< Isaya 53 >

1 Ni nani aliyeamini ujumbe wetu, na mkono wa Bwana umefunuliwa kwa nani?
আমি যি শুনিলো সেয়া কোনে বিশ্বাস কৰিলে? আৰু যিহোৱাৰ বাহু কাৰ বাবে প্ৰকাশিত হ’ল?
2 Alikua mbele yake kama mche mwororo na kama mzizi katika nchi kavu. Hakuwa na uzuri wala utukufu wa kutuvutia kwake, hakuwa na chochote katika sura yake cha kutufanya tumtamani.
কাৰণ তেওঁ যিহোৱাৰ আগত গছ পুলিৰ দৰে, আৰু শুকান মাটিত অঙ্কুৰিত হোৱা কোমল গজালিৰ দৰে বাঢ়ি উঠিল; তেওঁৰ কোনো বৈশিষ্ট্যপূর্ণ চেহেৰা বা ঐশ্বর্য নাছিল, আমি যেতিয়া তেওঁক চাওঁ তেতিয়া আমাক আকর্ষণ কৰিব পৰা তেওঁৰ কোনো সৌন্দৰ্য নাছিল।
3 Alidharauliwa na kukataliwa na wanadamu, mtu wa huzuni nyingi, ajuaye mateso. Kama mtu ambaye watu humficha nyuso zao, alidharauliwa, wala hatukumhesabu kuwa kitu.
তেওঁ ঘৃণিত আৰু মানুহৰ দ্বাৰাই প্রত্যাকখাণ কৰা; শোকাতুৰ আৰু যাতনা পৰিচিত ব্যক্তি। যাৰ পৰা মানুহে মুখ লুকাই ৰাখে, তেওঁ তাৰ দৰে; তেওঁক তুচ্ছ জ্ঞান কৰা হল, আৰু আমি তেওঁক বিশেষত্বহীন বুলি বিবেচনা কৰিলোঁ।
4 Hakika alichukua udhaifu wetu na akajitwika huzuni zetu, hata hivyo tulidhania kuwa amepigwa na Mungu, akapigwa sana naye, na kuteswa.
নিশ্চয়ে তেওঁ আমাৰ যাতনাবোৰ ললে, আমাৰ ৰোগৰ ভাৰ বলে, তথাপি আমি তেওঁক ঈশ্বৰৰ দ্বাৰাই শাস্তি পোৱা, ঈশ্বৰৰ দ্বাৰাই প্ৰহাৰিত, আৰু পীড়িত বুলি ভাবিলো।
5 Lakini alitobolewa kwa ajili ya makosa yetu, alichubuliwa kwa ajili ya maovu yetu; adhabu iliyotuletea sisi amani ilikuwa juu yake, na kwa majeraha yake sisi tumepona.
কিন্তু আমাৰ বিদ্রোহী কার্যবোৰৰ বাবে তেওঁক খোচা হ’ল, আমাৰ পাপবোৰৰ বাবে গুড়ি কৰা হ’ল। আমাৰ শান্তিৰ বাবে তেওঁক শাস্তি দিয়া হ’ল, আৰু তেওঁৰ আঘাতৰ দ্বাৰাই আমি সুস্থ হলোঁ।
6 Sisi sote, kama kondoo, tumepotea, kila mmoja wetu amegeukia njia yake mwenyewe, naye Bwana aliweka juu yake maovu yetu sisi sote.
আমি সকলোৱে মেৰ-ছাগৰ দৰে অপথে গৈছিলোঁ; আমি প্ৰতিজনে নিজৰ নিজৰ পথে ঘুৰিছিলোঁ, আৰু যিহোৱাই আমাৰ সকলোৰে ঘোৰ অধর্মৰ ভাৰ তেওঁৰ ওপৰত দিলে।
7 Alionewa na kuteswa, hata hivyo hakufungua kinywa chake; aliongozwa kama mwana-kondoo apelekwaye machinjoni, kama vile kondoo anyamazavyo mbele ya wao wamkataye manyoya, hivyo hakufungua kinywa chake.
তেওঁক অত্যাচাৰ কৰা হৈছিল, তথাপি তেওঁ নিজকে নম্ৰ কৰিলে, আৰু তেওঁ নিজৰ মুখ নেমেলিলে; যেনেকৈ কাটিবলৈ নিয়া মেৰ-ছাগ, আৰু যেনেকৈ নোম কাটোতাৰ আগত মেৰ-ছাগে নিজম দি থকে, সেই দৰে তেওঁ নিজৰ মুখক নেমেলিলে।
8 Kwa kuonewa na kuhukumiwa aliondolewa. Nani awezaye kueleza kuhusu kizazi chake? Kwa maana alikatiliwa mbali na nchi ya walio hai, alipigwa kwa ajili ya makosa ya watu wangu.
তেওঁক দমন নীতি আৰু বিচাৰৰ দ্বাৰাই দোষী কৰা হৈছিল; সেই প্রজন্মৰ পৰা কোনে তেওঁৰ বিষয়ে আৰু অধিক চিন্তা কৰিছিল? কিন্তু জীৱিতসকলৰ দেশৰ পৰা তেওঁক বিচ্ছেদ কৰা হৈছিল; আৰু মোৰ লোকসকলৰ দোষৰ কাৰণে তেওঁক শাস্তি দিয়া হৈছিল।
9 Wakamfanyia kaburi pamoja na waovu, pamoja na matajiri katika kifo chake, ingawa hakutenda jeuri, wala hapakuwa na hila kinywani mwake.
তেওঁলোকে অপৰাধীসকলৰ সৈতে তেওঁৰ মৈদাম স্থাপন কৰিবলৈ ইচ্ছা কৰিলে, আৰু মৃত্যুত তেওঁ ধনৱানৰ সৈতে আছিল, তথাপি তেওঁ কোনো অত্যাচাৰ কৰা নাছিল, নাইবা তেওঁৰ মুখত কোনো প্ৰতাৰণাৰ কথা নাছিল।
10 Lakini yalikuwa ni mapenzi ya Bwana kumchubua na kumsababisha ateseke. Ingawa Bwana amefanya maisha yake kuwa sadaka ya hatia, ataona uzao wake na kuishi siku nyingi, nayo mapenzi ya Bwana yatafanikiwa mkononi mwake.
১০তথাপি যিহোৱাই তেওঁক আঘাতপ্রাপ্ত কৰি গুড়ি কৰিবলৈ ইচ্ছা কৰিলে; কিন্তু তোমালোকে যদি তেওঁৰ জীৱন পাপৰ বাবে উৎসর্গ কৰিব খুজিছা, তেনেহ’লে তুমি নিজৰ সন্তান সকলক দেখিবা, তেওঁৰ আয়ুস দীঘল হ’ব, আৰু যিহোৱাৰ উদ্দেশ্য তেওঁৰ যোগেদি সিদ্ধ কৰিব।
11 Baada ya maumivu ya nafsi yake, ataona nuru ya uzima na kuridhika; kwa maarifa yake, mtumishi wangu mwenye haki atawafanya wengi kuwa wenye haki, naye atayachukua maovu yao.
১১তেওঁৰ আত্মাই কষ্ট পোৱাৰ পাছত তেওঁ নিজৰ জ্ঞানৰ দ্বাৰাই নিজকে সন্তুষ্ট হোৱা দেখিব। মোৰ ধাৰ্মিক দাসে অনেকক নির্দোষী প্রমাণ কৰিব, তেৱেঁই তেওঁলোকৰ অপৰাধৰ ভাৰ বহন কৰিব।
12 Kwa hiyo nitamgawia sehemu miongoni mwa wakuu, naye atagawana nyara pamoja na wenye nguvu, kwa sababu aliyamimina maisha yake hadi mauti, naye alihesabiwa pamoja na wakosaji. Kwa kuwa alichukua dhambi za wengi, na kuwaombea wakosaji.
১২সেইবাবে অনেক লোকসকলৰ মাজত মই তেওঁৰ অংশ দিম, আৰু তেওঁ বহুতৰ সৈতে লুটদ্ৰব্য ভাগ কৰিব; কাৰণ তেওঁ নিজৰ জীৱন মৃত্যুলৈ প্রকাশিত কৰিলে, আৰু আইন ভঙ্গ কৰাসকলৰ সৈতে গনিত হ’ল। তেওঁ অনেকৰ পাপৰ ভাৰ বহন কৰিলে, আৰু আইন ভঙ্গ কৰাসকলৰ কাৰণে মধ্যস্হতা কৰিলে।

< Isaya 53 >