< Mambo ya Walawi 23 >

1 Bwana akamwambia Mose,
যিহোৱাই মোচিক ক’লে,
2 “Sema na Waisraeli na uwaambie: ‘Hizi ndizo sikukuu zangu zilizoamriwa, sikukuu zilizoamriwa za Bwana, ambazo mtazitangaza kuwa makusanyiko matakatifu.
“তুমি ইস্ৰায়েলৰ সন্তান সকলক কথা কোৱা, তেওঁলোকক এই কথা কোৱা যে ‘তোমালোকে যিহোৱাৰ যি সকলো পৰ্ব্ব পবিত্ৰ সভা বুলি ঘোষণা কৰিবা, মোৰ সেইবোৰ পৰ্ব্ব এই।
3 “‘Kuna siku sita mnazoweza kufanya kazi, lakini siku ya saba ni Sabato ya kupumzika, siku ya kusanyiko takatifu. Hamtafanya kazi yoyote. Popote mnapoishi, ni Sabato kwa Bwana.
ছদিনৰ কাম কৰা যাব; কিন্তু সপ্তমদিন বিশ্ৰাম-দিন, অৰ্থাৎ সম্পূৰ্ণ বিশ্ৰামৰ, সেই দিনা পবিত্ৰ সভা হ’ব। সেই দিনা তোমালোকে কোনো প্ৰকাৰৰ কাম নকৰিবা; সেয়ে তোমালোক থকা সকলো ঠাইতে যিহোৱাৰ উদ্দেশ্যে বিশ্ৰাম-দিন হ’ব।
4 “‘Hizi ni sikukuu za Bwana zilizoamriwa, makusanyiko matakatifu mtakayoyatangaza kwa nyakati zilizoamriwa:
যিহোৱাৰ যিবোৰ পৰ্ব্ব, যিবোৰ পবিত্ৰ সভা তোমালোকে নিজ নিজ নিৰূপিত সময়ত ঘোষণা কৰিবা, সেইবোৰ এই।
5 Pasaka ya Bwana huanza jioni ya siku ya kumi na nne ya mwezi wa kwanza.
প্ৰথম মাহৰ চতুৰ্দশ দিনা সন্ধিয়া সময়ত যিহোৱাৰ উদ্দেশ্যে নিস্তাৰ-পৰ্ব্ব হ’ব।
6 Siku ya kumi na tano ya mwezi huo wa kwanza, Sikukuu ya Bwana ya Mikate Isiyotiwa Chachu huanza; kwa siku saba, mtakula mikate isiyotiwa chachu.
আৰু সেই মাহৰ পঞ্চদশ দিনা যিহোৱাৰ উদ্দেশ্যে খমীৰ নিদিয়া পিঠাৰ উৎসৱ হ’ব। তোমালোকে সাত দিন ধৰি খমীৰ নিদিয়া পিঠা ভোজন কৰিবা।
7 Katika siku ya kwanza, mtakuwa na kusanyiko takatifu, na msifanye kazi zenu za kawaida.
প্ৰথম দিনা তোমালোকৰ পবিত্ৰ সভা হ’ব; সেই দিনা তোমালোকে কোনো ব্যৱসায়ৰ সাধাৰণ কৰ্ম নকৰিবা।
8 Kwa siku saba mtamletea Bwana sadaka ya kuteketezwa kwa moto. Kwenye siku hiyo ya saba mtafanya kusanyiko takatifu, na msifanye kazi zenu za kawaida.’”
কিন্তু সাত দিন যিহোৱাৰ উদ্দেশ্যে অগ্নিকৃত উপহাৰ উৎসৰ্গ কৰিবা; সপ্তম দিনা পবিত্ৰ সভা হ’ব; সেই দিনা তোমালোকে কোনো ব্যৱসায়ৰ সাধাৰণ কৰ্ম নকৰিবা’।”
9 Bwana akamwambia Mose,
পাছে যিহোৱাই মোচিৰ সৈতে কথা পাতি এইদৰে ক’লে,
10 “Sema na Waisraeli na uwaambie: ‘Mtakapoingia katika nchi nitakayowapa na kuvuna mazao ya nchi hiyo, leteni kwa kuhani mganda wa nafaka ya kwanza mtakayovuna.
১০“তুমি ইস্ৰায়েলৰ সন্তান সকলক কোৱা, ‘মই তোমালোকক যি দেশ দিম, সেই দেশত সোমালে তোমালোকে যেতিয়া তাত শস্য দাবা, তেতিয়া, তোমালোকে দোৱা শস্যৰ আগভাগ বুলি এডাঙৰি পুৰোহিতৰ গুৰিলৈ আনিবা।
11 Naye atauinua huo mganda mbele za Bwana ili ukubaliwe kwa niaba yenu; kuhani ataupunga siku inayofuata Sabato.
১১তোমালোকে গ্ৰহণীয় হ’বৰ বাবে, তেওঁ যিহোৱাৰ আগত সেই ডাঙৰি দোলাব; বিশ্ৰামবাৰৰ পাছদিনাখনত পুৰোহিতে তাক দোলাব।
12 Siku hiyo mtakapoinua huo mganda, lazima mtoe kwa Bwana dhabihu ya kuteketezwa kwa moto ya mwana-kondoo wa mwaka mmoja asiye na dosari,
১২আৰু যি দিনা তোমালোকে সেই ডাঙৰি দোলাবা, সেই দিনা যিহোৱাৰ উদ্দেশ্য হোমৰ অৰ্থে এটা এবছৰীয়া নিৰ্ঘূণী মতা মেৰ পোৱালি উৎসৰ্গ কৰিবা।
13 pamoja na sadaka yake ya nafaka ya sehemu mbili za kumi za efa za unga laini uliochanganywa na mafuta, sadaka iliyotolewa kwa Bwana kwa kuteketezwa kwa moto, harufu nzuri ya kupendeza, na sadaka yake ya kinywaji ya robo ya hini ya divai.
১৩তাৰ ভক্ষ্য নৈবেদ্য ঐফাৰ দহভাগৰ দুভাগ তেল মিহলোৱা মিহি আটা গুৰি; সেয়ে যিহোৱাৰ উদ্দেশ্য সুঘ্ৰাণৰ অৰ্থে অগ্নিকৃত উপহাৰ হ’ব; আৰু তাৰ পেয় নৈবেদ্য এক হীন দ্ৰাক্ষাৰস চাৰিভাগৰ এভাগ হ’ব।
14 Kamwe msile mkate wowote, au nafaka iliyokaangwa au nafaka mpya, mpaka siku ile mtakayomletea Mungu wenu sadaka hii. Hili litakuwa agizo la kudumu kwa vizazi vijavyo, popote mnapoishi.
১৪আৰু তোমালোকে নিজ ঈশ্বৰৰ উদ্দেশ্যে এই উপহাৰ ননা দিনলৈকে; পিঠা বা ভজা শস্য বা ছিঙা নতুন চেঁই ভোজন নকৰিবা; তোমালোকে থকা আটাই ঠাইতে এইয়া পুৰুষানুক্ৰমে পালন কৰিব লগীয়া চিৰকলীয়া বিধি।
15 “‘Tangu siku ile iliyofuata Sabato, siku mliyotoa sadaka ya mganda wa kuinuliwa, hesabuni majuma saba kamili.
১৫সেই বিশ্ৰাম-বাৰৰ পাছদিনাৰ পৰা, দোলনীয় নৈবেদ্য স্বৰূপে ডাঙৰি অনা দিনাৰ পৰা তোমালোকে পুৰা সাত বিশ্ৰাম-বাৰ লেখ কৰিবা।
16 Mtahesabu siku hamsini mpaka siku inayofuata Sabato ya saba, ndipo mtatoa sadaka ya nafaka mpya kwa Bwana.
১৬এইদৰে সপ্তম বিশ্ৰাম-বাৰৰ পাছদিনালৈকে তোমালোকে পঞ্চাশদিন লেখ কৰিবা। আৰু তেতিয়া যিহোৱাৰ উদ্দেশ্যে নতুন ভক্ষ্য নৈবেদ্য উৎসৰ্গ কৰিবা।
17 Kutoka popote mnapoishi, mtaleta mikate miwili ya unga laini, sehemu mbili za kumi za efa, uliookwa kwa chachu, kuwa sadaka ya kuinuliwa ya malimbuko kwa Bwana.
১৭তোমালোকে থকা ঠাইৰ পৰা দোলনীয় নৈবেদ্যৰ অৰ্থে ঐফাৰ দহভাগৰ দুভাগ দুটা পিঠা আনিবা; সেইবোৰ মিহি আটাগুৰিৰে যুগুত কৰা আৰু খমীৰ দি তন্দুৰত তাও দিয়া হ’ব লাগে; সেইবোৰ যিহোৱাৰ উদ্দেশ্যে প্ৰথমে পকা শস্যৰ আগভাগ হ’ব।
18 Toeni pamoja na hiyo mikate wana-kondoo saba, kila mmoja wa mwaka mmoja asiye na dosari, na fahali mchanga, na kondoo dume wawili. Watakuwa sadaka ya kuteketezwa kwa moto iliyotolewa kwa Bwana, pamoja na sadaka za nafaka na sadaka za vinywaji, sadaka iliyotolewa kwa moto yenye harufu nzuri ya kumpendeza Bwana.
১৮আৰু তোমালোকে সেই দুটা পিঠাৰ লগত সাতোটা এবছৰীয়া নিঘূণ মেৰ পোৱালি আৰু এটা দমৰা গৰু আৰু দুটা মতা মেৰ উৎসৰ্গ কৰিবা; সেইবোৰৰ নিজ নিজ ভক্ষ্য নৈবেদ্য আৰু পেয় নৈবেদ্যৰে সৈতে সেইবোৰ যিহোৱাৰ উদ্দেশ্যে হোম-বলি, যিহোৱাৰ উদ্দেশ্যে সুঘ্ৰাণ দিয়া অগ্নিকৃত উপহাৰ হ’ব।
19 Kisha toeni dhabihu ya mbuzi dume mmoja kwa ajili ya sadaka ya dhambi, na wana-kondoo wawili, kila mmoja wa mwaka mmoja, kwa ajili ya sadaka ya amani.
১৯আৰু তোমালোকে পাপাৰ্থক বলিৰ কাৰণে এটা মতা ছাগলী আৰু মঙ্গলাৰ্থক বলিৰ কাৰণে দুটা এবছৰীয়া মতা মেৰ-ছাগ পোৱালি উৎসৰ্গ কৰিবা।
20 Kuhani atawainua hao wana-kondoo wawili mbele za Bwana kuwa sadaka ya kuinuliwa, pamoja na mkate wa malimbuko. Ni sadaka takatifu kwa Bwana kwa ajili ya kuhani.
২০আৰু পুৰোহিতে সেই প্ৰথমে পকা শস্যৰ পিঠাৰে সৈতে যিহোৱাৰ আগত দোলনীয় নৈবেদ্য স্বৰূপে সেইবোৰ দোলাব আৰু মেৰ পোৱালি দুটাৰে সৈতে পুৰোহিতৰ কাৰণে যিহোৱাৰ উদ্দেশ্যে পবিত্ৰ হ’ব।
21 Siku iyo hiyo mtatangaza kusanyiko takatifu, na msifanye kazi zenu za kawaida. Hili litakuwa agizo la kudumu kwa vizazi vijavyo, popote mnapoishi.
২১আৰু সেই দিনা তোমালোকে ঘোষণা কৰিবা, তোমালোকৰ পবিত্ৰ সভা হ’ব আৰু তোমালোকে কোনো ব্যৱসায় কৰ্ম নকৰিবা; এইয়ে তোমালোকে থকা সকলো ঠাইতে পুৰুষানুক্ৰমে পালন কৰিবলগীয়া সদাকালৰ বিধি।
22 “‘Mnapovuna mavuno ya ardhi yenu, msivune hadi mpakani mwa shamba lenu, au kukusanya masazo ya mavuno yenu. Hayo utayaacha kwa ajili ya maskini na mgeni. Mimi ndimi Bwana Mungu wenu.’”
২২আৰু তোমালোকে নিজ নিজ ভুমিত উৎপন্ন হোৱা শস্য দাবৰ কালত, খেতিৰ চুকত থকা শস্যৰ সম্পূৰ্ণৰূপে নথকাকৈ নাদাবা আৰু তোমাৰ খেতিৰ এৰি যোৱা শস্য নুবুটলিবা। তুমি সেইবোৰ দুখীয়া আৰু বিদেশীৰ কাৰণে এৰি যাবা; মই তোমালোকৰ ঈশ্বৰ যিহোৱা’।”
23 Bwana akamwambia Mose,
২৩পাছত যিহোৱাই মোচিক ক’লে,
24 “Waambie Waisraeli: ‘Katika siku ya kwanza ya mwezi wa saba mtakuwa na siku ya mapumziko, kusanyiko takatifu la ukumbusho litakaloadhimishwa kwa kupiga tarumbeta.
২৪“তুমি ইস্ৰায়েলৰ সন্তান সকলক কোৱা, ‘সপ্তম মাহৰ প্ৰথম দিনা তোমালোকৰ সম্পূৰ্ণ বিশ্ৰামৰ দিন, শিঙা বজাই সোঁৱৰণ কৰোওৱা দিন আৰু পবিত্ৰ সভা হব।
25 Msifanye kazi zenu zozote za kawaida, lakini toeni sadaka kwa Bwana iliyoteketezwa kwa moto.’”
২৫সেই দিনা তোমালোকে কোনো ব্যৱসায় কৰ্ম নকৰিবা; আৰু তোমালোকে যিহোৱাৰ উদ্দেশ্যে অগ্নিকৃত উপহাৰ উৎসৰ্গ কৰিবা’।”
26 Bwana akamwambia Mose,
২৬তাৰ পাছত যিহোৱাই মোচিক ক’লে,
27 “Siku ya kumi ya mwezi huu wa saba ni Siku ya Upatanisho. Mtafanya kusanyiko takatifu, mfunge, nanyi mtoe sadaka kwa Bwana ya kuteketezwa kwa moto.
২৭“সেই সপ্তম মাহৰ দশম দিন অৱশ্যে প্ৰায়শ্চিত্তৰ দিন হ’ব; সেই দিনা তোমালোকে যিহোৱাৰ উদ্দেশ্যে পবিত্ৰ সভা পালন কৰিবা; তোমালোকে উপবাস ৰাখিবা আৰু যিহোৱাৰ উদ্দেশ্যে অগ্নিকৃত উপহাৰ উৎসৰ্গ কৰিবা।
28 Msifanye kazi siku hiyo, kwa sababu ni Siku ya Upatanisho, ambapo upatanisho unafanyika kwa ajili yenu mbele za Bwana Mungu wenu.
২৮আৰু সেই দিনা তোমালোকে কোনো প্ৰকাৰৰ কাম নকৰিবা কিয়নো তোমালোকৰ ঈশ্বৰ যিহোৱাৰ আগত তোমালোকক প্ৰায়শ্চিত্ত কৰিবলৈ সেয়ে প্ৰায়শ্চিত্তৰ দিন হ’ব।
29 Mtu yeyote ambaye hatafunga siku hiyo ni lazima akatiliwe mbali na watu wake.
২৯কিয়নো যিকোনোৱে সেই দিনা উপবাস নাৰাখে, তেওঁক নিজ লোকসকলৰ মাজৰ পৰা উচ্ছন্ন কৰা হ’ব।
30 Mtu yeyote atakayefanya kazi siku hiyo nitamwangamiza kutoka miongoni mwa watu wake.
৩০আৰু যিকোনো লোকে সেই দিনা কোনো প্ৰকাৰৰ কাম কৰিব মই তেওঁক তেওঁৰ লোকসকলৰ মাজৰ পৰা বিনষ্ট কৰিম।
31 Hamtafanya kazi kamwe. Hili litakuwa agizo la kudumu kwa vizazi vijavyo popote mnapoishi.
৩১তোমালোকে সেই দিনা কোনো প্ৰকাৰৰ কাম নকৰিবা; এইটো তোমালোকৰ সকলো নিবাসৰ ঠাইত পুৰুষানুক্ৰমে পালন কৰিব লগীয়া চিৰস্থায়ী বিধি।
32 Ni Sabato ya mapumziko kwenu ninyi, na lazima mfunge. Tangu jioni ya siku ya tisa ya mwezi hadi jioni inayofuata, mtaishika Sabato yenu.”
৩২সেই দিন তোমালোকৰ সম্পূৰ্ণ বিশ্ৰামৰ দিন হ’ব; সেই মাহৰ নৱম দিনা তোমালোকে উপবাস ৰাখিবা আৰু সন্ধিয়া সময়ত এক সন্ধ্যাৰ পৰা আন সন্ধ্যালৈকে তোমালোকে তোমালোকৰ সেই বিশ্ৰাম-দিন পালন কৰিবা।”
33 Bwana akamwambia Mose,
৩৩আৰু যিহোৱাই মোচিক ক’লে,
34 “Waambie Waisraeli: ‘Katika siku ya kumi na tano ya mwezi wa saba, Sikukuu ya Bwana ya vibanda itaanza, nayo itaadhimishwa kwa siku saba.
৩৪“তুমি ইস্ৰায়েলৰ সন্তান সকলক কোৱা, ‘সেই সপ্তম মাহৰ পঞ্চদশ দিনাৰ পৰা সাত দিনলৈকে যিহোৱাৰ উদ্দেশ্যে পঁজা-পৰ্ব্ব হ’ব।
35 Siku ya kwanza ni kusanyiko takatifu, msifanye kazi zenu za kawaida.
৩৫প্ৰথম দিনা পবিত্ৰ সভা হ’ব। সেই দিনা তোমালোকে কোনো ব্যৱসায় কৰ্ম নকৰিবা।
36 Kwa siku saba toeni sadaka kwa Bwana za kuteketezwa kwa moto. Kwenye siku ya nane fanyeni kusanyiko takatifu, na mtoe sadaka kwa Bwana ya kuteketezwa kwa moto. Ni kusanyiko la mwisho, msifanye kazi zenu za kawaida.
৩৬তোমালোকে সাত দিনালৈকে যিহোৱাৰ উদ্দেশ্যে অগ্নিকৃত উপহাৰ উৎসৰ্গা কৰিবা; অষ্টম দিনা তোমালোকৰ পবিত্ৰ সভা হ’ব আৰু তোমালোকে যিহোৱাৰ উদ্দেশ্যে অগ্নিকৃত উপহাৰ উৎসৰ্গ কৰিবা; সেয়ে ধৰ্ম-সভা; সেই দিনা তোমালোকে কোনো ব্যৱসায় কৰ্ম নকৰিবা।
37 (“‘Hizi ni sikukuu za Bwana zilizoamriwa, ambazo mtazitangaza kuwa makusanyiko matakatifu kwa kuleta sadaka kwa Bwana za kuteketeza kwa moto: sadaka za kuteketezwa na sadaka za nafaka, dhabihu na sadaka za vinywaji zitahitajika kila siku.
৩৭অগ্নিকৃত উপহাৰ, অৰ্থাৎ হোম-বলি, ভক্ষ্য নৈবেদ্য, মঙ্গলাৰ্থক বলি, আৰু পেয় নৈবেদ্য নিজ নিজ দিন উৎসৰ্গ কৰিবলৈ তোমালোকে পবিত্ৰ সভা বুলি ঘোষণা কৰিবলগীয়া যিহোৱাৰ পৰ্ব্ব এইবোৰ।,
38 Sadaka hizi ni nyongeza ya zile mnazozitoa katika Sabato za Bwana, na pia ni nyongeza ya matoleo yenu ya chochote mlichoweka nadhiri, na sadaka zenu zote za hiari mnazozitoa kwa Bwana.)
৩৮যিহোৱাৰ বিশ্ৰাম-বাৰ বোৰৰ বাহিৰে আৰু তোমালোকে যিহোৱাৰ উদ্দেশ্যে যি যি দান দিয়া, প্ৰতিজ্ঞা সিদ্ধ কৰিবৰ অৰ্থে আৰু ইচ্ছামতে এনেই দিবৰ অৰ্থে যিহোৱাৰ উদ্দেশ্যে তোমালোকে যি যি উপহাৰ দিয়া, সেই বোৰৰ কাৰণে এই পৰ্ব্ববোৰ পালন কৰিবা।
39 “‘Basi kuanzia siku ya kumi na tano ya mwezi wa saba, baada ya kuvuna mazao yote ya nchi, mtaadhimisha sikukuu kwa Bwana kwa siku saba; siku ya kwanza ni mapumziko, pia siku ya nane ni mapumziko.
৩৯ভুমিত উৎপন্ন হোৱা শস্য চপোৱাৰ পাছত, সপ্তম মাহৰ পঞ্চদশ দিনাৰ পৰা সাতদিন তোমালোকে অৱশ্যে যিহোৱাৰ উদ্দেশ্যে পঁজা পৰ্ব্ব পালন কৰিবা; প্ৰথম আৰু অষ্টম দিন সম্পূৰ্ণ বিশ্ৰামৰ বিশ্ৰাম-দিন হ’ব।
40 Siku ya kwanza mtachukua matunda mazuri ya miti, matawi ya mitende, matawi yenye majani mengi, na matawi ya mirebi, nanyi mtashangilia mbele za Bwana Mungu wenu kwa siku saba.
৪০আৰু প্ৰথম দিনা তোমালোকে শুৱনি গছৰ গুটি, খাজুৰ গছৰ পাত, ঘন পতীয়া গছৰ ডাল আৰু জুৰিৰ পাৰত থকা বাইচি গছ লৈ তোমালোকৰ ঈশ্বৰ যিহোৱাৰ আগত সাতদিন আনন্দ কৰিবা।
41 Mtaadhimisha siku hii kuwa sikukuu kwa Bwana kwa siku saba kila mwaka. Hili litakuwa agizo la kudumu kwa vizazi vijavyo; iadhimisheni mwezi wa saba.
৪১আৰু তোমালোকে বছৰে বছৰে সাতদিন যিহোৱাৰ উদ্দেশ্যে সেই উৎসৱ পালন কৰিবা; এইয়ে তোমালোকৰ পুৰুষানুক্ৰমে পালন কৰিবলগীয়া চিৰস্থায়ী বিধি; সপ্তম মাহত তোমালোকে সেই উৎসৱ পালন কৰিবা।
42 Mtaishi katika vibanda kwa siku saba: Wazawa wote wa Waisraeli wataishi katika vibanda,
৪২তোমালোকে সাতদিন সৰু পঁজাত বাস কৰিবা। ইস্ৰায়েল বংশত ওপজা সকলোৱে সাত দিন সৰু পঁজাত বাস কৰিব;
43 ili wazao wenu wajue kuwa niliwafanya Waisraeli waishi kwenye vibanda nilipowatoa Misri. Mimi ndimi Bwana Mungu wenu.’”
৪৩কিয়নো যি বিষয়ে তোমালোকৰ ভাবী-বংশই যেন জানে যে মই কিদৰে ইস্ৰায়েলৰ সন্তান সকলক মিচৰ দেশৰ পৰা উলিয়াই অনা সময়ত পঁজাত বাস কৰাইছিলোঁ। মই তোমালোকৰ ঈশ্বৰ যিহোৱা’।”
44 Kwa hiyo Mose akawatangazia Waisraeli sikukuu zilizoamriwa na Bwana.
৪৪তেতিয়া মোচিয়ে ইস্ৰায়েলৰ সন্তানসকলক যিহোৱাৰ সকলো পৰ্ব্বৰ কথা এইদৰে জনালে।

< Mambo ya Walawi 23 >