< Yoshua 16 >
1 Mgawanyo wa Yosefu ulianzia Yordani ya Yeriko, mashariki mwa miji ya Yeriko na kutoka hapo ulipanda kupitia jangwani na kuingia katika nchi ya vilima ya Betheli.
১যোচেফৰ ফৈদক নিৰূপিত কৰা অঞ্চলৰ সীমা, যিৰীহোৰ সন্মুখত থকা যৰ্দ্দনৰ পৰা পূব দিশে থকা যিৰীহোৰ জুৰিৰে, মৰুপ্ৰান্ত হৈ, যিৰীহোৰ ওপৰ ভাগেৰে বৈৎএল পৰ্ব্বতীয়া দেশৰ মাজেৰে গ’ল।
2 Ukaendelea kutoka Betheli (ndiyo Luzu), ukavuka kuingia eneo la Waariki huko Atarothi,
২পাছত এই সীমা বৈৎএলৰ পৰা ওলাই লুজলৈ গ’ল আৰু সেই ঠাই পাৰ কৰি অৰ্কীয়াসকলৰ অঞ্চল অটাৰোতলৈ গ’ল।
3 ukateremkia kuelekea magharibi hadi eneo la Wayafleti ukienea hadi eneo la Beth-Horoni ya Chini hadi Gezeri, ukiishia baharini.
৩তাৰ পৰা এই সীমা তললৈ নামি যফ্লেটীয়াসকলৰ অঞ্চলৰ পশ্চিমফালে থকা তলৰ বৈৎ-হোৰোণৰ সীমাৰ পৰা গেজৰলৈ নামি গ’ল; সমুদ্ৰত ইয়াৰ সীমা শেষ হ’ল।
4 Kwa hiyo Manase na Efraimu, wazao wa Yosefu, walipokea urithi wao.
৪এইদৰে যোচেফৰ ফৈদ, মনচি আৰু ইফ্ৰয়িমে নিজ নিজ উত্তৰাধিকাৰ ল’লে।
5 Hili ndilo lilikuwa eneo la Efraimu, ukoo kwa ukoo: Mpaka wa urithi wao ulianzia Ataroth-Adari upande wa mashariki hadi Beth-Horoni ya Juu,
৫নিজ নিজ বংশৰ অনুসাৰে ইফ্ৰয়িমৰ ফৈদৰ সীমা এনে ধৰণৰ আছিল: তেওঁলোকৰ উত্তৰাধিকাৰৰ সীমা পূবফালে থকা অটৰোৎ-অদ্দৰ পৰা ওপৰ বৈৎ-হোৰোণলৈকে,
6 na kuendelea mpaka baharini. Kutoka Mikmeta upande wa kaskazini ulipinda kuelekea mashariki hadi Taanath-Shilo, ukiupita hadi Yanoa upande wa mashariki.
৬আৰু তাৰ পৰা সাগৰলৈ৷ পাছত সেই সীমা উত্তৰ ফালে থকা মিকমথতৰ পৰা পূব ফালে ঘূৰি তনাৎ-চীল পাৰ কৰি জানোহৰ পূবফাললৈ গ’ল৷
7 Kisha uliteremka kutoka Yanoa hadi Atarothi na Naara, ukagusa Yeriko na kutokea katika Mto Yordani.
৭পাছত জানোহৰ পৰা নামি গৈ অটাৰোৎ আৰু নাৰতেদি হৈ, যিৰীহোত পাই, যৰ্দ্দনত শেষ হ’ল৷
8 Kutoka Tapua mpaka ulikwenda magharibi hadi Bonde la Kana na kuishia baharini. Huu ulikuwa ndio urithi wa kabila la Waefraimu, ukoo kwa ukoo.
৮আৰু সেই সীমা তপ্পুহৰ পৰা পশ্চিমফালে কান্না জুৰিলৈ গৈ সমুদ্ৰত তাৰ সীমা শেষ হ’ল। নিজ নিজ বংশ অনুসাৰে ইফ্ৰয়িম ফৈদৰ সন্তান সকল ইয়াৰ উত্তৰাধিকাৰী হ’ল।
9 Pia ulijumuisha miji yote na vijiji vyake ambavyo vilitengwa kwa ajili ya Waefraimu ndani ya urithi wa kabila la Manase.
৯ইয়াৰ বাহিৰে মনচি ফৈদৰ উত্তৰাধিকাৰৰ সৈতে ইফ্ৰয়িম ফৈদৰ বাবে নিৰূপিত কৰা গাওঁবোৰৰ উপৰিও তেওঁলোকৰ নগৰবোৰো একেলগে আছিল।
10 Hawakuwatoa Wakanaani waishio Gezeri; mpaka leo Wakanaani wanaishi miongoni mwa watu wa Efraimu lakini wanatakiwa kufanya kazi ngumu za kulazimishwa.
১০তেওঁলোকে গেজৰত থকা কনানীয়াসকলক খেদি নপঠিয়ালে; সেয়েহে তেওঁলোক আজিলৈকে ইফ্ৰয়িমৰ সন্তান সকলৰ মাজত বাস কৰি আছে৷ কিন্তু কনানীয়াসকলে তেওঁলোকক সযত্নে কাম কৰি দিবলগীয়া হৈছিল।