< Ayubu 4 >
1 Ndipo Elifazi Mtemani akajibu:
১তেতিয়া তৈমনীয়া ইলীফজে উত্তৰ কৰি ক’লে,
2 “Kama mtu akithubutu kuzungumza nawe, kutakukasirisha? Lakini ni nani awezaye kujizuia asiseme?
২কোনোৱে তোমাৰ লগত কথা ক’বলৈ আগবাঢ়িলে, তুমি বেজাৰ পাবা নে? কিন্তু কথা নোকোৱাকৈ কোনে থাকিব পাৰে?
3 Fikiri jinsi ambavyo umewafundisha watu wengi, jinsi ambavyo umeitia nguvu mikono iliyokuwa dhaifu.
৩চোৱা, তুমি অনেকক শিক্ষা দিছিলা, দুৰ্ব্বল হাতক সবল কৰিছিলা;
4 Maneno yako yamewategemeza wale waliojikwaa; umeyatia nguvu magoti yaliyokuwa dhaifu.
৪তোমাৰ বাক্যই উজুটি খাই পৰিব খোজালোককো ধৰি ৰাখিছিল, আৰু তুমি দুৰ্ব্বল আঁঠুক সবল কৰি ৰাখিছিলা।
5 Lakini sasa hii taabu imekujia wewe, nawe unashuka moyo; imekupiga wewe, nawe unafadhaika.
৫কিন্তু এতিয়া তোমালৈ এনে হোৱাত তুমি বেজাৰ পাইছা, আৰু সেয়ে তোমাক স্পৰ্শ কৰাত তুমি ব্যাকুল হৈছা।
6 Je, kumcha Mungu kwako hakupaswi kuwa ndiyo matumaini yako na njia zako kutokuwa na lawama ndilo taraja lako?
৬ঈশ্বৰৰ প্ৰতি থকা ভয়েই জানো তোমাৰ বিশ্বাসভূমি নহয়? আৰু তোমাৰ আচৰণৰ সিদ্ধতাত জানো তোমাৰ আশা নাই?
7 “Fikiri sasa: Ni mtu yupi asiye na hatia ambaye aliwahi kuangamia? Ni wapi wanyofu waliwahi kuangamizwa?
৭ভাবি চোৱাচোন, নিৰ্দ্দোষী হৈ কোনে কেতিয়া বিনষ্ট হৈছিল? আৰু সৰল আচৰণ কৰা সকলৰ ক’ত সংহাৰ হৈছিল?
8 Kwa jinsi ambavyo mimi nimechunguza, wale walimao ubaya na wale hupanda uovu, huvuna hayo hayo hayo.
৮মই দেখাত হ’লে, যিসকলে অধৰ্মৰ খেতি কৰে, আৰু ক্লেশৰূপ কঠিয়া সিচে, সিহঁতে সেইৰূপ শস্য দায়;
9 Kwa pumzi ya Mungu huangamizwa; kwa mshindo wa hasira zake huangamia.
৯ঈশ্বৰৰ নিশ্বাসৰ দ্বাৰাই সিহঁত বিনষ্ট হয়, আৰু তেওঁৰ কোপৰূপ প্ৰশ্বাসৰ দ্বাৰাই সংহাৰ হয়।
10 Simba anaweza kunguruma na kukoroma, lakini bado meno ya simba mkubwa huvunjika.
১০সিংহৰ গৰ্জ্জন আৰু মৃগৰাজৰ গোঁজৰণি বন্ধ কৰা হয়, আৰু ডেকা সিংহবোৰৰ দাঁত ভঙা হয়।
11 Simba anaweza kuangamia kwa kukosa mawindo, nao wana wa simba jike hutawanyika.
১১আহাৰৰ অভাৱত পশুৰাজে প্ৰাণত্যাগ কৰে; সিংহিনীৰ পোৱালিবোৰ ঠান-বান হয়।
12 “Neno lililetwa kwangu kwa siri, masikio yangu yakasikia mnongʼono wake.
১২এটা কথা মোলৈ গুপ্তৰূপে আহিল; মোৰ কাণত তাৰ ফুচফুচনি পৰিল।
13 Katikati ya ndoto za kutia wasiwasi wakati wa usiku, hapo usingizi mzito uwapatapo wanadamu,
১৩ৰাতি সপোন দেখোতে যেতিয়া ভাবনা আহে, যেতিয়া সকলো মানুহ ঘোৰ নিদ্ৰা যায়,
14 hofu na kutetemeka kulinishika na kufanya mifupa yangu yote itetemeke.
১৪তেতিয়া মোলৈ ভয় আৰু কম্পন আহিল; সেয়ে মোৰ হাড়বোৰ জোকাৰ খুৱালে।
15 Kuna roho aliyepita mbele ya uso wangu, nazo nywele za mwili wangu zikasimama.
১৫যেতিয়া মোৰ আগেদি এক ছাঁ পাৰ হৈ গ’ল; তেতিয়া মোৰ গাৰ নোমবোৰ সিয়ৰি উঠিল।
16 Yule roho akasimama, lakini sikuweza kutambua kilikuwa kitu gani. Umbo fulani lilisimama mbele ya macho yangu, kukawa na ukimya kisha nikasikia sauti:
১৬সেয়ে ৰৈ থাকিল, কিন্তু মই তাৰ আকৃতি নিশ্চয় কৰিব নোৱাৰিলোঁ; এটা মূৰ্ত্তি মোৰ চকুৰ আগত আছিল; মই মৃদুস্বৰ আৰু এটা বাণী শুনিলোঁ।
17 ‘Je, binadamu aweza kuwa mwadilifu kuliko Mungu? Je, mtu aweza kuwa safi kuliko Muumba wake?
১৭“ঈশ্বৰৰ সাক্ষাতে মৰ্ত্য জানো ধাৰ্মিক হ’ব পাৰে? বা নিজ সৃষ্টিকৰ্ত্তাৰ সাক্ষাতে মনুষ্য জানো শুচি হ’ব পাৰে?
18 Kama Mungu hawaamini watumishi wake, kama yeye huwalaumu malaika zake kwa kukosea,
১৮চোৱা, ঈশ্বৰে নিজৰ দাসবোৰকো বিশ্বাস নকৰে, নিজ দূতবোৰৰো ক্রুটিৰ দোষ ধৰে;
19 ni mara ngapi zaidi wale waishio katika nyumba za udongo wa mfinyanzi, ambazo misingi yake ipo mavumbini, ambao wamepondwa kama nondo!
১৯তেনেহলে যিসকলে মাটিৰ ঘৰত বাস কৰে, যিসকলৰ উৎপত্তি ধূলিত, যিসকল পোকৰ সম্মুখত চুৰ্ণীকৃত হয়, সেই সকলক তেওঁ আৰু কিমান অধিক ক্রুটিৰ দোষ ধৰিব!
20 Kati ya mawio na machweo huvunjwa vipande vipande; bila yeyote kutambua, huangamia milele.
২০প্ৰভাত আৰু সন্ধিয়া কালৰ মাজত সিহঁতক গুড়ি কৰা যায়; সিহঁত কোনোৱে মন নিদিয়াকৈ চিৰকাললৈকে বিনষ্ট হৈ যায়।
21 Je, kamba za hema yao hazikungʼolewa, hivyo hufa bila hekima?’
২১সিহঁতৰ অন্তৰিক তম্বু-জৰী জানো সোলোকোৱা নাযায়? সিহঁত মৰে, এনে কি অজ্ঞান অৱস্থাতেই সিহঁত মৰে।”