< Yoshua 4 >

1 Wakati taifa lote lilipokwisha kuvuka Mto Yordani, Bwana akamwambia Yoshua,
পাছত সকলো লোকে যেতিয়া যৰ্দ্দনৰ ওপৰেৰে পাৰ হ’ল, তেতিয়া যিহোৱাই যিহোচূৱাক ক’লে,
2 “Chagua watu kumi na wawili miongoni mwa watu, kila kabila mtu mmoja,
“তোমালোকে লোকসকলৰ এক এক ফৈদৰ এজন এজন কৈ ক্ৰমে বাৰ ফৈদৰ পৰা বাৰ জনক লোৱা,
3 nawe uwaambie wachukue mawe kumi na mawili katikati ya Mto Yordani, palepale makuhani waliposimama, wayachukue na kuyaweka mahali mtakapokaa usiku huu wa leo.”
আৰু তেওঁলোকক আজ্ঞা কৰি কোৱা যে, ‘যৰ্দ্দনৰ মাজত, যি ঠাইত পুৰোহিতসকলৰ ভৰি থিৰ হৈ আছে, সেই শুকান ঠাইৰ পৰা বাৰটা শিল তোমালোকে লগত লৈ পাৰলৈ যোৱা আৰু আজি ৰাতি তোমালোকে যি ঠাইত থাকিবা, সেই ঠাইতে সেই শিলকো থ’বা’৷”
4 Basi Yoshua akawaita watu kumi na wawili ambao alikuwa amewachagua kutoka miongoni mwa Waisraeli, mtu mmoja kutoka kila kabila,
তেতিয়া যিহোচূৱাই বাৰ জন লোকক মাতি আনিলে৷ এই লোককেইজন ইস্ৰায়েলৰ প্ৰত্যেক গোষ্ঠীৰ সন্তান সকলৰ মাজৰ পৰা এজন এজনকৈ যুগুত কৰি থোৱা লোক৷
5 naye akawaambia, “Mtangulie mbele ya Sanduku la Bwana Mungu wenu, mwende katikati ya Mto Yordani. Kila mmoja wenu atainua jiwe begani mwake, kufuatana na hesabu ya makabila ya Waisraeli,
যিহোচূৱাই তেওঁলোকক এই কথা ক’লে, “তোমালোকে যৰ্দ্দনৰ মাজলৈ নামি আহা আৰু তোমালোকৰ ঈশ্বৰ যিহোৱাৰ নিয়ম-চন্দুকৰ সন্মুখলৈ যোৱা; তাৰ পৰা ইস্ৰায়েলৰ সন্তান সকলৰ ফৈদৰ সংখ্যা অনুসাৰে প্ৰতিজনে এটা এটা শিল তুলি কান্ধত লৈ যোৱা৷
6 kuwa kama ishara katikati yenu. Siku zijazo, wakati watoto wenu watakapowauliza, ‘Ni nini maana ya mawe haya?’
সেয়ে তোমালোকৰ মাজত চিন হ’ব অৰ্থাৎ যেতিয়া তোমালোকৰ সন্তান সকলে শিলবোৰৰ বিষয়ে ‘তোমালোকে কি বুজা বুলি সুধিব?’
7 waambieni kwamba maji ya Mto Yordani yaliyokuwa yakitiririka yalitindika mbele ya Sanduku la Agano la Bwana. Wakati lilipovuka Yordani, maji ya Yordani yalitindika. Mawe haya yatakuwa kumbukumbu kwa watu wa Israeli milele.”
তেতিয়া তোমালোকে তেওঁলোকক ক’বা যে, ‘যিহোৱাৰ নিয়ম-চন্দুকৰ আগত যৰ্দ্দনৰ পানী ছিগিছিল আৰু নিয়ম-চন্দুক পাৰ হোৱা কালত যৰ্দ্দনৰ পানী ছিগিছিল। সেয়ে ইস্ৰায়েলৰ সন্তান সকলৰ বাবে এই শিলবোৰ সৰ্ব্বদায় সোঁৱৰণৰ চিন হৈ থাকিব’।”
8 Hivyo Waisraeli wakafanya kama Yoshua alivyowaagiza. Wakachukua mawe kumi na mawili kutoka katikati ya Mto Yordani, kulingana na hesabu ya kabila za Waisraeli kama Bwana alivyomwambia Yoshua, nao wakayabeba hadi kambini mwao, mahali walipoyatua chini.
তেতিয়া ইস্ৰায়েলৰ সন্তান সকলে যিহোচূৱাৰ আজ্ঞা অনুসাৰে কাৰ্য কৰিলে৷ যিহোৱাই যিহোচূৱাক যেনেকৈ কৈছিল তেনেকৈ, ইস্ৰায়েলৰ সন্তান সকলৰ ফৈদৰ সংখ্যা অনুসাৰে তেওঁলোকে যৰ্দ্দনৰ মাজৰ পৰা বাৰটা শিল তুলি পাৰলৈ লৈ গ’ল আৰু তেওঁলোকে ৰাতি থকা ঠাইতে শিলবোৰ হ’ল।
9 Yoshua akayasimamisha yale mawe kumi na mawili ambayo yalikuwa katikati ya Mto Yordani, mahali pale ambapo miguu ya makuhani waliobeba Sanduku la Agano iliposimama. Nayo yako huko mpaka leo.
আৰু নিয়ম-চন্দুক বৈ নিয়া পুৰোহিতসকলৰ ভৰি থিৰে থকা ঠাইত, যৰ্দ্দনৰ মাজত যিহোচূৱাই বাৰটা শিল স্থাপন কৰিলে৷ সেই শিল স্মৃতিচিহ্ন হৈ আজিলৈকে সেই ঠাইতে আছে।
10 Makuhani waliobeba lile Sanduku walibakia wakiwa wamesimama katikati ya Mto Yordani mpaka kila kitu Bwana alichomwamuru Yoshua kilipokuwa kimefanywa na watu, sawasawa na vile Mose alivyokuwa amemwamuru Yoshua. Watu wakafanya haraka kuvuka,
১০যিহোৱাই লোকসকলক যিবোৰ কথা ক’বলৈ আজ্ঞা দিছিল, সেই সকলো কথা মোচিয়ে যিহোচূৱাক পালন কৰিবলৈ কৈছিল৷ পাছত এই কথাবোৰ সিদ্ধ নোহোৱালৈকে নিয়ম-চন্দুক বৈ নিয়া পুৰোহিতসকলে যৰ্দ্দনৰ মাজত থিয় হৈ ৰৈ আছিল আৰু লোকসকলে বেগাই পাৰ হৈ গৈছিল।
11 na mara tu watu wote walipokwisha kuvuka, Sanduku la Bwana na makuhani wakavuka watu wakiwa wanatazama.
১১এইদৰে সকলো লোক পাৰ হোৱাৰ পাছত যিহোৱাৰ নিয়ম-চন্দুক লৈ পুৰোহিতসকল লোক সকলৰ সাক্ষাতে পাৰ হৈ গ’ল।
12 Wareubeni, Wagadi na nusu ya kabila la Manase wakavuka mbele ya Waisraeli, wakiwa wamevaa silaha, kama Mose alivyowaamuru.
১২ৰূবেণৰ ফৈদৰ সন্তানসকল, গাদ ফৈদৰ সন্তানসকল আৰু মনচি ফৈদৰ আধাখিনি লোক মোচিয়ে কোৱাৰ দৰে ৰণলৈ সাজু হৈ ইস্ৰায়েলৰ সন্তান সকলৰ সন্মুখেৰে পাৰ হৈ গ’ল৷
13 Kiasi cha watu 40,000 waliojiandaa kwa vita walivuka mbele za Bwana hadi nchi tambarare za Yeriko kwa ajili ya vita.
১৩যুদ্ধৰ বাবে যুগুত হোৱা প্ৰায় চল্লিশ হাজাৰ লোক যিহোৱাৰ সাক্ষাতে ওলাই গ’ল৷ তেওঁলোকে যিৰীহোৰ সমথললৈ যুদ্ধ কৰিবৰ বাবে পাৰ হৈ গ’ল।
14 Siku ile Bwana akamtukuza Yoshua mbele ya Israeli yote, nao wakamheshimu siku zote za maisha yake, kama vile walivyomheshimu Mose.
১৪সেইদিনা যিহোৱাই গোটেই ইস্ৰায়েলৰ সাক্ষাতে যিহোচূৱাক গৌৰৱান্বিত কৰিলে; সেয়েহে ইস্ৰায়েলৰ সন্তান সকলে মোচিক যেনেকৈ সন্মান কৰিছিল, তেনেকৈ তেওঁকো তেওঁৰ জীৱনৰ সকলো কালত তেওঁলোকে সন্মান কৰিলে।
15 Basi Bwana akamwambia Yoshua,
১৫পাছত যিহোৱাই যিহোচূৱাক ক’লে,
16 “Waamuru hao makuhani wanaolibeba Sanduku la Ushuhuda, wapande kutoka ndani ya Mto Yordani.”
১৬“সাক্ষ্যফলি থকা নিয়ম-চন্দুক বৈ নিয়া পুৰোহিতসকলক যৰ্দ্দনৰ পৰা উঠি আহিবলৈ আদেশ কৰা।”
17 Kwa hiyo Yoshua akawaamuru hao makuhani akisema, “Pandeni kutoka ndani ya Mto Yordani.”
১৭তেতিয়া যিহোচূৱাই পুৰোহিতসকলক “যৰ্দ্দনৰ পৰা উঠি আহাঁ” বুলি আজ্ঞা দিলে।
18 Nao makuhani wakapanda kutoka ndani ya Mto Yordani wakilibeba hilo Sanduku la Agano la Bwana. Mara tu walipoiweka miguu yao penye kingo, nje ya mto, maji ya Yordani yakarudi kufurika kama ilivyokuwa kabla.
১৮তাৰ পাছত যিহোৱাৰ নিয়ম-চন্দুক কঢ়িয়াই নিয়া পুৰোহিতসকলে যৰ্দ্দনৰ মাজৰ পৰা উঠি আহি শুকান ভূমিত ভৰি দিয়াৰ লগে লগে যৰ্দ্দনৰ পানী নিজ ঠাইলৈ উলটি আহিল আৰু পূৰ্বৰ দৰে গোটেই পাৰ ওফন্দি উঠি বাগৰি গ’ল।
19 Siku ya kumi ya mwezi wa kwanza watu walipanda kutoka Yordani na kupiga kambi huko Gilgali, kwenye mpaka wa mashariki ya Yeriko.
১৯এইদৰে লোকসকলে প্ৰথম মাহৰ দশম দিনত যৰ্দ্দনৰ পাৰৰ পৰা উঠি আহিল আৰু যিৰীহোৰ পূব সীমাত থকা গিলগলত ছাউনি পাতিলে।
20 Naye Yoshua akayasimamisha huko Gilgali yale mawe kumi na mawili ambayo walikuwa wameyachukua katikati ya Mto Yordani.
২০পাছত তেওঁলোকে যৰ্দ্দনৰ পৰা লৈ অহা সেই বাৰটা শিল যিহোচূৱাই গিলগলত স্থাপন কৰিলে।
21 Akawaambia Waisraeli, “Wazao wenu watakapowauliza baba zao siku zijazo wakisema, ‘Mawe haya maana yake ni nini?’
২১তেওঁ ইস্ৰায়েলৰ সন্তান সকলক ক’লে, “আগলৈ তোমালোকৰ সন্তান সকলে নিজ নিজ পিতৃসকলক যদি সোধে, বোলে, ‘এই শিলবোৰ কিহৰ বাবে?’
22 Basi waambieni, ‘Israeli ilivukia mahali pakavu katika Mto Yordani.’
২২তেতিয়া তোমালোকে নিজ নিজ সন্তান সকলক ক’বা যে, ‘এইবোৰ সেই ঠাইৰ, যেতিয়া ইস্ৰায়েলসকলে শুকান ভূমিয়েদি যৰ্দ্দন পাৰ হৈ আহিছিল’।
23 Kwa maana Bwana Mungu wenu alikausha maji ya Yordani mbele yenu, hadi mlipomaliza kuvuka. Bwana Mungu wenu alifanya haya kwa Mto Yordani sawasawa na kile alichoifanyia Bahari ya Shamu wakati alipoikausha mbele yetu hadi tulipomaliza kuvuka.
২৩কিয়নো আমি পাৰ হৈ নোযোৱালৈকে তোমালোকৰ ঈশ্বৰ যিহোৱাই যি চূফ সাগৰক আমাৰ সন্মুখত শুকুৱাইছিল, সেই সাগৰক শুকুৱাৰ দৰে তোমালোক পাৰ হৈ নোযোৱালৈকে তোমালোকৰ ঈশ্বৰ যিহোৱাই তোমালোকৰ আগতো যৰ্দ্দনৰ পানী শুকুৱাই ৰাখিছিল,
24 Alifanya hivi ili kwamba mataifa yote ya dunia yapate kujua kuwa mkono wa Bwana ni wenye nguvu, na ili kwamba kila wakati mpate kumcha Bwana Mungu wenu.”
২৪এইদৰে পৃথিবীৰ সকলো জাতিয়ে যেন জানিবলৈ পায় যে, যিহোৱাৰ হাত বলৱান আৰু তোমালোকেও যেন চিৰকাল ঈশ্বৰ যিহোৱাক সন্মান কৰা।”

< Yoshua 4 >