< Ezekieli 30 >

1 Neno la Bwana likanijia kusema:
যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, আৰু ক’লে,
2 “Mwanadamu, toa unabii na useme: ‘Hili ndilo Bwana Mwenyezi asemalo: “‘Ombolezeni ninyi na mseme, “Ole wa siku ile!”
“হে মনুষ্য সন্তান, তুমি ভাববাণী প্ৰচাৰ কৰি কোৱা, যে প্ৰভু যিহোৱাই এই কথা কৈছে: তোমালোকে হাহাকাৰ কৰি কোৱা, ‘হায়, হায়, সেয়ে কেনে দিন হ’ব!’
3 Kwa kuwa siku ile imekaribia, siku ya Bwana imekaribia, siku ya mawingu, siku ya maangamizi kwa mataifa.
কিয়নো সেই দিন ওচৰ! এনে কি, যিহোৱাৰ দিন, মেঘে ঢকা দিন হ’ব, সেয়ে জাতিবোৰৰ বাবে কাল হ’ব।
4 Upanga utakuja dhidi ya Misri, nayo maumivu makuu yataijia Ethiopia. Mauaji yatakapoangukia Misri, utajiri wake utachukuliwa na misingi yake itabomolewa.
তেতিয়া মিচৰৰ বিৰুদ্ধে তৰোৱাল আহিব, আৰু তেতিয়া কুচত যাতনা হ’ব, যেতিয়া মিচৰত হত লোকবোৰ পতিত হ’ব - তাৰ লোক সমূহক তাৰ পৰা নিয়া হ’ব আৰু তাৰ ভিত্তিমূলবোৰ ভঙা হ’ব।
5 Kushi na Putu, Ludi na Arabia yote, Libya na watu wa nchi ya Agano watauawa kwa upanga pamoja na Misri.
কুচ, পূট, লুদ, মিহলি থকা আটাই লোক সমূহ কূব আৰু নিয়মটি পতা দেশৰ লোকসকল তেওঁলোকৰ লগত তৰোৱালৰ দ্বাৰাই পতিত হ’ব।
6 “‘Hili ndilo Bwana asemalo: “‘Wale walioungana na Misri wataanguka na kiburi cha nguvu zake kitashindwa. Kutoka Migdoli hadi Aswani, watauawa ndani yake kwa upanga, asema Bwana Mwenyezi.
যিহোৱাই এই কথা কৈছে: “যিসকল মিচৰৰ স্তম্ভস্বৰূপ অর্থাৎ তেওঁলোকৰ ফলিয়া হ’ব, তেওঁলোকো পতিত হ’ব আৰু তাৰ পৰাক্ৰমৰ গৰ্ব্ব খৰ্ব্ব হ’ব। মিগদোলৰ পৰা চিবেনিলৈকে তেওঁলোকৰ সৈন্য সমূহ তৰোৱালৰ দ্বাৰাই পতিত হ’ব!” এইয়াই প্ৰভু যিহোৱাৰ ঘোষণা!
7 “‘Hizo nchi zitakua ukiwa miongoni mwa nchi zilizo ukiwa, nayo miji yao itakuwa magofu miongoni mwa miji iliyo magofu.
আৰু ধ্বংস কৰা দেশবোৰৰ মাজত তেওঁলোককো ধ্বংস অৱস্থাত পোৱা লোক হ’ব, আৰু তেওঁলোকৰ নগৰবোৰ উচ্ছন্ন হোৱা নগৰবোৰৰ মাজৰ উচ্ছন্ন নগৰ হ’ব।
8 Ndipo watakapojua kwamba mimi ndimi Bwana, nitakapoiwasha Misri moto na wote wamsaidiao watapondwa.
যেতিয়া মই মিচৰত জুই লগাম, আৰু ইয়াৰ আটাই সাহায্যকাৰীসকল নষ্ট হ’ব; তেতিয়া মই যে যিহোৱা, ইয়াকে তেওঁলোকে জানিব!
9 “‘Siku hiyo wajumbe watatoka kwangu kwa merikebu, ili kuwatia hofu Ethiopia, wakiwa katika hali yao ya kuridhika. Maumivu makali yatawapata siku ya maangamizi ya Misri, kwa kuwa hakika itakuja.
সেইদিনা নিশ্চিন্তে থকা কুচীয়াসকলক ভয় লগাবলৈ দূতবোৰে মোৰ আগৰ পৰা জাহাজেৰে ওলাই যাব, আৰু সেইদিনা মিচৰত হোৱাৰ নিচিনাকৈ তেওঁলোকৰ মাজত যাতনা হ’ব। কিয়নো চোৱা! সেয়ে আহিছে!
10 “‘Hili ndilo Bwana Mwenyezi asemalo: “‘Nitakomesha makundi ya wajeuri ya Misri kwa mkono wa Nebukadneza mfalme wa Babeli.
১০প্ৰভু যিহোৱাই এইদৰে কৈছে: “মই বাবিলৰ ৰজা নবূখদনেচৰৰ হাতৰ দ্বাৰাই মিচৰৰ লোক সমূহক লুপ্ত কৰিম।
11 Yeye na jeshi lake, taifa lililo katili kuliko mataifa yote, litaletwa ili kuangamiza nchi. Watafuta panga zao dhidi ya Misri na kuijaza nchi kwa waliouawa.
১১তেওঁক আৰু তেৱেঁ সৈতে তেওঁৰ প্ৰজাসকলক, জাতিবোৰৰ ভয়ানক লোকক দেশ বিনষ্ট কৰিবৰ অৰ্থে অনা হ’ব; আৰু তেওঁলোকে মিচৰৰ বিৰুদ্ধে নিজ নিজ তৰোৱাল ফাকৰ পৰা উলিয়াই হত লোকসকলেৰে দেশ পৰিপূৰ্ণ কৰিব।
12 Nitakausha vijito vya Naili na nitaiuza nchi kwa watu waovu, kwa mkono wa wageni, nitaifanya nchi ukiwa na kila kitu kilichomo ndani yake. Mimi Bwana nimenena haya.
১২মই নদীবোৰ শুকান ঠাই কৰিম, আৰু এই দেশ দুষ্ট লোকসকলৰ হাতত বেচি দিম। মই তাত থকা সকলোকে বিদেশী লোকৰ হাতৰ দ্বাৰাই উচ্ছন্ন কৰোৱাম! মই, যিহোৱাই ইয়াক ঘোষণা কৰিলোঁ!”
13 “‘Hili ndilo Bwana Mwenyezi asemalo: “‘Nitaangamiza sanamu na kukomesha vinyago katika Memfisi Hapatakuwepo tena na mkuu katika nchi ya Misri, nami nitaeneza hofu katika nchi nzima.
১৩প্ৰভু যিহোৱাই এই কথা কৈছে: “মই মূৰ্ত্তিবোৰো নষ্ট কৰিম আৰু নোফৰ পৰা প্ৰতিমাবোৰ লুপ্ত কৰিম। আৰু মিচৰ দেশৰ পৰা অধিপতি আৰু নোলাব, আৰু মই মিচৰ দেশত আতংক আনিম!
14 Nitaifanya Pathrosi kuwa ukiwa na kuitia moto Soani, nami nitaipiga kwa adhabu Thebesi
১৪ইয়াত মই পথ্ৰোচক ধ্বংস কৰিম, চোৱনত জুই লগাম আৰু নো নগৰক দণ্ড দিম।
15 Nitaimwaga ghadhabu yangu juu ya Pelusiumu, ngome ya Misri, nami nitakatilia mbali makundi ya wajeuri wa Thebesi.
১৫আৰু মই মিচৰৰ দুৰ্গ চীনৰ ওপৰত মোৰ ক্ৰোধ বৰষাম আৰু নো নগৰৰ লোক সমূহক উচ্ছন্ন কৰিম।
16 Nitaitia moto nchi ya Misri; Pelusiumu itagaagaa kwa maumivu makuu. Thebesi itachukuliwa na tufani, Memfisi itakuwa katika taabu daima.
১৬তেতিয়া মই মিচৰত জুই লগাম। চীনে যাতনাত ধৰফৰাব, আৰু নো নগৰক ভঙা হ’ব। আৰু প্রতিদিনে শত্ৰূৱে নোফক আক্ৰমণ কৰিব!
17 Wanaume vijana wa Oni na wa Pi-Besethi wataanguka kwa upanga nayo hiyo miji itatekwa.
১৭আবনৰ আৰু পী-বেচতৰ ডেকাসকল তৰোৱালৰ দ্বাৰাই পতিত হ’ব, আৰু সেই দুখন নগৰৰ লোকসকল বন্দী অৱস্থালৈ যাব।
18 Huko Tahpanhesi mchana utatiwa giza nitakapovunja kongwa la Misri; hapo kiburi cha nguvu zake kitakoma. Atafunikwa na mawingu na vijiji vyake vitatekwa.
১৮যেতিয়া মই তহ্পন্হেচত মিচৰৰ যুৱলিবোৰ ভাঙিম, তেতিয়া তাত দিন অন্ধকাৰ হ’ব, আৰু মিচৰৰ মাজত থকা পৰাক্ৰমৰ গৰ্ব্ব খৰ্ব্ব হ’ব। আৰু তাৰ নিজৰ বিষয়ে হ’লে, এডোখৰ মেঘে তাক ঢাকিব আৰু তাৰ জীয়াৰীসকল বন্দী অৱস্থালৈ যাব।
19 Kwa hiyo nitaipiga Misri kwa adhabu, nao watajua kuwa Mimi ndimi Bwana.’”
১৯এইদৰে মই মিচৰক দণ্ড দিম; তাতে মই যে যিহোৱা, ইয়াক তেওঁলোকে জানিব।
20 Katika mwaka wa kumi na moja, mwezi wa kwanza, siku ya saba, neno la Bwana likanijia kusema:
২০একাদশ বছৰৰ প্ৰথম মাহৰ সপ্তম দিনা যিহোৱাৰ বাক্য মোলৈ আহিল, আৰু ক’লে,
21 “Mwanadamu, nimevunja mkono wa Farao mfalme wa Misri. Haukufungwa ili upone au kuwekewa kipande cha ubao ili upate nguvu za kuweza kuchukua upanga.
২১“হে মনুষ্য সন্তান, মই মিচৰৰ ৰজা ফৰৌণৰ বাহু ভাঙিলোঁ। আৰু চোৱা! তৰোৱাল ধৰিবলৈ শক্তি পাবৰ কাৰণে তাত ঔষধ লগাই পটি দি তাক বন্ধা নহ’ল।”
22 Kwa hiyo hili ndilo Bwana Mwenyezi asemalo: Mimi ni kinyume na Farao mfalme wa Misri. Nitavunja mikono yake yote miwili, ule mkono ulio mzima pia na ule uliovunjika na kuufanya upanga uanguke toka mkononi mwake.
২২সেই কাৰণে প্ৰভু যিহোৱাই এই কথা কৈছে: “চোৱা, মিচৰৰ ৰজা ফৰৌণলৈ! তেওঁৰ বিপক্ষে মই তেওঁৰ বলী ও ভগা বাহু এই দুয়োকো ভাঙিম আৰু তেওঁৰ হাতৰ পৰা তৰোৱালখন পৰি যোৱা কৰিম।
23 Nitawatawanya Wamisri miongoni mwa mataifa na kuwafukuza huku na huko katika nchi zote.
২৩আৰু মই মিচৰীয়াসকলক জাতিবোৰৰ মাজত ছিন্ন-ভিন্ন কৰিম আৰু দেশবোৰৰ মাজত গোট গোট কৰিম।
24 Nitaitia nguvu mikono ya mfalme wa Babeli na kuutia upanga wangu mkononi mwake, lakini nitavunja mikono ya Farao, naye atalia kwa huzuni mbele yake kama mtu aliyetiwa jeraha la kumfisha.
২৪মই বাবিলৰ ৰজাৰ বাহু দুটা সবল কৰিম আৰু তেওঁৰ হাতত মোৰ তৰোৱাল দিম যাতে মই ফৰৌণৰ বাহু দুটা ভাঙি পেলাব পাৰিম। তাতে সাংঘাতিকৰূপে আঘাতিত হোৱা লোকে কেঁকোৱাৰ দৰে তেওঁৰ আগত তেওঁ কেঁকাব।
25 Nitaitia nguvu mikono ya mfalme wa Babeli, lakini mikono ya Farao italegea. Ndipo watakapojua kwamba Mimi ndimi Bwana, nitakapoutia upanga wangu mkononi mwa mfalme wa Babeli, naye ataunyoosha dhidi ya Misri.
২৫আৰু মই বাবিলৰ ৰজাৰ বাহু দুটা শক্তিশালী কৰিম, কিন্তু ফৰৌণৰ বাহু দুটা হ’লে ভাঙি পৰিব। তেতিয়া, মই যে যিহোৱা, ইয়াক তেওঁলোকে জানিব, যেতিয়া মই বাবিলৰ ৰজাৰ হাতত মোৰ তৰোৱাল দিম; আৰু ইয়াৰেই তেওঁ মিচৰ দেশৰ বিৰুদ্ধে তাক আক্রমণ কৰিব।
26 Nitawatawanya Wamisri miongoni mwa mataifa na kuwafukuza huku na huko katika nchi mbalimbali. Ndipo watakapojua kwamba Mimi ndimi Bwana.”
২৬মই মিচৰীয়াসকলক জাতিবোৰৰ মাজত ছিন্ন-ভিন্ন আৰু দেশবোৰৰ মাজত গোট গোট কৰিম। তেতিয়া মই যে যিহোৱা, ইয়াক তেওঁলোকে জানিব!”

< Ezekieli 30 >