি খেলৰ দ্ৱাৰাই দেশ ভাগ কৰা হ’ব; নিজ নিজ পিতৃ বংশৰ নাম অনুসাৰে তেওঁলোকে উত্তৰাধীকাৰ পাব।
56 Kila urithi utagawanywa kwa kura miongoni mwa makundi makubwa na madogo.”
৫৬লোক অধিক বা কমে হওঁক, চিঠি খেলৰ দ্বাৰাইহে তেওঁলোকৰ উত্তৰাধীকাৰ তেওঁলোকৰ মাজত ভাগ বাঁটি দিয়া হ’ব।”
57 Hawa walikuwa Walawi ambao walihesabiwa kwa koo zao: kutoka kwa Gershoni, ukoo wa Wagershoni; kutoka kwa Kohathi, ukoo wa Wakohathi; kutoka kwa Merari, ukoo wa Wamerari.
৫৭নিজ নিজ গোষ্ঠী অনুসাৰে লেবী ফৈদৰ মাজত গণিত লোক এই সকল: গেৰ্চোনৰ পৰা গেৰ্চোনীয়া গোষ্ঠী, কহাতৰ পৰা কহাতীয়া গোষ্ঠী, মৰাৰীৰ পৰা মৰাৰীয়া গোষ্ঠী।
58 Hizi pia zilikuwa koo za Walawi: ukoo wa Walibni; ukoo wa Wahebroni; ukoo wa Wamahli; ukoo wa Wamushi; ukoo wa wana wa Kora. (Kohathi alikuwa baba aliyemzaa Amramu;
৫৮লেবীয়া গোষ্ঠী এই লোকসকল: লিবনীয়া গোষ্ঠী, হিব্ৰোণীয়া গোষ্ঠী মহলীয়া গোষ্ঠী, মুচীয়া গোষ্ঠী আৰু কোৰহীয়া গোষ্ঠী।
59 jina la mke wa Amramu ni Yokebedi, naye pia alikuwa mzao wa Lawi, ambaye alizaliwa kwa Walawi nchini Misri. Alimzalia Amramu: Aroni, Mose na dada yao Miriamu.
৫৯অম্ৰমৰ সন্তান কহাত আছিল; অম্ৰমৰ ভাৰ্য্যাৰ নাম যোকেবদ; তেওঁ লেবীৰ জীয়েক; তেওঁৰ মাকে তেওঁক লেবীসকললৈ মিচৰ দেশত জন্মালে; তেওঁ অম্ৰমলৈ হাৰোণ, মোচি আৰু তেওঁলোকৰ বায়েক মিৰিয়মক জন্মালে।
60 Aroni alikuwa baba yake Nadabu na Abihu, Eleazari na Ithamari.
৬০হাৰোণলৈ নাদব, অবীহূ, ইলিয়াজৰ আৰু ঈথামৰ জন্মিল।
61 Lakini Nadabu na Abihu walikufa wakati walitoa sadaka mbele za Bwana kwa moto usioruhusiwa.)
৬১কিন্তু নাদব আৰু অবীহূয়ে যিহোৱাৰ সাক্ষাতে সাধাৰণ জুই উৎসৰ্গ কৰোঁতে তেওঁলোকৰ মৃত্যু হ’ল।
62 Wanaume wote wa Walawi wa umri wa mwezi mmoja na zaidi walikuwa 23,000. Wao hawakuhesabiwa pamoja na Waisraeli wengine kwa sababu hawakupokea urithi miongoni mwao.
৬২তেওঁলোকৰ মাজত এমাহ বয়সীয়া আৰু তাতকৈ অধিক বয়সীয়া পুৰুষসকলৰ সংখ্যা তেইশ হাজাৰ জন হ’ল আছিল। কিয়নো, ইস্ৰায়েলৰ সন্তান সকলৰ মাজত তেওঁলোকক কোনো উত্তৰাধিকাৰ নিদিয়াৰ কাৰণে, ইস্ৰায়েলৰ সন্তান সকলৰ মাজত তেওঁলোক গণিত নহ’ল।
63 Hawa ndio walioorodheshwa na Mose na kuhani Eleazari wakati waliwahesabu Waisraeli kwenye nchi tambarare ya Moabu, kando ya Yordani ngʼambo ya Yeriko.
৬৩এই সকল লোকক মোচি আৰু পুৰোহিত ইলিয়াজৰৰ দ্বাৰাই গণনা কৰা হ’ল; তেওঁলোকে যিৰীহোৰ সন্মুখত যৰ্দ্দনৰ ওচৰত মোৱাবৰ সমথলত ইস্ৰায়েলৰ সন্তান সকলক গণনা কৰিলে।
64 Hakuna hata mmoja wao aliyekuwa miongoni mwa wale waliohesabiwa na Mose na kuhani Aroni wakati waliwahesabu Waisraeli katika Jangwa la Sinai.
৬৪কিন্তু চীনয় মৰুপ্রান্তত ইস্ৰায়েলৰ সন্তান সকলক গণনা কৰা মোচি আৰু হাৰোণ পুৰোহিতৰ দ্বাৰাই যি লোকসকলক গণনা কৰা হৈছিল, তেওঁলোকৰ এজনো এই লোকসকলৰ মাজত নাছিল।
65 Kwa maana Bwana alikuwa amewaambia hao Waisraeli hakika wangekufa huko jangwani, wala hakuna mmoja wao aliyeachwa, isipokuwa Kalebu mwana wa Yefune na Yoshua mwana wa Nuni.
৬৫কাৰণ যিহোৱাই তেওঁলোকৰ বিষয়ে কৈছিল যে তেওঁলোকে নিশ্চয়ে মৰুপ্রান্তত মৰিব। এই হেতুকে তেওঁলোকৰ মাজত যিফুন্নিৰ পুত্ৰ কালেব আৰু নুনৰ পুত্ৰ যিহোচূৱাৰ বাহিৰে এজনো অৱশিষ্ট নাথাকিল।