< Kutoka 36 >
1 Kwa hiyo Bezaleli, Oholiabu na kila mtu Bwana aliyempa ustadi na uwezo wa kujua jinsi ya kufanya kazi zote za kujenga mahali patakatifu wataifanya hiyo kazi kama vile Bwana alivyoagiza.”
১সেয়ে পবিত্ৰ-স্থানৰ সকলো কাৰ্য ভালদৰে কৰিবলৈ, যিহোৱাই বচলেল আৰু অহলীয়াৰ সৈতে আন যি সকলো লোকক দক্ষতা আৰু বুজিব পৰা শক্তি দিলে, সেই সকলো জ্ঞানী লোকে যিহোৱাৰ আজ্ঞা অনুসাৰে কাৰ্য কৰিব।”
2 Ndipo Mose akawaita Bezaleli na Oholiabu na kila mtu mwenye ustadi ambaye Bwana alikuwa amempa uwezo na mwenye kupenda kuja na kufanya kazi.
২তাৰ পাছত মোচিয়ে বচলেল আৰু অহলীয়াবৰ সৈতে যিহোৱাই যিসকল লোকক দক্ষতা দিছিল, আৰু ইচ্ছাকৃত ভাৱে তেওঁলোকৰ লগত কাম কৰিবলৈ আহিছিল, তেওঁলোকক মাতিলে।
3 Wakapokea kutoka kwa Mose sadaka zote ambazo Waisraeli walikuwa wameleta ili kuifanya kazi ya ujenzi wa Mahali Patakatifu. Nao watu wakaendelea kuleta sadaka za hiari kila asubuhi.
৩তেওঁলোকে, পবিত্ৰ-স্থানৰ নিৰ্মাণ কাৰ্যৰ বাবে ইস্ৰায়েলী লোকসকলে আনি দিয়া সকলো উপহাৰ মোচিৰ পৰা গ্রহণ কৰিলে। লোকসকলে প্ৰতি ৰাতিপুৱা মোচিৰ আগত ইচ্ছাকৃত ভাৱে দান আনিছিল।
4 Ikafika wakati mafundi wote wenye ujuzi waliokuwa wakiifanya kazi yote ya mahali patakatifu wakasimamisha kazi zao,
৪সেয়ে পবিত্ৰ স্থানত কাম কৰি থকা সকলো দক্ষতাসম্পন্ন লোকসকল কামৰ পৰা আহিল।
5 wakaja na kumwambia Mose, “Watu wanaleta vitu vingi kuliko tunavyohitaji kwa ajili ya kazi hii ambayo Bwana ameagiza ifanyike.”
৫তেওঁলোকে মোচিক ক’লে, “যিহোৱাই যিবোৰ কাম কৰিবলৈ আজ্ঞা দিছিল, সেই কাৰ্যৰ বাবে প্রয়োজনীয় বস্তুতকৈ লোকসকলে অধিক বস্তু আনি আছে।”
6 Ndipo Mose akatoa agizo, nao wakapeleka neno hili katika kambi yote: “Mtu yeyote mwanaume au mwanamke asilete tena kitu chochote kwa ajili ya sadaka ya mahali patakatifu.” Hivyo watu wakazuiliwa kuleta zaidi,
৬সেয়ে মোচিয়ে নিৰ্দেশ দিলে যে, তম্বুত থকা লোকসকলে পবিত্ৰ-স্থানৰ কাৰ্যৰ বাবে আৰু উপহাৰ আনিব নালাগে। তেতিয়া লোকসকলে উপহাৰ অনা বন্ধ কৰিলে।
7 kwa sababu walivyokuwa navyo tayari vilitosha na kuzidi kuifanya kazi yote.
৭কিয়নো সকলো কাৰ্য কৰিবৰ অর্থে তেওঁলোকৰ যথেষ্ট বস্তু আছিল, এনেকি প্রয়োজনতকৈ অধিক আছিল।
8 Watu wote wenye ustadi miongoni mwa wafanyakazi wote wakatengeneza maskani kwa mapazia kumi ya kitani iliyosokotwa vizuri, na nyuzi za rangi ya buluu, za zambarau, na za rangi nyekundu, naye fundi stadi akatirizi makerubi kwenye mapazia hayo.
৮সেয়ে তেওঁলোকৰ মাজত শিল্পকাৰ্য কৰা লোকসকলে আবাসৰ কাৰ্য আৰম্ভ কৰিলে। তেওঁলোকে পকোৱা মিহি শণ সূতা, আৰু নীলা, বেঙুনীয়া, আৰু ৰঙা বৰণীয়া সূতাৰে দহখন পৰ্দা তৈয়াৰ কৰিলে। তেওঁলোকে পৰ্দাৰ ওপৰত কৰূবৰ ছবি আঁকিলে। এই কাৰ্য অতি নিপূণ শিল্পকাৰ বচলেলৰ কাম আছিল।
9 Mapazia yote yalitoshana kwa ukubwa: kila moja lilikuwa na urefu wa dhiraa ishirini na nane, na upana wa dhiraa nne
৯প্ৰত্যেকখন পৰ্দাই সমান জোখৰ আছিল, আঠাইশ হাত দীঘল, আৰু চাৰি হাত বহল।
10 Wakayaunganisha mapazia matano pamoja, pia wakafanya vivyo hivyo kwa hayo mengine matano.
১০তাৰ পাছত বচলেলে পাঁচখন পৰ্দা ইখনক সিখনৰ লগত জোৰা দিলে, আৰু আন পাঁচখনো ইখনক সিখনৰ লগত জোৰা দিলে।
11 Kisha wakatengeneza vitanzi vya kitambaa cha buluu kwenye upindo wa pazia la mwisho la fungu la kwanza, pia wakafanya vivyo hivyo na pazia la fungu la mwisho.
১১তেওঁ নীলা জৰীৰ পাক প্ৰথমে জোৰা দিয়া পাঁচখন পৰ্দাৰ শেষৰ খনৰ আউঠিত লগালে, আৰু দ্বিতীয়তে জোৰা দিয়া পাঁচখন পৰ্দাৰ শেষৰ খনৰ আউঠিতো নীলা জৰীৰ পাক দিলে।
12 Wakatengeneza pia vitanzi hamsini katika pazia mmoja, na vitanzi vingine hamsini kwenye pazia la mwisho la fungu hilo lingine, nazo vitanzi vyote vikaelekeana.
১২সেই প্ৰথমখন পৰ্দাৰ পঞ্চাশটা আউঠিত পঞ্চাশটা জৰীৰ পাক, আৰু দ্বিতীয়তে জোৰা দিয়া পৰ্দাৰ শেষৰ আউঠিত পঞ্চাশটা জৰীৰ পাক দিলে। সেই জৰীৰ পাক দুশাৰী মুখামুখকৈ লগালে।
13 Kisha wakatengeneza vifungo hamsini vya dhahabu, na wakavitumia kufunga na kuunganisha zile fungu mbili za mapazia pamoja ili maskani ipate kuwa kitu kimoja.
১৩তেওঁ সোণৰ পঞ্চাশটা হাঁকোটা গঢ়াই, সেই হাঁকোটাৰে পৰ্দা দুখন ইখনক সিখনৰ লগত বান্ধিলে; আৰু এইদৰে সেই আবাস একলগ কৰি এটা কৰা হ’ল।
14 Wakatengeneza mapazia kumi na moja ya singa za mbuzi kwa ajili ya kufunika maskani.
১৪সেই আবাসৰ ওপৰৰ তম্বুৰ বাবে ছাগলীৰ নোমেৰে কাপোৰ যুগুত কৰিলে। তেওঁ এঘাৰখন পৰ্দা যুগুত কৰিলে।
15 Mapazia hayo kumi na moja yalikuwa na kipimo kimoja, yaani urefu wa dhiraa thelathini, na upana wa dhiraa nne.
১৫প্ৰতিখন পৰ্দা সমান জোখৰ আছিল, দীঘলে ত্ৰিশ হাত, আৰু বহলে চাৰি হাত।
16 Wakaunganisha mapazia matano kuwa fungu moja, na hayo mengine sita kuwa fungu lingine.
১৬তেওঁ পাঁচখন পৰ্দা ইখনক সিখনৰ লগত জোৰা দিলে, আৰু আন ছয়খন পৰ্দা ইখনক সিখনৰ লগত জোৰা দিলে।
17 Kisha wakatengeneza vitanzi hamsini kwenye upindo wa pazia la mwisho la fungu moja, na vivyo hivyo kwenye upindo wa pazia la mwisho la fungu hilo lingine.
১৭প্ৰথমে জোৰা দিয়া পাঁচখন পৰ্দাৰ শেষৰ খনৰ আউঠিত পঞ্চাশটা জৰীৰ পাক, আৰু তেনেকুৱাই জোৰা দিয়া দ্বিতীয়খন পৰ্দাৰ শেষৰ আউঠিত পঞ্চাশটা জৰীৰ পাক দিলে।
18 Wakatengeneza vifungo hamsini vya shaba ili kukaza hema pamoja kuwa kitu kimoja.
১৮বচলেলে প্রথম আৰু দ্বিতীয়তে জোৰা দিয়া পৰ্দাবোৰ লগলগাই তম্বু একে লগ কৰিবৰ অৰ্থে পিতলৰ পঞ্চাশটা হাঁকোটা গঢ়ালে।
19 Kisha wakatengeneza kifuniko cha hema kwa ngozi za kondoo dume zilizotiwa rangi nyekundu, na juu yake kifuniko cha ngozi za pomboo.
১৯ৰঙা ৰং কৰা মেৰ-ছাগৰ ছালেৰে তম্বুৰ বাবে এটা আবৰণ আৰু তাৰ ওপৰতো তহচ জন্তুৰ ছালেৰে আৰু এটা আবৰণ যুগুত কৰিলে।
20 Wakatengeneza mihimili ya kusimamisha ya mti wa mshita kwa ajili ya maskani.
২০বচলেলে আবাসৰ বাবে চিটীম কাঠেৰে থিয়কৈ দিয়া তক্তা যুগুত কৰিলে।
21 Kila mhimili ulikuwa na urefu wa dhiraa kumi, na upana wa dhiraa moja na nusu,
২১তাৰ এখন তক্তা দহ হাত দীঘল, আৰু ডেৰ হাত বহল আছিল।
22 zikiwa na ndimi mbili zilizokuwa sambamba kila mmoja na mwingine. Wakatengeneza mihimili yote ya maskani jinsi hii.
২২প্ৰতিখন তক্তাত তেওঁ একে জোখৰ দুটাকৈ ওলোৱা অংশ কৰিলে; এইদৰে তাৰ আবাসৰ সকলো তক্তা কৰিলে।
23 Wakatengeneza mihimili ishirini kwa ajili ya upande wa kusini wa maskani,
২৩এইদৰে আবাসৰ বাবে যি তক্তা প্রস্তুত কৰিলে তাৰে বিশখন তক্তা দক্ষিণ ফালৰ বাবে যুগুত কৰিলে।
24 na wakatengeneza vitako arobaini vya fedha vya kuweka chini ya hiyo mihimili, vitako viwili kwa kila mhimili, kimoja chini ya kila ulimi.
২৪বচলেলে সেই বিশখন তক্তাৰ তলত ৰূপৰ চল্লিশটা চুঙী গঢ়ালে; এখন তক্তাৰ তলত তাৰ দুটা খুটাৰ বাবে দুটা চুঙী, আৰু আন আন তক্তাৰ তলতো দুটাকৈ চুঙী গঢ়ালে।
25 Kwa upande wa kaskazini wa maskani wakatengeneza mihimili ishirini
২৫আবাসৰ দ্বিতীয় ফালৰ উত্তৰ দিশে বিশখন তক্তা যুগুত কৰিলে,
26 na vitako arobaini vya fedha, viwili chini ya kila mhimili.
২৬আৰু সেইবোৰৰ বাবে ৰূপৰ চল্লিশটা চুঙী গঢ়ালে। এখন তক্তাৰ তলত দুটা চুঙী, আৰু আনবোৰ তক্তাৰ তলতো দুটাকৈ চুঙী লগালে।
27 Wakatengeneza mihimili sita kwa mwisho ulio mbali, yaani upande wa magharibi wa maskani,
২৭আবাসৰ পিছফালৰ পশ্চিম দিশৰ বাবে ছয় খন তক্তা যুগুত কৰিলে।
28 na mihimili miwili ikatengenezwa kwa ajili ya pembe za maskani za upande uliokuwa mbali.
২৮আবাসৰ পিছফালৰ চুক দুটাৰ বাবে দুখন তক্তা যুগুত কৰিলে।
29 Katika pembe hizi mbili mihimili yake ilikuwa miwili kuanzia chini mpaka juu, na ikaingizwa kwenye pete moja; mihimili ya pembe hizi mbili ilifanana.
২৯প্ৰত্যেক তক্তাৰ তলৰফাল খোলা ৰাখিলে, কিন্তু ওপৰফালে আঙঠিৰে একলগ কৰা হ’ল। দুয়োটা চুকৰ বাবে দুয়োখন তক্তা এইদৰে কৰা হ’ল।
30 Kwa hiyo kulikuwa na mihimili minane, na vitako kumi na sita vya fedha, viwili chini ya kila mhimili.
৩০ৰূপৰ চুঙীৰে সৈতে আঠখন তক্তা আছিল। সেইবোৰৰ বাবে ৰূপৰ চুঙী সৰ্বমুঠ ষোল্লটা, প্ৰত্যেক তক্তাৰ তলত দুটাকৈ চুঙী লগোৱা হ’ল।
31 Wakatengeneza pia mataruma kwa mti wa mshita: matano kwa ajili ya mihimili ya upande mmoja wa maskani,
৩১বচলেলে আবাসৰ এফালৰ তক্তাৰ বাবে পাঁচডাল,
32 matano kwa ajili ya mihimili ya upande mwingine, na matano kwa ajili mihimili ya upande wa magharibi, mwisho kabisa mwa maskani.
৩২আৰু আবাসৰ আন ফালৰ তক্তাৰ বাবে পাঁচডাল, আৰু আবাসৰ পশ্চিম দিশে থকা পাছফালৰ তক্তাৰ বাবেও পাঁচডাল চিটীম কাঠৰ পথালি ডাং যুগুত কৰিলে।
33 Wakatengeneza taruma la katikati, likapenya katikati ya mihimili kutoka mwisho mmoja hadi mwisho mwingine.
৩৩কিন্তু মাজৰ ডাং ডাল তক্তাবোৰৰ মাজেদি এমুৰৰ পৰা আন মুৰলৈকে যোৱাকৈ কৰিলে।
34 Wakaifunika hiyo mihimili kwa dhahabu, na wakatengeneza pete za dhahabu za kushikilia hayo mataruma. Pia wakayafunika hayo mataruma kwa dhahabu.
৩৪সেই তক্তাবোৰত সোণৰ পতা মাৰিলে, আৰু ডাংবোৰ সুমুৱাবলৈ, সেইবোৰত সোণৰ আঙঠি গঢ়ালে; আৰু ডাং বোৰতো সোণৰ পতা মাৰিলে।
35 Wakatengeneza pazia la nyuzi za rangi ya buluu, za zambarau, na za rangi nyekundu na kitani safi iliyosokotwa vizuri, naye fundi stadi akatirizi makerubi kwenye hilo pazia.
৩৫বচলেলে নীলা, বেঙেনা, আৰু ৰঙা বৰণীয়া সূতা আৰু পকোৱা মিহি শণ সূতাৰে এখন পৰ্দা তৈয়াৰ কৰিলে। সেই পৰ্দাত নিপুণ শিল্পকাৰৰ দ্বাৰাই কৰূবৰ নক্সা তৈয়াৰ কৰা হ’ল।
36 Wakatengeneza nguzo nne za mti wa mshita kwa ajili yake na kuzifunika kwa dhahabu. Wakatengeneza kulabu za dhahabu kwa ajili ya nguzo hizo, na kusubu vitako vinne vya fedha.
৩৬পৰ্দাৰ বাবে চিটীম কাঠৰ চাৰিটা খুঁটা বনাই, সেইবোৰত সোণৰ পতা মাৰিলে। খুটাৰ বাবে সোণৰ হাঁকোটা গঢ়ালে, আৰু ৰূপৰ চাৰিটা চুঙী সাঁচত ঢালিলে।
37 Kwa ajili ya ingilio la hema wakatengeneza pazia la nyuzi za rangi ya buluu, za zambarau, na za rangi nyekundu na kitani safi iliyosokotwa vizuri, kazi ya mtarizi.
৩৭তেওঁ তম্বুৰ দুৱাৰৰ বাবে নীলা, বেঙেনা আৰু ৰঙা বৰণীয়া সূতা আৰু পকোৱা মিহি শণ সূতাৰে বোৱা, শিল্পকাৰে ফুল বছা এখন পৰ্দা যুগত কৰিলে।
38 Pia wakatengeneza nguzo tano zenye kulabu. Wakafunika ncha za juu za hizo nguzo pamoja na tepe zake kwa dhahabu, na pia wakatengeneza vitako vyake vitano vya shaba.
৩৮পৰ্দাৰ বাবে পাঁচোটা খুঁটা আৰু সেইবোৰৰ হাঁকোটা বনালে। খুটাবোৰৰ ওপৰভাগত আৰু মাৰিবোৰত সোণৰ পতা মাৰিলে। সেইবোৰৰ বাবে পাঁচটা পিতলৰ চুঙী তৈয়াৰ কৰিলে।