< Mwanzo 21 >

1 Wakati huu Bwana akamrehemu Sara kama alivyokuwa amesema, naye Bwana akamtendea Sara kile alichokuwa ameahidi.
যিহোৱাই নিজৰ কথাৰ দৰে চাৰালৈ অনুগ্ৰহ কৰিলে আৰু চাৰালৈ যি কৰিব বুলি কৈছিল তেওঁ তাক সিদ্ধ কৰিলে।
2 Sara akapata mimba, akamzalia Abrahamu mwana katika uzee wake, majira yale ya Mungu aliomwahidi.
চাৰা গৰ্ভৱতী হ’ল। অব্ৰাহামৰ অতি বৃদ্ধ বয়সত চাৰাই তেওঁলৈ এটি পুত্ৰ প্ৰসৱ কৰিলে। ঈশ্বৰে প্রতিজ্ঞা কৰাৰ সময়তে সেই পুত্রৰ জন্ম হ’ল।
3 Abrahamu akamwita Isaki yule mwana ambaye Sara alimzalia.
অব্ৰাহামে চাৰাই প্রসৱ কৰা এই পুত্ৰৰ নাম “ইচহাক” ৰাখিলে।
4 Isaki alipokuwa na umri wa siku nane, Abrahamu akamtahiri, kama Mungu alivyomwamuru.
ঈশ্বৰৰ আজ্ঞা অনুসাৰে অব্ৰাহামে আঠ দিনৰ দিনা নিজ পুত্ৰ ইচহাকৰ চুন্নৎ কৰিলে।
5 Abrahamu alikuwa na miaka 100 wakati Isaki mwanawe alipozaliwa.
পুত্ৰ ইচহাকৰ জন্মৰ সময়ত অব্ৰাহামৰ বয়স হৈছিল এশ বছৰ।
6 Sara akasema, “Mungu ameniletea kicheko, kila mmoja atakayesikia jambo hili atacheka pamoja nami.”
চাৰাই ক’লে, “পূর্বে নিঃসন্তান হোৱাৰ বাবে যদিও মই দুখী আছিলোঁ, ঈশ্বৰে মোৰ মুখত আনন্দৰ হাঁহি দিলে; তেওঁ যি কৰিলে সেই কথা শুনা প্রতিজনেও মোৰে সৈতে হাঁহিব।”
7 Akaongeza kusema, “Nani angemwambia Abrahamu kuwa Sara angenyonyesha watoto? Tena nimemzalia mwana katika uzee wake.”
তেওঁ পুনৰ ক’লে, “ইয়াৰ আগতে কোনোৱে জানো অব্ৰাহামক ক’ব পাৰিলেহেঁতেন যে মই এদিন সন্তানক পিয়াহ খুৱাম? কিয়নো মই এতিয়া তেওঁৰ বুঢ়া কালত তেওঁলৈ এটি পুত্ৰ প্ৰসৱ কৰিলোঁ।”
8 Mtoto akakua, akaachishwa kunyonya. Siku hiyo Isaki alipoachishwa kunyonya, Abrahamu alifanya sherehe kubwa.
ইচহাক ক্রমে ডাঙৰ হ’বলৈ ধৰিলে আৰু তেওঁৰ পিয়াহো এৰুৱালে। পিয়াহ এৰুৱাৰ দিনা অব্ৰাহামে এক বৰভোজ পাতিলে।
9 Lakini Sara aliona kuwa mwana ambaye Hagari, Mmisri, aliyemzalia Abrahamu alikuwa anadhihaki,
এদিন চাৰাই দেখিলে যে হাগাৰৰ পুত্র ইশ্মায়েলে ইচহাকক ইতিকিং কৰিছে।
10 Sara akamwambia Abrahamu, “Mwondoe mwanamke huyo mtumwa pamoja na mwanawe, kwa kuwa mwana wa mwanamke mtumwa kamwe hatarithi pamoja na mwanangu Isaki.”
১০তাকে দেখি চাৰাই অব্ৰাহামক ক’লে, “তুমি এই মিচৰীয়া দাসী আৰু তাইৰ পুতেকক খেদি দিয়া! মই নিবিচাৰোঁ যে আমাৰ ইচহাকৰ সৈতে সেই দাসীৰ পুত্র উত্তৰাধিকাৰৰ ভাগী হওঁক।”
11 Jambo hili lilimhuzunisha sana Abrahamu kwa sababu lilimhusu mwanawe.
১১পুত্র ইশ্মায়েলৰ বিষয়ে এই কথা শুনি অব্ৰাহামে মনত অতিশয় বেজাৰ পালে।
12 Lakini Mungu akamwambia, “Usihuzunike hivyo kwa sababu ya kijana na mtumishi wako wa kike. Sikiliza lolote Sara analokuambia, kwa sababu uzao wako utahesabiwa kupitia kwake Isaki.
১২কিন্তু ঈশ্বৰে অব্ৰাহামক ক’লে, “তোমাৰ ল’ৰা ইশ্মায়েল কাৰণে আৰু তোমাৰ দাসীৰ কথা ভাৱি মনত বেজাৰ নকৰিবা। চাৰাই কোৱা কথাবোৰ শুনি তুমি সেইদৰে কার্য কৰা; কিয়নো ইচহাকৰ দ্বাৰায়েই তোমাৰ বংশধৰসকলৰ নামাকৰণ হ’ব।
13 Nitamfanya huyu mwana wa mtumishi wako wa kike kuwa taifa pia, kwa sababu naye ni uzao wako.”
১৩সেই দাসীৰ পুত্রৰ যোগেদিও মই এক জাতি উৎপন্ন কৰিম, কাৰণ তেৱোঁ তোমাৰেই বংশৰধৰ।”
14 Kesho yake asubuhi na mapema, Abrahamu akachukua chakula na kiriba cha maji, akampa Hagari. Akaviweka mabegani mwa Hagari, akamwondoa pamoja na kijana. Hagari akashika njia, akatangatanga katika jangwa la Beer-Sheba.
১৪পিছদিনা অব্ৰাহামে নিচেই পুৱাতে উঠি কিছু পিঠা আৰু ছালেৰে তৈয়াৰী পানী ভৰা এটা মোনা লৈ হাগাৰৰ কান্ধত তুলি দিলে। তাৰ পাছত ইশ্মায়েলকো শোধাই দি তেওঁলোক দুয়োকো বিদায় দিলে; পাছত দুয়ো আঁতৰি গ’ল আৰু বেৰ-চেবাৰ মৰুপ্রান্তৰত ভ্ৰমি ফুৰিলে।
15 Maji yalipokwisha kwenye kiriba, akamwacha kijana chini ya mojawapo ya vichaka.
১৫যেতিয়া ছালৰ মোনাৰ পানী শেষ হৈ গ’ল, তেতিয়া হাগাৰে ল’ৰাটোক এটা জোপোহাৰ তলত শুৱাই হ’ল।
16 Kisha akajiendea zake akaketi karibu, umbali wa kutupa mshale, akawaza, “Siwezi kumwangalia kijana akifa.” Ikawa alipokuwa ameketi pale karibu, akaanza kulia kwa huzuni.
১৬তাৰ পাছত অলপ আতঁৰতে, প্রায় এটা কাঁড় মাৰিলে যোৱা দূৰত্বমানলৈ গৈ হাগাৰ বহি থাকিল। “ল’ৰাৰ মৃত্যু মই চকুৰে চাই থাকিব নোৱাৰো,” বুলি কৈ তেওঁ তাতে বহি উচুপি উচুপি কান্দিবলৈ ধৰিলে।
17 Mungu akamsikia kijana akilia, malaika wa Mungu akamwita Hagari kutoka mbinguni na kumwambia, “Kuna nini Hagari? Usiogope, Mungu amesikia kijana analia akiwa amelala pale.
১৭ল’ৰাটিৰ কান্দোন ঈশ্বৰৰ কাণত পৰাত ঈশ্বৰৰ দূতে আকাশৰ পৰা হাগাৰক মাত দিলে; দূতে ক’লে, “হাগাৰ, তোমাৰ কি হৈছে? ভয় নকৰিবা; কিয়নো তাত পৰি থকা তোমাৰ ল’ৰাৰ কান্দোন ঈশ্বৰে শুনা পাইছে।
18 Mwinue kijana na umshike mkono, kwa maana nitamfanya kuwa taifa kubwa.”
১৮তুমি উঠা আৰু ল’ৰাটিক তুলি লৈ শান্ত কৰাত সহায় কৰা; কিয়নো মই তেওঁৰ যোগেদি এক মহাজাতি উৎপন্ন কৰিম।”
19 Ndipo Mungu akamfumbua Hagari macho yake naye akaona kisima cha maji. Hivyo akaenda akajaza kiriba maji na kumpa kijana anywe.
১৯তাৰ পাছতে ঈশ্বৰে হাগাৰৰ চকু মুকলি কৰাত তেওঁ এটা কুৱাঁ দেখা পালে; তেতিয়া হাগাৰে সেই কুৱাঁৰ কাষলৈ গৈ নিজৰ ছালৰ মোনাটোত পানী ভৰাই ল’ৰাক পান কৰালে।
20 Mungu akawa pamoja na huyu kijana alipokuwa akiendelea kukua. Aliishi jangwani na akawa mpiga upinde.
২০ঈশ্বৰ সেই ল’ৰাৰ লগত থাকিল আৰু তেওঁ ডাঙৰ হ’বলৈ ধৰিলে। তেওঁ মৰুপ্রান্তৰত বাস কৰিলে আৰু এজন ধনুৰ্দ্ধৰ হ’ল।
21 Alipokuwa akiishi katika Jangwa la Parani, mama yake akampatia mke kutoka Misri.
২১পাৰণ নামৰ এক মৰুপ্রান্তৰত তেওঁ বসতি কৰিবলৈ ধৰিলে; পাছত মিচৰ দেশৰ এজনী ছোৱালীক তেওঁৰ বাবে ভার্য্যা কৰি মাকে বিয়া পাতি দিলে।
22 Wakati huo Abimeleki na Fikoli mkuu wa majeshi yake wakamwambia Abrahamu, “Mungu yu pamoja nawe katika kila kitu unachofanya.
২২সেই সময়ত অবীমেলক আৰু তেওঁৰ সৈন্যদলৰ সেনাপতি ফীখোলে অব্ৰাহামৰ ওচৰলৈ আহি ক’লে, “আপোনাৰ সকলো কাৰ্যতে ঈশ্বৰ আপোনাৰ সংগত আছে।
23 Sasa niapie hapa mbele za Mungu kwamba hutanitenda hila mimi, watoto wangu wala wazao wangu. Nitendee mimi na nchi ambayo unaishi kama mgeni wema ule ule ambao nimekutendea.”
২৩সেইবাবে ঈশ্বৰৰ নামত আপুনি এতিয়া মোৰ ওচৰত এই শপত খাওঁক যে, মোৰ অথবা মোৰ সন্তান সকলৰ সৈতে নাইবা মোৰ বংশধৰসকলৰ কাৰো লগত আপুনি ছলনাৰ কার্য নকৰিব। মই যেনেকৈ আপোনাৰ প্রতি বিশ্বস্ততাৰে ব্যৱহাৰ কৰিছোঁ, ঠিক তেনেকৈ আপুনিও মোৰ সৈতে আৰু যি দেশত আপুনি বাস কৰি আছে, সেই দেশৰ প্রতিও বিশ্বস্ততাৰে ব্যৱহাৰ কৰিব।”
24 Abrahamu akasema, “Ninaapa hivyo.”
২৪অব্ৰাহামে ক’লে, “হয়, মই শপত খাইছোঁ।”
25 Ndipo Abrahamu akalalamika kwa Abimeleki kuhusu kisima cha maji ambacho watumishi wa Abimeleki walikuwa wamekinyangʼanya.
২৫কিন্তু তেওঁ এটা কুৱাঁৰ বিষয়ে অভিযোগ কৰি অবীমেলকক ক’লে যে অবীমেলকৰ দাসবোৰে সেইটো বলেৰে তেওঁৰ পৰা অধিকাৰ কৰি লৈছে।
26 Lakini Abimeleki akasema, “Sijui ni nani ambaye amefanya hili. Hukuniambia, leo tu ndipo ninasikia habari zake.”
২৬তেতিয়া অবীমেলকে ক’লে, “এই কাম কোনে কৰিলে তাক মই নাজানো; এই কথা আগেয়ে আপুনি মোক জনোৱাও নাই। মই আজিলৈকে এই কথা শুনা নাছিলো, এতিয়াহে শুনিলো।”
27 Hivyo Abrahamu akaleta kondoo na ngʼombe, akampa Abimeleki, nao watu hawa wawili wakafanya mapatano.
২৭তাৰ পাছত অব্ৰাহামে কিছুমান মেৰ-ছাগ আৰু গৰু আনি অবীমেলকক দিলে আৰু দুয়োজনে এক চুক্তি কৰিলে।
28 Abrahamu akatenga kondoo wa kike saba kutoka kwenye kundi,
২৮পাছত অব্ৰাহামে নিজৰ মেৰ-ছাগৰ জাকৰ পৰা সাতজনী মাইকী মেৰ-ছাগৰ পোৱালি বেলেগ কৰি হ’ল।
29 Abimeleki akamuuliza Abrahamu, “Ni nini maana ya hawa kondoo wa kike saba uliowatenga peke yao?”
২৯তাকে দেখি অবীমেলকে অব্ৰাহামক সুধিলে, “আপুনি এই সাতজনী মাইকী মেৰ-ছাগৰ পোৱালি বেলেগে যে থৈছে, তাৰ কাৰণটো কি?”
30 Abrahamu akamjibu, “Upokee hawa kondoo wa kike saba kutoka mkononi mwangu kama ushahidi kuwa nilichimba kisima hiki.”
৩০তেওঁ ক’লে, “আপুনি মোৰ হাতৰ পৰা এইবোৰ গ্রহণ কৰিলেহে মোৰ বাবে ই প্রমাণিত হ’ব যে এই কুৱাঁটো মই খান্দিছিলো।”
31 Hivyo mahali pale pakaitwa Beer-Sheba, kwa sababu watu wawili waliapiana hapo.
৩১সেই ঠাইতে তেওঁলোক দুয়োয়ে এক শপত লোৱাৰ বাবে তেওঁ সেই ঠাইৰ নাম বেৰ-চেবা ৰাখিলে।
32 Baada ya mapatano kufanyika huko Beer-Sheba, Abimeleki na Fikoli mkuu wa majeshi yake wakarudi katika nchi ya Wafilisti.
৩২এইদৰে তেওঁলোকে বেৰ-চেবাত চুক্তি কৰাৰ পাছত অবীমেলক আৰু তেওঁৰ সেনাপতি ফীখোল পলেষ্টীয়াসকলৰ দেশলৈ উভটি গ’ল।
33 Abrahamu akapanda mti wa mkwaju huko Beer-Sheba, na hapo akaliitia jina la Bwana, Mungu wa milele.
৩৩অব্ৰাহামে বেৰ-চেবাত যিহোৱা অর্থাৎ সেই অনন্তকালৰ ঈশ্বৰৰ নামেৰে প্রার্থনা কৰিলে। তেওঁ সেই ঠাইত এজোপা ঝাওঁ গছ ৰুলে।
34 Naye Abrahamu akakaa katika nchi ya Wafilisti kwa muda mrefu.
৩৪অব্ৰাহাম পলেষ্টীয়াসকলৰ দেশত বহুদিন ধৰি বিদেশীৰূপে থাকিল।

< Mwanzo 21 >