< Ayubu 41 >

1 “Je, waweza kumvua Lewiathani kwa ndoano ya samaki, au kufunga ulimi wake kwa kamba?
তুমি জানো বৰশীৰে লিবিয়াথন জন্তুক তুলিব পাৰা? বা ৰচিৰে তাৰ জিভা বান্ধিব পাৰা?
2 Waweza kupitisha kamba puani mwake, au kutoboa taya lake kwa kulabu?
তুমি তাৰ নাকত নাকী লগাব পাৰা নে? বা বৰশীৰে তাৰ কেৱাৰি বিন্ধাব পাৰা নে?
3 Je, ataendelea kukuomba umhurumie? Atasema nawe maneno ya upole?
সি জানো তোমাৰ আগত বৰকৈ কাবৌ কাকুতি কৰিব? বা তোমাক জানো কোমল কথা ক’ব?
4 Je, atafanya agano nawe ili umtwae awe mtumishi wako maisha yake yote?
তুমি তাক চিৰকাললৈকে তোমাৰ দাস কৰি ল’বৰ কাৰণে, সি তোমাৰ লগত কোনো চুক্তি কৰিব নে?
5 Je, utamfuga na kumfanya rafiki kama ndege, au kumfunga kamba kwa ajili ya wasichana wako?
চৰাই এটিৰ লগত ওমলাৰ দৰে তুমি তাৰ লগতো উমলিবা নে? বা তোমাৰ দাসীবোৰৰ বাবে তুমি তাক বান্ধি ৰাখিবা নে?
6 Je, wafanyabiashara watabadilishana bidhaa kwa ajili yake? Watamgawanya miongoni mwa wafanyao biashara?
মাছমৰীয়াহঁতে তাক বেচা-কিনা কৰিব নে? সিহঁতে মুদৈবিলাকৰ মাজত তাক জানো ভাগ বাঁটি দিব?
7 Je, waweza kuijaza ngozi yake kwa vyuma vyenye ncha kali, au kichwa chake kwa mkuki wa kuvulia samaki?
তুমি জানো তাৰ ছাল শেলেৰে, বা তাৰ মূৰ মাছ খোচা কোলেৰে জানো পুৰ কৰিব পাৰিবা?
8 Kama ukiweka mkono wako juu yake, utavikumbuka hivyo vita na kamwe hutarudia tena!
তাৰ গাত হাত দি চাবাচোন; হাত দিলে, সেই যুঁজক সুঁৱৰি আকৌ তেনে নকৰিবা।
9 Tumaini lolote la kumtiisha ni kujidanganya; kule kumwona tu kunamwangusha mtu chini.
চোৱা, তাক ধৰিবলৈ আশা কৰা বৃথা? তাক দেখিলেই মানুহ পৰি নাযাব নে?
10 Hakuna yeyote aliye mkali athubutuye kumchokoza. Ni nani basi awezaye kusimama dhidi yangu?
১০এনে হিংস্র লিবিয়াথনক জোকাব পৰা সাহিয়াল কোনো নাই; তেনেহলে মোৰ আগত থিয় হ’ব পৰা কোন আছে?
11 Ni nani mwenye madai dhidi yangu ili nipate kumlipa? Kila kitu kilicho chini ya mbingu ni mali yangu.
১১আগেয়ে কোনে মোক কিবা দিছিল, যাৰবাবে মই যে কিবা ওভতাই দিম? আকাশ-মণ্ডলৰ তলত থকা সকলো মোৰেই।
12 “Sitashindwa kunena juu ya maungo yake, nguvu zake na umbo lake zuri.
১২মই লিবিথিয়ানৰ ভৰিৰ বিষয়ে নকোৱাকৈ মনে মনে নাথাকোঁ, নাইবা তাৰ মহাবল আৰু গাৰ সুন্দৰ গঠনৰ বিষয়ে মই নোকোৱাকৈ নাথাকোঁ।
13 Ni nani awezaye kumvua gamba lake la nje? Ni nani awezaye kumsogelea na lijamu?
১৩তাৰ ওপৰৰ আচ্ছাদন কোনে গুচাব পাৰে? কোনে তাৰ শক্তিশালী বৰ্মৰ মাজলৈ কোনে সোমাব পাৰে?
14 Nani athubutuye kuufungua mlango wa kinywa chake, kilichozungukwa na meno yake ya kutisha pande zote?
১৪তাৰ মুখৰ দুৱাৰ দুখলপা কোনে মেলিব পাৰে? তাৰ দাঁতৰ চাৰিওফালে ভয় থাকে।
15 Mgongo wake una safu za ngao zilizoshikamanishwa imara pamoja;
১৫তাৰ পিঠিভাগ ঢালৰ শাৰীৰে গঢ়া; সেইবোৰ মোহৰ মৰাৰ দৰে দৃঢ়ৰূপে লগোৱা আছে।
16 kila moja iko karibu sana na mwenzake, wala hakuna hewa iwezayo kupita kati yake.
১৬সেইবোৰ এটাৰ লগত আনটো এনেদৰে লগলাগি আছে, তাৰ ভিতৰলৈ বায়ুও সোমাব নোৱাৰে।
17 Zimeunganishwa imara kila moja na nyingine; zimengʼangʼaniana pamoja wala haziwezi kutenganishwa.
১৭সেইবোৰ ইটোৱে সিটোৰ লগত সংযুক্ত; একেলগে সংলগ্ন, সেইবোৰক পৃথক কৰিব নোৱাৰি।
18 Akipiga chafya mwanga humetameta; macho yake ni kama mionzi ya mapambazuko.
১৮তাৰ হাঁচিয়ে দীপ্তি প্ৰকাশ কৰে; তাৰ চকু অৰুণৰ পিৰঠিৰ নিচিনা।
19 Mienge iwakayo humiminika kutoka kinywani mwake; cheche za moto huruka nje.
১৯তাৰ মুখৰ পৰা জ্বলি থকা জোঁৰ বাহিৰ হয়; জুইৰ ফিৰিঙটি ওলায়।
20 Moshi hufuka kutoka puani mwake, kama kutoka kwenye chungu kinachotokota kwa moto wa matete.
২০উতলি থকা কেটলিৰ পৰা গৰম ভাপ ওলোৱাৰ দৰে, তাৰ নাকৰ পৰা ধোঁৱা ওলাই।
21 Pumzi yake huwasha makaa ya mawe, nayo miali ya moto huruka kutoka kinywani mwake.
২১তাৰ নিশ্বাসে এঙাৰ জ্বলায়, তাৰ মুখৰ পৰা অগ্নি শিখা বাহিৰ হয়।
22 Nguvu hukaa katika shingo yake; utisho hutangulia mbele yake.
২২তাৰ ডিঙিত বল থাকে, আৰু ত্ৰাসে তাৰ আগত নাচি থাকে।
23 Mikunjo ya nyama yake imeshikamana imara pamoja; iko imara na haiwezi kuondolewa.
২৩তাৰ গাৰ ওলমি থকা ভাগ ডাঠকৈ লগা, সেয়ে তাৰ গাত আট খাই ধৰা, লৰাব নোৱাৰি।
24 Kifua chake ni kigumu kama mwamba, kigumu kama jiwe la chini la kusagia.
২৪তাৰ কলিজা শিলৰ নিচিনা টান, (সি ভয়হীন); এনে কি, জাত শিলৰ তল চলাৰ নিচিনা টান।
25 Ainukapo, mashujaa wanaogopa; hurudi nyuma mbele yake anapokwenda kwa kishindo.
২৫যেতিয়া সি নিজে থিয় হয়, তেতিয়া বলৱানসকলেও ভয় পায়, আৰু ত্ৰাসৰ কাৰণে বিতত হয়।
26 Upanga unaomfikia haumdhuru, wala mkuki au mshale wala fumo.
২৬যদি কোনোবাই তৰোৱালেৰে তাক আঘাত কৰে, তেতিয়াও তাৰ একো নহব, বা তালৈ যাঠী, কাঁড়, বা শেল মাৰিলে সকলো মিছা হব।
27 Chuma hukiona kama unyasi, na shaba kama mti uliooza.
২৭সি লোহাক খেৰৰ নিচিনা দেখে, আৰু পিতলক পচা কাঠ যেন জ্ঞান কৰে।
28 Mishale haimfanyi yeye akimbie; mawe ya kombeo kwake ni kama makapi.
২৮ধনুৰ কাঁড়ে তাক খেদাব নোৱাৰে; ফিঙ্গাৰ শিলবোৰো তাৰ আগত তুঁহৰ দৰেহে হয়।
29 Rungu kwake huwa kama kipande cha jani kavu; hucheka sauti za kugongana kwa mkuki.
২৯সি গদাক ঘুলা যেন মানে, আৰু সশব্দে ঘূৰি ঘূৰি অহা বৰছাৰ শব্দত সি হাঁহে,
30 Sehemu zake za chini kwenye tumbo zina menomeno na mapengo kama vigae vya chungu, zikiacha mburuzo kwenye matope kama chombo chenye meno cha kupuria.
৩০তাৰ তল ভাগ ঘেৰ থকা খোলাৰ নিচিনা; সি বোকাৰ ওপৰেদি যাওঁতে মৰণা মৰা যন্ত্ৰ যেন হয়।
31 Huvisukasuka vilindi kama sufuria kubwa ichemkayo, na kukoroga bahari kama chungu cha marhamu.
৩১সি অগাধ জলক, উতলোৱা কেৰাহিৰ পানী যেন কৰে, আৰু সমুদ্ৰক সুগন্ধি তেল যেন কৰে।
32 Anapopita nyuma yake huacha mkondo unaometameta; mtu angedhani vilindi vilikuwa na mvi.
৩২সি নিজৰ পাছফালে থকা বাট চিকমিকীয়া কৰে, আৰু অগাধ জলক তাৰ পকাচুলীয়া যেন বোধ হয়।
33 Hakuna chochote duniani kinacholingana naye: yeye ni kiumbe kisicho na woga.
৩৩ভয়হীন ৰূপে স্ৰজন কৰা, তাৰ তুল্য কোনো জন্তুৱেই পৃথিবীত নাই।
34 Yeye huwatazama chini wale wote wenye kujivuna; yeye ni mfalme juu ya wote wenye kiburi.”
৩৪সি সকলো উচ্চ পদাৰ্থলৈ চাই থাকে; সি সকলো অহংকাৰী প্ৰাণীৰ ওপৰত ৰজা।

< Ayubu 41 >