< Yeremia 13 >

1 Hili ndilo Bwana aliloniambia: “Nenda ununue mkanda wa kitani, ujivike kiunoni mwako, lakini usiuache uguse maji.”
যিহোৱাই মোক এইদৰে ক’লে, “তুমি গৈ শণ সূতাৰে বোৱা কাপোৰৰ এগছ টঙালি কিনি তোমাৰ কঁকালত বান্ধা, তাক প্রথমে পানীত নিতিয়াবা।”
2 Kwa hiyo nikanunua mkanda, kama Bwana alivyoniagiza, nikajivika kiunoni.
সেয়ে মই যিহোৱাৰ বাক্য অনুসাৰে এগছ টঙালি কিনি মোৰ কঁকালত বান্ধি ল’লোঁ।
3 Ndipo neno la Bwana likanijia kwa mara ya pili:
তেতিয়া দ্ধিতীয়বাৰ যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু ক’লে,
4 “Chukua mkanda ulionunua ambao umeuvaa kiunoni mwako, uende sasa Frati uufiche ndani ya ufa mdogo kwenye mwamba.”
বোলে, “তুমি যি টঙালি কিনিলা, আৰু তোমাৰ কঁকালত আছে, তাক লোৱা, আৰু উঠি ফৰাতলৈ যাত্রা কৰা আৰু শিলৰ ফাটত তাক লুকুৱাই ৰাখা।”
5 Ndipo nikaenda na kuuficha ule mkanda huko Frati, kama Bwana alivyoniamuru.
এইদৰে মই যিহোৱাৰ আজ্ঞা অনুসাৰে গৈ ফৰাতৰ কাষত তাক লুকুৱাই ৰাখিলোঁ।
6 Baada ya siku nyingi Bwana akaniambia, “Nenda sasa Frati ukauchukue ule mkanda niliokuambia uufiche huko.”
বহু দিনৰ পাছত যিহোৱাই মোক ক’লে, “তুমি উঠি ফৰাতলৈ যোৱা। মই তাত লুকুৱাই ৰাখিবলৈ তোমাক আজ্ঞা দিয়া টঙালিগছ তাৰ পৰা আনাগৈ।”
7 Hivyo nikaenda Frati na kuuchimbua ule mkanda kutoka pale nilipokuwa nimeuficha, lakini sasa ulikuwa umeharibika na haufai tena kabisa.
তেতিয়া মই ফৰাতলৈ গৈ, মই লুকুৱাই থোৱা ঠাইৰ পৰা টঙালিগছ খানি উলিয়ালোঁ। কিন্তু চোৱা! সেই টঙালিগছ নষ্ট হ’ল; কোনো কাৰ্যৰ যোগ্য নাছিল।
8 Ndipo neno la Bwana likanijia:
তেতিয়া যিহোৱাৰ বাক্য মোৰ ওচৰলৈ পুনৰ আহিল, বোলে,
9 “Hili ndilo Bwana asemalo: ‘Vivyo hivyo ndivyo nitakavyokiharibu kiburi cha Yuda na kiburi kikuu cha Yerusalemu.
“যিহোৱাই কৈছে: ‘এনেদৰেই মই যিহূদাৰ অহংকাৰ আৰু যিৰূচালেমৰ মহা অহংকাৰ নষ্ট কৰিম।
10 Watu hawa waovu, wanaokataa kusikiliza maneno yangu, wafuatao ukaidi wa mioyo yao na kufuata miungu mingine kuitumikia na kuiabudu, watakuwa kama mkanda huu ambao haufai kabisa!
১০এই যি দুচৰিত্ৰৰ লোকসকলে মোৰ কথা শুনিবলৈ অমান্তি হৈ নিজ হৃদয়ৰ কঠিনতা অনুসাৰে চলে, আৰু ইতৰ দেৱতাবোৰক সেৱাপূজা আৰু সেইবোৰৰ আগত প্রণিপাত কৰিবৰ অৰ্থে সেইবোৰৰ পাছত যায়, তেওঁলোক কোনো কাৰ্যৰ যোগ্য নোহোৱা এই টঙালি গছৰ নিচিনা হব।
11 Kwa maana kama vile mkanda ufungwavyo kiunoni mwa mtu, ndivyo nilivyojifunga nyumba yote ya Israeli na nyumba yote ya Yuda,’ asema Bwana, ‘ili wawe watu wangu kwa ajili ya utukufu wangu, sifa na heshima yangu. Lakini hawajasikiliza.’
১১কিয়নো যিহোৱাই কৈছে, মানুহৰ কঁকালত যেনেকৈ টঙালি লাগি থাকে, তেনেকৈ মই গোটেই ইস্ৰায়েল বংশক আৰু গোটেই যিহূদা বংশক মোৰ প্ৰজা, আৰু মোৰ কীৰ্ত্তি, প্ৰশংসা, আৰু ভুষণস্বৰূপ কৰিবৰ অৰ্থে নিজতে লগাই ৰাখিছিলোঁ; কিন্তু তেওঁলোকে মোৰ কথা নুশুনিলে।’
12 “Waambie: ‘Hili ndilo Bwana, Mungu wa Israeli, asemalo: kila kiriba inapasa kijazwe mvinyo.’ Kama wao wakikuambia, ‘Kwani hatujui kwamba kila kiriba inapasa kijazwe mvinyo?’
১২এই হেতুকে তুমি তেওঁলোকক এই কথা ক’বই লাগিব: যে, “ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এইদৰে কৈছে: “আটাইবোৰ মোট দ্ৰাক্ষাৰসেৰে পূৰ কৰা যাব।” তেওঁলোকে তোমাক ক’ব, ‘প্ৰত্যেক মোট যে দ্ৰাক্ষাৰসেৰে পূৰ কৰা যাব, তাক জানো আমি ভালকৈ নাজানো?’
13 Kisha uwaambie, ‘Hili ndilo asemalo Bwana: nitawajaza ulevi wote waishio katika nchi hii, pamoja na wafalme waketio juu ya kiti cha enzi cha Daudi, makuhani, manabii na wale wote waishio Yerusalemu.
১৩তেতিয়া তুমি তেওঁলোকক ক’বা, ‘যিহোৱাই এই কথা কৈছে: চোৱা, মই এই দেশ-নিবাসী আটাইকে, এনে কি, দায়ুদৰ সিংহাসনত বহোঁতা ৰজাসকলক, পুৰোহিতসকলক, ভাববাদীসকলক, আৰু যিৰূচালেম নিবাসী সকলোকে দ্ৰাক্ষাৰসেৰে পূৰ কৰি মতোৱাল কৰিম।
14 Nitawagonganisha kila mmoja na mwenzake, baba na wana wao, asema Bwana. Sitawarehemu wala kuwahurumia ili niache kuwaangamiza.’”
১৪মই পৰস্পৰক, এনে কি, বাপেক-পুতেকহঁতক লগ লগাই খুন্দিয়া-খুন্দি কৰোৱাম; যিহোৱাৰ এইয়েই ঘোষণা যে - মই যে তেওঁলোকক নষ্ট নকৰিবৰ মনেৰে তেওঁলোকক মৰম, দয়া, কি অনুগ্ৰহ কৰিম, এনে নহ’ব।
15 Sikieni na mzingatie, msiwe na kiburi, kwa kuwa Bwana amenena.
১৫তোমালোকে শুনা, কাণ দিয়া, অহংকাৰ নকৰিবা, কিয়নো যিহোৱাই কথা কৈছে।
16 Mpeni utukufu Bwana Mungu wenu, kabla hajaleta giza, kabla miguu yenu haijajikwaa juu ya vilima vitakavyotiwa giza. Mlitarajia nuru, lakini ataifanya kuwa giza nene na kuibadili kuwa huzuni kubwa.
১৬তোমালোকৰ ঈশ্বৰ যিহোৱাই অন্ধকাৰ নৌ আনোতেই, অন্ধকাৰময় পৰ্ব্বতত তোমাৰ ভৰি উজুটি নৌ খাওঁতেই, আৰু তোমালোকে পোহৰলৈ বাট চোৱাত তেওঁ তাক মৃত্যুচ্ছায়াত পৰিবৰ্ত্তন নৌ কৰোঁতেই, আৰু তাক ঘোৰ অন্ধকাৰ নৌ কৰোঁতেই তেওঁক গৌৰৱাম্বিত কৰা।
17 Lakini kama hamtasikiliza, nitalia sirini kwa ajili ya kiburi chenu; macho yangu yatalia kwa uchungu, yakitiririka machozi, kwa sababu kundi la kondoo la Bwana litachukuliwa mateka.
১৭কিন্তু তোমালোকে যদি তাক নুশুনা, তোমালোকৰ গৰ্ব্বৰ কাৰণে মোৰ মনে নিৰলে ক্ৰন্দন কৰিব। আৰু যিহোৱাৰ জাকক বন্দী কৰি নিয়াৰ বাবে মোৰ চকুৰ পৰা বহু অশ্রু ওলাব, আৰু পানীৰে ধাৰ বব।
18 Mwambie mfalme na mamaye, “Shukeni kutoka kwenye viti vyenu vya enzi, kwa kuwa taji zenu za utukufu zitaanguka kutoka vichwani mwenu.”
১৮তুমি ৰজা আৰু ৰাজমাক কোৱা, “নিজকে নম্র কৰা আৰু তোমালোক চাপৰত বহা, কিয়নো তোমালোকৰ শিৰোভুষণ, এনে কি, সুন্দৰ মুকুট খহি পৰিল।
19 Miji iliyoko Negebu itafungwa, wala hapatakuwa na mtu wa kuifungua. Watu wa Yuda wote watapelekwa uhamishoni, wakichukuliwa kabisa waende mbali.
১৯দক্ষিণ অঞ্চলৰ নগৰবোৰ বন্ধ হ’ল, সেইবোৰ মেলি দিওঁতা কোনো নাই; গোটেই যিহূদাক দেশান্তৰলৈ নিয়া হ’ল, তাৰ সকলো লোককে নিয়া হ’ল।
20 Inua macho yako uone wale wanaokuja kutoka kaskazini. Liko wapi lile kundi ulilokabidhiwa, kondoo wale uliojivunia?
২০তোমালোকে উত্তৰ দিশৰ পৰা অহা এই লোকসকলক চোৱা। তোমাক দিয়া সেই মেৰৰ জাকটি, তোমাৰ সুন্দৰ জাকটি ক’ত?
21 Utasema nini Bwana atakapowaweka juu yako wale ulioungana nao kama marafiki wako maalum? Je, hutapatwa na utungu kama mwanamke aliye katika utungu wa kuzaa?
২১তুমি নিজে নিজৰ বিপক্ষে তোমাৰ বন্ধুসকলক শিক্ষা দিয়াত, যেতিয়া তেওঁ তোমাৰ ওপৰত সেই বন্ধুসকলক মূৰব্বী পাতিব? তেতিয়া তুমি কি কবা? প্ৰসৱকাৰিণীৰ বেদনাৰ দৰে বেদনাই তোমাক নধৰিব নে?
22 Nawe kama ukijiuliza, “Kwa nini haya yamenitokea?” Ni kwa sababu ya dhambi zako nyingi ndipo marinda yako yameraruliwa na mwili wako umetendewa vibaya.
২২তেতিয়া হয়তো তুমি মনতে ক’বা, যে, “মোৰ এনে দশা কিয় ঘটিল?” তেন্তে শুনা, তোমাৰ অপৰাধ অধিক হোৱাত তোমাৰ বস্ত্ৰৰ আঁচল ওপৰলৈ তোলা হ’ল, আৰু তোমাক বলাৎকাৰ কৰা হ’ল।
23 Je, Mkushi aweza kubadili ngozi yake au chui kubadili madoadoa yake? Vivyo hivyo nawe huwezi kufanya mema wewe uliyezoea kutenda mabaya.
২৩কুচীয়া লোকে জানো নিজৰ ছাল, বা নাহৰফুটুকী বাঘে জানো নিজ গাৰ ফুটুকা-ফুটুকীবোৰ, সলনি কৰিব পাৰে? যদি পাৰে, তেন্তে কুকৰ্মত অভ্যাস থকা যি তোমালোক, তোমালোকেও সৎকৰ্ম কৰা সম্ভৱ।
24 “Nitawatawanya kama makapi yapeperushwayo na upepo wa jangwani.
২৪এই হেতুকে মই অৰণ্যৰ বতাহত উৰি যোৱা খেৰৰ নিচিনাকৈ তেওঁলোকক উৰুৱাই দিম।
25 Hii ndiyo kura yako, fungu nililokuamuria,” asema Bwana, “kwa sababu umenisahau mimi na kuamini miungu ya uongo.
২৫যিহোৱাই কৈছে, এয়ে তোমাৰ নিৰূপিত ভাগ, মই তোমাক জুখি দিয়া অংশ; কিয়নো তুমি মোক পাহৰিলা, আৰু মিছাত বিশ্বাস কৰিলা।
26 Nitayafunua marinda yako mpaka juu ya uso wako ili aibu yako ionekane:
২৬সেই কাৰণে মইয়ো তুমি পিন্ধা কাপোৰৰ আঁচল মুখৰ ওপৰলৈকে দাঙিম; আৰু তোমাৰ লাজৰ ঠাই দেখা যাব।
27 uzinzi wako na kulia kwako kama farasi kulikojaa tamaa, ukahaba wako usio na aibu! Nimeyaona matendo yako ya machukizo juu ya vilima na mashambani. Ole wako, ee Yerusalemu! Utaendelea kuwa najisi mpaka lini?”
২৭চহৰৰ বাহিৰৰ পৰ্ব্বতত মই তোমাৰ ঘিণলগীয়া কাম, এনে কি, তোমাৰ ব্যভিচাৰকৰ্ম, তোমাৰ ঢেকঢেকনি, আৰু বেশ্যাবৃত্তিৰ কুকৰ্ম দেখিলোঁ, হে যিৰূচালেম তুমি সন্তাপৰ পাত্ৰী! তুমি শুচি হবলৈ ইচ্ছা নকৰা। তুমি এনে অৱস্থাত আৰু কিমান কাল থাকিবা?

< Yeremia 13 >