< Ezra 4 >
1 Adui za Yuda na Benyamini waliposikia kwamba watu waliorudi kutoka uhamishoni wanajenga Hekalu kwa ajili ya Bwana, Mungu wa Israeli,
১বন্দিত্ৱৰ পৰা উভতি অহা লোকসকলে ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে মন্দিৰ পুনৰ নিৰ্ম্মাণ কৰিছে বুলি যিহূদা আৰু বিন্যামীনৰ কিছুমান শত্ৰুৱে শুনিলে।
2 wakamjia Zerubabeli na viongozi wa jamaa, nao wakasema, “Turuhusuni tuwasaidie kujenga, kwa sababu sisi tunamtafuta Mungu wenu kama ninyi na tumekuwa tukimtolea dhabihu tangu wakati wa Esar-Hadoni mfalme wa Ashuru, aliyetuleta hapa.”
২সেয়ে তেওঁলোকে জৰুব্বাবিল আৰু তেওঁলোকৰ পূৰ্বপুৰুষৰ জাতিৰ মূল লোকসকলৰ কাষ চাপিল। তেওঁলোকে তেওঁলোকক ক’লে, “আহাঁ আমি তোমালোকৰ সৈতে তোমালোকৰ দৰেই মন্দিৰ নিৰ্ম্মাণ কৰোঁহক, আমি তোমালোকৰ ঈশ্বৰক বিচাৰো আৰু অচূৰৰ এচৰ-হদ্দোন ৰজাই আমাক এই ঠাইলৈ অনা দিনৰে পৰা আমি সেই ঈশ্বৰৰ উদ্দেশ্যেই বলি-দান কৰি আছোঁ।”
3 Lakini Zerubabeli, Yeshua na viongozi wengine wa jamaa ya Israeli wakawajibu, “Ninyi hamna sehemu nasi katika kujenga Hekalu la Mungu wetu. Sisi peke yetu tutajenga Hekalu kwa ajili ya Bwana, Mungu wa Israeli, kama Mfalme Koreshi, mfalme wa Uajemi alivyotuagiza.”
৩কিন্তু জৰুব্বাবিল, যেচুৱা আৰু তেওঁলোকৰ পূৰ্বপুৰুষৰ জাতিৰ মূল লোকসকলে ক’লে, “তোমালোক নহয়, কিন্তু আমিহে আমাৰ ঈশ্বৰৰ গৃহ নিৰ্ম্মাণ কৰিম। পাৰস্যৰ কোৰচ ৰজাই আদেশ দিয়া অনুসাৰে ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে আমি গৃহ নিৰ্ম্মাণ কৰিম।”
4 Ndipo watu waliowazunguka wakajipanga kuwakatisha tamaa watu wa Yuda na kuwafanya waogope walipokuwa wakiendelea na ujenzi.
৪সেয়ে দেশৰ লোকসকলে যিহূদাৰ লোকসকলক ভয় দেখুৱাই গৃহ নিৰ্ম্মাণ কাৰ্যত বাধা প্রয়োগ কৰিলে।
5 Wakaajiri washauri kuwapinga katika kazi yao, nao wakaipinga mipango yao wakati wote wa utawala wa Koreshi mfalme wa Uajemi hadi wakati wa utawala wa Dario mfalme wa Uajemi.
৫তেওঁলোকৰ অভিপ্রায় ব্যৰ্থ কৰিবলৈ তেওঁলোকে পৰমৰ্শদাতাকো উৎকোচ হিচাবে ধন প্রদান কৰিছিল। পাৰস্যৰ কোৰচ ৰজাই ৰাজত্ব কৰা দিনলৈকে আৰু পাৰস্যৰ দাৰিয়াবচ ৰজাৰ ৰাজত্ব সময়লৈকে, তেওঁলোকে এনেদৰে কৰি থাকিল।
6 Mnamo mwanzo wa utawala wa Ahasuero, hao adui waliandika mashtaka dhidi ya watu wa Yuda na Yerusalemu.
৬তাৰ পাছত অহচবেৰোচ ৰজাৰ ৰাজত্বৰ আৰম্ভণিতে তেওঁলোকে যিহূদা আৰু যিৰূচালেম-নিবাসীসকলৰ বিৰুদ্ধে এখন অভিযোগ-পত্ৰ লিখিলে।
7 Pia katika siku za utawala wa Artashasta mfalme wa Uajemi, Bishlamu, Mithredathi, Tabeeli pamoja na wenzao waliandika barua kwa Artashasta. Barua hiyo iliandikwa kwa mwandiko wa Kiaramu na katika lugha ya Kiaramu.
৭অহচবেৰোচ ৰজাৰ ৰাজত্বৰ সময়ত, সেই বিশ্লম, মিত্ৰদাৎ, টাবেল, আৰু তেওঁৰ সহকাৰীসকলে, পাৰস্যৰ অহচবেৰোচ ৰজালৈ এখন পত্র লিখিলে। সেই পত্ৰ অৰামীয়া ভাষাৰে লিখা আৰু অনুবাদ কৰা আছিল।
8 Rehumu afisa msimamizi na mwandishi Shimshai waliandika barua kwa Mfalme Artashasta dhidi ya watu wa Yerusalemu kama ifuatavyo:
৮ৰহূম সেনাপতি আৰু চিমচয় লিখকেও অৰ্তক্ষত্ৰ ৰজালৈ যিৰূচালেমৰ বিষয়ে এইদৰে এখন পত্র লিখিলে।
9 Rehumu afisa msimamizi na mwandishi Shimshai, pamoja na wenzao, yaani mahakimu na maafisa walio juu ya watu kuanzia Tripoli, Uajemi, Ereki na Babeli, Waelami wa Shushani,
৯তাৰ পাছত ৰহূম, চিমচয়, আৰু তেওঁৰ সহকাৰীসকল দীনায়ীয়া, অফৰ্চৎখীয়া, টৰ্পলীয়া, অৰ্ফচীয়া, অৰ্কবীয়া, বাবিলীয়া, চুচনখীয়া, দেহয়ীয়া, আৰু এলমীয়া লোকসকলে এখন পত্র লিখিলে।
10 na watu wengine ambao mheshimiwa Asur-Banipali aliwahamisha na kuwakalisha katika mji wa Samaria na mahali pengine Ngʼambo ya Mto Frati.
১০নদীৰ সিপাৰে থকা দেশৰ অৱশিষ্ট লোকসকলৰ সৈতে তেওঁলোকে মহামহিম মৰ্য্যদাৱান অস্নপ্পৰে চমৰিয়াত বাস কৰিবলৈ বাধ্য কৰোঁৱা লোকসকলৰ লগত যোগ দিলে।
11 (Hii ndiyo nakala ya barua waliyompelekea.) Kwa Mfalme Artashasta, Kutoka kwa watumishi wako, watu wa Ngʼambo ya Mto Frati:
১১এই খনেই তেওঁলোকে অৰ্তক্ষত্ৰ ৰজালৈ পঠোৱা পত্ৰখনৰ অনুলিপি, “নদীৰ সিপাৰে থকা আপোনাৰ দাসবোৰে এই পত্র লিখিছে:
12 Yapasa Mfalme ajue kuwa Wayahudi waliopanda kuja kwetu kutoka kwenu, wamekwenda Yerusalemu nao wanaujenga upya ule mji wa uasi na uovu. Wanajenga kuta upya na kukarabati misingi yake.
১২মহাৰাজক জানিবলৈ দিওঁ যে, যি যিহূদী লোকসকল আপোনাৰ পৰা আঁতৰি গৈ, পুনৰ যিৰূচালেমলৈ আহি আমাৰ বিৰুদ্ধে বিদ্রোহী নগৰ নিৰ্ম্মাণ কৰিছে। তেওঁলোকে দেৱালবোৰ সম্পূৰ্ণ কৰিলে আৰু ভিত্তিমূল মেৰামতি কৰিলে।
13 Zaidi ya hayo, mfalme yampasa ajue kwamba kama mji huu ukijengwa na kuta zake zikafanywa upya, hakutakuwa na ulipaji wa kodi wala ada au ushuru, hivyo hazina za mfalme zitaathirika.
১৩এতিয়া ৰজাক জানিবলৈ দিওঁ যে, যদি তেওঁলোকে এই নগৰ নিৰ্ম্মাণ কৰে আৰু দেৱালবোৰ সম্পূৰ্ণ কৰে তেনেহলে, তেওঁলোকে আপোনাক কোনো প্রকাৰৰ কৰ-কাটল নিদিব, কিন্তু তেওঁলোকে ৰজাৰ অনিষ্টহে কৰিব।
14 Sisi sasa kwa kuwa tunawajibika kwa jumba la kifalme na kwamba siyo sawasawa kwetu kuona mfalme akidharauliwa, basi tunatuma ujumbe huu kumtaarifu mfalme,
১৪আমি হ’ল সচাঁকৈয়ে ৰজা প্রসাদৰ নিমখ খাই আছোঁ, সেয়ে ৰজাৰ কোনো অপমান হোৱা চাই থকা আমাৰ পক্ষে উচিত নহয়। এই কাৰণে আমি মহাৰাজক এই কথা জনাইছোঁ।
15 ili kwamba ufanyike uchunguzi kwenye kumbukumbu ya maandishi ya waliokutangulia. Katika kumbukumbu hizi utagundua kwamba mji huu ni wa maasi, unaowataabisha wafalme na majimbo, ni mahali pa maasi tangu zamani. Ndiyo maana mji huu uliharibiwa.
১৫আপোনাৰ পিতৃৰ ইতিহাস-পুস্তকত বিচাৰি চাওক আৰু প্রমাণ কৰক যে, এইখন এখন বিদ্ৰোহী নগৰ ই ৰজা আৰু প্ৰদেশবোৰৰ অনিষ্টজনক। ই ৰজা আৰু প্রদেশলৈ বহুতো সমস্যাৰ সৃষ্টি কৰিব। বহু আগৰে পৰা বিদ্রোহীসকলৰ বাবে এইখন এখন মূখ্য ঠাই। ইয়াৰ বাবেই সেই নগৰখন ধংস হৈছিল।
16 Tunamjulisha mfalme kwamba kama mji huu ukijengwa na kuta zake zikifanywa upya, hutabakiwa na chochote Ngʼambo ya Mto Frati.
১৬আমি মহাৰাজক জনাও যে, যদি এই নগৰ আৰু তাৰ দেৱাল নিৰ্ম্মাণ কৰা হয় তেনেহ’লে মহা নদীৰ সিপাৰে আপোনাৰ কোনো অস্তিত্ৱ নাথাকিব।”
17 Mfalme alirudisha jibu hili: Kwa Rehumu, afisa msimamizi, mwandishi Shimshai na wenzenu wote wanaoishi katika Samaria na penginepo Ngʼambo ya Mto Frati: Salamu.
১৭ৰজাই ৰহূম, চিমচয়, চমৰিয়াত থকা তেওঁলোকৰ সহকাৰীসকল আৰু নদীৰ সিপাৰে থকা অৱশিষ্ট লোকসকলক উত্তৰ লিখি পঠালে, “তোমালোকৰ মঙ্গল হওক।
18 Barua mliyotutumia imesomwa na kutafsiriwa mbele yangu.
১৮তোমালোকে মোলৈ পঠোৱা পত্ৰ অনুবাদ কৰি মোৰ আগত পঢ়ি শুনালে।
19 Nilitoa amri na uchunguzi ukafanyika na imegundulika kwamba mji huu una historia ndefu ya maasi dhidi ya wafalme na pamekuwa mahali pa maasi na uchochezi.
১৯সেয়ে মই বুজ-বিচাৰ কৰিবলৈ আজ্ঞা দিলোঁ আৰু জানিব পাৰিলোঁ যে, আগৰে পৰাই তেওঁলোক বিদ্রোহী আছিল আৰু ৰজাৰ বিৰুদ্ধে বিদ্রোহ কৰিছিল।
20 Yerusalemu umepata kuwa na wafalme wenye nguvu wakitawala nchi yote iliyo Ngʼambo ya Mto Frati, wakitoza kodi, ada na ushuru huko.
২০পৰাক্রমী ৰজাসকলে যিৰূচালেমৰ ওপৰত শাসন কৰিছিল আৰু নদীৰ সিপাৰৰ সকলো বস্তুৰ ওপৰত অধিকাৰ কৰিছিল। তেওঁলোকক কৰ-কাটল দিছিলে।
21 Kwa hiyo toeni amri kwa watu hawa wasimamishe ujenzi, ili kwamba mji huu usiendelee kujengwa hadi nitakapoagiza.
২১এতিয়া, সেই লোকসকলক এই নগৰ নিৰ্ম্মাণ কাৰ্য বন্ধ কৰিবলৈ আজ্ঞা দিওঁ আৰু যেতিয়ালৈকে মই আজ্ঞা নিদিওঁ তেতিয়ালৈকে তেওঁলোকে নগৰ নিৰ্ম্মাণ কৰিব নোৱাৰে।
22 Mwe waangalifu msipuuze jambo hili. Kwa nini kuruhusu tishio hili kuendelea na kusababisha hasara kwa ufalme?
২২সাৱধান হোৱা, ইয়াক অৱহেলা নকৰিবা। কিয় ৰজাক আঘাত দিবলৈ ক্ষতি বৃদ্ধি কৰিছা?”
23 Mara waliposomewa nakala ya barua ya Mfalme Artashasta, Rehumu na Shimshai aliyekuwa mwandishi na wenzao, walikwenda mara moja kwa Wayahudi huko Yerusalemu na kuwalazimisha kwa nguvu kusimamisha ujenzi.
২৩যেতিয়া অৰ্তক্ষত্ৰ ৰজাৰ আজ্ঞা ৰহূম, চিমচয়, আৰু তেওঁলোকৰ সহকাৰীসকলৰ আগত পঢ়ি শুনালে, তেওঁলোকে তৎক্ষণাত যিৰূচালেমলৈ গ’ল আৰু যিহূদীসকলক বলেৰে গৃহ নিৰ্ম্মাণ কাৰ্য বন্ধ কৰিলে।
24 Hivyo kazi ya ujenzi wa nyumba ya Mungu huko Yerusalemu ikasimamishwa kabisa hadi mwaka wa pili wa utawala wa Dario mfalme wa Uajemi.
২৪সেয়ে পাৰস্যৰ ৰজা দাৰিয়াবচৰ ৰাজত্ব কালৰ দ্বিতীয় বছৰলৈকে যিৰূচালেমত ঈশ্বৰৰ গৃহৰ নিৰ্ম্মাণৰ কাৰ্য বন্ধ থাকিল।