< Isaya 8 >
1 Bwana akaniambia, “Chukua gombo kubwa, uandike juu yake kwa kalamu ya kawaida jina: Maher-Shalal-Hash-Bazi.
১যিহোৱাই মোক ক’লে, “তুমি এখন ডাঙৰ ফলি লোৱা আৰু তাত এইদৰে লিখা ‘মহেৰচালল-হচ-বজ’
2 Nami nitawaita kuhani Uria, na Zekaria mwana wa Yeberekia kama mashahidi wangu waaminifu.”
২পুৰোহিত ঊৰিয়া আৰু যিবেৰেখিয়াৰ পুত্ৰ জখৰিয়াক, মোৰ প্রমাণৰ বাবে বিশ্বাসী সাক্ষীস্বৰূপে মাতিম।”
3 Kisha nikaenda kwa nabii mke, naye akapata mimba, akazaa mwana. Kisha Bwana akaniambia, “Mwite huyo mtoto Maher-Shalal-Hash-Bazi.
৩মই ভাববাদিনীৰ ওচৰলৈ গ’লো, আৰু তেওঁ গৰ্ভৱতী হৈ এটি পুত্ৰ প্ৰসৱ কৰিলে। তেতিয়া যিহোৱাই মোক ক’লে, “তেওঁক ‘মহেৰচালল-হচ-বজ’ বুলি মাতিবা।
4 Kabla mtoto hajaweza kusema ‘Baba yangu’ au ‘Mama yangu,’ utajiri wa Dameski na nyara za Samaria zitachukuliwa na mfalme wa Ashuru.”
৪কাৰণ লৰাটিয়ে মোৰ মা, আৰু মোৰ দেউতা, বুলি মাতিবলৈ জনাৰ পূৰ্বেই, দম্মেচকৰ ধন-সম্পত্তি আৰু চমৰিয়াৰ লুটদ্ৰব্য ৰজা অচূৰৰ দ্বাৰাই কঢ়িয়াই নিয়া হ’ব।”
5 Bwana akasema nami tena:
৫যিহোৱাই মোক পুনৰ কৈছিল,
6 “Kwa sababu watu hawa wamekataa maji ya Shilo yatiririkayo taratibu wakamfurahia Resini na mwana wa Remalia,
৬কাৰণ এই লোকসকল চীলোহৰ শীতল পানী অগ্ৰাহ্য কৰিছে, ৰচীন আৰু ৰমলিয়াৰ পুত্রৰ বিষয়ে আনন্দ কৰিছে।
7 kwa hiyo Bwana yu karibu kuleta dhidi yao mafuriko makubwa ya Mto: yaani mfalme wa Ashuru na fahari yake yote. Yatafurika juu ya mifereji yake yote, yatamwagikia juu ya kingo zake zote,
৭এই কাৰণে প্ৰভুৱে নদীৰ প্ৰৱল আৰু প্ৰচুৰ জল সমূহ ৰজা অচূৰীয়া আৰু তেওঁৰ সকলো প্ৰতাপৰ ওপৰলৈ আনিব; সি সকলো সুঁতি পূৰ কৰিব, আৰু পাৰৰ ওপৰেদি বাগৰি যাব।
8 na kufika hadi Yuda, yakizunguka kwa kasi juu yake, yakipita katikati na yakifika hadi shingoni. Mabawa yake yaliyokunjuliwa yatafunika upana wa nchi yako, Ee Imanueli!”
৮আৰু সি বৈ যিহূদা দেশত সোমাব; আৰু ডিঙি নোপোৱালৈকে প্লাবিত হৈ বৈ যাব। হে ইম্মানূৱেল, তাৰ বিস্তাৰিত ডেউকাই তোমাৰ সমগ্র দেশ ঢাকিব।
9 Inueni kilio cha vita, enyi mataifa, na mkavunjwevunjwe! Sikilizeni, enyi nyote nchi za mbali. Jiandaeni kwa vita, nanyi mkavunjwevunjwe! Jiandaeni kwa vita, nanyi mkavunjwevunjwe!
৯হে লোকসকল, তোমালোক ডোখৰ ডোখৰ হ’বা। সকলো দূৰত থকা দেশবোৰ শুনা, যুদ্ধৰ বাবে নিজকে সুসজ্জিত কৰা, আৰু ডোখৰ ডোখৰকৈ ভঙা হ’বা।
10 Wekeni mikakati yenu, lakini itashindwa; fanyeni mipango yenu, lakini haitafanikiwa, kwa maana Mungu yu pamoja nasi.
১০পৰিকল্পনা কৰা, কিন্তু সেয়ে বিফল হ’ব; আদেশ দিয়া, কিন্তু সেয়াও বিফল হ’ব; কাৰণ ঈশ্বৰ আমাৰ লগত আছে।
11 Bwana alisema nami mkono wake wenye nguvu ukiwa juu yangu, akinionya nisifuate njia za taifa hili. Akasema:
১১যিহোৱা তেওঁৰ পৰাক্রমী হাত মোৰ ওপৰত ৰাখিছে, আৰু এই লোকসকলৰ পথত গমন নকৰিবলৈ সাৱধান কৰি মোক ক’লে,
12 “Usiite fitina kila kitu ambacho watu hawa hukiita fitina, usiogope kile wanachokiogopa, wala usikihofu.
১২এই লোকসকলে যি বিষয়ক ষড়যন্ত্র বুলি কয়, তেনে কোনো বিষয়ক ষড়যন্ত্র বুলি নকবা, তেওঁলোকে যি ভয় কৰে, তুমি তালৈ ভয় নকৰিবা, আৰু আতংকিত নহবা।
13 Bwana Mwenye Nguvu Zote ndiye peke yake ikupasaye kumheshimu kuwa mtakatifu, ndiye peke yake utakayemwogopa, ndiye peke yake utakayemhofu,
১৩তোমালোকে বাহিনীসকলৰ যিহোৱাক পবিত্ৰ বুলি সন্মান কৰিবা; তেওঁক ভয় কৰিবা, তেঁৱেই সেই জন যি জনক তোমালোকে ভয় কৰা উচিত।
14 naye atakuwa mahali patakatifu; lakini kwa nyumba zote mbili za Israeli atakuwa jiwe lile linalosababisha watu kujikwaa na mwamba wa kuwaangusha. Kwa watu wa Yerusalemu, atakuwa mtego na tanzi.
১৪তেঁৱেই পবিত্ৰ স্থান হ’ব, কিন্তু তেওঁ এটা ক্ষুদ্র পদক্ষেপ দিয়া শিল আৰু উজুটি খোৱা শিল হ’ব, যিৰূচালেম নিবাসী লোকৰ বাবে ইস্রায়েলৰ দুয়োটা বংশ ফান্দ আৰু জালৰ দৰে হ’ব।
15 Wengi wao watajikwaa; wataanguka na kuvunjika, watategwa na kunaswa.”
১৫তেওঁলোকৰ মাজৰ অনেকে তাত উজুটি খাই পৰি ভগ্ন হ’ব, আৰু ফান্দত পৰি ধৰা পৰিব।
16 Funga ushuhuda na kutia muhuri sheria miongoni mwa wanafunzi wangu.
১৬মোৰ সাক্ষ্যৰ কথা বান্ধি ৰাখা, কাৰ্যালয়ৰ নথি পত্রত মোহৰ মাৰি ৰাখা, আৰু ইয়াক মোৰ শিষ্যসকলক দিয়া।
17 Nitamngojea Bwana, ambaye ameificha nyumba ya Yakobo uso wake. Nitaliweka tumaini langu kwake.
১৭যি জনাই যাকোবৰ বংশৰ পৰা নিজৰ মুখ ঢাকি ৰাখিছে, মই সেই যিহোৱালৈ বাট চাম, আৰু তেওঁ লৈ অপেক্ষা কৰিম।
18 Niko hapa, pamoja na watoto ambao Bwana amenipa. Sisi ni ishara na mfano wake katika Israeli, kutoka kwa Bwana Mwenye Nguvu Zote, anayeishi juu ya Mlima Sayuni.
১৮চিয়োন পৰ্বতত থকা বাহিনীসকলৰ যিহোৱাৰ পৰা যিহোৱাই চিন স্বৰূপে ইস্রায়েলৰ অদ্ভুত লক্ষ্যণৰ বাবে দিয়া পুত্রসকল আৰু মোক চোৱা,
19 Wakati watu wanapowaambia ninyi kutafuta ushauri kwa waaguzi na wenye kuongea na mizimu, ambao hunongʼona na kunungʼunika, je, watu wasingeuliza kwa Mungu wao? Kwa nini watake shauri kwa wafu kwa ajili ya walio hai?
১৯তেওঁলোকে তোমালোকক ক’ব, “যি সকলে গুণমন্ত্র জানে তেনে যাদুকৰ আৰু মধ্যস্থতাকাৰীৰ সৈতে আলোচনা কৰা” কিন্তু লোকসকলে নিজৰ ঈশ্বৰক নুসুধিব নে? তেওঁলোকে জীৱিতসকলৰ হৈ মৃতবোৰক সুধিব নে?
20 Kwa sheria na kwa ushuhuda! Kama hawatasema sawasawa na neno hili, hawana mwanga wa mapambazuko.
২০সেয়ে তোমালোকে বিধান আৰু সাক্ষ্যলৈ মনোযোগ দিয়া উচিত! যদি তেওঁলোকে এই বিষয়ে নকয়, তেনেহ’লে ইয়াৰ কাৰণে তেওঁলোকলৈ পুৱাৰ পোহৰ নহ’ব।
21 Watazunguka katika nchi yote, wakiwa na dhiki na njaa. Watakapotaabika kwa njaa, watapatwa na hasira kali, nao, wakiwa wanatazama juu, watamlaani mfalme wao na Mungu wao.
২১তেওঁলোক দুখিত ও ক্ষুধিত হৈ দেশৰ মাজেদি যাব। তেওঁলোকৰ যেতিয়া ভোক লাগিব, তেতিয়া তেওঁলোকৰ খং উঠিব; আৰু তেওঁলোকৰ মুখ ওপৰলৈ কৰি নিজৰ ৰজা আৰু নিজৰ ঈশ্বৰক শাও দিব।
22 Kisha wataangalia duniani na kuona tu dhiki na giza, hofu na huzuni tupu, nao watasukumiwa kwenye giza nene kabisa.
২২তেওঁলোকে পৃথিৱীলৈ চাব; আৰু সঙ্কট, আন্ধাৰ, আৰু দুখ যাতনা দেখিব। তেওঁলোকক আন্ধকাৰৰ দেশলৈ নিয়া হ’ব।