< Ezekieli 8 >
1 Katika siku ya tano ya mwezi wa sita mwaka wa sita, baada ya kupelekwa uhamishoni nilipokuwa nimeketi katika nyumba yangu na wazee wa Yuda walikuwa wameketi mbele yangu, mkono wa Bwana Mwenyezi ulikuja juu yangu.
১আমাৰ নিৰ্বাসনৰ ষষ্ঠ বছৰৰ ষষ্ঠ মাহৰ পঞ্চম দিনা, মোৰ ঘৰত মই বহি থাকোঁতে আৰু যিহূদাৰ পৰিচাৰকসকল মোৰ আগত বহি থাকোঁতে, সেই ঠাইত প্ৰভু যিহোৱাৰ হাত পুনৰায় মোৰ ওপৰত অৰ্পিত হ’ল।
2 Nikatazama, nikaona umbo mfano wa mwanadamu. Kutokana na kile kilichoonekana kuwa kiuno chake kuelekea chini alifanana na moto. Kuanzia kwenye kiuno kuelekea juu sura yake kama chuma kingʼaavyo kikiwa ndani ya moto.
২তেতিয়া চোৱা! মই মনুষ্যৰূপে এক মূৰ্ত্তি যেন দেখা পালোঁ; আৰু তেওঁৰ কঁকালৰ তলৰ পৰা যেন অগ্নিৰ দৰে আৰু তেওঁৰ কঁকালৰ পৰা ওপৰ অংশ উজ্বল ধাতুৰ দৰে দেখা গ’ল!
3 Akanyoosha kitu kilichoonekana kama mkono, akaniinua kwa kushika nywele za kichwa changu. Roho akaniinua juu kati ya nchi na mbingu nikiwa katika maono ya Mungu akanichukua mpaka Yerusalemu, kwenye ingilio la lango la upande wa kaskazini ya ukumbi wa ndani, mahali iliposimama ile sanamu ichocheayo wivu.
৩তেতিয়া তেওঁ হাত এখনৰ আকৃতিৰে মোৰ মূৰৰ চুলি ঢুকি পোৱাকৈ ধৰিলে; সেই আত্মাই মোক ওপৰলৈ দাঙি নিলে আৰু ঈশ্বৰীয় দৰ্শনত যিৰূচালেমত, যি ঠাইত অন্তৰ্জ্বালাজনক অহঙ্কাৰী-মূৰ্ত্তিটো স্থাপিত হৈ আছিল, সেই ঠাইৰ উত্তৰ দিশে থকা ভিতৰ-চোতালৰ প্রৱেশ কৰা পথত, পৃথিৱী আৰু আকাশৰ মাজেদি মোক লৈ আহিল।
4 Hapo mbele yangu palikuwa na utukufu wa Mungu wa Israeli, kama utukufu ule niliouona katika maono kule ua wa ndani.
৪মই সেই উপত্যকাত যি অৱস্থাত সেই দৰ্শন দেখিছিলোঁ, সেইদৰে ইস্ৰায়েলৰ ঈশ্বৰৰ গৌৰৱো সেই ঠাইত আছিল।
5 Kisha akaniambia, “Mwanadamu, tazama kuelekea kaskazini.” Hivyo nikatazama na kwenye ingilio upande wa kaskazini wa lango la madhabahu, nikaona sanamu hii ya wivu.
৫তেতিয়া তেওঁ মোক ক’লে, “হে মনুষ্য সন্তান, তুমি চকু তুলি উত্তৰ ফালে চোৱা।” সেই কাৰণে মই উত্তৰ ফালে চকু তুলি চালোঁ আৰু যজ্ঞবেদীৰ উত্তৰফালে প্ৰৱেশ কৰা স্থানটোৰ ঠাইত সেই অহংকাৰী মূৰ্ত্তিটো আছিল।
6 Ndipo akaniambia, “Mwanadamu, je, unaona yale wanayofanya, haya mambo ya machukizo kabisa nyumba ya Israeli wanayotenda hapa, ambayo yatanifanya niende mbali na mahali pangu patakatifu? Lakini utaona vitu ambavyo vinachukiza zaidi hata kuliko hivi.”
৬পাছত তেওঁ মোক ক’লে, “হে মনুষ্য সন্তান, লোকসকলে কি কৰি আছে সেয়া তুমি দেখিছা নে? মোৰ পবিত্ৰ স্থানৰ পৰা মই আঁতৰ হ’বলৈ ইস্ৰায়েল-বংশই যিবোৰ বৰ বৰ ঘিণলগীয়া কাৰ্য কৰিছে, সেইবোৰ তুমি দেখিছা নে? কিন্তু তুমি ইয়াতকৈয়ো অধিক ঘিণলগীয়া কাৰ্য দেখিবলৈ পাবা!”
7 Kisha akanileta mpaka ingilio la ukumbi. Nikatazama, nami nikaona tundu ukutani.
৭এই বুলি তেওঁ মোক চোতালৰ বাট-চৰাৰ দুৱাৰৰ ভিতৰলৈ লৈ গ’ল আৰু তাত মই চাই দেৱালত এটা বিন্ধা দেখিলোঁ।
8 Akaniambia, “Mwanadamu, sasa toboa kwenye ukuta huu.” Ndipo nikatoboa ule ukuta, nikaona hapo pana mlango.
৮তেওঁ মোক ক’লে, “হে মনুষ্য সন্তান, এই দেৱালখন খান্দি পেলোৱা।” তেতিয়া মই দেৱালখন খান্দোতে এখন দুৱাৰ দেখা পালোঁ!
9 Naye akaniambia, “Ingia ndani, ukaone maovu na machukizo wanayofanya humu.”
৯তেতিয়া তেওঁ মোক পুনৰ ক’লে, “তুমি ভিতৰলৈ গৈ তেওঁলোকে তাত কৰি থকা ঘিণলগীয়া দুষ্কৰ্মবোৰ চোৱা।”
10 Hivyo nikaingia ndani na kutazama, nikaona kuta zote zimechorwa kila aina ya vitu vitambaavyo na ya wanyama wachukizao wa kila aina na sanamu zote za nyumba ya Israeli.
১০তেতিয়া মই ভিতৰলৈ গৈ চাই দেখিলোঁ যে, সকলোবিধ উৰগ জন্তুৰ আৰু ঘিণলগীয়া পশুৰ প্ৰতিমূৰ্ত্তি আৰু ইস্ৰায়েল বংশৰ প্ৰতিমাবোৰ চাৰিওফালে দেৱালত খোদাই কৰি থোৱা আছিল।
11 Mbele yao walisimama wazee sabini wa nyumba ya Israeli, naye Yaazania mwana wa Shafani alikuwa amesimama miongoni mwao. Kila mmoja alikuwa na chetezo mkononi na moshi wa harufu nzuri ya uvumba ulikuwa unapanda juu.
১১আৰু সেইবোৰৰ আগত ইস্ৰায়েল বংশৰ পৰিচাৰকসকলৰ সত্তৰজন পুৰুষ আৰু তেওঁলোকৰ মাজত চাফনৰ পুত্র যাজনিয়া থিয় হৈ আছিল। তেওঁলোক প্রতিজনে প্রতিমাবোৰৰ সন্মুখত থিয় হৈ হাতত এটা এটা ধূপৰ পাত্ৰ ল’লে যাতে সেই ধূপৰ সুগন্ধযুক্ত ধোঁৱা ওপৰলৈ উঠে।
12 Akaniambia, “Mwanadamu, umeona wanayoyafanya wazee wa nyumba ya Israeli gizani, kila mmoja kwenye sehemu yake mwenyewe ya kufanyia ibada za sanamu yake? Wao husema, ‘Bwana hatuoni, Bwana ameiacha nchi.’”
১২তেতিয়া তেওঁ মোক ক’লে, “হে মনুষ্য সন্তান, ইস্ৰায়েল-বংশৰ পৰিচাৰকসকলে অন্ধকাৰত কি কৰিছে সেই বিষয়ে তুমি দেখিছা নে? এইদৰে প্রতিজনে নিজ নিজ গুপ্ত কোঁঠালিত প্রতিমাবোৰৰ সৈতে তেওঁলোকে কয়, ‘যিহোৱাই আমাক দেখা নাপায়! যিহোৱাই দেশখন ত্যাগ কৰিলে’!”
13 Akasema tena, “Bado utaona machukizo wanayofanya ambayo ni makubwa kuliko haya.”
১৩তেওঁ মোক পুনৰ ক’লে, “তুমি আকৌ ঘূৰি চোৱা, তেওঁলোকে কৰি থকা ঘিণলগীয়া কাৰ্যবোৰতকৈয়ো অতি বেছি দেখিবলৈ পাবা।”
14 Ndipo akanileta mpaka ingilio la lango la kaskazini la nyumba ya Bwana, nami nikaona wanawake wameketi hapo, wakimwombolezea Tamuzi.
১৪তাৰ পিছত তেওঁ যিহোৱাৰ গৃহৰ উত্তৰফালৰ বাট-চৰাৰ দুৱাৰমুখলৈ মোক লৈ যাওঁতে মই দেখিলোঁ, আৰু চোৱা! সেই ঠাইত মহিলাসকলে বহি তম্মুজৰ বাবে কান্দি আছিল।
15 Akaniambia, “Unaliona hili, mwanadamu? Utaona vitu ambavyo ni machukizo kuliko hili.”
১৫তেতিয়া তেওঁ মোক ক’লে, “হে মনুষ্য সন্তান, তুমি দেখিছা নে? তুমি ইয়াতকৈয়ো অধিক ঘিণলগীয়া কাৰ্য দেখিবলৈ পাবা।”
16 Ndipo akanileta mpaka kwenye ukumbi wa ndani wa nyumba ya Bwana, nako huko katika ingilio la Hekalu, kati ya baraza na madhabahu, walikuwepo wanaume wapatao ishirini na watano. Wakiwa wamelipa kisogo Hekalu la Bwana na kuelekeza nyuso zao upande wa mashariki, wakilisujudia jua huko mashariki.
১৬আৰু তেওঁ মোক যিহোৱাৰ গৃহৰ ভিতৰ চোতাললৈ লৈ গ’ল, আৰু চোৱা! মই দেখিলোঁ, যিহোৱাৰ মন্দিৰৰ দুৱাৰমুখত, বাৰাণ্ডা আৰু যজ্ঞবেদীৰ মাজ ভাগত যিহোৱাৰ মন্দিৰৰ ফাললৈ পিঠি দি পূৱফালে মুখ কৰি প্রায় পঞ্চাশজনমান লোকে সূৰ্যৰ আগত প্ৰণিপাত কৰি আছিল।
17 Akaniambia, “Je, umeona hili mwanadamu? Je, ni jambo dogo sana kwa nyumba ya Yuda kufanya machukizo wanayoyafanya hapa? Je, ni lazima pia waijaze nchi dhuluma na kuendelea siku zote kunikasirisha? Watazame wanavyonibania pua kana kwamba ninanuka!
১৭তেতিয়া তেওঁ মোক ক’লে, “হে মনুষ্য সন্তান, তুমি ইয়াক দেখিছা নে? ইয়াত যিহূদা বংশই যি যি ঘিণলগীয়া কাৰ্য কৰিছে, সেই সকলো কাৰ্য জানো তেওঁলোকলৈ লঘূ বিষয়? কিয়নো তেওঁলোকে দেশ অত্যাচাৰেৰে পূৰ কৰিলে আৰু মোক বেজাৰ দিবলৈ পুনৰায় ঘূৰিছে; আৰু চোৱা, তেওঁলোকে ডালবোৰ নাকত লগাইছে।
18 Kwa hiyo nitashughulika nao kwa hasira, sitawaonea huruma wala kuwaachilia. Wajapopiga makelele masikioni mwangu, sitawasikiliza.”
১৮এই হেতুকে ময়ো কোপেৰে কাৰ্য কৰিম; কৃপাদৃষ্টি নকৰিম; আৰু দয়াও নকৰিম; আৰু তেওঁলোকে বৰ মাতেৰে মোৰ কাণত কাতৰোক্তি কৰিলেও মই তেওঁলোকৰ কথা নুশুনিম।”