< Isaya 24 >
1 Tazama, Bwana ataifanya dunia kuwa ukiwa na kuiharibu, naye atauharibu uso wake na kutawanya wakaao ndani yake:
১চোৱা, যিহোৱাই পৃথিৱী খালী কৰিছে, আৰু তাক শূন্য কৰিছে, আৰু তাৰ মুখ তল কৰি তাৰ নিবাসীসকলক সিঁচৰিত কৰিছে।
2 ndivyo itakavyokuwa kwa makuhani na kwa watu, kwa bwana na kwa mtumishi, kwa bibi na kwa mtumishi wake wa kike, kwa muuzaji na kwa mnunuzi, kwa mkopaji na kwa mkopeshaji, kwa mdaiwa na kwa mdai.
২প্ৰজা যেনে পুৰোহিতো তেনে, দাস যেনে মালিকো তেনে, দাসী যেনে মালিকনীও তেনে, কিনা জন যেনে বিক্রী কৰা জনো তেনে, ধাৰ দিয়া জন যেনে ধাৰ লোৱা জনো তেনে, সূত লোৱা জন যেনে সূত দিয়া জনো তেনে হ’ব।
3 Dunia itaharibiwa kabisa na kutekwa nyara kabisa. Bwana amesema neno hili.
৩পৃথিৱী সম্পূৰ্ণকৈ শূন্য আৰু লুট কৰা হ’ব; কিয়নো যিহোৱাই এই কথা কৈছে,
4 Dunia inakauka na kunyauka, dunia inanyongʼonyea na kunyauka, waliotukuzwa wa dunia wananyongʼonyea.
৪পৃথিৱীয়ে শোক কৰি লেৰেলা পৰিছে, জগতখন দুৰ্ব্বল হৈ জয় পৰিছে, পৃথিৱীৰ সম্ভ্ৰান্ত লোকসকল দুৰ্ব্বল হৈছে।
5 Dunia imetiwa unajisi na watu wake; wameacha kutii sheria, wamevunja amri na kuvunja agano la milele.
৫পৃথিৱীও তাৰ নিবাসীসকলৰ দ্বাৰাই অপবিত্ৰ হ’ল, কাৰণ তেওঁলোক আজ্ঞাবোৰ লঙ্ঘন কৰিলে, বিধি পৰিবৰ্তন কৰিলে, আৰু চিৰস্থায়ী নিয়ম ভঙ্গ কৰিলে।
6 Kwa hiyo laana inaiteketeza dunia, watu wake lazima waichukue hatia yao. Kwa hiyo wakazi wa dunia wameteketezwa, nao waliosalia ni wachache sana.
৬সেই বাবে অভিশাপে পৃথিৱী গ্ৰাস কৰিলে, আৰু তাৰ নিবাসীসকলক দোষী পোৱা গ’ল। পৃথিৱী নিবাসীসকল দগ্ধ হ’ল, আৰু অলপ সংখ্যক লোক অৱশিষ্ট থাকিল।
7 Divai mpya inakauka na mzabibu unanyauka, watu wote wafurahishao wanalia kwa huzuni.
৭নতুন দ্ৰাক্ষাৰসে শোক কৰিছে, দ্ৰাক্ষালতা জয় পৰি গৈছে, আনন্দিত মনৰ লোকসকলে হুমুনীয়াহ কাঢ়িছে।
8 Furaha ya matoazi imekoma, kelele za wenye furaha zimekoma, shangwe za kinubi zimenyamaza.
৮খঞ্জৰীবোৰৰ আনন্দ ধ্বনি বন্ধ হ’ল, উল্লাস কৰা সকল ওৰ পৰিল, বীণাৰ আনন্দ ধ্বনি শেষ হ’ল।
9 Hawanywi tena mvinyo pamoja na wimbo, kileo ni kichungu kwa wanywaji wake.
৯তেওঁলোক আৰু দ্ৰাক্ষাৰস পান কৰা নাই আৰু গান গোৱা নাই; সুৰা পান কৰা লোকৰ মুখত সুৰা তিতা লাগিব;
10 Mji ulioharibiwa umekuwa ukiwa, mlango wa kila nyumba umefungwa.
১০উচ্ছন্নপুৰি ভগ্ন হ’ল; প্রতিখন ঘৰ খালী আৰু বন্ধ হ’ল।
11 Barabarani wanalilia kupata mvinyo, furaha yote imegeuka kuwa majonzi, furaha yote imefukuziwa mbali na dunia.
১১দ্ৰাক্ষাৰসৰ কাৰণে লোকসকলে বাটত কান্দিছে; সকলো আনন্দ মাৰ গ’ল, দেশত আনন্দ ধ্বনি নাইকিয়া হ’ল।
12 Mji umeachwa katika uharibifu, lango lake limevunjwa vipande.
১২নগৰত কেৱল ধ্বংস বাকি থাকিল, আৰু দুৱাৰখন ভাঙি নষ্ট হ’ল।
13 Ndivyo itakavyokuwa duniani na miongoni mwa mataifa, kama vile wakati mzeituni upigwavyo, au kama vile wakati masazo yabakiavyo baada ya zabibu kuvunwa.
১৩কিয়নো জিত গছ জোকাৰিলে যেনে হয়, দ্ৰাক্ষাফল গোটাবৰ পাছত চেৰ পৰা গুটি যেনে হয়, প্ৰজাসকলৰ মাজত পৃথিবীও তেনে হয়।
14 Wanainua sauti zao, wanapiga kelele kwa furaha, kutoka magharibi wanasifu kwa ukelele utukufu wa Bwana.
১৪তেওঁলোক উচ্চ স্বৰেৰে যিহোৱাৰ ঐশ্বৰ্যৰ জয় ধ্বনি কৰিব, সমুদ্ৰৰ পৰা আনন্দেৰে উচ্চ ধ্বনি কৰিব।
15 Kwa hiyo upande wa mashariki mpeni Bwana utukufu, liadhimisheni jina la Bwana, Mungu wa Israeli, katika visiwa vya bahari.
১৫এই হেতুকে পূব দিশত যিহোৱা গৌৰৱান্বিত হৈছে, আৰু সমুদ্ৰৰ দ্বীপবোৰত ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ নাম গৌৰৱাম্বিত হৈছে।
16 Kutoka miisho ya dunia tunasikia uimbaji: “Utukufu kwa Yule Mwenye Haki.” Lakini nilisema, “Ninadhoofika, ninadhoofika! Ole wangu! Watenda hila wanasaliti! Kwa hila watenda hila wanasaliti!”
১৬আমি পৃথিবীৰ অন্তভাগৰ পৰা গীত শুনিলোঁ, “ধাৰ্মিকজনৰ গৌৰৱ হওক।” কিন্তু মই কলোঁ, “মই ক্ষয় হৈ গৈছোঁ, মই ক্ষয় হৈ গৈছোঁ, মোৰ সন্তাপ হ’ল; বিশ্বাসঘাতকসকলে অতিশয় বিশ্বাসঘাতকতা কৰিলে।
17 Hofu, shimo na mtego vinakungojea, ewe mtu ukaaye duniani.
১৭পৃথিৱী নিবাসীসকল তোমালোকৰ বাবে আপদ, গাত, আৰু ফান্দ নিৰূপিত কৰা আছে।
18 Kila akimbiaye asikiapo sauti ya hofu atatumbukia shimoni, naye yeyote apandaye kutoka shimoni, atanaswa kwenye mtego. Malango ya gharika ya mbinguni yamefunguliwa, misingi ya dunia inatikisika.
১৮সেই আপদৰ বাৰ্ত্তা পাই পলোৱা জন সেই গাতত পৰিব, আৰু সেই গাতৰ ভিতৰৰ পৰা ওলোৱা জন সেই ফান্দত ধৰা পৰিব, কিয়নো স্বৰ্গৰ দুৱাৰবোৰ মুকলি হ’ব, আৰু পৃথিৱীৰ মূলবোৰ লৰিব।
19 Dunia imepasuka, dunia imechanika, dunia imetikiswa kabisa.
১৯পৃথিৱী সম্পূৰ্ণকৈ ভগ্ন হ’ব, পৃথিৱী ডোখৰ ডোখৰ হ’ব; পৃথিৱী অত্যন্ত লৰিব।
20 Dunia inapepesuka kama mlevi, inayumbayumba kama kibanda kwenye upepo; imelemewa sana na mzigo wa hatia ya uasi wake na ikianguka kamwe haitainuka tena.
২০পৃথিৱী মাতাল মানুহৰ দৰে ঢলংপলং কৰিব, আৰু জুলনিৰ দৰে জুলিব, আৰু তাৰ অপৰাধ তাৰ ওপৰত গধূৰ হোৱাত পতিত হ’ব, পুনৰায় আৰু নুঠিব।
21 Katika siku ile Bwana ataadhibu nguvu zilizoko mbinguni juu, na wafalme walioko duniani chini.
২১যেতিয়া সেই দিন আহিব, সেই দিনা যিহোৱাই উচ্চস্থানত উচ্চস্থানীয় বাহিনীসকলক, আৰু পৃথিবীত পৃথিবীৰ ৰজাসকল দণ্ড দিব।
22 Watakusanywa pamoja kama wafungwa waliofungwa gerezani, watafungiwa gerezani na kuadhibiwa baada ya siku nyingi.
২২কাৰাগাৰত বন্দীয়াৰসকলক গোটোৱাৰ দৰে তেওঁলোকক গোটোৱা হ’ব, আৰু বন্দীশালত বন্ধ কৰা হ’ব; আৰু অনেক দিনৰ পাছত তেওঁলোকক দণ্ড দিয়া হ’ব।
23 Mwezi utatiwa haya, nalo jua litaaibishwa; kwa maana Bwana Mwenye Nguvu Zote atawala juu ya Mlima Sayuni na katika Yerusalemu, tena mbele ya wazee wake kwa utukufu.
২৩তেতিয়া চন্দ্ৰ লজ্জিত হ’ব আৰু সূৰ্য অপদস্থ হ’ব; কাৰণ বাহিনীসকলৰ যিহোৱাই চিয়োন পৰ্ব্বত, যিৰূচালেমত, আৰু নিজৰ পৰিচাৰকসকলৰ সন্মুখত গৌৰৱেৰে ৰাজত্ব কৰিব।