< Ezekieli 27 >
1 Neno la Bwana likanijia kusema:
১যিহোৱাৰ বাক্য মোৰ ওচৰলৈ পুনৰায় আহিল, আৰু ক’লে,
2 “Mwanadamu, fanya maombolezo kwa ajili ya Tiro.
২“হে মনুষ্য সন্তান, তুমি তূৰৰ বিষয়ে বিলাপ আৰম্ভ কৰা,
3 Umwambie Tiro, ulioko kwenye lango la bahari, ufanyao biashara na mataifa mengi ya pwani, ‘Hili ndilo Bwana Mwenyezi asemalo: “‘Ee Tiro, wewe umesema, “Mimi ni mkamilifu katika uzuri.”
৩আৰু তূৰক কোৱা, ‘তোমালোক যিসকল সাগৰৰ প্ৰৱেশস্থানত-নিবাস কৰা অনেক দ্বীপত থকা বাণিজ্যকাৰিণীসকলক কোৱা বোলে, প্ৰভু যিহোৱাই এই কথা কৈছে: হে তূৰ! তুমি কৈছিলা “মই পৰম সুন্দৰী’!”
4 Mipaka yako ilikuwa katika moyo wa bahari, wajenzi wako walikamilisha uzuri wako.
৪তোমাৰ সীমাৰ ভিতৰৰ ঠাইখন গভীৰ সমুদ্ৰৰ মাজত আছিল; তোমাৰ নিৰ্ম্মাণকাৰীবোৰে তোমাৰ সৌন্দৰ্য্য সম্পূৰ্ণ কৰিছিল।
5 Walizifanya mbao zako zote kwa misunobari itokayo Seniri; walichukua mierezi kutoka Lebanoni kukutengenezea mlingoti.
৫তেওঁলোকে চনীৰৰ পৰা অনা দেৱদাৰু কাঠেৰে তোমাৰ সকলো তক্তা বনাইছিল; তেওঁলোকে তোমাৰ কাৰণে এডাল মাস্তুল কৰিবলৈ লিবানোনৰ পৰা এৰচ কাঠ আনিছিল।
6 Walichukua mialoni toka Bashani wakakutengenezea makasia yako; kwa miti ya msanduku kutoka pwani ya Kitimu wakatengeneza sitaha yako na kuipamba kwa pembe za ndovu.
৬তেওঁলোকে বাচান দেশীয় এলোন কাঠেৰে তোমাৰ বঠাবোৰ তৈয়াৰ কৰিছিল; তেওঁলোকে কিত্তীম দ্বীপবোৰৰ পৰা অনা তাচুৰ কাঠবোৰ আনিছিল আৰু তাতে তেওঁলোকে তাৰ ওপৰত হাতীৰ দাঁতেদি শায়িত কৰি তোমাৰ বঠা বাওঁতাবোৰৰ আসনবোৰ সাজিছিল।
7 Kitani safi kilichotariziwa kutoka Misri kilikuwa tanga lako, nacho kilikuwa bendera yako; chandarua chako kilikuwa cha rangi ya buluu na ya zambarau kutoka visiwa vya Elisha.
৭তোমালৈ নিচানস্বৰূপ হ’বৰ কাৰণে, তোমাৰ নাৱৰ পালবোৰ মিচৰ দেশৰ পৰা অনা কাৰচিপি বন কৰা মিহি শণ সূতাৰ ৰং কৰা হৈছিল! তোমাৰ চন্দ্ৰতাপ ইলীচা দ্বীপবোৰৰ পৰা অনা নীল আৰু বেঙেনা বৰণীয়া সূতাৰে বনোৱা হৈছিল।
8 Watu kutoka Sidoni na Arvadi walikuwa wapiga makasia yako; watu wako wenye ustadi, ee Tiro, walikuwa ndio mabaharia wako.
৮যি লোকসকল চীদোন আৰু অৰ্বদত বাস কৰি আছিল, তেওঁলোক তোমাৰ বঠা বাওঁতা আছিল; হে তূৰ, তোমাৰ জ্ঞানী লোকসকল তোমাৰ মাজত আছিল আৰু তোমাৰ পথ প্রদৰ্শক আছিল।
9 Wazee wa Gebali pamoja na mafundi stadi walikuwa mafundi wako melini. Meli zote za baharini na mabaharia wao walikuja kwako ili kubadilishana bidhaa zako.
৯গবলৰ বিশেষ অভিজ্ঞতা থকা কাৰিকৰবোৰে তোমাৰ জাহাজবোৰক মেৰামতি কৰিছিল; তোমাৰ বাণিজ্য-দ্ৰব্য বেহা-বেপাৰ কৰিবলৈ সমুদ্ৰৰ আটাই জাহাজবোৰ আৰু সেইবোৰৰ নাৱিকবোৰ তোমাৰ মাজত আছিল!
10 “‘Watu wa Uajemi, Ludi na Putu walikuwa askari katika jeshi lako. Walitundika ngao zao na chapeo zao kwenye kuta zako, wakileta fahari yako.
১০পাৰস্য, লুদ আৰু পূটদেশীয় লোক তোমাৰ সৈন্য-সামন্ত আছিল, তেওঁলোক তোমাৰ ৰণুৱা! তেওঁলোকে তোমাৰ মাজত ঢাল আৰু শিৰোৰক্ষক টুপী আৰি থৈছিল; তেওঁলোকে তোমাক সুশোভিতা কৰিছিল!
11 Watu wa Arvadi na wa Heleki walikuwa juu ya kuta zako pande zote; watu wa Gamadi walikuwa kwenye minara yako. Walitundika ngao zao kuzizunguka kuta zako; wakaukamilisha uzuri wako.
১১তোমাৰ সৈন্য-সামন্তেৰ অৰ্বদ আৰু সেলেখৰ লোকসকল তোমালোকক চাৰিওফালে তোমাৰ গড়বোৰৰ ওপৰত আছিল, আৰু গম্মদীয়া লোকসকল তোমাৰ দুৰ্গবোৰত আছিল! তেওঁলোকে চাৰিওফালে তোমাৰ গড়ৰ ওপৰত নিজ নিজ ঢাল আৰি থৈছিল! তেওঁলোকে তোমাৰ সৌন্দৰ্য্য সম্পূৰ্ণ কৰিছিল!
12 “‘Tarshishi walifanya biashara nawe kwa sababu ya utajiri wako mkubwa wa bidhaa, walibadilisha fedha, chuma, bati na risasi kwa mali zako.
১২তোমাৰ সকলো প্ৰকাৰৰ ধন-ঐশ্বৰ্য্যৰ কাৰণে তৰ্চীচ তোমাৰ গ্রাহক আছিল: তেওঁলোকে ৰূপ, লোহা, বগীতাম আৰু সীহ আনি সেইবোৰৰ বেপাৰ কৰিছিল!
13 “‘Uyunani, Tubali na Mesheki, walifanya biashara nawe, walibadilisha watumwa na vyombo vya shaba kwa bidhaa zako.
১৩যাবন, তুবল আৰু মেচেক- তেওঁলোক তোমাৰ বেপাৰী আছিল; তেওঁলোকে মানুহ আৰু পিতলৰ পাত্ৰ দি তোমাৰ বাণিজ্য-দ্ৰব্যৰ সৈতে বেপাৰ কৰিছিল।
14 “‘Watu wa Beth-Togarma walibadilisha farasi wa mizigo, farasi wa vita na nyumbu kwa mali zako.
১৪তোগৰ্মা বংশীয় লোকসকলে ঘোঁৰা, যুদ্ধাৰু ঘোঁৰা আৰু খছৰ দি তোমাৰ বয়-বস্তুবোৰ লৈছিল।
15 “‘Watu wa Dedani walifanya biashara nawe, watu wengi wa nchi za pwani walikuwa wachuuzi wako, walikulipa kwa pembe za ndovu na mpingo.
১৫দদানৰ লোকসকলেও তোমাৰ বেপাৰী আছিল। অনেক দ্বীপ তোমাৰ অধীনৰ বজাৰ আছিল। তেওঁলোকে শিঙৰ আকৃতিৰ হাতী-দাঁত আৰু অবলুচ কাঠ তোমালোকৰ লগত সলনি কৰিছিল।
16 “‘Watu wa Aramu walifanya biashara nawe kwa ajili ya wingi wa kazi za mikono yako, wakibadilishana kwa almasi, vitambaa vya rangi ya zambarau, vitambaa vilivyotariziwa, kitani safi, matumbawe na akiki nyekundu.
১৬তোমাৰ হাতেৰে সজা অনেক বস্তুৰ কাৰণে অৰাম আছিল তোমাৰ বণিক; তেওঁলোকে মৰকত মণি, বেঙেনা বৰণীয়া সূতা, ৰঙীণ বন কৰা কাপোৰ, মিহি শণ সূতাৰ কাপোৰ পোৱাল আৰু পদ্মৰাগ মণি দি তোমাৰ বাণিজ্য-দ্ৰব্য লৈছিল।
17 “‘Yuda na Israeli walifanya biashara nawe, walibadilishana kwa ngano kutoka Minithi, mtama, asali, mafuta na zeri ya kuponyeshea.
১৭যিহূদা আৰু ইস্ৰায়েল দেশ তোমাৰ লগত বেপাৰী আছিল। তেওঁলোকে মিন্নীতৰ ঘেঁহু ধান, পন্নগ, মিঠাই, মৌ, তেল আৰু সুস্থজনক গছৰ এঁঠা দি তোমাৰ বয়-বস্তু লৈছিল।
18 “‘Dameski, kwa sababu ya wingi wa kazi za mikono yako na ukuu wa utajiri wa mali, walifanya biashara nawe wakibadilishana mvinyo kutoka Helboni na sufu kutoka Zahari.
১৮তোমাৰ হাতেৰে সজা অধিক বয়-বস্তুবোৰ আৰু তোমাৰ সকলো প্ৰকাৰ ধন-ঐশ্বৰ্য্যৰ কাৰণে দম্মেচক তোমাৰ বণিক আছিল; তাৰ লোকসকলে হিল্বোনৰ দ্ৰাক্ষাৰস আৰু মেৰ-ছাগৰ বগা নোম আনিছিল।
19 “‘Wadani na Wayunani kutoka Uzali, walikuletea mali za biashara, nao wakabadilishana nawe chuma kilichofuliwa, mdalasini na mchaichai.
১৯উজালত থকা দান আৰু যাবনে তোমাক উজ্জ্বল লোহা, ডালচেনি আৰু সুগন্ধি বচ আদি বয়-বস্তুবোৰ যোগাৰ কৰিছিল। এয়ে তোমাৰ বাণিজ্য-দ্ৰব্য হ’বলৈ ধৰিলে।
20 “‘Dedani alifanya biashara nawe kwa matandiko ya farasi.
২০ঘোঁৰাত উঠিবৰ কাৰণে জীন কাপোৰৰ, দদান তোমাৰ ব্যৱসায়ী আছিল।
21 “‘Arabuni na wakuu wote wa Kedari walikuwa wanunuzi wako waliobadilishana bidhaa zako na wana-kondoo, kondoo dume na mbuzi.
২১আৰব আৰু কেদৰৰ আটাই মূখ্য লোকসকল তোমাৰ বণিক আছিল; তেওঁলোকে তোমাক মেৰ-ছাগ পোৱালি, মতা মেৰ আৰু মতা ছাগলী যোগাৰ কৰি দিছল।
22 “‘Wafanyabiashara wa Sheba na wa Raama walifanya biashara nawe, wakabadilishana bidhaa zako na aina zote za vikolezi, vito vya thamani na dhahabu.
২২চিবাৰ আৰু ৰয়মাৰ বেপাৰীসকলে তোমাক সকলো বিধৰ শ্ৰেষ্ঠ সুগন্ধি দ্ৰব্য আৰু সকলো বিধৰ বহুমূল্য পাথৰ বিক্রী কৰিবলৈ আহিছিল; তেওঁলোকে সোণৰ সলনি তোমাৰ বয়-বস্তবোৰৰ বেপাৰ কৰিছিল।
23 “‘Harani, Kane na Edeni na wafanyabiashara wa Sheba, Ashuru na Kilmadi walifanya biashara nawe.
২৩হাৰণ, কন্নি আৰু এদনৰ সৈতে চিবা, অচুৰ আৰু কিল্মদৰ বেপাৰীবোৰ তোমাৰ বণিক আছিল।
24 Kwenye soko lako, walifanya biashara nawe kwa mavazi mazuri, vitambaa vya buluu, nguo za kutariziwa na mazulia ya rangi mbalimbali yenye kamba zilizosokotwa na kuwekwa mafundo imara.
২৪বহুমূল্য বস্ত্ৰ, নীল বৰণীয়া আৰু কাৰচিপি বন কৰা চোলা, আৰু ৰচীৰে বন্ধা এৰচ কাঠৰ তৈয়াৰী বহুমূল্য কাপোৰ থকা চন্দুক তোমাৰ বজাৰলৈ অনা এইবোৰ বস্তুৰেই তোমাৰ বনিক আছিল।
25 “‘Merikebu za Tarshishi ndizo zinazokusafirishia bidhaa zako. Umejazwa shehena kubwa katika moyo wa bahari.
২৫তৰ্চীচৰ জাহাজবোৰ তোমাৰ বাণিজ্য-দ্ৰব্য লৈ যোৱা বণিকৰ দলস্বৰূপ আছিল! সেই কাৰণে তুমি তোমাৰ সামগ্রীবোৰেৰে পৰিপূৰ্ণ হৈ সমুদ্ৰৰ মাজত অতিশয় গৌৰৱান্বিত হৈছিলা!
26 Wapiga makasia wako wanakupeleka mpaka kwenye maji makavu. Lakini upepo wa mashariki umekuvunja vipande vipande katika moyo wa bahari.
২৬তোমাৰ বঠা বাওঁতাসকলে তোমাক মহাজল সমূহলৈ লৈ আহিল; পূৱৰ বতাহে সমুদ্ৰৰ মাজত তোমাক ধংস কৰিলে।
27 Utajiri wako, bidhaa zako na mali zako, mabaharia wako, manahodha wako, mafundi wako wa meli, wafanyabiashara wako na askari wako wote, na kila mmoja aliyeko melini atazama kwenye moyo wa bahari siku ile ya kuvunjika kwa meli yako.
২৭তোমাৰ ধন-সম্পত্তি, বয়-বস্তু, বাণিজ্য দ্ৰব্য; তোমাৰ পথ প্রদৰ্শকসকল, নাৱিকসকল, আৰু তোমাৰ জাহাজ নিৰ্মান কৰা লোকসকল; বাণিজ্য-দ্ৰব্যবোৰৰ বণিকসকল আৰু তোমাৰ লগত উপস্থিত থকা সকলো যুদ্ধাৰু আৰু তোমাৰ সকলো কৰ্মচাৰীবোৰ - তোমাৰ বিনাশৰ দিনা এই সকলো লোক সকলে সৈতে সমুদ্ৰৰ মাজত বিনষ্ট হ’ব।
28 Nchi za pwani zitatetemeka wakati mabaharia wako watakapopiga kelele.
২৮তোমাৰ পথ দৰ্শকসকলৰ চিঞৰৰ শব্দত তোমাৰ চাৰিওফালৰ ঠাইবোৰ কঁপিব।
29 Wote wapigao makasia wataacha meli zao, mabaharia wote na wanamaji wote watasimama pwani.
২৯আটাই বঠা বাওঁতাসকলে নিজ নিজ জাহাজৰ পৰা বামত নামি আহিব; সমুদ্ৰৰ পথ দৰ্শক আৰু সকলো সমুদ্ৰৰ প্রত্যেক জন নাৱিকে মাটিৰ ওপৰত থিয় হ’ব।
30 Watapaza sauti zao na kulia sana kwa ajili yako; watajitupia mavumbi juu ya vichwa vyao na kujivingirisha kwenye majivu.
৩০তেতিয়া তেওঁলোকে তোমাক তেওঁলোকৰ মাত শুনোৱাব আৰু বৰ বেজাৰেৰে শোক কৰিব; তেওঁলোকে নিজ নিজ মূৰত ধূলি ছটিয়াব। তেওঁলোকে ছাইত বাগৰি পৰিব।
31 Watanyoa nywele zao kwa ajili yako, nao watavaa nguo za magunia. Watakulilia kwa uchungu wa moyo na kwa maombolezo makuu.
৩১তোমাৰ কাৰণে তেওঁলোকে নিজৰ নিজৰ মূৰ টকলা কৰিব, চট কাপোৰেৰে কঁকাল বান্ধিব। আৰু অত্যন্ত শোকেৰে মনৰ তাপত তেওঁলোকে তোমাৰ কাৰণে কান্দিব।
32 Watakapokuwa wanalia na kuomboleza juu yako, watafanya maombolezo kukuhusu wakisema: “Ni nani aliyepata kuangamizwa kama Tiro, katika moyo wa bahari?”
৩২তেওঁলোকে হাহাকাৰ কৰি তোমাৰ বিলাপ কৰিবলৈ ধৰিব আৰু তোমাৰ বিষয়ে এই বিলাপৰ কথা ক’ব, তূৰৰ নিচিনা, সমুদ্ৰৰ মাজত নিস্তব্ধে থকা জনীৰেই নিচিনা কোন আছে?
33 Wakati bidhaa zako zilipotoka baharini, ulitosheleza mataifa mengi; kwa wingi wa utajiri wako na bidhaa zako ulitajirisha wafalme wa dunia.
৩৩সমুদ্ৰৰ পৰা তোমাৰ বয়-বস্তুবোৰ বৈ যোৱাৰ সময়ত তুমি অনেক লোকক সন্তুষ্ট কৰিলা; তোমাৰ অধিক ধন-সম্পত্তি আৰু বাণিজ্য-দ্ৰব্যেৰে পৃথিৱাৰ ৰজাসকলক তুমি চহকী কৰিছিলা!
34 Sasa umevunjavunjwa na bahari, katika vilindi vya maji, bidhaa zako na kundi lako lote vimezama pamoja nawe.
৩৪কিন্তু যেতিয়া তোমাক সমুদ্ৰৰ দ্বাৰাই জল সমূহৰ গভীৰ ঠাইবোৰত তোমাক ভগ্ন কৰা হৈছিল, তোমাৰ বাণিজ্য-দ্ৰব্য আৰু তোমাৰ আটাই দল বুৰ গ’ল!
35 Wote waishio katika nchi za pwani wanakustaajabia; wafalme wao wanatetemeka kwa hofu kuu, nazo nyuso zao zimekunjamana kwa woga.
৩৫দ্বীপ নিবাসী সকলোৱে তোমাক দেখি ভয় খালে, আৰু তেওঁলোকৰ ৰজাসকলৰ নোম শিয়ৰি উঠিল! তেওঁলোকৰ মুখমণ্ডল ভয়েৰে কপিলে!
36 Wafanyabiashara miongoni mwa mataifa wanakucheka; umefikia mwisho wa kutisha nawe hutakuwepo tena.’”
৩৬লোকসকলৰ মাজত থকা বণিকসকলে তোমাক দেখি ইচ ইচ কৰে। তুমি ত্ৰাসৰ বিষয় থ’লো, তুমি আৰু কেতিয়াও অৱশিষ্ট নাথাকিবা।”