< Waamuzi 2 >

1 Malaika wa Bwana akakwea kutoka Gilgali hadi Bokimu, naye akasema, “Niliwapandisha kutoka Misri na kuwaingiza katika nchi niliyoapa kuwapa baba zenu. Nikasema, ‘Kamwe sitalivunja Agano langu nanyi.
যিহোৱাৰ দূতে গিলগলৰ পৰা বোখীমলৈ উঠি আহি ইস্রায়েলীসকলক ক’লে, “মই মিচৰ দেশৰ পৰা তোমালোকক বাহিৰ কৰি আনিলো অাৰু যি দেশ দিম বুলি মই তোমালোকৰ পুৰ্বপুৰুষসকলৰ আগত শপত খাইছিলোঁ, সেই দেশলৈ তোমালোকক লৈ আহিলোঁ; মই কৈছিলোঁ, ‘তোমালোকৰ সৈতে স্থাপন কৰা মোৰ নিয়মটি মই কেতিয়াও নাভাঙিম।
2 Nanyi msifanye agano na watu wa nchi hii, bali mtazibomoa madhabahu yao.’ Lakini ninyi hamkunitii mimi. Kwa nini mmefanya jambo hili?
তোমালোকেও এই দেশৰ লোকসকলৰ সৈতে কোনো চুক্তি নকৰিবা; সিহঁতৰ বেদিবোৰ ভাঙি পেলাবা।’ কিন্তু তোমালোকে মোৰ কথালৈ কাণ নিদিলা। তোমালোকে কিয় এনে কার্য কৰিলা?
3 Sasa basi ninawaambia kuwa sitawafukuza watoke katikati yenu ila watakuwa miiba kwenu, nao miungu yao itakuwa tanzi kwenu.”
এই কাৰণে মই এতিয়া তোমালোকক কওঁ যে, ‘মই তোমালোকৰ ওচৰৰ পৰা কনানীয়াসকলক দূৰ নকৰিম; তেওঁলোক তোমালোকৰ কাৰণে কাঁইটস্বৰূপ হ’ব আৰু তেওঁলোকৰ দেৱতাবোৰ তোমালোকৰ কাৰণে এক ফান্দ হৈ পৰিব’।”
4 Malaika wa Bwana alipomaliza kusema mambo haya kwa Waisraeli wote, watu wakalia kwa sauti kuu.
যিহোৱাৰ দূতে ইস্ৰায়েলৰ সন্তান সকলক এইবোৰ কথা কোৱাৰ পাছত তেওঁলোক সকলোৱে উচ্চস্বৰে কান্দিবলৈ ধৰিলে।
5 Wakapaita mahali pale Bokimu. Nao wakamtolea Bwana sadaka.
যি ঠাইত তেওঁলোকে কান্দিছিল সেই ঠাইৰ নাম বোখীম ৰাখিলে; তেওঁলোকে তাত যিহোৱাৰ উদ্দেশ্যে অনেক বলি উৎসর্গ কৰিলে।
6 Baada ya Yoshua kuwapa watu ruhusa waende zao, Waisraeli wakaenda kwenye urithi wao wenyewe ili kumiliki nchi yao.
যিহোচূৱাই ইস্ৰায়েলৰ সন্তান সকলক নিজৰ নিজৰ ঠাইলৈ পঠিয়াই দিলে। সেইদৰে তেওঁলোক প্রত্যেকেই যাক যি ভাগ দিয়া হ’ল, সেই ঠাইৰ আধিপত্য লবলৈ গ’ল।
7 Watu wakamtumikia Bwana siku zote za maisha ya Yoshua, na za hao wazee walioishi baada ya Yoshua kufa, waliokuwa wameona mambo makuu ambayo Bwana alikuwa ametenda kwa ajili ya Israeli.
যিহোচূৱা যিমান দিন জীয়াই আছিল, সিমান দিনলৈকে ইস্রায়েলবাসীয়ে যিহোৱাৰ সেৱা কৰিছিল। যিহোচূৱাৰ মৃত্যুৰ পাছত যিসকল বৃদ্ধলোক জীৱিত আছিল, তেওঁলোকেও নিজৰ জীৱনকালত যিহোৱাৰ সেৱা কৰিছিল। ইস্ৰায়েলৰ লোকসকলৰ কাৰণে যিহোৱাই যি যি মহৎ কৰ্ম কৰিছিল; সেইসকলো কর্ম এই বৃদ্ধলোক সকলে দেখিছিল।
8 Yoshua mwana wa Nuni, mtumishi wa Bwana, akafa akiwa na umri wa miaka 110.
নুনৰ পুত্ৰ যিহোৱাৰ দাস যিহোচূৱাৰ এশ দহ বছৰ বয়সত মৃত্যু হ’ল।
9 Wakamzika katika nchi ya urithi wake, huko Timnath-Heresi katika nchi ya vilima ya Efraimu, kaskazini ya Mlima Gaashi.
ইস্রায়েলবাসীয়ে যিহোচূৱাক তেওঁৰ নিজৰ মাটিৰ সীমাৰ ভিতৰৰ তিন্নৎহেৰচ নামৰ ঠাইত মৈদাম দিলে। এই ঠাই গাচ পর্ব্বতৰ উত্তৰত ইফ্ৰয়িমৰ পাহাৰীয়া অঞ্চলত আছিল।
10 Baada ya kizazi kile chote kukusanywa pamoja na baba zao, kikainuka kizazi kingine baada yao ambacho hakikumjua Bwana, wala matendo yale aliyokuwa ametenda kwa ajili ya Waisraeli.
১০যিহোচূৱাৰ সমসাময়িক সকলো প্রজন্মই মৃত্যু বৰণ কৰি নিজৰ ওপৰ পিতৃসকলৰ ওচৰলৈ যোৱাৰ পাছত পৰৱর্তী প্রজন্মৰ বৃদ্ধি হবলৈ ধৰিলে। তেওঁলোকে যিহোৱাক নাজানিলে। যিহোৱাই ইস্ৰায়েলবাসীৰ কাৰণে কি কৰিলে তেওঁলোকে সেইবোৰ নাজানিলে।
11 Kwa hiyo Waisraeli wakatenda maovu machoni pa Bwana na kuwatumikia Mabaali.
১১সেয়ে তেওঁলোকে যিহোৱাৰ দৃষ্টিত যি বেয়া তেনে আচৰণ কৰিবলৈ আৰম্ভ কৰিলে আৰু বাল-দেৱতাবোৰৰ সেৱা-পূজা কৰিব ধৰিলে।
12 Wakamwacha Bwana, Mungu wa baba zao, aliyekuwa amewatoa katika nchi ya Misri. Wakaifuata na kuiabudu miungu mbalimbali ya mataifa yanayowazunguka. Wakamkasirisha Bwana,
১২তেওঁলোকৰ ওপৰ-পিতৃসকলৰ যিহোৱা ঈশ্বৰ, যিজনাই মিচৰ দেশৰ পৰা তেওঁলোকক উলিয়াই আনিছিল, তেওঁক তেওঁলোকে ত্যাগ কৰিলে। তেওঁলোকৰ চাৰিওফালে বসবাস কৰা লোক সকলৰ বিভিন্ন দেৱ-দেবীক প্রণিপাত কৰি সেইবোৰৰ পাছত চলিবলৈ ধৰিলে। তেওঁলোকে যিহোৱাৰ ক্রোধ প্রজ্বলিত কৰি তুলিলে।
13 kwa sababu walimwacha na kutumikia Baali na Maashtorethi.
১৩তেওঁলোকে যিহোৱাক ত্যাগ কৰি বাল-দেৱতা আৰু অষ্টাৰেৎ দেবীৰ পূজা কৰিবলৈ ধৰিলে।
14 Hivyo hasira ya Bwana ikawaka juu ya Israeli, naye akawatia mikononi mwa wavamizi waliowateka nyara. Akawauza katika mikono ya adui zao pande zote, hivyo hawakuweza tena kuwazuia adui zao.
১৪যিহোৱাৰ ক্রোধ ইস্ৰায়েলবাসীৰ বিৰুদ্ধে জ্বলি উঠাত তেওঁ তেওঁলোকক লুটকাৰীসকলৰ হাতত শোধাই দিলে; সিহঁতে তেওঁলোকক লুট কৰিলে; তেওঁলোকৰ চাৰিওকাষে থকা শত্ৰুবোৰৰ শক্তিশালী হাতত তেওঁলোকক দাসৰূপে বেচিলে; তাতে তেওঁলোকে শত্ৰুবোৰৰ বিৰুদ্ধে থিয় হৈ নিজক পুনৰ ৰক্ষা কৰিব নোৱাৰিলে।
15 Popote Israeli walipotoka kwenda kupigana, mkono wa Bwana ulikuwa kinyume nao ili kuwashinda, kama vile alivyokuwa amewaapia. Nao wakawa katika taabu kubwa.
১৫যেতিয়া ইস্রায়েলীয়াসকল যুদ্ধলৈ যায় তেতিয়া যিহোৱাই যিদৰে শপত খাইছিল, সেই অনুসাৰে তেওঁৰ হাত তেওঁলোকৰ পৰাজয়ৰ কাৰণে তেওঁলোকৰ বিপক্ষে আছিল। তাৰ ফলত ইস্রায়েলীয়াসকল ভয়ঙ্কৰ দুর্দ্দশাৰ মাজত আছিল।
16 Ndipo Bwana akawainua waamuzi, ambao waliwaokoa katika mikono ya hao watu waliowashambulia.
১৬তেতিয়া যিহোৱাই তেওঁলোকৰ মাজত বিচাৰকৰ্ত্তাসকলক নিযুক্ত কৰিলে; ইস্রায়েলসকলক যিসকলে লুট কৰে, তেওঁলোকৰ হাতৰ পৰা এইসকলে তেওঁলোকক উদ্ধাৰ কৰে।
17 Lakini hawakuwasikiliza hata waamuzi wao, bali walifanya uasherati kwa kuifuata miungu mingine na kuiabudu. Waligeuka mara na kuiacha njia ambayo baba zao waliiendea, yaani, njia ya kutii amri za Bwana.
১৭কিন্তু ইস্রায়েলীয়াসকলে বিচাৰকৰ্ত্তাসকলৰ কথাত কাণ নিদিলে; কিয়নো তেওঁলোক যিহোৱাৰ প্রতি বিশ্বাসী নাছিল আৰু আন আন দেৱ-দেৱীৰ ওচৰত নিজকে বেচি ব্যভিচাৰ কৰিলে আৰু সেইবোৰৰ আগত প্ৰণিপাত কৰিছিল; তেওঁলোকৰ ওপৰ পিতৃসকলে যিহোৱাৰ আজ্ঞা পালন কৰি বাধ্যতাৰ যি পথত গমণ কৰিছিল, তেওঁলোকে সেই পথত নচলিলে আৰু অচিৰেই সেই পথৰ পৰা আঁতৰি গ’ল।
18 Kila mara Bwana alipowainulia mwamuzi, Bwana alikuwa pamoja na huyo mwamuzi, naye aliwaokoa kutoka mikononi mwa adui zao kwa kipindi chote alichoishi yule mwamuzi. Kwa kuwa Bwana aliwahurumia kwa sababu ya kilio chao cha huzuni kwa ajili ya wale waliokuwa wakiwatesa na kuwataabisha.
১৮যিহোৱাই যেতিয়া তেওঁলোকৰ কাৰণে কোনো বিচাৰকৰ্ত্তাক নিযুক্তি দিছিল, তেতিয়া তেওঁ সেই বিচাৰকৰ্ত্তাক সহায় কৰিছিল। সেইজন বিচাৰকৰ্ত্তা যিমান দিনলৈকে জীয়াই থাকে, সিমান দিনলৈকে যিহোৱাই শত্ৰুবোৰৰ হাতৰ পৰা ইস্রায়েলক উদ্ধাৰ কৰিছিল; অত্যাচাৰীবোৰৰ হাতত উপদ্ৰৱ আৰু তাড়না পাই তেওঁলোকে যেতিয়া কন্দা-কটা কৰে, তেতিয়া তেওঁলোকৰ প্রতি যিহোৱাৰ দয়া ওপজে।।
19 Lakini kila mara mwamuzi alipofariki, watu walirudia katika hali mbaya ya uovu zaidi kuliko baba zao, wakiifuata miungu mingine kuitumikia na kuiabudu. Walikataa kuacha matendo yao maovu na njia zao za ukaidi.
১৯কিন্তু সেই বিচাৰকৰ্ত্তা মৰিলেই তেওঁলোকে পুনৰ ঘূৰি দেৱ-দেৱীবোৰৰ পাছত চলি পূজা-অর্চনা আৰু সেৱা-উপাসনাত ব্রতী হয়; তেওঁলোকে পূর্বপুৰুষসকলতকৈও অধিক ভ্রষ্টাচাৰৰ পথলৈ উলটি যায়। তেওঁলোকে একোতেই নিজৰ দুষ্ট অভ্যাস আৰু গোড়ামিৰ পথ নেৰে।
20 Kwa hiyo Bwana akawakasirikia sana Israeli na kusema, “Kwa kuwa taifa hili limevunja Agano lile nililofanya na baba zao na hawakunisikiliza,
২০সেয়ে ইস্ৰায়েলৰ বিৰুদ্ধে যিহোৱাৰ ক্ৰোধ জ্বলি উঠাত তেওঁ ক’লে, “এই জাতিৰ পূর্বপুৰুষসকলৰ লগত মই যি ব্যৱস্থাৰ চুক্তি কৰিছিলোঁ, তাক এওঁলোকে উলঙ্ঘন কৰিলে আৰু মোৰ কথাও নুশুনিলে।
21 mimi nami sitafukuza taifa lolote ambalo Yoshua aliliacha alipofariki.
২১এই হেতুকে যিহোচূৱাৰ মৃত্যুৰ সময়ত যি সকলো অন্য জাতি এই দেশত অৱশিষ্ট থাকি গ’ল, মই সেইসকলক ইস্রায়েলৰ সন্মুখৰ পৰা পুনৰ দূৰ নকৰিম।
22 Nitayatumia ili nipate kuwapima Israeli na kuona kama wataishika njia ya Bwana na kuenenda katika hiyo kama njia baba zao walivyofanya.”
২২ইস্ৰায়েলবাসীয়ে তেওঁলোকৰ পূর্বপুৰুষসকলে চলাৰ দৰে যিহোৱাৰ পথত চলে নে নচলে, এইসকল জাতিৰ যোগেদিয়েই মই তেওঁলোকৰ পৰীক্ষা কৰিম।”
23 Bwana alikuwa ameyaacha hayo mataifa yabaki; hakuyaondoa mara moja kwa kuyatia mikononi mwa Yoshua.
২৩এই কাৰণতে যিহোৱাই সেই জাতিবোৰক শীঘ্ৰে বাহিৰ নকৰি দেশত ৰাখি থলে। তেওঁ যিহোচূৱাৰ হাততো তেওঁলোকক সমৰ্পণ নকৰিলে।

< Waamuzi 2 >