< Ezekieli 4 >

1 “Mwanadamu, sasa chukua tofali, uliweke mbele yako na uchore juu yake ramani ya mji wa Yerusalemu.
হে মনুষ্য সন্তান, তুমি এটা ইটা লোৱা আৰু নিজৰ সন্মুখত ৰাখা। তাৰ পাছত সেই ইটাটোৰ ওপৰত যিৰূচালেম নগৰৰ নক্সা আঁকা।
2 Kisha uuzingire: Simamisha askari dhidi yake kuuzunguka, uzunguke kwa majeshi, weka kambi dhidi yake pande zote pamoja na magogo ya kubomolea boma vitani.
আৰু তাক অৱৰোধ কৰা, তাৰ বিপৰীতে কোঁঠ সাজা, তাৰ বিপৰীতে হাদাম বান্ধা, তাৰ বিপৰীতে চাৰিওফালে ছাউনি পাতা আৰু তাৰ বিপৰীতে চাৰিওফালে গড় ভঙা যন্ত্ৰ স্থাপন কৰা।
3 Kisha chukua bamba la chuma, ukalisimamishe liwe kama ukuta wa chuma kati yako na huo mji, nawe uuelekeze uso wako. Huo mji utakuwa katika hali ya kuzingirwa, nawe utauzingira. Hii itakuwa ishara kwa nyumba ya Israeli.
আৰু তুমি এখন লোহাৰ তাওৱা লৈ, তোমাৰ আৰু নগৰৰ মাজত লোহাৰ গড়স্বৰূপে তাক স্থাপন কৰা। আৰু তালৈ কঠিন দৃষ্টি কৰা, তাতে সেয়ে অৱৰোধৰ অৱস্থাত পৰিব আৰু তুমি তাক অৱৰোধ কৰিবা; ইস্ৰায়েল-বংশৰ কাৰণে এয়ে চিন হ’ব।
4 “Kisha ulale kwa upande wako wa kushoto na uweke dhambi za nyumba ya Israeli juu yake. Utazibeba dhambi zao kwa idadi ya siku utakazolala kwa huo upande mmoja.
তাৰ বাহিৰে তুমি বাওঁকাষে শুই তাৰ ওপৰত ইস্ৰায়েল-বংশৰ অপৰাধৰ ভাৰ ৰাখা; তুমি সেই কাষে শোৱা দিনৰ সংখ্যা অনুসাৰে তুমি তেওঁলোকৰ অপৰাধ ববা।
5 Nimekupangia idadi ya siku kama miaka ya dhambi yao. Kwa hiyo kwa siku 390 utabeba dhambi za nyumba ya Israeli.
কিয়নো মই তেওঁলোকৰ অপৰাধৰ বছৰৰ সংখ্যা তোমাৰ কাৰণে কেতবোৰ দিনৰ সংখ্যা কৰিলোঁ, অৰ্থাৎ তিনিশ নব্বৈ দিন কৰিলোঁ; এইদৰে তুমি ইস্ৰায়েল বংশৰ অপৰাধ ববা।
6 “Baada ya kumaliza hili, lala chini tena, wakati huu ulale chini kwa upande wa kuume, uchukue dhambi za nyumba ya Yuda. Nimekupangia siku arobaini, siku moja kwa kila mwaka mmoja.
যেতিয়া তুমি এইদৰে এই দিনবোৰ সম্পূৰ্ণ কৰিবা, তাৰ পাছত দ্বিতীয় বাৰৰ বাবে আকৌ সোঁকাষে শুবা আৰু চল্লিশ দিনলৈকে যিহূদা-বংশৰ অপৰাধ ববা; মই এক এক বছৰ তোমাৰ কাৰণে এক এক দিন কৰিলোঁ।
7 Geuza uso wako uelekeze kwenye kuzingirwa kwa Yerusalemu na mkono wako ambao haukuvikwa nguo tabiri dhidi yake.
তুমি বাহু উদং কৰি যিৰূচালেমৰ অৱৰোধলৈ স্থিৰ দৃষ্টি কৰি তাৰ বিৰুদ্ধে ভাববাণী প্ৰচাৰ কৰিবা।
8 Nitakufunga kwa kamba ili usiweze kugeuka kutoka upande mmoja hadi upande mwingine, mpaka hapo utakapokuwa umetimiza siku za kuzingirwa kwako.
কাৰণ চোৱা! মই ৰছীৰে তোমাক বান্ধিম; তাতে তোমাৰ অৱৰোধৰ দিন তুমি সম্পূৰ্ণ নকৰালৈকে এক কাষৰ পৰা আন কাষলৈ বাগৰিব নোৱাৰিবা।
9 “Chukua ngano na shayiri, maharagwe na dengu, mtama na mawele, uviweke na kuvihifadhi vyote kwenye gudulia la kuhifadhia, na uvitumie kujitengenezea mkate. Utaula mkate huo kwa hizo siku 390 utakazokuwa umelala kwa upande mmoja.
আৰু তুমি নিজৰ বাবে ঘেঁহু, যৱ, মাহ, মচুৰ বজৰা আৰু জনৰা লৈ এটা পাত্ৰত ৰাখি তাৰে পিঠা বনোৱা; তুমি কাতি হৈ শুই থকা দিনৰ সংখ্যা অনুসাৰে তিনিশ নব্বৈ দিন তাক ভোজন কৰিবা।
10 Pima shekeli ishirini za chakula utakachokula kwa kila siku, nawe utakula kwa wakati uliopangwa.
১০ভোজনৰ আহাৰ তুমি ভোজন কৰিবা আৰু প্ৰতিদিনে বিশ চেকল জোখৰ আহাৰ খাবা। তুমি সময়ে সময়ে ইয়াক ভোজন কৰিবা।
11 Pia pima maji moja ya sita ya hini, nawe utakunywa kwa wakati uliopangwa.
১১আৰু তুমি পানী জোখ কৰি লৈ এক হীনৰ ছয় ভাগৰ এভাগ পানী পান কৰিবা।
12 Nawe utakula chakula kama vile ambavyo ungekula mkate wa shayiri, uoke mkate mbele ya macho ya watu, ukitumia kinyesi cha mwanadamu.”
১২আৰু তুমি যৱৰ পিঠাৰ দৰে তাক তৈয়াৰ কৰি ভোজন কৰিবা; আৰু তেওঁলোকৰ চকুৰ আগতে, মানুহৰ পৰা বাহিৰ হোৱা বিষ্ঠাৰে তাক তাও দিবা।
13 Bwana akasema, “Hivi ndivyo watu wa Israeli watakavyokula chakula kilicho najisi miongoni mwa mataifa ninakowapeleka.”
১৩যিহোৱাই পুনৰ ক’লে, “যি জাতিবোৰৰ মাজলৈ মই এই ইস্ৰায়েল সন্তান সকলক খেদিম, সেই জাতিবোৰৰ মাজত তেওঁলোকে নিজ নিজ আহাৰ এইদৰে অশুচিকৈ খাব।”
14 Ndipo nikasema, “Sivyo Bwana Mwenyezi! Kamwe mimi sijajitia unajisi. Tangu ujana wangu hadi sasa sijala kamwe kitu chochote kilichokufa au kilichoraruliwa na wanyama wa mwituni. Hakuna nyama yeyote najisi iliyoingia kinywani mwangu.”
১৪তেতিয়া মই ক’লোঁ, “হায় হায় প্ৰভু যিহোৱা! চোৱা, মোৰ প্ৰাণ অশুচি কৰা নাই! কিয়নো মই ল’ৰা কালৰে পৰা আজিলৈকে নিজে মৰা বা জন্তুৱে ছিৰা একোকে খোৱা নাই, নাইবা ঘিণলগীয়া মাংস মোৰ মুখত কেতিয়াও সোমোৱা নাই।”
15 Akasema, “Vema sana, basi nitakuruhusu uoke mkate wako kwa kutumia kinyesi cha ngʼombe badala ya kinyesi cha mwanadamu.”
১৫তেতিয়া তেওঁ মোক ক’লে, “মই মানুহৰ বিষ্ঠাৰ সলনি তোমাক গোবৰ দিলোঁ; তুমি তাৰে নিজৰ পিঠা তাও দি তৈয়াৰ কৰিবা।
16 Ndipo Mungu akaniambia, “Mwanadamu, mimi nitakatilia mbali upatikanaji wa chakula katika Yerusalemu. Watu watakula chakula cha kupimwa kwa wasiwasi pamoja na maji ya kupimiwa kwa kukata tamaa,
১৬ইয়াৰ উপৰিও তেওঁ মোক ক’লে, “হে মনুষ্য সন্তান, চোৱা! মই যিৰূচালেমত অন্নৰূপ লাখুটি ভাঙিম; তেওঁলোকে পিঠা আৰু পানীৰ অভাৱত পৰিবৰ বাবে আৰু পৰস্পৰে আচৰিত হৈ তেওঁলোকৰ অপৰাধত ক্ষীণাই যাবৰ বাবে,
17 kwa kuwa chakula na maji vitakuwa adimu. Watastajabiana kila mmoja, nao watadhoofika kwa sababu ya dhambi yao.
১৭তেওঁলোকে সাৱধানেৰে জুখি জুখি পিঠা খাব আৰু আচৰিত হৈ জুখি জুখি পানী পান কৰিব।

< Ezekieli 4 >