< Mwanzo 30 >

1 Raheli alipoona hamzalii Yakobo watoto, akamwonea ndugu yake wivu. Hivyo akamwambia Yakobo, “Nipe watoto, la sivyo nitakufa!”
ৰাহেলে যেতিয়া দেখিলে যে তেওঁ যাকোবলৈ কোনো সন্তান জন্ম দিব পৰা নাই, তেতিয়া বায়েকক হিংসা কৰিবলৈ ধৰিলে। ৰাহেলে যাকোবক ক’লে, “মোক সন্তান দিয়া, নহ’লে মই মৰিম।”
2 Yakobo akamkasirikia, akamwambia, “Je, mimi ni badala ya Mungu, ambaye amekuzuia usizae watoto?”
তেতিয়া ৰাহেললৈ যাকোবৰ অতিশয় খং উঠিল। তেওঁ ক’লে, “যিজনে তোমাক গৰ্ভফল নিদিয়াকৈ ৰাখিছে, মই সেই ঈশ্বৰ নেকি?”
3 Ndipo Raheli akamwambia, “Hapa yupo Bilha, mtumishi wangu wa kike. Kutana naye kimwili ili aweze kunizalia watoto na kwa kupitia yeye mimi pia niweze kuwa na uzao.”
ৰাহেলে ক’লে, “চাওঁক, মোৰ দাসী বিলহা আছে; আপুনি তাইৰ সৈতে শয়ন কৰক যাতে তাই মোৰ কোলাত সন্তান দিব পাৰে আৰু মই তাইৰ দ্বাৰাই সন্তান লাভ কৰিম।”
4 Hivyo Raheli akampa Yakobo Bilha awe mke wake. Yakobo akakutana naye kimwili,
তেতিয়া ৰাহেলে তেওঁৰ দাসী বিলহাৰ লগত যাকোবৰ বিয়া দিলে।
5 Bilha akapata mimba, naye akamzalia Yakobo mwana.
তাতে বিলহা গৰ্ভৱতী হৈ যাকোবলৈ এটি পুত্ৰ প্ৰসৱ কৰিলে।
6 Ndipo Raheli akasema, “Mungu amenipa haki yangu, amesikiliza maombi yangu na kunipa mwana.” Kwa sababu hiyo akamwita Dani.
তেতিয়া ৰাহেলে ক’লে, “ঈশ্বৰে মোৰ কথা শুনি সুবিচাৰ কৰিলে। তেওঁ নিশ্চয়কৈ মোৰ কাকুতি শুনিলে আৰু মোক এটি পুত্ৰ দিলে।” সেয়ে তেওঁ সেই পুত্রৰ নাম দান ৰাখিলে।
7 Bilha mtumishi wa kike wa Raheli akapata mimba tena, akamzalia Yakobo mwana wa pili.
ৰাহেলৰ দাসী বিলহা পুনৰ্ব্বাৰ গৰ্ভৱতী হৈ যাকোবলৈ দ্বিতীয় পুত্ৰ প্রসৱ কৰিলে।
8 Ndipo Raheli akasema, “Nilikuwa na mashindano makubwa na ndugu yangu, nami nimeshinda.” Kwa hiyo akamwita Naftali.
তেতিয়া ৰাহেলে ক’লে, “মই মোৰ বাইদেউৰ সৈতে মালযুদ্ধ কৰি জয়ী থ’লো।” সেয়ে তেওঁ ল’ৰাটিৰ নাম নপ্তালী থলে।
9 Lea alipoona kuwa amekoma kuzaa watoto, alimchukua mtumishi wake wa kike Zilpa, naye akampa Yakobo awe mke wake.
পাছত লেয়াই নিজে গর্ভধাৰণ কৰিবলৈ এৰা দেখি, তেৱোঁ নিজৰ দাসী জিল্পাক যাকোবৰ ভার্য্যা কৰি দিলে।
10 Mtumishi wa Lea yaani Zilpa, akamzalia Yakobo mwana.
১০তাতে লেয়াৰ দাসী জিল্পাই যাকোবলৈ এটি পুত্ৰৰ জন্ম দিলে।
11 Ndipo Lea akasema, “Hii ni bahati nzuri aje!” Kwa hiyo akamwita Gadi.
১১লেয়াই ক’লে, “ই কেনে সৌভাগ্য!” এইবুলি তেওঁ ল’ৰাটিৰ নাম গাদ ৰাখিলে।
12 Mtumishi wa kike wa Lea akamzalia Yakobo mwana wa pili.
১২তাৰ পাছত লেয়াৰ দাসী জিল্পাই যাকোবলৈ তেওঁৰ দ্বিতীয় পুত্ৰ জন্ম দিলে।
13 Ndipo Lea aliposema, “Jinsi gani nilivyo na furaha! Wanawake wataniita furaha.” Kwa hiyo akamwita Asheri.
১৩তাতে লেয়াই ক’লে, “মই সুখী! কিয়নো ছোৱালীবোৰে মোক সুখী বুলি ক’ব।” সেয়ে তেওঁ তাৰ নাম আচেৰ ৰাখিলে।
14 Wakati wa kuvuna ngano, Reubeni akaenda shambani akakuta tunguja, ambazo alizileta kwa Lea mama yake. Raheli akamwambia Lea, “Tafadhali nakuomba unipe baadhi ya tunguja za mwanao.”
১৪পাছত ঘেহুঁধান দোৱাৰ সময়ত, ৰূবেণে ওলাই গৈ পথাৰত দুদা ফল পাই তেওঁৰ মাক লেয়াক আনি দিলে; তেতিয়া ৰাহেলে লেয়াক ক’লে, “তোমাৰ পুত্রই অনা দুদা ফলৰ কেইটামান মোকো দিয়া।”
15 Lakini Lea akamwambia, “Haikukutosha kumtwaa mume wangu? Je, utachukua na tunguja za mwanangu pia?” Raheli akasema, “Vema sana! Yakobo atakutana nawe kimwili leo usiku, kwa malipo ya tunguja za mwanao.”
১৫তাতে লেয়াই তেওঁক ক’লে “তুমি মোৰ স্বামীকে ল’লা, ই জানো সৰু কথা? আকৌ এতিয়া মোৰ পুত্রই অনা দুদা ফলো তুমি ল’ব খোজানে?” তেতিয়া ৰাহেলে ক’লে, “তেন্তে তোমাৰ পুত্রই অনা দুদা ফলৰ সলনি তেওঁ আজি ৰাতি তোমাৰে সৈতে শয়ন কৰিব।”
16 Kwa hiyo Yakobo alipokuja kutoka shambani jioni ile, Lea akaenda kumlaki, akamwambia, “Lazima ukutane nami kimwili. Nimekukodisha kwa tunguja za mwanangu.” Kwa hiyo akakutana naye kimwili usiku ule.
১৬গধূলিপৰত যাকোব যেতিয়া পথাৰৰ পৰা উলটি আহিল লেয়াই বাহিৰলৈ আহি তেওঁক আগবঢ়ায় আনিবলৈ গ’ল। লেয়াই ক’লে, “তুমি আজি ৰাতি মোৰ লগত শয়ন কৰিব লাগে; কিয়নো মোৰ ল’ৰাই অনা দুদা ফল দি মই আপোনাৰ বেচ দিলোঁ।” তাতে সেই ৰাতি যাকোবে লেয়াৰ সৈতে শয়ন কৰিলে।
17 Mungu akamsikiliza Lea, naye akapata mimba akamzalia Yakobo mwana wa tano.
১৭ঈশ্বৰে লেয়াৰ প্ৰাৰ্থনা শুনিলে আৰু তেওঁ পুনৰ গৰ্ভৱতী হৈ যাকোবলৈ পঞ্চম পুত্ৰ প্রসৱ কৰিলে।
18 Ndipo Lea akasema, “Mungu amenizawadia kwa kumpa mume wangu mtumishi wangu wa kike.” Kwa hiyo akamwita Isakari.
১৮তেতিয়া লেয়াই ক’লে, “মই মোৰ স্বামীক মোৰ দাসীক দিছিলোঁ আৰু সেয়ে, ঈশ্বৰে মোক তাৰ বেচ দিলে।” তাৰ কাৰণে তেওঁ পুত্রৰ নাম ইচাখৰ ৰাখিলে।
19 Lea akapata mimba tena akamzalia Yakobo mwana wa sita.
১৯পাছত লেয়া আকৌ গৰ্ভৱতী হ’ল আৰু যাকোবলৈ তেওঁ ষষ্ঠ পুত্ৰ প্রসৱ কৰিলে।
20 Ndipo Lea aliposema, “Mungu amenizawadia kwa zawadi ya thamani sana. Wakati huu mume wangu ataniheshimu kwa sababu nimemzalia wana sita.” Kwa hiyo akamwita Zabuloni.
২০লেয়াই ক’লে, “ঈশ্বৰে মোক এক উত্তম উপহাৰ দিলে। এতিয়া মোৰ স্বামীয়ে মোক সন্মান কৰিব, কিয়নো মই তেওঁলৈ ছয়টি পুত্ৰ প্রসৱ কৰিলোঁ।” তাতে লেয়াই তেওঁৰ পুত্রৰ নাম জবূলূন ৰাখিলে।
21 Baadaye akamzaa mtoto wa kike akamwita Dina.
২১তাৰ পাছত তেওঁ এজনী ছোৱালী প্ৰসৱ কৰিলে আৰু তাইৰ নাম দীনা ৰাখিলে।
22 Ndipo Mungu akamkumbuka Raheli, akasikia maombi yake na akafungua tumbo lake.
২২পাছত ঈশ্বৰে ৰাহেলক সুঁৱৰিলে। ঈশ্বৰে ৰাহেলৰ প্ৰাৰ্থনা শুনিলে আৰু তেওঁকো গৰ্ভধাৰণৰ ক্ষমতা দিলে।
23 Akapata mimba na akamzaa mwana na kusema, “Mungu ameniondolea aibu yangu.”
২৩তাতে ৰাহেল গৰ্ভৱতী হ’ল আৰু তেওঁ এটি পুত্ৰ প্রসৱ কৰিলে। তেতিয়া তেওঁ ক’লে, “ঈশ্বৰে মোৰ অপযশ দূৰ কৰিলে।”
24 Akamwita Yosefu na kusema, “Bwana na anipe mwana mwingine.”
২৪তেওঁ সন্তানৰ নাম যোচেফ ৰাখি ক’লে যে, “যিহোৱাই মোক আন এটি পুত্ৰ দান কৰিলে।”
25 Baada ya Raheli kumzaa Yosefu, Yakobo akamwambia Labani, “Nipe ruhusa nirudi katika nchi yangu.
২৫ৰাহেলে যোচেফক প্ৰসৱ কৰাৰ পাছত যাকোবে লাবনক ক’লে, “এতিয়া মোক বিদায় দিয়ক যাতে মই নিজৰ দেশ আৰু নিজৰ ঘৰলৈ যাব পাৰোঁ।
26 Nipe wake zangu na watoto, ambao nimetumika kuwapata, nami niende zangu. Unajua ni kazi kiasi gani ambayo nimekufanyia.”
২৬মোৰ ভার্য্যা আৰু সন্তান সকলৰ কাৰণে মই আপোনাৰ সেৱা কৰিলোঁ। এতিয়া তেওঁলোকক লৈ মোক যাবলৈ দিয়ক। কিয়নো আপুনি নিজেই জানে মই কিভাৱে আপোনাৰ সেৱা কৰিলোঁ।”
27 Lakini Labani akamwambia, “Ikiwa nimepata kibali machoni pako, tafadhali ukae. Nimegundua kwa njia ya uaguzi kwamba Bwana amenibariki kwa sababu yako.”
২৭তেতিয়া লাবনে তেওঁক ক’লে, “যদিহে মই তোমাৰ দৃষ্টিত অনুগ্ৰহপ্ৰাপ্ত হৈছোঁ, তেন্তে থাকা। কাৰণ যিহোৱাই যে তোমাৰ কাৰণে মোক আশীৰ্ব্বাদ কৰিছে, তাক মই অনুমান কৰি বুজিছোঁ।”
28 Akaongeza kumwambia, “Taja ujira wako nami nitakulipa.”
২৮তেওঁ আৰু ক’লে, “তোমাৰ বেচ তুমি নিৰূপণ কৰা, মই তাকে তোমাক দিম।”
29 Yakobo akamwambia, “Unajua jinsi ambavyo nimekutumikia na jinsi ambavyo wanyama wako walivyolishwa vizuri chini ya uangalizi wangu.
২৯তেতিয়া যাকোবে তেওঁক ক’লে “মই কেনেকৈ আপোনাৰ সেৱা কৰিছোঁ আৰু মোৰ হাতত আপোনাৰ পশুৰ জাকবোৰৰ কি অৱস্থা হৈছে, তাক আপুনি জানে।
30 Kidogo ulichokuwa nacho kabla sijaja kimeongezeka sana, naye Bwana amekubariki popote nilipokuwa. Lakini sasa, ni lini nitashughulikia mambo ya nyumba yangu mwenyewe?”
৩০মই অহাৰ আগেয়ে আপোনাৰ পশুধন অলপ আছিল; কিন্তু এতিয়া সেইবোৰ বাঢ়ি গৈ প্রচুৰ হ’ল; মই যি যি ঠাইতে কাম কৰিলোঁ তাতেই যিহোৱাই আপোনাক আশীৰ্ব্বাদ কৰিলে। কিন্তু মোৰ নিজৰ পৰিয়ালৰ কাৰণেনো মই কেতিয়া কাম কৰিম?”
31 Labani akamuuliza, “Nikupe nini?” Yakobo akamjibu, “Usinipe chochote lakini kama utanifanyia jambo hili moja, nitaendelea kuchunga na kuyaangalia makundi yako.
৩১তেতিয়া লাবনে ক’লে, “মই তোমাক কি বেচ দিম?” যাকোবে ক’লে, “আপুনি মোক একোকে দিব নালাগে। আপুনি যদি মোলৈ এই কাম কৰে, তেন্তে মই পুনৰ আপোনাৰ পশুৰ জাক চৰাম আৰু তাৰ যত্ন লম।
32 Niruhusu nipite katika makundi yako yote leo niondoe humo kila kondoo mwenye mabakabaka au madoadoa, kila mwana-kondoo mweusi na kila mbuzi mwenye madoadoa au mabakabaka. Hawa watakuwa ujira wangu.
৩২আজি আপোনাৰ আটাইবোৰ পশুৰ জাকৰ মাজেদি মোক যাবলৈ দিয়ক। সেইবোৰৰ মাজৰ যিবোৰ মেৰ-ছাগৰ গাত ফুটুকা-ফুটুকী আৰু পখৰা-পখৰি দাগ আছে আৰু সকলো ক’লা বৰণৰ মেৰ-ছাগ আছে, মই বেলেগ কৰিম। আকৌ যি ছাগলী ফুটুকা-ফুটুকী আৰু পখৰা-পখৰি দাগ আছে, সেইবোৰকো বেলেগ কৰিম। সেয়ে মোৰ বেচ হব।
33 Uadilifu wangu utanishuhudia siku zijazo, kila utakapochunguza ujira ambao umenilipa mimi. Mbuzi yeyote wangu ambaye hana mabakabaka wala madoadoa, au mwana-kondoo ambaye si mweusi, atahesabika ameibwa.”
৩৩তাতে ভৱিষ্যতে যেতিয়া আপুনি মোৰ বেচ চাবলৈ আহিব, তেতিয়া মোৰ ন্যায় কার্যই আপোনাৰ আগত মোৰ পক্ষে সাক্ষ্য দিব; ফুটুকা-ফুটুকী আৰু পখৰা-পখৰি দাগ নথকা, এনে কোনো ছাগলী আৰু ক’লা বৰণ নোহোৱা, এনে কোনো মেৰ-ছাগ যদি মোৰ ওচৰত পায়, সেয়ে মই চুৰ কৰা বুলি ধৰা হ’ব।”
34 Labani akasema, “Ninakubali na iwe kama ulivyosema.”
৩৪তেতিয়া লাবনে ক’লে, “বাৰু, তোমাৰ কথাৰ দৰেই হওঁক।”
35 Siku ile ile Yakobo akawaondoa beberu wote waliokuwa na mistari au madoadoa na mbuzi wake wote waliokuwa na mistari au madoadoa (wote waliokuwa na alama nyeupe juu yao) na wana-kondoo weusi wote, akawaweka chini ya uangalizi wa wanawe.
৩৫পাছত লাবনে সেই দিনাই পখৰা-পখৰি আৰু ফুটুকা-ফুটুকি দাগ থকা মতা ছাগলী আৰু পখৰা-পখৰি ও ফুটুকা-ফুটুকী মাইকী ছাগলীবোৰক অৰ্থাৎ যিবোৰৰ গাত বগা বৰণ আছিল সেইবোৰক আৰু ক’লা বৰণৰ মেৰ-ছাগবোৰক বেলেগ কৰি নিজৰ পুতেকসকলৰ হাতত সেইবোৰ গটাই দিলে।
36 Kisha Labani akamwacha Yakobo kwa mwendo wa safari ya siku tatu kati yake na Yakobo, wakati Yakobo akiendelea kuchunga lile kundi la Labani lililobaki.
৩৬তাৰ পাছত তেওঁ যাকোবৰ ওচৰৰ পৰা তিনি দিনৰ পথৰ দূৰত্বলৈ আতৰি গ’ল আৰু যাকোবে লাবনৰ অৱশিষ্ট পশুৰ জাকবোৰ চৰাবলৈ ধৰিলে।
37 Hata hivyo, Yakobo, akachukua fito mbichi zilizokatwa wakati huo huo za miti ya mlubna, mlozi na mwaramoni akazibambua ili mistari myeupe ionekane katika fito hizo.
৩৭তাৰ পাছত যাকোবে ঝাও, বাদাম আৰু অম্মোন গছৰ কেঁচা ডাল কাটি আনি সেইবোৰৰ বগা আঁচৰ ছাল গুছালে। তাতে ডালবোৰত থকা ভিতৰৰ বগা কাঠৰ আঁচ দেখা পোৱা গ’ল।
38 Kisha akaweka fito alizozibambua kwenye mabirika yote ya kunyweshea mifugo, ili ziwe mbele ya makundi walipokuja kunywa maji. Wanyama walipokuja kunywa maji, hali wakiwa wanahitaji mbegu,
৩৮পশুৰ জাকবোৰে যেতিয়া পানী খাবলৈ আহে, তেতিয়া তেওঁ সেই ডালবোৰ লৈ সিহঁতৰ সন্মুখত পানী খোৱা পাত্রবোৰৰ মাজত থিয়কৈ থয়; তাতে পানী খাবলৈ আহোঁতে, সিহঁত গাভিনী হয়।
39 wakapandwa hizo fito zikiwa mbele yao. Wanyama waliopata mimba mbele ya hizo fito walizaa wanyama wenye mistari, madoadoa na mabakabaka.
৩৯এইদৰে সেই ডালবোৰৰ সন্মুখত মিলিত হোৱাৰ পাছত জাকবোৰ গাভিনী হয় আৰু সিহঁতে ফুটুকা-ফুটুকী ও পখৰা-পখৰি পোৱালি জগায়।
40 Yakobo akawatenga wadogo wa kundi peke yao, lakini akazielekeza nyuso za hao waliobaki kwenye wale wenye mistari na weusi waliokuwa mali ya Labani. Hivyo akatenga makundi yake mwenyewe, na wala hakuwachanganya na wanyama wa Labani.
৪০যাকোবে মাইকী মেৰ-ছাগবোৰক বেলেগ কৰে আৰু পোৱালিবোৰক লৈ লাবনৰ আঁচ থকা পশুবোৰ আৰু ক’লা বৰণীয়া সকলো মেৰ-ছাগবোৰৰ মাজত ৰাখে; এইদৰে তেওঁ নিজৰ কাৰণে বেলেগে এক পশুপাল গঢ়ি তোলে আৰু সেইবোৰক তেওঁ লাবণৰ জাকৰ সৈতে মিলিবলৈ নিদিয়ে।
41 Kila mara wanyama wenye nguvu walipohitaji mbegu, Yakobo aliweka zile fito kwenye mabirika mbele ya hao wanyama, ili wapandwe karibu na hizo fito,
৪১যেতিয়া জাকত থকা স্বাস্থ্যবান মেৰ-ছাগবোৰ গাভিনী হয়, তেতিয়া যাকোবে সিহঁতৰ পানী খোৱা পাত্রৰ মাজত চকুৰ সম্মুখত সেই ডালবোৰ থয় যাতে সেই ডালবোৰৰ সন্মুখতে সিহঁত গাভিনী হয়।
42 lakini ikiwa wanyama walikuwa wadhaifu hakuziweka hizo fito. Hivyo wanyama wadhaifu wakawa wa Labani, na wanyama wenye nguvu wakawa wa Yakobo.
৪২কিন্তু দুৰ্ব্বল পশুবোৰৰ আগত হ’লে নথয়; তাতে দুৰ্ব্বলবোৰ লাবনৰ আৰু বলী পশুবোৰ যাকোবৰ হয়।
43 Kwa njia hii Yakobo akastawi sana, tena akawa na makundi makubwa, watumishi wa kike na wa kiume na ngamia na punda.
৪৩এইদৰে যাকোব অতিশয় ধনী লোক হৈ উঠিল। তেওঁৰ পশুধন, উট, গাধ আৰু দাস দাসীৰ সংখ্যা অধিকৰূপে বৃদ্ধি পালে।

< Mwanzo 30 >