< Yona 3 >

1 Ndipo neno la Bwana likamjia Yona mara ya pili:
তাৰ পাছত দ্বিতীয়বাৰৰ বাবে যিহোৱাৰ বাক্য যোনাৰ ওচৰলৈ আহিল।
2 “Ondoka uende katika mji mkubwa wa Ninawi, ukautangazie ujumbe ninaokupa.”
তেওঁ ক’লে, “তুমি উঠি সেই মহানগৰ নীনবিলৈ যোৱা আৰু মই যি কথা তোমাক ক’বলৈ দিম, সেই কথা তাত ঘোষণা কৰিবা।”
3 Yona akalitii neno la Bwana naye akaenda Ninawi. Basi Ninawi ulikuwa mji maarufu sana, ilichukua siku tatu kuuzunguka.
তেতিয়া যোনাই যিহোৱাৰ কথা অনুসাৰে নীনবিলৈ গ’ল। নীনবি এখন অতি ডাঙৰ নগৰ আছিল; গোটেই নগৰখন ঘূৰিবলৈ তিনি দিনৰ সময় লাগে।
4 Siku ya kwanza, Yona aliingia mjini. Akatangaza: “Baada ya siku arobaini Ninawi utaangamizwa.”
যোনাই সেই নগৰত সোমাই এদিনৰ বাট গ’ল আৰু এই কথা ঘোষণা কৰিলে, “চল্লিশ দিনৰ পাছত নীনবি ধ্বংস হৈ যাব।”
5 Watu wa Ninawi wakamwamini Mungu, wakatangaza kufunga, watu wote kuanzia mkubwa sana hadi yule mdogo kabisa, wakavaa nguo za gunia.
তেতিয়া নীনবিৰ লোকসকলে ঈশ্বৰক বিশ্বাস কৰিলে আৰু তাৰ কাৰণে উপবাস ঘোষণা কৰিলে; ডাঙৰৰ পৰা সৰুলৈকে সকলোৱে চট্ কাপোৰ পিন্ধিলে।
6 Habari zilipomfikia mfalme wa Ninawi, aliondoka kwenye kiti chake cha enzi, akavua majoho yake ya kifalme, akajifunika nguo ya gunia kisha akaketi chini mavumbini.
শীঘ্রেই সেই খবৰ গৈ ৰজাৰ কাণত পৰিল। তেতিয়া তেওঁ সিংহাসন এৰি উঠি আহিল আৰু গাৰ পৰা ৰাজবস্ত্ৰ সোলোকাই চট্ কাপোৰ পিন্ধি ছাঁইত বহিল।
7 Ndipo akatoa tangazo katika Ninawi yote: “Kwa amri ya mfalme na wakuu wake: “Msiruhusu mtu yeyote au mnyama, makundi ya ngʼombe au wanyama wengine wafugwao, kuonja kitu chochote, msiwaruhusu kula wala kunywa.
তাৰ পাছত তেওঁ নীনবিত তেওঁৰ আৰু তেওঁৰ মন্ত্ৰীসকলৰ যোগেদি এই আদেশ ঘোষণা কৰালে: “মানুহ বা পশু, গৰু বা মেৰ-ছাগৰ জাক কোনেও একো বস্তুৰ আস্বাদ নলওক; আহাৰ কি পানী নাখাওঁক।
8 Bali wanadamu na wanyama wafunikwe kwa nguo za gunia. Kila mmoja afanye hima kumwomba Mungu. Waziache njia zao mbaya na udhalimu ulio mikononi mwao.
মানুহ আৰু পশু সকলোৱে গাত চট্ কাপোৰ পিন্ধক আৰু ঈশ্বৰৰ আগত উচ্চ স্বৰেৰে কাতৰোক্তি কৰক। প্ৰত্যেকে নিজ নিজ মন্দ পথৰ পৰা ঘূৰক আৰু হিংস্রতাৰ কার্য এৰি দিয়ক।
9 Ni nani ajuaye? Huenda Mungu akaghairi kwa huruma yake akaacha hasira yake kali ili tusiangamie.”
কোনে জানে? হয়তো ঈশ্বৰে তেওঁৰ প্ৰচণ্ড ক্ৰোধৰ পৰা মন ঘূৰাই কোমল হ’ব, আৰু তেতিয়া আমিও ধ্বংস হৈ নাযাম।”
10 Mungu alipoona walivyofanya na jinsi walivyogeuka kutoka njia zao mbaya, akawa na huruma wala hakuleta maangamizi juu yao kama alivyokuwa ameonya.
১০পাছত তেওঁলোকে যি কৰিলে আৰু কেনেকৈ তেওঁলোকে নিজ নিজ মন্দ পথৰ পৰা ঘূৰিলে, সেই বিষয়ে যেতিয়া ঈশ্বৰে দেখিলে, তেতিয়া তেওঁ নিজৰ মন ঘূৰালে। তাতে তেওঁ যি শাস্তি দিব বুলি মনস্থ কৰিছিল, তাক তেওঁ নকৰিলে।

< Yona 3 >