< Ezekieli 9 >

1 Kisha nikamsikia akiita kwa sauti kubwa akisema, “Walete wasimamizi wa mji hapa, kila mmoja akiwa na silaha mkononi mwake.”
তেতিয়া যিহোৱাই বৰ মাতেৰে কোৱা এই বাক্য মোৰ কাণত পৰিল আৰু ক’লে, “প্রহৰীসকলৰ প্ৰতিজনক নিজ নিজ হাতত বিনাশক অস্ত্ৰ লৈ নগৰলৈ আহিবলৈ দিয়া।”
2 Nami nikaona watu sita wakija toka upande wa lango la juu, linalotazama kaskazini kila mmoja na silaha za kuangamiza mkononi mwake. Pamoja nao alikuwepo mtu aliyekuwa amevaa mavazi ya kitani safi, naye alikuwa na vifaa vya mwandishi akiwa amevishikilia upande mmoja. Wakaingia ndani ya Hekalu wakasimama pembeni mwa madhabahu ya shaba.
তেতিয়া চোৱা! উত্তৰ দিশৰ পৰা ওপৰ বাট-চৰাৰ বাটেদি নিজ নিজ হাতত হত্যাৰ অস্ত্ৰ লৈ ছয়জন লোক আহিল। তেওঁলোকৰ মাজত শণ সূতাৰ বস্ত্ৰ পিন্ধা আৰু কঁকালত লিখকৰ মৈলাম থকা এজন লোক আছিল। এইদৰে তেওঁলোক ভিতৰলৈ সোমাই পিতলৰ যজ্ঞবেদীৰ কাষত থিয় হ’ল।
3 Basi utukufu wa Mungu wa Israeli ukaondoka hapo juu ya makerubi, ulikokuwa umekaa, ukaenda kwenye kizingiti cha Hekalu. Ndipo Bwana akamwita yule mtu aliyevaa kitani safi aliyekuwa na vifaa vya mwandishi akiwa amevishikilia upande wake mmoja,
তেতিয়া যি কৰূব কেইজনৰ ওপৰত ইস্ৰায়েলৰ ঈশ্বৰৰ গৌৰৱ আছিল, সেই গৌৰৱ, সেই কৰূব কেইজনৰ পৰা উঠি গৃহটিৰ দুৱাৰডলিলৈ উঠি গ’ল। আৰু শণ সূতাৰ বস্ত্ৰ পিন্ধা আৰু কঁকালত মৈলাম থকা সেই লোকজনক যিহোৱাই মাতিলে।
4 akamwambia, “Pita katika mji wote wa Yerusalemu ukaweke alama juu ya vipaji vya nyuso za wale watu wanaohuzunika na kuomboleza kwa sababu ya machukizo yote yanayotendeka katika mji huu.”
যিহোৱাই তেওঁক ক’লে, “তোমালোকে নগৰৰ মাজেৰে যোৱা যিৰূচালেমৰ মাজেৰে আৰু নগৰৰ মাজত চলি থকা সকলো ঘিণলগীয়া কাৰ্যৰ কাৰণে হুমুনিয়াহ পেলোৱা আৰু চিঞৰি কন্দা-কতা কৰি থকা লোকসকলৰ কপালত চিন দিয়া।”
5 Nikiwa ninasikia, akawaambia wale wengine, “Mfuateni anapopita katika mji wote mkiua, pasipo huruma wala masikitiko.
তেতিয়া তেওঁ মই শুনাকৈ আন কেইজনক ক’লে, “তোমালোকে তেওঁৰ পাছে পাছে নগৰৰ মাজেদি যোৱা আৰু প্ৰহাৰ কৰা! তোমালোকৰ চকুত কৃপাদৃষ্টি কি দয়া নাথাকক,
6 Waueni wazee, vijana wa kiume na wa kike, wanawake na watoto, lakini msimguse mtu yeyote mwenye alama. Anzieni katika mahali pangu patakatifu.” Kwa hiyo wakaanza na wale wazee waliokuwa mbele ya Hekalu.
বুঢ়া, ডেকা, যুৱতী, শিশু আৰু মহিলা আদি সকলোকে নিঃশেষে বধ কৰা, দয়া নকৰিবা! কিন্তু মূৰত চিন থকা কোনো লোকৰ কাষলৈ নাযাবা। মোৰ পবিত্ৰ স্থানৰ পৰা আৰম্ভ কৰা!” গতিকে তেওঁলোকে গৃহৰ সন্মুখত থকা সেই বৃদ্ধ লোকসকলৰ পৰা আৰম্ভ কৰিলে।
7 Ndipo akawaambia, “Linajisini Hekalu na mkazijaze kumbi zake maiti za wale waliouawa. Nendeni!” Kwa hiyo wakaenda wakaanza kuua watu mjini kote.
তেওঁ তেওঁলোকক ক’লে, “গৃহটি অশুচি কৰা, চোতাল কেইখন হত হোৱা লোকসকলেৰে পূৰ কৰা। আগবাঢ়া!” গতিকে তেওঁলোকে ওলাই গৈ জেৰুচালেম নগৰক আক্রমণ কৰিলে।
8 Wakati walikuwa wakiwaua watu, nami nilikuwa nimeachwa peke yangu, nikaanguka kifudifudi, nikapiga kelele nikisema, “Ee Bwana Mwenyezi! Je, utaangamiza mabaki yote ya Israeli, katika kumwagwa huku kwa ghadhabu yako juu ya Yerusalemu?”
যেতিয়া তেওঁলোকে প্ৰহাৰ কৰি আছিল, তেতিয়া মই নিজকে অকলশৰীয়া যেন অনুভৱ কৰিলোঁ আৰু উবুৰি হৈ পৰি চিঞৰি কান্দি কান্দি কলোঁ, “হায় হায় প্ৰভু যিহোৱা! আপুনি যিৰূচালেমৰ ওপৰত আপোনাৰ ক্ৰোধ বৰষাই ইস্ৰায়েলৰ সকলোক অৱশিষ্ট ভাগ বিনষ্ট কৰিব নে?”
9 Bwana akanijibu, “Dhambi ya nyumba ya Israeli na Yuda imekuwa kubwa mno kupita kiasi, nchi imejaa umwagaji damu na mjini kumejaa udhalimu. Kwani wamesema, ‘Bwana ameiacha nchi, Bwana hauoni.’
তেওঁ মোক ক’লে, “ইস্ৰায়েল আৰু যিহূদা বংশৰ অপৰাধ অতিশয় গভীৰ। আৰু দেশ তেজেৰে পৰিপূৰ্ণ, আৰু নগৰখন দুৰ্নীতিৰে ভৰা; কিয়নো তেওঁলোকে কয়, ‘যিহোৱাই দেশখন ত্যাগ কৰিলে’ আৰু ‘যিহোৱাই দেখা নাপায়!’
10 Kwa hiyo sitawahurumia wala kuwaachilia lakini nitaleta juu ya vichwa vyao, yale waliyoyatenda.”
১০গতিকে মই হ’লে কৃপাদৃষ্টি নকৰিম আনকি দয়াও নকৰিম। বৰং তেওঁলোকৰ কাৰ্যৰ ফল তেওঁলোকৰ মূৰত ফলিওৱাম।”
11 Ndipo mtu yule aliyekuwa amevaa nguo ya kitani safi na vifaa vya mwandishi akiwa amevishikilia upande wake mmoja, akarudi na kutoa taarifa akisema, “Nimefanya kama ulivyoniagiza.”
১১আৰু চোৱা! শণ সূতাৰ বস্ত্ৰ পিন্ধা আৰু কঁকালত মৈলাম থকা সেই পুৰুষজন ঘূৰি আহিল। “তুমি মোক আজ্ঞা দিয়া অনুসাৰে মই সকলো কৰিলোঁ”, এই বুলি তেওঁ বাৰ্ত্তা দিলেহি।

< Ezekieli 9 >