< Mwanzo 28 >

1 Basi Isaki akamwita Yakobo, akambariki na akamwamuru, akisema, “Usioe mwanamke wa Kikanaani.
ইচহাকে যাকোবক মাতি আশীৰ্ব্বাদ কৰিলে আৰু এই আজ্ঞা দিলে, “তুমি কনান দেশৰ কোনো ছোৱালী বিয়া নকৰিবা।
2 Nenda mara moja mpaka Padan-Aramu, kwenye nyumba ya Bethueli baba wa mama yako. Uchukue mke kati ya binti za Labani ambaye ni ndugu wa mama yako.
তুমি উঠি পদ্দন-অৰাম দেশত তোমাৰ মাতৃৰ পিতৃগৃহ বথোৱেলৰ ঘৰলৈ যোৱা। তাৰ পৰা তোমাৰ মোমায়েৰা লাবনৰ জীয়েকহঁতৰ মাজৰ কোনো এজনীক বিয়া কৰি আনাগৈ।
3 Mungu Mwenyezi na akubariki uwe na uzao uongezeke idadi yako upate kuwa jamii kubwa ya watu.
সৰ্ব্বশক্তিমান ঈশ্বৰে তোমাক আশীৰ্ব্বাদ কৰক আৰু বহুবংশ কৰি বৃদ্ধি কৰক। তোমাক অনেক জাতি সমূহৰ পিতৃ হোৱাৰ ক্ষমতা দিয়ক।
4 Na akupe wewe na uzao wako baraka aliyopewa Abrahamu, upate kumiliki nchi unayoishi sasa kama mgeni, nchi ambayo Mungu alimpa Abrahamu.”
যি আশীৰ্ব্বাদ ঈশ্বৰে অব্ৰাহামক দিছিল, সেই আশীর্বাদ তেওঁ তোমাক আৰু তোমাৰ পাছত তোমাৰ বংশৰ লোকসকলক দান কৰক। যি দেশ ঈশ্বৰে অব্রাহামক দিছিল আৰু য’ত তুমি বাস কৰি আছা, সেই দেশ তোমাৰ অধিকাৰলৈ আহক।”
5 Kisha Isaki akamuaga Yakobo, naye akaenda Padan-Aramu, kwa Labani mwana wa Bethueli Mwaramu, ndugu wa Rebeka, aliyekuwa mama wa Yakobo na Esau.
এইদৰে ইচহাকে যাকোবক পঠাই দিলে আৰু যাকোবেও পদ্দন-অৰামৰ অৰামীয়া বথোৱেলৰ পুত্ৰ লাবনৰ ওচৰলৈ গ’ল। লাবন যাকোব আৰু এচৌৰ মাক ৰিবেকাৰ ককায়েক আছিল।
6 Sasa Esau akajua kuwa Isaki amembariki Yakobo na kumtuma kwenda Padan-Aramu ili achukue mke huko na kwamba alipombariki alimwamuru akisema, “Usioe mke katika binti za Wakanaani,”
পাছত এচৌৱে জানিলে যে ইচহাকে যাকোবক আশীৰ্ব্বাদ কৰি পদ্দন-অৰামৰ পৰা কোনো ছোৱালীক বিয়া কৰি আনিবলৈ পঠাইছে; তেওঁ আৰু শুনিলে যে ইচহাকে যাকোবক আশীৰ্ব্বাদ দিয়াৰ সময়ত এই আজ্ঞা দিছিল “তুমি কোনো কনানীয়া ছোৱালীক বিয়া নকৰিবা।”
7 tena kwamba Yakobo amewatii baba yake na mama yake naye amekwenda Padan-Aramu.
এচৌৱে দেখিলে, যাকোবে তেওঁৰ পিতৃ-মাতৃৰ আদেশ মানি পদ্দন-অৰামলৈ গুছি গ’ল।
8 Esau akatambua jinsi ambavyo baba yake Isaki anavyowachukia binti za Wakanaani.
তাতে এচৌৱে বুজি পালে যে এই কনানীয়া মহিলাসকলৰ প্রতি তেওঁৰ পিতৃ ইচহাক সন্তুষ্ট নহয়।
9 Ndipo Esau akaenda kwa Ishmaeli, akamwoa Mahalati, ndugu wa Nebayothi na binti wa Ishmaeli mwana wa Abrahamu, kuongezea wale wake wengine aliokuwa nao.
সেয়ে দুগৰাকী ভার্য্যা থকাতো তেওঁ অব্ৰাহামৰ পুতেক ইশ্মায়েলৰ ঘৰলৈ গৈ তেওঁৰ জীয়েক মহলতক বিয়া কৰিলে। মহলত নবায়োতৰ ভনীয়েক আছিল।
10 Yakobo akatoka Beer-Sheba kwenda Harani.
১০আনফালে যাকোবে বেৰ-চেবাৰ পৰা ওলাই হাৰণৰ ফালে যাত্ৰা কৰিলে।
11 Alipofika mahali fulani, akalala hapo kwa sababu jua lilikuwa limetua. Akachukua jiwe moja la mahali pale, akaliweka chini ya kichwa chake akajinyoosha akalala usingizi.
১১এখন ঠাইত বেলি মাৰ যোৱাত তেওঁ সেই ঠাইতে ৰাতিটো কটালে। সেই ঠাইৰে এটা শিল মূৰৰ তলত লৈ তেওঁ শুই থাকিল।
12 Akaota ndoto ambayo aliona ngazi imesimamishwa juu ya ardhi, ncha yake ikiwa imefika mbinguni na malaika wa Mungu wakawa wakipanda na kushuka juu yake.
১২তেওঁ শুই থাকোতে সপোনত দেখিলে যে পৃথিৱীৰ ওপৰত এডাল জখলা থিয় হৈ আছে আৰু তাৰ মূৰটো গৈ স্বর্গত লাগি আছে। তেওঁ দেখিলে যে তাৰ ওপৰেদি ঈশ্বৰৰ দূতবোৰে উঠা-নমা কৰি আছিল আৰু
13 Juu yake alisimama Bwana, akasema, “Mimi ni Bwana, Mungu wa baba yako Abrahamu na Mungu wa Isaki. Nchi ambayo umelala juu yake, nitakupa wewe na uzao wako.
১৩যিহোৱাই খটখটিৰ ওপৰত থিয় হৈ কৈছিল, “মই যিহোৱা। মই তোমাৰ ওপৰ পিতৃ অব্ৰাহামৰ ঈশ্বৰ আৰু ইচহাকৰো ঈশ্বৰ; তুমি যি ঠাইত শয়ন কৰিছা, সেই দেশ মই তোমাক আৰু তোমাৰ বংশক দিম।
14 Uzao wako utakuwa kama mavumbi ya nchi, nawe utaenea upande wa magharibi na mashariki, kaskazini na kusini. Kupitia wewe na uzao wako mataifa yote ya duniani yatabarikiwa.
১৪তোমাৰ বংশ পৃথিৱীৰ ধুলিৰ নিচিনা অসংখ্য হ’ব; তুমি পূৱ, পশ্চিম, উত্তৰ আৰু দক্ষিণলৈ বিস্তাৰিত হৈ যাবা; পৃথিৱীৰ সমুদায় জাতি, তোমাৰ আৰু তোমাৰ বংশতে আশীৰ্ব্বাদপ্ৰাপ্ত হ’ব।
15 Niko pamoja nawe nami nitakulinda kila uendako na nitakurudisha katika nchi hii. Sitakuacha mpaka nitakapofanya hayo niliyokuahidi.”
১৫চোৱা, মই তোমাৰ লগত আছোঁ; তুমি যি যি ঠাইলৈ যাবা, মই তোমাক ৰক্ষা কৰিম আৰু পুনৰায় মই তোমাক এই দেশলৈ ওলোটাই আনিম; কিয়নো মই তোমাক কোৱা সকলো কথাকে সিদ্ধ নকৰোঁমানে, মই তোমাক ত্যাগ নকৰিম।”
16 Yakobo alipoamka kutoka usingizini, akawaza, “Hakika Bwana yuko mahali hapa, wala mimi sikujua.”
১৬যাকোবে টোপনিৰ পৰা সাৰ পাই ক’লে, “তেন্তে যিহোৱা নিশ্চয়কৈ এই ঠাইত আছে, অথচ মই তাক জনা নাছিলোঁ।”
17 Kwa hiyo akaogopa, akasema, “Mahali hapa panatisha kama nini! Bila shaka hapa ndipo nyumba ya Mungu ilipo, hili ni lango la mbinguni.”
১৭তেওঁ ভয়তে ক’লে, “কি ভয়ানক এই ঠাই! ই ঈশ্বৰৰ গৃহৰ বাহিৰে আন একো নহয়; ইয়েই স্বৰ্গৰ দুৱাৰ।”
18 Asubuhi yake na mapema, Yakobo akalichukua lile jiwe aliloliweka chini ya kichwa chake, akalisimamisha kama nguzo na kumimina mafuta juu yake.
১৮পাছত যাকোবে অতি ৰাতিপুৱাতে উঠিল আৰু তেওঁ যি শিল মুৰৰ তলত লৈছিল তাক স্তম্ভৰূপে স্থাপন কৰি ওপৰত তেল বাকি দিলে।
19 Mahali pale akapaita Betheli, ingawa mji ule hapo kwanza uliitwa Luzu.
১৯তেওঁ সেই ঠাইৰ নাম বৈৎএল ৰাখিলে; কিন্তু পূৰ্বতে সেই নগৰৰ নাম লুজ আছিল।
20 Kisha Yakobo akaweka nadhiri, akisema, “Kama Mungu akiwa pamoja nami na kunilinda katika safari niendayo, akinipa chakula nile na nguo nivae
২০যাকোবে সঙ্কল্প কৰি এই প্ৰতিজ্ঞা কৰিলে, “যদি ঈশ্বৰ মোৰ সঙ্গী হয়, মোৰ এই যাত্রাপথত তেওঁ মোক ৰক্ষা কৰে, যদি তেওঁ মোক অন্ন-বস্ত্রও যোগাই দিয়ে,
21 na nirudi salama nyumbani kwa baba yangu, hapo ndipo Bwana atakuwa Mungu wangu,
২১যদি মই পিতৃৰ ঘৰলৈ পুনৰায় নিৰাপদে ঘূৰি আহিব পাৰোঁ, তেন্তে এই যিহোৱায়েই মোৰ ঈশ্বৰ হ’ব।
22 nalo jiwe hili nililolisimamisha kama nguzo litakuwa nyumba ya Mungu na katika yote utakayonipa nitakutolea wewe sehemu ya kumi.”
২২তেতিয়া এই যি শিল মই স্তম্ভ স্বৰূপে স্থাপন কৰিলোঁ, ই এক পবিত্র শিল হ’ব; আপুনি মোক যি যি দিব, মই তাৰ দহ ভাগৰ এভাগ আপোনাক ঘূৰাই দিম।”

< Mwanzo 28 >