< Waamuzi 19 >

1 Katika siku hizo Israeli hawakuwa na mfalme. Basi Mlawi mmoja aliyeishi sehemu za mbali katika nchi ya vilima ya Efraimu, akamchukua suria mmoja kutoka Bethlehemu ya Yuda.
যি সময়ত ইস্ৰায়েলৰ মাজত ৰজা নাছিল, সেই সময়ত ইফ্ৰয়িম পৰ্ব্বতীয়া অঞ্চলৰ শেষ ভাগত এজন লেবীয়া লোকে প্ৰবাস কৰিছিল; তেওঁ যিহূদাৰ বৈৎলেহেমত এজনী উপপত্নী ৰাখিছিল;
2 Lakini suria wake akafanya ukahaba dhidi yake, naye akamwacha akarudi nyumbani kwa baba yake huko Bethlehemu ya Yuda. Baada ya kukaa huko kwa muda wa miezi minne,
পাছত তেওঁৰ সেই উপপত্নীয়ে তেওঁৰ বিৰুদ্ধে বিশ্বাসঘাতকতা কৰিলে আৰু তেওঁক এৰি যিহূদাৰ বৈৎলেহেমত থকা নিজৰ বাপেকৰ ঘৰলৈ গৈ তাতে চাৰি মাহমান থাকিল।
3 mume wake akaenda kumsihi ili arudi. Alikwenda na mtumishi wake na punda wawili. Yule mwanamke akamkaribisha nyumbani mwa baba yake, baba yake alipomwona akamkaribisha kwa furaha.
পাছত তাইৰ গিৰিয়েকে উঠি আহি তাইক বুজাই পুনৰ নিজৰ ঘৰলৈ আনিবৰ বাবে তাইৰ ওচৰলৈ গ’ল; তেওঁৰ লগত এজন দাস আৰু এটা গাধ আছিল। তেওঁৰ উপপত্নীয়ে তেওঁক বাপেকৰ ঘৰৰ ভিতৰলৈ নিলে আৰু সেই যুৱতীৰ বাপেকে সেই মানুহক দেখি আনন্দেৰে তেওঁৰ লগত সাক্ষাৎ কৰিলে।
4 Baba mkwe wake, yaani, baba yake yule msichana, akamzuia ili akae, hivyo akakaa na huyo baba mkwe wake kwa siku tatu, wakila, wakinywa na kulala huko.
সেই যুৱতীৰ বাপেকে অর্থাৎ তেওঁৰ শহুৰেকে তেওঁক তিন দিন ধৰি লগত থাকিবলৈ অনুৰোধ কৰিলে; তেতিয়া তেওঁ তেওঁলোকৰে সৈতে তাত খোৱা-বোৱা কৰি থাকিল।
5 Siku ya nne wakaamka mapema naye akajiandaa kuondoka, lakini baba wa yule msichana akamwambia mkwewe, “Ujiburudishe kwa kula kitu chochote, ndipo uweze kwenda.”
পাছত চতুৰ্থদিনা তেওঁলোক ৰাতিপুৱাই উঠিল আৰু যাবলৈ ওলাল; তেতিয়া সেই যুৱতীৰ বাপেকে জোঁৱায়েকক ক’লে, “তুমি অলপ আহাৰ গ্রহণ কৰি মন সুস্থিৰ কৰা, তাৰ পাছত তোমাৰ বাটত তুমি গুচি যাবা।”
6 Basi wakaketi wote wawili ili kula na kunywa pamoja. Baadaye baba wa msichana akamwambia, “Tafadhali ubakie usiku huu upate kujifurahisha nafsi yako.”
তেতিয়া তেওঁলোক দুয়োজনে একে-লগে বহি ভোজন পান কৰিলে আৰু সেই যুৱতীৰ বাপেকে ক’লে মিনতি কৰোঁ, “অনুগ্ৰহ কৰি তুমি এই ৰাতিও থাকি মন প্ৰফুল্লিত কৰা।”
7 Basi yule mtu alipotaka kuondoka baba wa yule msichana akamsihi, basi akabaki usiku ule.
তথাপি সেই মানুহ যাবলৈ উঠিল, কিন্তু শহুৰেকে তেওঁক থাকিবলৈ বৰকৈ ধৰাত, সেই ৰাতিও থাকিল।
8 Asubuhi ya siku ya tano, alipoamka ili aondoke, baba wa yule msichana akamwambia, “Jiburudishe nafsi yako. Ngoja mpaka mchana!” Kwa hiyo wote wawili wakala chakula pamoja.
পাছত পঞ্চম দিনা যাবৰ কাৰণে ৰাতিপুৱাতে উঠাৰ পাছত, শহুৰেকে তেওঁক ক’লে, “খোৱা-বোৱা কৰি আবেলিলৈকে থাকি নিজক সুস্থিৰ কৰা।” সেয়ে, তেওঁলোক দুয়োজন বহি ভোজন কৰিলে।
9 Basi wakati yule mtu alipoinuka aende zake, pamoja na suria wake na mtumishi wake, baba mkwe wake, yaani, baba wa yule msichana akamwambia, “Tazama sasa jioni inakaribia. Ulale hapa usiku unakaribia. Ukae, ukajifurahishe nafsi yako. Kesho unaweza kuamka mapema asubuhi na uende nyumbani kwako.”
পাছত যেতিয়া লেবীয়া জনে নিজৰ উপপত্নী আৰু দাসক লৈ গুছি যাবৰ কাৰণে প্রস্তুত হওঁতে, শহুৰেকে তেওঁক ক’লে “চোৱা দিন প্ৰায় শেষ হ’ল; বিনয় কৰোঁ, তুমি আজি ৰাতিও ইয়াতে থাকা। চোৱা, বেলি প্ৰায় লহিয়াইছে; তুমি এই ঠাইতে ৰাতি থাকি প্ৰফুল্লিত হোৱা আৰু কাইলৈ তোমালোকে নিজ ঘৰলৈ যাবৰ কাৰণে সোনকালে উঠি নিজ বাটে গুচি যাবা।”
10 Lakini akakataa kulala tena, akaondoka na kwenda mpaka Yebusi (ndio Yerusalemu), akiwa na punda wake wawili waliotandikiwa, pamoja na suria wake.
১০কিন্তু সেই মানুহে সেই ৰাতি থাকিবলৈ সন্মত নহ’ল আৰু উঠি যাত্ৰা কৰি যিবুচ অৰ্থাৎ যিৰূচালেমৰ ওচৰ আহি পালে; তাৰ লগত দুটা সজোৱা গাধ আৰু তাৰ উপপত্নী আছিল।
11 Alipokaribia Yebusi na usiku ukiwa umekaribia, mtumishi akamwambia bwana wake, “Haya sasa natuingie katika mji huu wa Wayebusi tulale humo.”
১১তেওঁলোক যিবুচৰ ওচৰ আহি পোৱাত দিন প্ৰায় শেষ হ’ল; তেতিয়া দাসে তেওঁৰ গৰাকীক ক’লে, “নিবেদন কৰোঁ, আহক আমি যিবুচীয়াহঁতৰ এই নগৰত সোমাই ৰাতিটো ইয়াতে থাকোঁহক।”
12 Lakini bwana wake akamjibu, “Hapana. Hatutaingia kwenye mji wa kigeni, ambao watu wake si Waisraeli. Tutaendelea mpaka tufike Gibea.”
১২কিন্তু তাৰ গৰাকীয়ে তাক ক’লে, “যি নগৰ ইস্ৰায়েলৰ সন্তান সকলৰ নহয়, এনে ভীন্ন দেশীয় লোকৰ নগৰত আমি নোসোমাও; আমি আগবাঢ়ি গিবিয়ালৈ যাওঁহক।”
13 Akasema, “Haya, tujitahidi tufike Gibea au Rama, nasi tutalala katika mji mmojawapo.”
১৩তেওঁ দাসক ক’লে, “আহা আমি এই অঞ্চলৰ কোনো ঠাইৰ ওচৰলৈ গৈ গিবিয়া বা ৰামাত ৰাতিটো পাৰ কৰিম।”
14 Hivyo wakaendelea na safari, jua likachwea walipokaribia Gibea ambao ni mji wa Benyamini.
১৪এইদৰে তেওঁলোক আগবাঢ়ি গ’ল আৰু বিন্যামীনৰ অধিকাৰত থকা গিবিয়াৰ ওচৰ পোৱাত বেলি মাৰ গ’ল।
15 Wakageuka ili kuingia na kulala Gibea. Wakaingia humo, wakaketi kwenye uwanja wa mji, wala hakuna mtu yeyote aliyewakaribisha kwake ili wapate kulala.
১৫তেতিয়া তেওঁলোকে বাট এৰি ৰাতি থাকিবৰ কাৰণে গিবিয়ালৈ সোমাই গ’ল; আৰু তেওঁ সোমাই গৈ সেই নগৰৰ চ’কত বহিল; কিয়নো কোনেও নিজৰ ঘৰত ৰাতি থাকিবৰ কাৰণে তেওঁলোকক ঠাই নিদিলে।
16 Jioni ile mtu mmoja mzee toka nchi ya vilima ya Efraimu, aliyekuwa anaishi huko Gibea (watu wa sehemu ile walikuwa Wabenyamini), akarudi kutoka kwenye kazi za shamba.
১৬সেই সময়ত এজন প্রাপ্তবয়স্ক মানুহে পথাৰত কাম কৰি সন্ধিয়া পৰত ঘৰলৈ উভতি আহি আছিল, সেইজন লোক ইফ্ৰয়িমৰ পৰ্ব্বতীয়া অঞ্চলৰ আছিল আৰু তেওঁ গিবিয়াত প্ৰবাস কৰিছিল; কিন্তু নগৰৰ লোকসকল হ’লে বিন্যামীনীয়া লোক আছিল।
17 Alipotazama na kuwaona hao wasafiri katika uwanja wa mji, yule mzee akawauliza, “Ninyi mnakwenda wapi? Nanyi mmetoka wapi?”
১৭সেই প্রাপ্ত বয়স্ক লোকজনে মুৰ দাঙি চাই নগৰৰ চ’কত সেই পথিকক দেখি সুধিলে, “তুমি ক’লৈ যোৱা? আৰু ক’ৰ পৰা আহিছা?”
18 Akamwambia, “Tumepita kutoka Bethlehemu ya Yuda, tunaelekea katika nchi ya vilima ya Efraimu, ambako ndiko ninakoishi. Nilikwenda Bethlehemu ya Yuda na sasa ninakwenda katika nyumba ya Bwana. Hakuna mtu yeyote aliyenikaribisha katika nyumba yake.
১৮তেওঁ লোকজনক ক’লে, “আমি যিহূদাৰ বৈৎলেহেমৰ পৰা আহিছোঁ, ইফ্ৰয়িম পৰ্ব্বতীয়া অঞ্চলৰ সিফাললৈ যাওঁ; মই সেই ঠাইৰ মানুহ। যিহূদাৰ বৈৎলেহেমলৈ গৈছিলোঁ, এতিয়া মই যিহোৱাৰ গৃহলৈ যাওঁ কিন্তু কোনেও মোক ঘৰত ঠাই দিয়া নাই।
19 Tunazo nyasi na chakula cha punda wetu na mkate na divai kwa ajili yetu sisi watumishi wako, yaani mimi, mtumishi wako mwanamke, pamoja na huyu kijana tuliyefuatana naye. Hatuhitaji kitu chochote.”
১৯আমাৰ গাধবোৰৰ কাৰণে ধান-খেৰ আৰু দানা আছে; লগতে মোৰ কাৰণে আৰু এই বেটীৰ বাবে আৰু আপোনাৰ দাস-দাসীৰ সৈতে অহা এই ডেকাৰ বাবেও পিঠা দ্ৰাক্ষাৰস আছে, আমাৰ কোনো বস্তুৰ অভাৱ নাই।”
20 Yule mzee akawaambia, “Amani iwe kwenu! Karibuni nyumbani mwangu. Nitawapa mahitaji yenu yote, msilale katika uwanja huu wa mji.”
২০তেতিয়া সেই প্রাপ্ত বয়স্ক লোকজনে ক’লে, “তোমাৰ শান্তি হওঁক; তোমাৰ প্ৰয়োজনীয় সকলোৰে দ্বায়ীত্ব মই ল’লো। তোমালোকে মোৰ লগত ব’লা; তুমি কোনো কাৰণতেই এই চ’কত ৰাতিটো থাকিব নালাগে।”
21 Hivyo akamwingiza nyumbani mwake na kuwalisha punda wake. Baada ya kunawa miguu yao, wakala na kunywa.
২১পাছত সেই প্ৰাপ্তবয়স্ক লোকজনে তেওঁক নিজৰ ঘৰলৈ নি গাধবোৰক ঘাঁহ দিলে আৰু তেওঁলোকে ভৰি ধুই ভোজন-পান কৰিলে।
22 Walipokuwa wakijiburudisha, watu waovu wa mji huo, wakaizingira ile nyumba. Wakagonga mlango na kusema na yule mzee mwenye nyumba, “Mtoe nje yule mtu aliyeingia kwako, tupate kumlawiti.”
২২এইদৰে তেওঁলোকৰ লগত আনন্দ কৰাৰ সময়ত, সেই নগৰৰ কিছুমান পাষণ্ড লোক আহি তেওঁৰ ঘৰৰ চাৰিওফালে বেৰি ধৰিলে আৰু দুৱাৰত ঢকিয়াই সেই ঘৰৰ গৰাকী প্ৰাপ্তবয়স্ক গৰাকীজনক ক’লে, “আপোনাৰ ঘৰলৈ যিজন পুৰুষ আহিছে, তেওঁক বাহিৰলৈ উলিয়াই দিয়ক, আমি তেওঁৰ পৰিচয় ল’ম।”
23 Yule mwenye nyumba akatoka nje na kuwaambia, “Hapana, ndugu zangu msiwe waovu namna hii, ninawasihi. Kwa kuwa huyu mtu ni mgeni wangu msifanye jambo hili la aibu.
২৩তেতিয়া ঘৰৰ গৰাকীয়ে বাহিৰলৈ ওলাই আহিল আৰু সিহঁতৰ ওচৰলৈ গৈ ক’লে, “হে মোৰ ভাইসকল, মই বিনয় কৰিছোঁ, তোমালোকে দুষ্কৰ্ম নকৰিবা! সেই পুৰুষ মোৰ ঘৰত অতিথিহৈ আহিছে, এই হেতুকে তেওঁলৈ এনে মুৰ্খতাৰ কৰ্ম নকৰিবা।
24 Tazameni, hapa yupo binti yangu ambaye ni bikira na suria wa huyu mtu. Nitawatoleeni hawa sasa, mkawatwae kwa nguvu na kuwafanyia lolote mtakalo. Lakini kwa mtu huyu msimfanyie jambo ovu hivyo.”
২৪চোৱা, ইয়াত মোৰ এজনী কুমাৰী জী আৰু তেওঁৰ উপপত্নী আছে; মই সিহঁতক বাহিৰ কৰি আনো, তোমালোকে সিহঁতৰে মন ভ্ৰষ্ট কৰা; সিহঁতলৈ তোমালোকৰ যি ইচ্ছা তাকে কৰা; কিন্তু সেই পুৰুষলৈ তোমালোকে মুৰ্খতাৰ কৰ্ম নকৰিবা।”
25 Lakini wale watu hawakumsikia. Hivyo yule mtu akamtoa yule suria wake nje kwa wale watu, nao wakambaka na kumnajisi usiku ule kucha mpaka asubuhi. Kulipoanza kupambazuka wakamwachia aende.
২৫তথাপি সিহঁতে প্ৰাপ্ত বয়স্ক জনৰ কথা শুনিবলৈ অসন্মত হ’ল; তেতিয়া সেই পুৰুষে তাৰ উপপত্নীক ধৰি সিহঁতৰ আগলৈ উলিয়াই দিলে; তাতে সিহঁতে তাইৰ পৰিচয় ল’লে আৰু গোটেই ৰাতি তাইক ধর্ষণ কৰিলে; পাছত ৰাতিপুৱা সিহঁতে তাইক এৰি গুচি গ’ল।
26 Alfajiri yule mwanamke akarudi kwenye ile nyumba bwana wake alikokuwa, akaanguka chini mlangoni, akalala pale hata kulipopambazuka.
২৬পাছত তিৰোতাজনীয়ে নিজৰ গিৰীয়েকে আলহী হৈ থকা প্ৰাপ্ত বয়স্ক লোকজনৰ ঘৰৰ দুৱাৰৰ ওচৰলৈ আহি পোহৰ নোহোৱালৈকে দুৱাৰমুখত পৰি থাকিল।
27 Bwana wake alipoamka asubuhi na kufungua mlango wa nyumba na kutoka nje ili kuendelea na safari yake, tazama, yule suria wake alikuwa ameanguka pale penye ingilio la nyumba na mikono yake ikiwa penye kizingiti cha chini.
২৭পাছত ৰাতিপুৱা সেই তিৰোতাৰ গৰাকীয়ে যেতিয়া নিজ পথত যাবৰ বাবে ঘৰৰ দুৱাৰ-ডলি বাহিৰ হৈ আহিল, তেতিয়া তেওঁ দেখিলে যে, তেওঁৰ উপপত্নী হাত পেলাই পৰি আছে।
28 Akamwambia yule suria, “Inuka, twende.” Lakini hakujibu. Yule bwana akamwinua akampandisha juu ya punda wake, wakaondoka kwenda nyumbani.
২৮তেওঁ তাইক ক’লে, “উঠি, আমি যাওঁ;” কিন্তু তাই একো উত্তৰ নিদিলে; পাছত সেই পুৰুষে গাধৰ ওপৰত তাইক তুলি লৈ যাত্ৰা কৰি নিজ ঠাইলৈ গ’ল।
29 Alipofika nyumbani, akachukua kisu na kumkatakata yule suria kiungo kwa kiungo, sehemu kumi na mbili, na kuvipeleka hivyo vipande katika sehemu zote za Israeli.
২৯যেতিয়া তেওঁ নিজৰ ঘৰ পালে, তেওঁ এখন কটাৰী লৈ সেই উপপত্নীক ধৰি হাড়েৰে সৈতে বাৰডোখৰ কৰি কাটি, ইস্ৰায়েলৰ আটাই অঞ্চললৈ পঠিয়াই দিলে।
30 Kila mtu aliyeona akasema, “Jambo la namna hii halijaonekana wala kutendeka, tangu Israeli walipopanda kutoka Misri. Fikirini juu ya jambo hili! Tafakarini juu ya jambo hili! Tuambieni tufanye nini!”
৩০যি কোনোৱে ইয়াক দেখিলে, সেই লোকসকলে নিজৰ মাজতে ক’লে, “ইস্ৰায়েলৰ সন্তান সকলে মিচৰ দেশৰ পৰা ওলাই অহা দিনৰে পৰা আজিলৈকে এনেকুৱা কেতিয়াও হোৱা নাই, আৰু দেখা নাই; এই বিষয়ে ভালকৈ বিবেচনা কৰি, কি কৰা উচিত তাকে কোৱা!”

< Waamuzi 19 >