< Mambo ya Walawi 22 >

1 Bwana akamwambia Mose,
যিহোৱাই মোচিক ক’লে, বোলে,
2 “Mwambie Aroni na wanawe kushughulikia kwa uangalifu sadaka takatifu Waisraeli wanazoziweka wakfu kwangu, ili wasilinajisi Jina langu takatifu. Mimi ndimi Bwana.
“ইস্ৰায়েলৰ সন্তানসকলে মোৰ উদ্দেশ্যে যি বস্তু পবিত্ৰ কৰে, তাৰ পৰা যেন নিজকে পৃথকে ৰাখে আৰু মোৰ পবিত্ৰ নাম যেন অপবিত্ৰ নকৰে, এনে আজ্ঞা তুমি হাৰোণ আৰু তেওঁৰ পুত্ৰসকলক দিয়া। মই যিহোৱা।
3 “Waambie: ‘Katika vizazi vijavyo, ikiwa yeyote wa wazao wako ni najisi kwa taratibu za kiibada, naye akakaribia sadaka takatifu zile Waisraeli wanazoweka wakfu kwa Bwana, mtu huyo lazima akatiliwe mbali na uso wangu. Mimi ndimi Bwana.
তুমি তেওঁলোকক কোৱা, ‘ইস্ৰায়েলৰ সন্তানসকলে যিহোৱাৰ উদ্দেশ্যে পবিত্ৰ কৰা পবিত্ৰ বস্তুৰ ওচৰলৈ, পুৰুষানুক্ৰমে তোমালোকৰ বংশৰ মাজৰ যিকোনোৱে অশুচি হৈ ওচৰ চাপিব, তেওঁক মোৰ সন্মূখৰ পৰা উচ্ছন্ন কৰা হ’ব। মই যিহোৱা।
4 “‘Ikiwa mzao wa Aroni ana ugonjwa wa ngozi unaoambukiza au anatokwa na usaha mwilini, hawezi kula sadaka takatifu mpaka atakasike. Pia atakuwa najisi ikiwa atagusa kitu chochote kilicho najisi kwa kugusa maiti au mtu aliyetokwa na shahawa,
হাৰোণৰ বংশৰ মাজত যিজন লোক কুষ্ঠৰোগী বা যিজনৰ গাৰ পৰা কিবা বৈ থকা ৰোগ থাকে, তেওঁ শুচি নহয় মানে পবিত্ৰ বস্তুৰ একোকে ভোজন কৰিব নোৱাৰিব। আৰু মৰা শৱৰ দ্বাৰাই অশুচি হোৱা বস্তু চুব বা যিজনৰ বীৰ্য্যপাত হ’ব,
5 au ikiwa atagusa kitu chochote kitambaacho kimfanyacho mtu najisi, au mtu yeyote awezaye kumtia unajisi, hata unajisi uwe gani.
বা বস্তুৰ দ্বাৰাই মানুহ অশুচি হ’ব পৰা এনে বগাই ফুৰা জন্তু বা যিকোনো প্ৰকাৰ অশৌচ মানুহৰ পৰা লাগিব পৰা অৱস্থা, এনে অশৌচ থকা মানুহক যদি চুব,
6 Mtu anayegusa kitu chochote cha aina hiyo atakuwa najisi mpaka jioni. Kamwe hatakula sadaka yoyote takatifu mpaka yeye mwenyewe awe ameoga kwa maji.
সেই চুৱা লগা মানুহজন সন্ধ্যালৈকে অশুচি হৈ থাকিব আৰু পানীত নিজৰ গা নুধুলে পবিত্ৰ বস্তু ভোজন কৰিব নোৱাৰিব।
7 Wakati jua linapotua, atakuwa safi, na baadaye anaweza kula sadaka takatifu, kwa kuwa ni vyakula vyake.
বেলি মাৰ গলেহে তেওঁ শুচি হ’ব। বেলি মাৰ যোৱাৰ পাছত তেওঁ পবিত্ৰ বস্তু ভোজন কৰিব পাৰিব, কিয়নো সেইবোৰ তেওঁৰেই আহাৰ।
8 Kamwe asile nyama ya mzoga wala iliyoraruliwa na wanyama pori, naye akatiwa unajisi kwa hilo. Mimi ndimi Bwana.
পুৰোহিতে নিজক অশুচি কৰিবৰ অৰ্থে কোনো মৰি থকা বা হিংসুক জন্তুৱে ছিৰা পশুৰ মঙহ নাখাব। মই যিহোৱা।
9 “‘Makuhani lazima washike maagizo yangu ili wasiwe na hatia, wakafa kwa kuyadharau. Mimi ndimi Bwana ninayewafanya watakatifu.
এই হেতুকে তেওঁলোকে মোৰ পালনীয় নিৰ্দেশনাবোৰ পালন কৰিব লাগে, নতুবা তেওঁলোকে সেইবোৰ অপবিত্ৰ কৰিলে, তাৰ কাৰণে তেওঁলোক পাপত পৰিব আৰু তাৰ বাবে মৰিব। মই তেওঁলোকক পবিত্ৰ কৰোঁতা যিহোৱা।
10 “‘Hakuna mtu yeyote asiye wa jamaa ya kuhani anayeruhusiwa kula sadaka takatifu, hata mgeni wa kuhani au mfanyakazi wake haruhusiwi kuila.
১০পুৰোহিত বংশৰ নোহোৱা কোনো লোকে পবিত্ৰ বস্তু খাব নোৱৰিব; পুৰোহিতৰ ঘৰত থকা আলহী বা বেচ-খোৱা চাকৰসকলেও পবিত্ৰ বস্তু ভোজন কৰিব নোৱাৰিব।
11 Lakini ikiwa kuhani amenunua mtumwa kwa fedha, au mtumwa amezaliwa katika nyumba ya kuhani huyo, mtumwa huyo aweza kula chakula cha huyo kuhani.
১১কিন্তু যদি পুৰোহিতে ধন দি কোনো লোকক কিনি লয়, তেন্তে তেওঁ যিহোৱাৰ বাবে ৰখা অংশৰ পৰা ভোজন কৰিব পাৰিব; আৰু তেওঁৰ ঘৰৰ উপজা লোকসকল আৰু চাকৰসকলেও তেওঁৰ সৈতে আহাৰ খাব পাৰিব।
12 Ikiwa binti wa kuhani ameolewa na mtu asiye kuhani, binti huyo haruhusiwi kula chochote cha matoleo matakatifu.
১২পুৰোহিতৰ জীয়েক যদি আন বংশৰ লোকৰ সৈতে বিয়া হয়, তেন্তে উপহাৰ স্বৰূপে দিয়া পবিত্ৰ বস্তু তাই ভোজন কৰিব নোৱাৰিব।
13 Lakini ikiwa binti wa kuhani amekuwa mjane au amepewa talaka, naye hana watoto, na akarudi kuishi na jamaa ya baba yake kama wakati wa usichana wake, binti huyo anaweza kula chakula cha baba yake. Hata hivyo, mtu asiyeruhusiwa hawezi kula chochote katika chakula hiki.
১৩কিন্তু পুৰোহিতৰ জীয়েক যদি বিধৱা বা স্বামীয়ে ত্যাগ কৰা হয় আৰু তাইৰ যদি সন্তান নাথাকে আৰু নিজ পিতৃৰ ঘৰলৈ আহি, জীয়াৰীকালৰ দৰে থাকে, তেন্তে তাই পিতৃৰ আহাৰ খাব পাৰে। কিন্তু পুৰোহিত বংশৰ নোহোৱা লোকে সেই পুৰোহিতৰ আহাৰ ভোজন নকৰিব।
14 “‘Ikiwa mtu yeyote amekula sadaka takatifu kwa makosa, lazima atoe malipo ya sadaka hiyo kwa kuhani na kuongeza sehemu ya tano ya thamani ya sadaka hiyo.
১৪যদি কোনোৱে অজানিতে পবিত্ৰ বস্তু খায়, তেন্তে তেওঁ পুৰোহিতক তাৰ ক্ষতিপূৰণ কৰিব আৰু তাৰ পাঁচভাগৰ এভাগ বেচিকৈ দিব।
15 Kamwe makuhani wasiinajisi sadaka takatifu ambayo Waisraeli wameitoa kwa Bwana
১৫এইদৰে ইস্ৰায়েলৰ সন্তানসকলে যিহোৱাৰ উদ্দেশ্যে উৎসৰ্গ কৰা পবিত্ৰ বস্তুবোৰ পুৰোহিতসকলে অপবিত্ৰ নকৰিব,
16 kwa kuwaruhusu kuzila sadaka hizo takatifu, na hivyo kuwaletea hatia ya kudaiwa malipo. Mimi ndimi Bwana niwafanyaye watakatifu.’”
১৬ইস্ৰায়েলৰ সন্তানসকলে তেওঁলোকৰ পবিত্ৰ বস্তুবোৰ খোৱাৰ সময়ত, তেওঁলোকক দোষাৰোপ কৰি অপৰাধৰ ফল ভোগ কৰাব নালাগে। কিয়নো মই তেওঁলোকক পবিত্ৰ কৰোঁতা যিহোৱা’।”
17 Bwana akamwambia Mose,
১৭পাছে যিহোৱাই মোচিক ক’লে, বোলে,
18 “Sema na Aroni na wanawe, na Waisraeli wote uwaambie: ‘Ikiwa mmoja wenu, aliye Mwisraeli au mgeni anayeishi katika nchi ya Israeli, atatoa matoleo kwa ajili ya sadaka ya kuteketezwa kwa moto kwa Bwana, iwe kutimiza nadhiri au kuwa sadaka ya hiari,
১৮“তুমি হাৰোণক, তেওঁৰ পুত্ৰসকলক আৰু ইস্ৰায়েলৰ সকলো সন্তানক কোৱা; তেওঁলোকক এইদৰে কোৱা যে, ‘প্ৰতিজ্ঞা সিদ্ধ কৰিবৰ অৰ্থে দিয়া বা ইচ্ছামতে এনেই দিয়া, যিহোৱাৰ উদ্দেশ্যে হোম-বলি স্বৰূপে অনা উপহাৰবোৰৰ মাজৰ নিজৰ উপহাৰ যদি ইস্ৰায়েল বংশৰ কোনো মানুহে, নাইবা ইস্ৰায়েলৰ মাজত প্ৰবাস কৰা কোনো বিদেশীলোকে আনে,
19 lazima mtoe mnyama dume asiye na dosari, akiwa ngʼombe, mbuzi au kondoo, ili aweze kukubalika kwa niaba yako.
১৯তেন্তে সেয়ে গ্ৰাহ্য হ’বৰ বাবে গৰুৰ বা মেৰৰ বা ছাগলীৰ পৰা নিঘূণ মতা পশু উৎসৰ্গ কৰিব লাগে।
20 Kamwe usitoe kitu chochote chenye dosari kwa sababu hakitakubaliwa kwa niaba yako.
২০কিন্তু তোমালোকে ঘূণ থকা একোকে উৎসৰ্গ নকৰিবা। কিয়নো সেয়ে তোমালোকৰ পক্ষে মই গ্রহণ নকৰিম।
21 Mtu yeyote aletapo sadaka ya amani kwa Bwana kutoka kundi la ngʼombe au mbuzi ili kutimiza nadhiri maalum au sadaka ya hiari, lazima sadaka hiyo isiwe na dosari au waa ili ikubalike.
২১কোনো লোকে যদি প্ৰতিজ্ঞা সিদ্ধ কৰিবৰ অৰ্থে নাইবা ইচ্ছামতে এনেই দিবৰ অৰ্থে, গৰু, কি মেৰ, কি ছাগলীৰ জাকৰ পৰা মঙ্গলাৰ্থক বলি যিহোৱাৰ উদ্দেশ্যে উৎসৰ্গ কৰে, তেন্তে গ্ৰাহ্য হবৰ বাবে সেয়ে নিৰ্ঘূণ হব লাগিব। তাত কোনো ঘূণ থাকিব নালাগিব।
22 Kamwe usimtolee Bwana mnyama aliye kipofu, aliyejeruhiwa wala aliye kilema, au chochote kilicho na uvimbe, au chenye upele au vidonda vinavyotoka usaha. Kamwe chochote cha aina hii kisiwekwe juu ya madhabahu kuwa sadaka iliyotolewa kwa Bwana ya kuteketezwa kwa moto.
২২কণা, কি ঠেং ভগা, কি খুন হোৱা, কি পুঁজ-পানী বৈ থকা, কি খহুৱা, কি নিকৰি বন্ধা, এনে পশু তোমালোকে যিহোৱাৰ উদ্দেশ্যে উৎসৰ্গ নকৰিবা; আৰু তাৰ একোকে যিহোৱাৰ উদ্দেশ্যে অগ্নিকৃত উপহাৰ স্বৰূপে যজ্ঞবেদীত নুতুলিবা।
23 Lakini waweza ukatoa ngʼombe au kondoo mwenye kilema au aliyedumaa kama sadaka ya hiari, lakini hii haitakubalika kuwa sadaka ya kutimiza nadhiri.
২৩আৰু অধিক অঙ্গ কি কম অঙ্গ থকা গৰু, মেৰ বা ছাগলী পোৱালি ইচ্ছামতে এনেই দিয়া উপহাৰ স্বৰূপে উৎসৰ্গ কৰিব পাৰা; কিন্তু প্ৰতিজ্ঞা সিদ্ধ কৰিবৰ অৰ্থে সেয়ে গ্ৰহণ নহ’ব।
24 Kamwe usimtolee Bwana mnyama ambaye mapumbu yake yamejeruhiwa, au kuhasiwa, au kuraruliwa au kukatwa. Kamwe usifanye hivi katika nchi yako mwenyewe,
২৪আৰু অণ্ডকোষ চেপি ভঙা, কি খুন্দা, কি মুচৰি চিঙা, কি কটা, একোকে যিহোৱাৰ উদ্দেশ্যে উৎসৰ্গ নকৰিবা। এইবোৰ তোমাৰ দেশত উৎসৰ্গ নকৰিবা,
25 na kamwe usikubali wanyama wa aina hii kutoka mkono wa mgeni ili kuwatoa wanyama hao kuwa chakula kwa Mungu wako. Wanyama hao hawatakubaliwa kwa niaba yako, kwa sababu wana vilema, nao wana dosari.’”
২৫আৰু বিদেশীৰ হাতৰ পৰাও কিবা লৈ, সেইবোৰৰ মাজৰ তোমালোকৰ ঈশ্বৰৰ ভক্ষ্য স্বৰূপে উৎসৰ্গ নকৰিবা; কিয়নো সেইবোৰত দোষ আছে, সেইবোৰত ঘূণ আছে; সেইবোৰ তোমালোকৰ পক্ষে মই গ্ৰহণ নকৰিম’।”
26 Bwana akamwambia Mose,
২৬পাছত যিহোৱাই মোচিক ক’লে,
27 “Wakati ndama, mwana-kondoo au mwana-mbuzi azaliwapo, atabaki na mama yake kwa siku saba. Kuanzia siku ya nane na kuendelea anaweza kukubaliwa kuwa sadaka iliyotolewa kwa Bwana kwa kuteketezwa kwa moto.
২৭“গৰু, কি মেৰ, কি ছাগলী জগাৰ পাছত সাতদিনলৈকে মাকৰ লগত থাকিব লাগিব। তেতিয়া অষ্টম দিনৰ পৰা যিহোৱাৰ উদ্দেশ্যে আগ কৰা অগ্নিকৃত উপহাৰৰ বাবে তাক গ্ৰহণ কৰা হ’ব।
28 Usimchinje ngʼombe na ndama wake, au kondoo na kitoto chake siku moja.
২৮গাই গৰু হওঁক, কি মাইকী মেৰ বা ছাগলী হওঁক, তাইক তাইৰ পোৱালিৰে সৈতে একেদিনাই মাৰিব নালাগে।
29 “Unapomtolea Bwana dhabihu ya shukrani, itoe kwa namna ambayo itakubalika kwa niaba yako.
২৯তোমালোকে যি সময়ত যিহোৱাৰ উদ্দেশ্যে অনুগ্ৰহ মনা বলি উৎসৰ্গ কৰিবা সেই সময়ত, গ্রহণ হবৰ বাবেহে তাক উৎসৰ্গ কৰিবা।
30 Ni lazima iliwe siku iyo hiyo, pasipo kubakiza chochote mpaka asubuhi. Mimi ndimi Bwana.
৩০সেয়ে একেদিনাই তাক ভোজন কৰিব লাগিব। তোমালোকে ৰাতিপুৱালৈ তাৰ একোকে অৱশিষ্ট নাৰাখিবা। মই যিহোৱা।
31 “Shikeni maagizo yangu na kuyafuata. Mimi ndimi Bwana.
৩১এই হেতুকে তোমালোকে মোৰ আজ্ঞাবোৰ পালন কৰি, সেই অনুসাৰে কাৰ্য কৰিবা। মই যিহোৱা।
32 Msilinajisi Jina langu takatifu. Lazima nikubalike kuwa mtakatifu kwa Waisraeli. Mimi ndimi Bwana ninayewafanya watakatifu,
৩২আৰু তোমালোকে মোৰ পবিত্ৰ নাম অপবিত্ৰ নকৰিবা; কিন্তু মই ইস্ৰায়েলৰ সন্তান সকলৰ মাজত পবিত্ৰীকৃত হ’ম। তোমালোকক পবিত্ৰ কৰোঁতা যিহোৱা ময়েই।
33 na niliyewatoa katika nchi ya Misri niwe Mungu wenu. Mimi ndimi Bwana.”
৩৩তোমালোকৰ ঈশ্বৰ হবৰ বাবে যিজনে মিচৰ দেশৰ পৰা তোমালোকক উলিয়াই আনিলে। মই যিহোৱা।”

< Mambo ya Walawi 22 >