< Kutoka 8 >
1 Ndipo Bwana akamwambia Mose, “Nenda kwa Farao ukamwambie, ‘Hili ndilo asemalo Bwana: Waachie watu wangu waende, ili wapate kuniabudu.
১তাৰ পাছত যিহোৱাই মোচিক ক’লে, “তুমি ফৰৌণৰ ওচৰলৈ গৈ তেওঁক কোৱা যে, ‘যিহোৱাই এইদৰে কৈছে: মোৰ আৰধনা কৰিবৰ অৰ্থে মোৰ লোকসকলক যাবলৈ দিয়া।
2 Kama ukikataa kuwaruhusu kuondoka, basi nitaipiga nchi yako yote kwa kuwaletea vyura.
২তুমি যদি তেওঁলোকক যাবলৈ দিয়াত অমান্তি হোৱা, তেনেহ’লে মই তোমাৰ দেশৰ সকলো ঠাইত ভেকুলীৰে উপদ্ৰৱ কৰিম।
3 Mto Naili utafurika vyura. Watakuja kwenye jumba lako la kifalme na katika chumba chako cha kulala na kitandani mwako, katika nyumba za maafisa wako na kwa watu wako, vyura hao wataingia katika meko yenu na kwenye vyombo vya kukandia unga.
৩নদী ভেকুলীৰে পৰিপূৰ্ণ হ’ব; সেইবোৰ উঠি তোমাৰ ঘৰত, শোৱা কোঁঠালিত, বিচনাত, আৰু তোমাৰ দাসসকলৰ ঘৰতো সোমাব। এনেকি তোমাৰ লোকসকলৰ গাৰ ওপৰত উঠিব, তোমাৰ তন্দুৰ আৰু তোমাৰ আটা খচা পাত্ৰতো সোমাব।
4 Vyura watapanda juu yako, juu ya watu wako na maafisa wako wote.’”
৪ভেকুলীয়ে তোমাক, তোমাৰ লোকসকলক, আৰু তোমাৰ দাসসকলক আক্রমণ কৰিব’।”
5 Ndipo Bwana akamwambia Mose, “Mwambie Aroni, ‘Nyoosha mkono wako ukiwa na ile fimbo yako juu ya vijito, mifereji na madimbwi, fanya vyura waje juu ya nchi ya Misri.’”
৫যিহোৱাই মোচিক ক’লে, “তুমি হাৰোণক কোৱা, ‘নদী, নিজৰা আৰু বিলৰ ওপৰলৈ তুমি তোমাৰ হাত দাঙি লাখুটিৰে প্রহাৰ কৰি মিচৰ দেশৰ ওপৰলৈ ভেকুলীবোৰ তুলি আনা’।”
6 Ndipo Aroni akaunyoosha mkono wake juu ya maji ya Misri, nao vyura wakatokea na kuifunika nchi.
৬তেতিয়া হাৰোণে মিচৰ দেশৰ সকলো পানীৰ ওপৰত নিজৰ হাত মেলিলে, আৰু ভেকুলীবোৰ উঠি আহি, গোটেই মিচৰ দেশখনক চানি ধৰিলে।
7 Lakini waganga wakafanya vivyo hivyo kwa siri ya uganga wao, nao pia wakafanya vyura kuja juu ya nchi ya Misri.
৭কিন্তু শাস্ত্ৰজ্ঞসকলেও নিজৰ নিজৰ মায়াকৰ্মেৰে সেইদৰেই কৰিলে, আৰু মিচৰ দেশৰ ওপৰলৈ ভেকুলীবোৰ তুলি আনিলে।
8 Ndipo Farao akamwita Mose na Aroni na kusema, “Mwombeni Bwana awaondoe vyura kutoka kwangu na kwa watu wangu, nami nitawaachia watu wenu waende kumtolea Bwana dhabihu.”
৮তেতিয়া ফৰৌণে মোচি আৰু হাৰোণক মাতি ক’লে, “যিহোৱাই যেন মোৰ আৰু মোৰ লোকসকলৰ পৰা ভেকুলীবোৰ আঁতৰাই নিয়ে, তাৰ বাবে তেওঁৰ আগত প্ৰাৰ্থনা কৰক। তাৰ পাছত মই যিহোৱাৰ উদ্দেশ্যে বলিদান কৰিবলৈ ইস্রায়েলী লোকসকলক যাবলৈ দিম।”
9 Mose akamwambia Farao, “Ninakupa heshima ya kuamua ni wakati gani wa kukuombea wewe, maafisa wako na watu wako ili kwamba vyura watoke kwenu na kwenye nyumba zenu. Isipokuwa wale walio katika Mto Naili.”
৯তেতিয়া মোচিয়ে ফৰৌণক ক’লে, “ভেকুলীবোৰ আপোনাৰ দাস আৰু আপোনাৰ ঘৰবোৰৰ পৰা নাইকিয়া হৈ কেৱল যেন নদীতহে থাকে, সেইবাবে আপোনাৰ লোকসকলৰ অৰ্থে প্রাৰ্থনা কৰি ক’বৰ বাবে আপুনি নিৰূপিত সময়ৰ সুযোগ পাইছে।”
10 Farao akasema, “Kesho.” Mose akamjibu, “Itakuwa kama unavyosema, ili upate kujua kwamba hakuna yeyote kama Bwana Mungu wetu.
১০তেতিয়া ফৰৌণে তেওঁক ক’লে, “কাইলৈ।” মোচিয়ে তেওঁৰ কথা শুনি ক’লে, “আমাৰ ঈশ্বৰ যিহোৱাৰ তুল্য কোনো নাই, ইয়াক যেন আপুনি জানিব পাৰে, সেই বাবে আপুনি কোৱাৰ দৰেই হওক।
11 Vyura wataondoka kwako na katika nyumba zako, kwa maafisa wako na kwa watu wako, ila watabakia katika Mto Naili tu.”
১১ভেকুলীবোৰ আপোনাৰ, আপোনাৰ ঘৰ, দাস, আৰু লোকসকলৰ পৰাও গুচি যাব। সেইবোৰ কেৱল নদীতহে থাকিব।”
12 Baada ya Mose na Aroni kuondoka kwa Farao, Mose akamlilia Bwana kuhusu vyura aliokuwa amewaleta kwa Farao.
১২মোচি আৰু হাৰোণ ৰজা ফৰৌণৰ সন্মুখৰ পৰা আঁতৰি গ’ল। পাছত ফৰৌণৰ বিৰুদ্ধে যিহোৱাই অনা ভেকুলীবোৰৰ কাৰণে মোচিয়ে যিহোৱাৰ আগত কাতৰোক্তি কৰিলে।
13 Naye Bwana akafanya lile Mose alilomwomba. Vyura wakafia ndani ya nyumba, viwanjani na mashambani.
১৩তাতে যিহোৱাই মোচিৰ নিবেদন শুনিলে; আৰু ঘৰ, চোতাল, আৰু পথাৰবোৰত ভেকুলীবোৰ মৰিল।
14 Wakayakusanya malundo, nchi nzima ikanuka.
১৪তেতিয়া লোকসকলে সেইবোৰ গোটাই দ’ম দ’ম কৰিলে; আৰু গোটেই দেশ দুৰ্গন্ধময় হ’ল।
15 Lakini Farao alipoona pametokea nafuu, akaushupaza moyo wake na hakuwasikiliza Mose na Aroni, kama vile Bwana alivyokuwa amesema.
১৫কিন্তু ফৰৌণে ভেকুলীৰ উপদ্রৱৰ পৰা সকাহ পোৱা দেখি, যিহোৱাই কোৱাৰ দৰে, ফৰৌণে পুনৰ নিজৰ মন কঠিন কৰি মোচি আৰু হাৰোণৰ কথা নুশুনিলে।
16 Ndipo Bwana akamwambia Mose, “Mwambie Aroni, ‘Nyoosha fimbo yako uyapige mavumbi ya ardhi,’ nayo nchi yote ya Misri mavumbi yatakuwa viroboto.”
১৬যিহোৱাই মোচিক ক’লে, “হাৰোণক কোৱা যে, ‘গোটেই মিচৰ দেশত পৃথিৱীৰ ধূলি ওকণী হ’বৰ বাবে তুমি নিজৰ লাখুটি দাঙি ধুলিত প্ৰহাৰ কৰা’।”
17 Wakafanya hivyo, Aroni aliponyoosha mkono wake wenye fimbo na kuyapiga mavumbi ya nchi, viroboto wakawajia watu na wanyama. Mavumbi yote katika nchi ya Misri yakawa viroboto.
১৭তেতিয়া তেওঁলোকে সেইদৰে কৰিলে; হাৰোণে নিজৰ লাখুটি লৈ, হাত দাঙি দেশৰ ধুলিত প্ৰহাৰ কৰিলে, আৰু মানুহ আৰু পশুবোৰতো ওকণী হ’ল। গোটেই মিচৰ দেশৰ ধুলিবোৰ ওকণী হ’ল।
18 Lakini waganga walipojaribu kutengeneza viroboto kwa siri ya uganga wao, hawakuweza. Nao viroboto walikuwa juu ya watu na wanyama.
১৮শাস্ত্ৰজ্ঞসকলেও নিজৰ নিজৰ মায়াকৰ্মেৰে সেইদৰেই ওকণী উৎপন্ন কৰিবলৈ চেষ্টা কৰিছিল, কিন্তু তেওঁলোকে কৰিব নোৱাৰিলে। দেশত মানুহ আৰু পশুবোৰতো ওকণী হ’ল।
19 Waganga wale wakamwambia Farao, “Hiki ni kidole cha Mungu.” Lakini moyo wa Farao ukawa mgumu naye hakuwasikiliza, kama vile Bwana alivyosema.
১৯তেতিয়া শাস্ত্ৰজ্ঞসকলে ফৰৌণক ক’লে, “এই কৰ্ম, ঈশ্বৰৰ আঙুলিৰ দ্বাৰাই কৰা কৰ্ম।” কিন্তু যিহোৱাই কোৱাৰ দৰে, ফৰৌণৰ মন পুনৰ কঠিন হ’ল, সেয়ে তেওঁ তেওঁলোকৰ কথা শুনিবলৈ অমান্তি হ’ল।
20 Kisha Bwana akamwambia Mose, “Amka mapema asubuhi na usimame mbele ya Farao wakati anapokwenda mtoni nawe umwambie, ‘Hili ndilo Bwana asemalo: Waachie watu wangu waende, ili wapate kuniabudu.
২০যিহোৱাই মোচিক ক’লে, “তুমি ৰাতিপুৱাতে উঠি গৈ ফৰৌণে পানীৰ ওচৰলৈ যোৱাৰ সময়ত তুমি তেওঁৰ সন্মুখত থিয় হৈ ক’বা, যিহোৱাই এইদৰে কৈছে: ‘মোৰ আৰধনা কৰিবৰ অৰ্থে মোৰ লোকসকলক যাব দিয়া।
21 Kama hutawaachia watu wangu waondoke nitakupelekea makundi ya mainzi juu yako, kwa maafisa wako, kwa watu wako na kwenye nyumba zenu. Nyumba za Wamisri zitajazwa mainzi, hata na ardhi yote ya Misri.
২১কিন্তু যদি মোৰ লোকসকলক যাব নিদিয়া, তেনেহ’লে মই তোমাৰ, তোমাৰ দাসসকলৰ, লোকসকলৰ আৰু ঘৰবোৰৰ ভিতৰলৈকে জাকে জাকে ডাঁহ পঠাম; তেতিয়া মিচৰীয়াসকলৰ ঘৰ, এনেকি তেওঁলোকে বাস কৰা ভূমিও ডাঁহৰ জাকেৰে পৰিপূৰ্ণ হ’ব।
22 “‘Lakini siku ile nitafanya kitu tofauti katika nchi ya Gosheni, ambapo watu wangu wanaishi, hapatakuwepo na makundi ya mainzi, ili mpate kujua kwamba Mimi, Bwana, niko katika nchi hii.
২২কিন্তু সেই দিনা গোচন দেশত বাস কৰা মোৰ লোকসকলৰ বাবে মই বেলেগ ব্যৱস্থা কৰিম। সেয়ে গোচন দেশত কোনো ডাঁহৰ জাক নহ’ব। পৃথিৱীৰ মাজত ময়েই যে যিহোৱা, এই কথা জানিবৰ বাবে এই সকলো ঘটিব।
23 Nitaweka tofauti kati ya watu wangu na watu wenu. Ishara hii ya ajabu itatokea kesho.’”
২৩এইদৰে মোৰ লোকসকলৰ, আৰু তোমাৰ লোকসকলৰ মাজত মই প্ৰভেদ জন্মাম। মোৰ পৰাক্রমৰ কাৰ্য কাইলৈ সম্পন্ন হ’ব’।”
24 Naye Bwana akafanya hivyo. Makundi makubwa ya mainzi yalimiminika katika jumba la kifalme la Farao na katika nyumba za maafisa wake, pia nchi yote ya Misri ikaharibiwa na mainzi.
২৪যিহোৱাই সেইদৰেই কৰিলে। ফৰৌণ আৰু তেওঁৰ দাসসকলৰ ঘৰত জাকে জাকে ডাঁহবোৰ সোমাল। গোটেই মিচৰ দেশতে সেই ডাঁহৰ জাকৰ উৎপাতত ভূমি নষ্ট হ’ল।
25 Ndipo Farao akamwita Mose na Aroni na kuwaambia, “Nendeni mkamtolee Mungu wenu dhabihu katika nchi hii.”
২৫তেতিয়া ফৰৌণে মোচি আৰু হাৰোণক মাতি আনি ক’লে, “তোমালোকে আমাৰ দেশতে তোমালোকৰ ঈশ্বৰৰ উদ্দেশ্যে বলিদান কৰা।”
26 Lakini Mose akamwambia, “Hilo halitakuwa sawa. Dhabihu tutakazomtolea Bwana Mungu wetu zitakuwa chukizo kwa Wamisri. Kama tukitoa dhabihu ambazo ni chukizo mbele yao, je, hawatatupiga mawe?
২৬মোচিয়ে ক’লে, “সেইদৰে কৰাটো আমাৰ বাবে উচিত নহয়; কাৰণ আমি আমাৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে কৰা বলিদান মিচৰীয়াসকলৰ বাবে ঘৃণনীয়। সেয়ে মিচৰীয়াসকলৰ সাক্ষাতে তেওঁলোকৰ ঘৃণনীয় বলিদান কৰিলে তেওঁলোকে আমাক শিল দলিয়াই নামাৰিব নে?
27 Ni lazima twende mwendo wa siku tatu mpaka tufike jangwani ili tumtolee Bwana Mungu wetu dhabihu, kama alivyotuagiza.”
২৭নহয়! আমাৰ ঈশ্বৰ যিহোৱাই আমাক আজ্ঞা দিয়াৰ দৰে, তেওঁৰ উদ্দেশ্যে বলিদান কৰিবৰ অৰ্থে, আমাক তিনিদিনৰ বাট মৰুভূমিৰ মাজেৰে যাবলৈ দিয়ক।”
28 Farao akamwambia, “Nitawaruhusu mwende kumtolea Bwana Mungu wenu dhabihu huko jangwani, lakini hamna ruhusa kwenda mbali sana. Sasa mniombee.”
২৮তাৰ পাছত ফৰৌণে ক’লে, “মৰুভূমিত তোমালোকৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে বলিদান কৰিবৰ অৰ্থে, মই তোমালোকক যাবলৈ অনুমতি দিছোঁ। কিন্তু তোমালোক বহুত দূৰলৈ নাযাবা। তোমালোকে মোৰ বাবে প্ৰাৰ্থনা কৰা।”
29 Mose akajibu, “Mara tu nitakapoondoka, nitamwomba Bwana na kesho mainzi yataondoka kwa Farao, kwa maafisa wake na kwa watu wake. Hakikisha tu kwamba Farao hatatenda kwa udanganyifu tena kwa kutokuwaachia watu waende kumtolea Bwana dhabihu.”
২৯তেতিয়া মোচিয়ে ক’লে, “মই আপোনাৰ ওচৰৰ পৰা যোৱাৰ পাছতে যিহোৱাৰ আগত প্ৰাৰ্থনা কৰিম; যাতে ফৰৌণ, আৰু আপোনাৰ দাসসকল, আৰু লোকসকলক কাইলৈ ডাঁহৰ জাকবোৰে যেন এৰি গুচি যায়। কেৱল যিহোৱাৰ উদ্দেশ্যে বলিদান কৰিবৰ অৰ্থে ইস্রায়েলী লোকসকলক যাবলৈ দিয়াত আপুনি যেন পুনৰ প্ৰবঞ্চনা নকৰে।”
30 Ndipo Mose akamwacha Farao na kumwomba Bwana,
৩০তাৰ পাছত মোচিয়ে ফৰৌণৰ ওচৰৰ পৰা ওলাই গৈ, যিহোৱাৰ আগত প্ৰাৰ্থনা কৰিলে।
31 naye Bwana akafanya lile Mose alilomwomba. Mainzi yakaondoka kwa Farao, kwa maafisa wake na kwa watu wake, wala hakuna hata inzi aliyebakia.
৩১তেতিয়া যিহোৱাই মোচিয়ে কোৱাৰ দৰে কৰিলে: তেওঁ ফৰৌণ, তেওঁৰ দাসসকল, আৰু লোকসকলৰ পৰা ডাঁহৰ জাকবোৰ আতৰাই পঠালে। তাতে এটিও অবশিষ্ট নাথাকিল।
32 Lakini wakati huu pia Farao akaushupaza moyo wake, wala hakuwaruhusu Waisraeli waondoke.
৩২তথাপিও ফৰৌণে সেইবাৰো মন কঠিন কৰিলে, আৰু তেওঁ লোকসকলক যাবলৈ এৰি নিদিলে।