< Waamuzi 4 >
1 Baada ya Ehudi kufa, Waisraeli wakafanya tena maovu machoni pa Bwana.
১এহূদৰ মৃত্যুৰ পাছত, ইস্ৰায়েলৰ সন্তান সকলে পুনৰ যিহোৱাৰ দৃষ্টিত আকৌ কু-আচৰণ কৰিলে।
2 Hivyo Bwana akawatia mikononi mwa Yabini, mfalme wa Kanaani, aliyetawala huko Hazori. Jemadari wa jeshi lake alikuwa Sisera, aliyeishi huko Haroshethi-Hagoyimu
২তেতিয়া যিহোৱাই হাচোৰত শাসন কৰা যাবীন নামৰ এজন কনানীয়া ৰজাৰ হাতত তেওঁলোকক তুলি দিলে; তেওঁৰ সেনাপতিজনৰ নাম আছিল চীচৰা। চীচৰাই অনা-ইস্রায়েলী লোক বাস কৰা হৰোচৎ হোহোইমত বাস কৰিছিল।
3 Kwa kuwa Sisera alikuwa na magari ya chuma yapatayo 900, naye alikuwa amewatesa Waisraeli kwa ukatili kwa muda wa miaka ishirini, Waisraeli wakamlilia Bwana wakaomba msaada.
৩সেই সেনাপতিৰ নশ লোহাৰ ৰথ আছিল আৰু তেওঁ বিশ বছৰলৈকে ইস্ৰায়েলীয়া লোক সকলৰ ওপৰত অতিশয় উৎপীড়ন চলাইছিল। সেয়ে, ইস্রায়েলবাসীয়ে যিহোৱাৰ ওচৰত সহায় বিচাৰি কাতৰোক্তি কৰিবলৈ ধৰিলে।
4 Debora, nabii mwanamke, mkewe Lapidothi, ndiye alikuwa anaamua Israeli wakati ule.
৪সেই সময়ত লপ্পীদোতৰ ভাৰ্যা দবোৰা নামৰ এগৰাকী মহিলা ভাববাদী আছিল। তেওঁ তেতিয়া ইস্ৰায়েলৰ বিচাৰকর্তা আছিল।
5 Debora alikuwa akiketi chini ya Mtende wa Debora uliokuwa kati ya Rama na Betheli katika nchi ya vilima ya Efraimu, nao Waisraeli wakaja kwake ili awaamue.
৫তেওঁ ইফ্ৰয়িমৰ পৰ্ব্বতীয়া অঞ্চলৰ ৰামা আৰু বৈৎএলৰ মাজৰ দবোৰাৰ খাজুৰ গছ নামেৰে জনাজাত খাজুৰ গছৰ তলত বহে আৰু ইস্ৰায়েলৰ সন্তান সকলে নিজৰ কাজিয়া-পেচালৰ মীমাংসাৰ কাৰণে তেওঁৰ গুৰিলৈ আহে।
6 Akatuma wamwite Baraka mwana wa Abinoamu kutoka Kedeshi huko Naftali na kumwambia, “Bwana, Mungu wa Israeli, anakuagiza: ‘Nenda, chukua wanaume 10,000 toka Naftali na Zabuloni, mwende Mlima Tabori.
৬তেওঁ নপ্তালী দেশৰ কেদচৰ পৰা অবীনোৱমৰ পুত্ৰ বাৰাকক মাতি আনি ক’লে, “ইস্রায়েলৰ ঈশ্বৰ যিহোৱাই আপোনাক এই আজ্ঞা দিছে, ‘তুমি নপ্তালীৰ আৰু জবূলূনৰ বংশৰ দহ হাজাৰ লোক লগত লৈ তাবোৰ পৰ্ব্বতৰ ফালে যোৱা।
7 Nitamshawishi Sisera, jemadari wa jeshi la Yabini, pamoja na magari yake na jeshi lake, hadi Mto Kishoni na kumtia mikononi mwako.’”
৭মই যাবীনৰ সেনাপতি চীচৰাক, তেওঁৰ ৰথ আৰু সৈন্যদলৰ সৈতে কীচোন নদীৰ ওচৰলৈ লৈ যাম আৰু মই তোমাক তেওঁৰ ওপৰত জয়যুক্ত কৰিম’।”
8 Baraka akamwambia, “Ukienda pamoja nami nitakwenda, lakini usipokwenda pamoja nami, sitakwenda.”
৮তেতিয়া বাৰাকে দাবোৰাক ক’লে, “আপুনি যদি মোৰ লগত যায়, তেতিয়াহে মই যাম; কিন্তু যদি আপুনি নাযায়, তেনেহ’লে মই নাযাওঁ।”
9 Debora akamwambia, “Hakika nitakwenda pamoja nawe, lakini njia unayoiendea haitakupa heshima wewe, kwa kuwa Bwana atamtia Sisera mikononi mwa mwanamke.” Hivyo Debora akaenda pamoja na Baraka mpaka Kedeshi,
৯তেওঁ ক’লে, “ঠিক আছে, মই আপোনাৰ লগত নিশ্চয়ে যাম। কিন্তু এই যুদ্ধ-যাত্ৰাৰ গৌৰৱ হ’লে আপুনি নাপাব; কিয়নো যিহোৱাই এগৰাকী মহিলাৰ শক্তিৰ দ্বাৰাই চীচৰাক পৰাস্ত কৰিব।” তাৰ পাছত দবোৰাই উঠি বাৰাকেৰে সৈতে কেদচলৈ গ’ল।
10 mahali ambapo Baraka aliwaita Zabuloni na Naftali. Watu 10,000 wakamfuata Baraka, na Debora pia akaenda pamoja naye.
১০বাৰাকে জবূলূন আৰু নপ্তালী বংশৰ লোক সমূহক কেদচলৈ একলগে মাতি আনিলে। দহ হাজাৰ লোক তেওঁৰ লগত গ’ল আৰু দবোৰাও তেওঁৰ লগত গ’ল।
11 Basi Heberi, Mkeni, alikuwa amejitenga na Wakeni wengine, yaani, wazao wa Hobabu, mkwewe Mose, naye akapiga hema lake karibu na ule mti mkubwa wa mwaloni ulioko Saananimu, karibu na Kedeshi.
১১সেই সময়ত হেবৰ নামৰ কেনীয়া সম্প্রদায়ৰ এজন লোক আছিল; তেওঁ অন্যান্য কেনীয়াসকলক এৰি নিজে পৃথকে আছিল। কেনীয়াসকল আছিল মোচিৰ শহুৰেক হোববৰ উত্তৰপুৰুষ। হেবৰে কেদচৰ ওচৰৰ চনন্নীমত থকা ওক গছৰ দাঁতিত নিজৰ তম্বু তৰিছিল।
12 Sisera alipoambiwa kuwa Baraka mwana wa Abinoamu alikuwa amepanda Mlima Tabori,
১২চীচৰাই এই খবৰ পালে যে, অবীনোৱমৰ পুত্ৰ বাৰাক তাবোৰ পৰ্ব্বতলৈ উঠি গৈছে।
13 Sisera akakusanya pamoja magari yake yote 600 ya chuma na watu wote waliokuwa pamoja naye, kuanzia Haroshethi-Hagoyimu mpaka Mto wa Kishoni.
১৩চীচৰাই তেতিয়া নিজৰ নশ লোহাৰ ৰথ আৰু তেওঁৰ লগত থকা সকলো সৈন্যকে গোটাই লৈ অনা-ইস্রায়েলী জাতিৰ হৰোচৎৰ পৰা কীচোন নদীৰ পাৰলৈ আহিল।
14 Ndipo Debora akamwambia Baraka, “Nenda! Hii ndiyo siku ambayo Bwana amemtia Sisera mikononi mwako. Je, Bwana hakukutangulia mbele yako?” Hivyo Baraka akashuka kutoka Mlima Tabori, akifuatwa na watu 10,000.
১৪তেতিয়া দবোৰাই বাৰাকক ক’লে, “আপুনি আগবাঢ়ি যাওঁক! কিয়নো চীচৰাক পৰাজয় কৰিবৰ কাৰণে যিহোৱাই আজিয়েই এই সময় আপোনাক দিছে; যিহোৱাই জানো আপোনাক পথ দেখুৱাই নিয়া নাই?” তেতিয়া বাৰাক আৰু তেওঁৰ পাছে পাছে যোৱা দহ হাজাৰ লোক তাবোৰ পৰ্ব্বতৰ পৰা নামিল।
15 Bwana akamfadhaisha Sisera na magari yake yote, pamoja na jeshi lake lote kwa upanga mbele ya Baraka, naye Sisera akaliacha gari lake na kukimbia kwa miguu.
১৫বাৰাকৰ লোকসকলে যেতিয়া তেওঁলোকক আক্রমণ কৰিলে, তেতিয়া যিহোৱাই চীচৰা, তেওঁৰ সকলো ৰথবোৰ আৰু সৈন্যসামন্তক বিভ্রান্ত কৰি তুলিলে; তাতে চীচৰাই ৰথৰ পৰা নামি দৌৰি পলাই গ’ল।
16 Lakini Baraka akafuata magari pamoja na jeshi mpaka Haroshethi-Hagoyimu. Jeshi lote la Sisera likaanguka kwa upanga, wala hakuna hata mtu mmoja aliyesalia.
১৬কিন্তু বাৰাকে অনা-ইস্রায়েলীৰ হৰোচৎ পর্যন্ত তেওঁলোকৰ ৰথ আৰু সৈন্যসামন্তৰ পাছে পাছে খেদি গ’ল; চীচৰাৰ সকলো সৈন্যকে তৰোৱালেৰে আঘাত কৰি বধ কৰা হ’ল, এজন লোকো বাচি নাথাকিল।
17 Sisera, hata hivyo, akakimbia kwa miguu mpaka kwenye hema la Yaeli, mkewe Heberi, Mkeni, kwa sababu palikuwa na uhusiano wa kirafiki kati ya Yabini mfalme wa Hazori na ukoo wa Heberi, Mkeni.
১৭কিন্তু চীচৰাই দৌৰি পলাই গৈ সেই কেনীয়া হেবৰৰ ভার্য্যা যায়েলৰ তম্বুলৈ আহিল; কাৰণ সেই সময়ত হাচোৰৰ ৰজা যাবীন আৰু কেনীয়া হেবৰৰ বংশৰ মাজত বন্ধুত্ব আছিল।
18 Yaeli akaenda kumlaki Sisera na kumwambia, “Karibu, bwana wangu, karibu ingia ndani kabisa. Usiogope.” Basi Sisera akaingia ndani ya hema ya Yaeli, naye akamfunika kwa blanketi nene.
১৮যায়েলে চীচৰাক আগবঢ়ায় আনিবলৈ ওলাই গৈ তেওঁক ক’লে, “হে মোৰ প্ৰভু, ভিতৰলৈ আহঁক, মোৰ ভিতৰলৈকে আহঁক, ভয় নকৰিব।” তাতে চীচৰা যায়েলৰ তম্বুৰ ভিতৰলৈ গ’ল আৰু যায়েলে এখন কম্বলেৰে চীচৰাক ঢাকি দিলে।
19 Akamwambia, “Nina kiu, tafadhali nipe maji ya kunywa.” Ndipo akafungua kiriba cha maziwa na kumpa akanywa, kisha akamfunika.
১৯চীচৰাই তেওঁক ক’লে, “মোৰ পিয়াহ লাগিছে, অনুগ্রহ কৰি মোক অলপ পানী পিবলৈ দিয়া।” যায়েলে এটা গাখীৰৰ মোট মেলি তেওঁক পান কৰিবলৈ দি পাছত আকৌ তেওঁক ঢাকি ৰাখিলে।
20 Naye Sisera akamwambia, “Simama mlangoni pa hema na mtu yeyote akija na kukuuliza, ‘Je, kuna mtu yeyote hapa?’ sema, ‘Hapana.’”
২০চীচৰাই তেওঁক ক’লে, “তুমি তম্বুৰ দুৱাৰ মুখত থিয় হৈ থাকা; যদি কোনো মানুহে আহি তোমাক সোধে, ইয়াতে কোনো মানুহ আছেনে? তুমি ‘নাই’ বুলি কবা।”
21 Ndipo Yaeli, mkewe Heberi, akatwaa kigingi cha hema, akachukua nyundo mkononi mwake, akamwendea polepole, akiwa amelala usingizi, akiwa amechoka. Akakigongomea kile kigingi kwenye paji la uso wake, kikapenya hata kuingia ardhini, naye akafa.
২১পাছত চীচৰা তাতে গভীৰ নিদ্রা গ’ল; এনে সময়তে হেবৰৰ ভার্য্যা যায়েলে তম্বুৰ এটা খুটি আৰু হাতুৰী হাতত ল’লে আৰু তাৰ পাছত মনে মনে তেওঁৰ ওচৰলৈ গৈ তেওঁৰ মূৰৰ একাষে সেই খুটি হাতুৰিৰে সুমুৱাই দিলে; খুটিটো মূৰৰ মাজেদি ওলাই মাটিত গৈ হানিলে। এইদৰে চীচৰাৰ মৃত্যু হ’ল।
22 Baraka akakaribia akimfuatia Sisera, Yaeli akatoka kumlaki. Akamwambia, “Njoo, nitakuonyesha mtu unayemtafuta.” Hivyo wakaingia ndani ya hema wakiwa wamefuatana na tazama Sisera alikuwa amelala humo, akiwa amekufa, na hicho kigingi cha hema kikiwa kimegongomewa kupitia paji la uso wake.
২২বাৰাকে চীচৰাৰ পাছে পাছে খেদি আহি সেই ঠাই পালে। যায়েলে তেওঁক মাতি আনিবলৈ বাহিৰলৈ ওলাই গৈ ক’লে, “আহঁক, আপুনি বিচাৰি ফুৰা মানুহজনক মই দেখুৱাই দিম।” তাতে বাৰাকে তেওঁৰ লগত তম্বুৰ ভিতৰলৈ সোমাই দেখিলে যে, চীচৰা মৰি পৰি আছে আৰু তেওঁৰ মূৰৰ কাষেদি তম্বুৰ খুটি সোমোৱা আছে।
23 Basi siku ile Mungu akamshinda Yabini, mfalme wa Kanaani, mbele ya Israeli.
২৩এইদৰে যিহোৱাই সেইদিনা ইস্ৰায়েলৰ সন্তান সকলৰ সন্মুখত কনানৰ ৰজা যাবীনক পৰাস্ত কৰিলে।
24 Nao mkono wa Waisraeli ukaendelea kuwa na nguvu zaidi na zaidi dhidi ya Yabini, mfalme wa Kanaani, mpaka wakamwangamiza.
২৪শেষত যাবীন ৰজাৰ বিনাশ নোহোৱালৈকে ইস্ৰায়েলৰ সন্তান সকল দিনে দিনে তেওঁৰ বিৰুদ্ধে অধিক শক্তিশালী হৈ উঠিল।