< Mambo ya Walawi 3 >

1 “‘Kama sadaka ya mtu ni sadaka ya amani, naye akatoa ngʼombe kutoka kundi, akiwa dume au jike, atamleta mnyama asiye na dosari mbele za Bwana.
যদি কোনো এজন লোকৰ উপহাৰ মঙ্গলাৰ্থক বলি হয়, তেন্তে পশুৰ জাকৰ মতা বা মাইকীয়েই হওঁক, তাক উৎসৰ্গ কৰিলে, তেওঁ যিহোৱাৰ সন্মুখত এটা নিৰ্ঘূণী পশু উৎসৰ্গ কৰিব।
2 Ataweka mkono wake juu ya kichwa cha sadaka yake na kumchinja penye ingilio la Hema la Kukutania. Ndipo makuhani wana wa Aroni watanyunyiza damu yake pande zote za madhabahu.
তেওঁ নিজ উপহাৰৰ মূৰত হাত দিব আৰু সাক্ষাৎ কৰা তম্বুৰ দুৱাৰমুখত তাক কাটিব; তেতিয়া হাৰোণৰ পুত্ৰ পুৰোহিত সকলে তাৰ তেজ বেদীৰ কাষৰ চাৰিওফালে ছটিয়াই দিব।
3 Kutoka kwenye hiyo sadaka ya amani ataleta sadaka iliyotolewa kwa Bwana kwa moto: mafuta yote ya mnyama yafunikayo sehemu za ndani, ama yanayoungana na hizo sehemu za ndani,
সেই লোক জনে তেওঁৰ সেই মঙ্গলাৰ্থক বলিৰ পৰা যিহোৱাৰ উদ্দেশ্যে অগ্নিকৃত উপহাৰ স্বৰূপে তাৰ নাড়ি-ভুৰু ঢকা তেল,
4 figo zote pamoja na mafuta yote yanayozizunguka karibu na kiuno na yale yanayofunika ini, ambayo atayaondoa pamoja na figo.
নাড়ীত লাগি থকা আটাই তেল, ঘিলা দুটা আৰু কলিজাৰ ওচৰত থকা তেলীয়া ভাগ উৎসৰ্গ কৰিব; সেই ভাগ ঘিলালৈকে এৰুৱাই ল’ব।
5 Kisha wana wa Aroni wataiteketeza juu ya madhabahu, juu ya ile sadaka ya kuteketezwa iliyoko juu ya kuni zinazowaka, kama sadaka ya kuteketezwa kwa moto, harufu nzuri ya kumpendeza Bwana.
তেতিয়া হাৰোণৰ পুত্ৰসকলে বেদীত, জুই, কাঠ আৰু হোমৰ ওপৰত তাক দগ্ধ কৰিব; সেয়ে যিহোৱাৰ উদ্দেশ্যে সুঘ্ৰাণ দিয়া অগ্নিকৃত উপহাৰ।
6 “‘Kama akitoa kondoo au mbuzi kutoka kundi kama sadaka ya amani kwa Bwana, atamtoa dume au jike asiye na dosari.
আৰু যদি তেওঁ যিহোৱাৰ উদ্দেশ্যে মঙ্গলাৰ্থক বলিৰ উপহাৰ মেৰ-ছাগ বা ছাগলীৰ জাকৰ পৰা দিয়ে, তেন্তে তেওঁ নিঘূণ মতা বা মাইকী পশু উৎসৰ্গ কৰিব।
7 Kama akimtoa mwana-kondoo, atamleta mbele za Bwana.
নিজ উপহাৰৰ অৰ্থে যদি তেওঁ মেৰ-ছাগ পোৱালি উৎসৰ্গ কৰে, তেন্তে তেওঁ তাক যিহোৱাৰ সন্মুখত উৎসৰ্গ কৰিব।
8 Ataweka mkono wake juu ya kichwa cha sadaka yake, naye atamchinja mbele ya Hema la Kukutania. Kisha wana wa Aroni watanyunyiza damu yake kwenye madhabahu pande zote.
তেওঁ নিজ উপহাৰৰ মূৰত হাত দিব আৰু সাক্ষাৎ কৰা তম্বুৰ সন্মুখত তাক কাটিব; তেতিয়া হাৰোণৰ পুত্ৰসকলে বেদীৰ কাষৰ চাৰিওফালে তাৰ তেজ ছটিয়াই দিব।
9 Kutoka kwenye hiyo sadaka ya amani ataleta dhabihu iliyotolewa kwa Bwana kwa moto: mafuta yake, mafuta yote ya mkia uliokatwa karibu na uti wa mgongo, mafuta yote yanayofunika sehemu za ndani au yale yanayounganika nazo,
পাছত তেওঁ সেই মঙ্গলাৰ্থক বলিৰ পৰা যিহোৱাৰ উদ্দেশ্যে অগ্নিকৃত উপহাৰ স্বৰূপে তাৰ তেল, গোটেইডাল নেগুৰ, নাড়ী-ভুৰু ঢকা তেল আৰু নাড়ীত লাগি থকা আটাই তেল,
10 figo mbili pamoja na mafuta yanayozizunguka yaliyo karibu na kiuno na yale yanayofunika ini, ambayo atayatoa pamoja na figo.
১০ঘিলা দুটা আৰু কিনাৰত লাগি থকা তাৰ ওপৰৰ তেল আৰু কলিজাৰ ওচৰত থকা তাৰ তেলীয়া ভাগ উৎসৰ্গ কৰিব; তেওঁ এই ভাগবোৰ ঘিলালৈকে এৰুৱাই ল’ব।
11 Kuhani ataviteketeza juu ya madhabahu kama chakula, sadaka iliyotolewa kwa Bwana kwa moto.
১১তেতিয়া পুৰোহিতে তাক বেদীত দগ্ধ কৰিব। সেয়ে যিহোৱাৰ উদ্দেশ্যে দিয়া অগ্নিকৃত উপহাৰ স্বৰূপ ভক্ষ্য নৈবেদ্য।
12 “‘Kama sadaka yake ni mbuzi, ataileta mbele za Bwana.
১২আৰু যদি তেওঁৰ উপহাৰ ছাগলী হয়, তেন্তে তেওঁ তাক যিহোৱাৰ সন্মুখত দান কৰিব।
13 Ataweka mkono wake juu ya kichwa chake na kumchinja mbele ya Hema la Kukutania. Kisha wana wa Aroni watanyunyiza damu yake kwenye madhabahu pande zote.
১৩তেওঁ সেই ছাগলীৰ মূৰত হাত দিব আৰু সাক্ষাৎ কৰা তম্বুৰ সন্মুখত তাক কাটিব; তেতিয়া হাৰোণৰ পুত্ৰসকলে বেদীৰ কাষৰ চাৰিওফালে তাৰ তেজ ছটিয়াই দিব।
14 Kutokana na ile sadaka anayotoa, atatoa sadaka hii kwa Bwana kwa moto: mafuta yote yanayofunika sehemu za ndani na yale yanayoungana nazo,
১৪পাছত তেওঁ তাৰ পৰা নিজৰ নৈবেদ্য, অৰ্থাৎ যিহোৱাৰ উদ্দেশ্যে অগ্নিকৃত উপহাৰ স্বৰূপে নাড়ী-ভুৰু ঢকা তেল, নাড়ীত লাগি থকা আটাই তেল এৰুৱাব।
15 figo zote mbili pamoja na mafuta yaliyo juu yake karibu na kiuno na yanayofunika ini, ambayo atayaondoa pamoja na figo.
১৫তেওঁ তাৰ ভিতৰৰ ঘিলা দুটা আৰু কিনাৰত লাগি থকা তাৰ ওপৰৰ তেল আৰু কলিজাৰ ওচৰত থকা তেলীয়া ভাগ ঘিলালৈকে এৰুৱাই ল’ব।
16 Kuhani ataviteketeza juu ya madhabahu kama chakula, sadaka iliyotolewa kwa moto, harufu nzuri. Mafuta yote ya mnyama ni ya Bwana.
১৬তেতিয়া পুৰোহিতে বেদীৰ ওপৰত সেই সকলোকে দগ্ধ কৰিব; সেয়ে সুঘ্ৰাণ দিয়া অগ্নিকৃত উপহাৰ স্বৰূপ ভক্ষ্য দ্ৰব্য; সকলো তেল যিহোৱাৰ উদ্দেশ্যে হ’ব।
17 “‘Hii ni kanuni ya kudumu kwa vizazi vijavyo, popote muishipo: Msile mafuta yoyote ya mnyama wala damu.’”
১৭তোমালোকে তেল আৰু তেজ যে খাব নালাগে, এয়ে তোমালোকৰ পুৰুষানুক্ৰমে, তোমালোকে বাস কৰা সকলো ঠাইতে পালন কৰিবলগীয়া চিৰস্থায়ী বিধি’।”

< Mambo ya Walawi 3 >