< Hosea 9 >

1 Usifurahie, ee Israeli; usishangilie kama mataifa mengine. Kwa kuwa hukuwa mwaminifu kwa Mungu wako; umependa ujira wa kahaba kwenye kila sakafu ya kupuria nafaka.
হে ইস্ৰায়েল, অন্যান্য জাতিবোৰৰ দৰে তুমি অতিশয় আনন্দ নকৰিবা; তুমিতো তোমাৰ ঈশ্বৰৰ পৰা আঁতৰি গৈ বেশ্যাকৰ্ম কৰিছা, মৰণা মৰা প্ৰত্যেক মজিয়াত তুমি বেশ্যাকর্মৰ বেচ পাই আনন্দিত হৈছা।
2 Sakafu za kupuria nafaka na mashinikizo ya kukamulia divai havitalisha watu, divai mpya itawapungukia.
মৰণা মৰা মজিয়া আৰু দ্ৰাক্ষা পেৰা কুণ্ডই লোকসকলক খাবলৈ নিদিব; তেওঁলোকে নতুন দ্রাক্ষাৰস নাপাব।
3 Hawataishi katika nchi ya Bwana, Efraimu atarudi Misri na atakula chakula kilicho najisi huko Ashuru.
তেওঁলোকে যিহোৱাৰ দেশত বাস নকৰিব; কিন্তু ইফ্ৰয়িম হ’লে মিচৰলৈ উলটি যাব, আৰু তেওঁলোকে অচূৰীয়াত অশুচি আহাৰ খাব।
4 Hawatammiminia Bwana sadaka ya divai wala dhabihu zao hazitampendeza. Dhabihu kama hizo zitakuwa kwao kama mkate wa waombolezaji; nao wote wazilao watakuwa najisi. Chakula hiki kitakuwa kwa ajili yao wenyewe; kisije katika Hekalu la Bwana.
তেওঁলোকে যিহোৱাৰ উদ্দেশ্যে দ্ৰাক্ষাৰসৰ পানীয় নৈবেদ্য ঢালিবলৈ নাপাব; তেওঁলোকৰ বলিবোৰে তেওঁক সন্তুষ্ট নকৰিব; তেনে বলিদানবোৰ শোকার্ত লোকসকলৰ আহাৰৰ নিচিনা হ’ব; সেইবোৰ যিসকলে খাব, তেওঁলোক সকলো অশুচি হ’ব; কিয়নো সেই আহাৰ কেৱল তেওঁলোকৰ নিজৰ ভোক গুচাবৰ কাৰণেই হব, কিন্তু যিহোৱাৰ গৃহলৈ নাহিব।
5 Mtafanya nini katika siku ya sikukuu zenu zilizoamriwa, katika siku za sikukuu za Bwana?
তেওঁলোকৰ পৰ্ব্বৰ দিনা আৰু যিহোৱাৰ উৎসৱৰ দিনা তেওঁলোকে কি কৰিব?
6 Hata ikiwa wataokoka maangamizi, Misri atawakusanya, nayo Memfisi itawazika. Hazina zao za fedha zitasongwa na michongoma, nayo miiba itafunika mahema yao.
তেওঁলোকে যদি অচূৰীয়াত বিনাশৰ পৰা ৰক্ষাও পায়, কিন্তু মিচৰে তেওঁলোকক পৰলোকলৈ গোটাব আৰু মেম্ফিচ নগৰে তেওঁলোকক মৈদাম দিব। তেওঁলোকৰ সাঁচতীয়া মূল্যৱান ৰূপৰ বস্তুবোৰৰ লগতে তেওঁলোকৰ তম্বুবোৰ চোৰাত গছ আৰু কাঁইটীয়া গছে ঢাকি পেলাব।
7 Siku za adhabu zinakuja, siku za malipo zimewadia. Israeli na afahamu hili. Kwa sababu dhambi zenu ni nyingi sana na uadui wenu ni mkubwa sana, nabii anadhaniwa ni mpumbavu, mtu aliyeongozwa na Mungu anaonekana mwendawazimu.
ইস্রায়েলীয়াসকলে ইয়াকে জানিব যে, শাস্তিৰ দিনবোৰ সমাগত, প্রায়শ্চিত্তৰ দিন উপস্থিত হৈছে; তেওঁলোকৰ অনেক অধর্ম আৰু অধিক বিদ্বেষৰ কাৰণে তেওঁলোকে “ভাববাদীক নিৰ্ব্বোধ আৰু ঈশ্বৰৰ আত্মা পোৱা লোকক পগলা বুলি ভাবে।”
8 Nabii, pamoja na Mungu wangu, ndiye mlinzi juu ya Efraimu, hata hivyo mitego inamngojea katika mapito yake yote, na uadui katika nyumba ya Mungu wake.
মোৰ ঈশ্বৰৰ সৈতে ভাববাদীজন ইফ্ৰয়িমৰ প্ৰহৰী হ’লেও তেওঁৰ সকলো পথতে থাকে ব্যাধৰ ফান্দ; ঈশ্বৰৰ গৃহত তেওঁৰ বিপক্ষে থাকে শত্ৰুতা।
9 Wamezama sana katika rushwa, kama katika siku za Gibea. Mungu atakumbuka uovu wao na kuwaadhibu kwa ajili ya dhambi zao.
গিবিয়াৰ সময়ত যেনেকৈ আছিল, সেইদৰে ইস্রায়েলীয়াসকল ভ্রষ্টতাৰ মাজত ডুব গ’ল। ঈশ্বৰে তেওঁলোকৰ অধর্মৰ কথা সোঁৱৰণ কৰিব; তেওঁলোকৰ পাপ কার্যৰ প্ৰতিকাৰ সাধিব।
10 “Nilipompata Israeli, ilikuwa kama kupata zabibu jangwani; nilipowaona baba zenu, ilikuwa kama kuona matunda ya kwanza katika mtini. Lakini walipofika Baal-Peori, walijiweka wakfu kwa ile sanamu ya aibu, nao wakawa najisi kama kitu kile walichokipenda.
১০যিহোৱাই কৈছে, “মৰুভূমিত পোৱা দ্ৰাক্ষাগুটিৰ নিচিনাকৈ মই ইস্ৰায়েলক বিচাৰি পালোঁ; প্রথম ঋতুৰ প্ৰথমে ফল ধৰা ডিমৰু গছৰ গুটিৰ নিচিনাকৈয়ে মই তোমালোকৰ পূৰ্বপুৰুষসকলক দেখা পাইছিলোঁ; কিন্তু তেওঁলোকে বাল-পিয়োৰৰ ওচৰলৈ গৈ সেই লজ্জাপূর্ণ মূর্তিটোৰ উদ্দেশে নিজকে দিছিল; তাতে তেওঁলোকৰ প্রিয় মূর্তিটোৰ দৰেই তেওঁলোক ঘৃণিত হৈ পৰিল।
11 Utukufu wa Efraimu utaruka kama ndege: hakuna kuzaa, hakuna kuchukua mimba, hakuna kutunga mimba.
১১ইফ্ৰয়িমৰ বিষয়ে হ’লে, চৰাইৰ নিচিনাকৈ তেওঁলোকৰ গৌৰৱ দূৰলৈ উড়ি যাব; তেতিয়া সন্তানৰ জন্ম নহ’ব, কোনো গর্ভৱতী নহ’ব আৰু কোনেও গৰ্ভধাৰণো নকৰিব।
12 Hata wakilea watoto, nitamuua kila mmoja. Ole wao nitakapowapiga kisogo!
১২যদিওবা কোনোৱে সন্তান সকলক ডাঙৰ-দীঘল কৰে, সেই সন্তান সকলৰ মৃত্যু ঘটাই মই তেওঁলোকক সন্তানহীন কৰিম; তেওঁলোকৰ এজনো অৱশিষ্ট নাথাকিব। যেতিয়া মই তেওঁলোকৰ ওচৰৰ পৰা আঁতৰি যাম, তেওঁলোকৰ অৱশ্যেই সন্তাপ হ’ব।
13 Nimemwona Efraimu, kama Tiro, aliyeoteshwa mahali pazuri. Lakini Efraimu wataleta watoto wao kwa mchinjaji.”
১৩এদিন মই ইফ্রয়িমক এক মনোহৰ ঠাইত ৰোপণ কৰা তূৰ যেন দেখিছিলোঁ; কিন্তু এতিয়া ইফ্ৰয়িমে নিজৰ সন্তান সকলক বাহিৰ কৰি বধকাৰীৰ ওচৰলৈ তেওঁলোকক লৈ যাব।”
14 Wape, Ee Bwana, je, utawapa nini? Wape matumbo ya kuharibu mimba na matiti yaliyokauka.
১৪হে যিহোৱা, তেওঁলোকক দিয়ক; আপুনি তেওঁলোকক কি দিব? আপুনি তেওঁলোকক গর্ভফল নষ্ট হৈ যোৱা গর্ভ আৰু গাখীৰ নথকা শুকান স্তন দিয়ক।
15 “Kwa sababu ya uovu wao wote huko Gilgali, niliwachukia huko. Kwa sababu ya matendo yao ya dhambi, nitawafukuza katika nyumba yangu. Sitawapenda tena, viongozi wao wote ni waasi.
১৫যিহোৱাই কৈছে, “গিলগলত তেওঁলোকে নিজৰ সকলো দুষ্টতা আৰম্ভ কৰিছিল; সেই ঠাইতে মই তেওঁলোকক ঘৃণা কৰিবলৈ ধৰিলো। তেওঁলোকৰ পাপকর্মৰ কাৰণে মই মোৰ লোকসকলৰ মাজৰ পৰা তেওঁলোকক খেদি বাহিৰ কৰি দিম; মই তেওঁলোকক পুনৰায় প্ৰেম নকৰিম; তেওঁলোকৰ সকলো নেতাই বিদ্ৰোহী।
16 Efraimu ameharibiwa, mzizi wao umenyauka, hawazai tunda. Hata kama watazaa watoto, nitawachinja watoto wao waliotunzwa vizuri.”
১৬ইফ্ৰয়িমক আহত কৰা হৈছে, তেওঁলোকৰ শিপা শুকাই গৈছে, তেওঁলোকে কোনো ফল উৎপন্ন নকৰিব; তেওঁলোকৰ সন্তান জন্ম হ’লেও, মই তেওঁলোকৰ গৰ্ভৰ প্রিয় সন্তানবোৰক মাৰি পেলাম।”
17 Mungu wangu atawakataa kwa sababu hawakumtii; watakuwa watu wa kutangatanga miongoni mwa mataifa.
১৭মোৰ ঈশ্বৰে তেওঁলোকক অগ্ৰাহ্য কৰিব, কিয়নো তেওঁলোক তেওঁৰ আজ্ঞাৰ বাধ্য নহ’ল; তেওঁলোক বিভিন্ন জাতিবোৰৰ মাজত যাযাবৰী হৈ ঘূৰি ফুৰিব।

< Hosea 9 >