< Kutoka 20 >
1 Ndipo Mungu akasema maneno haya yote:
১ঈশ্বৰে এই সকলো কথা ক’লে:
2 “Mimi ndimi Bwana Mungu wako, niliyekutoa Misri, kutoka nchi ya utumwa.
২“মই যিহোৱা, তোমালোকৰ ঈশ্বৰ, মিচৰ দেশৰ বন্দীঘৰৰ পৰা উলিয়াই অনা তোমালোকৰ ঈশ্বৰ যিহোৱা ময়েই।
3 Usiwe na miungu mingine ila mimi.
৩মোৰ আগত তোমালোকৰ আন কোনো দেৱতা নাথাকক।
4 Usijitengenezee sanamu katika umbo la kitu chochote kilicho juu mbinguni, au duniani chini, au ndani ya maji.
৪তোমালোকে নিজৰ বাবে, স্বৰ্গত থকা, অথবা পৃথিবীত থকা, বা পানীৰ তলত থকা কোনো আকৃতিৰ মূৰ্ত্তি নাসাজিবা।
5 Usivisujudie wala kuviabudu; kwa kuwa Mimi, Bwana Mungu wako, ni Mungu mwenye wivu, ninayewaadhibu watoto kwa ajili ya dhambi za baba zao hadi kizazi cha tatu na cha nne cha wanichukiao,
৫সেইবোৰৰ আগত তোমালোকে প্ৰণিপাত নকৰিবা, আৰু সেইবোৰক সেৱাপূজাও নকৰিবা; কাৰণ মই যিহোৱা, তোমালোকৰ ঈশ্বৰ। মই ঈৰ্ষাম্বিত ঈশ্বৰ। মোক ঘৃণা কৰা লোকসকলৰ সন্তানসকলক তেওঁলোকৰ পিতৃসকলৰ অপৰাধৰ শাস্তি মই তৃতীয় চতুৰ্থ পুৰুষলৈকে দিওঁ।
6 lakini ninaonyesha upendo kwa maelfu ya vizazi vya wale wanipendao na kuzishika amri zangu.
৬কিন্তু মোক প্ৰেম কৰা আৰু মোৰ আজ্ঞা পালন কৰা সকলক মই মোৰ বিশ্বাসযোগ্য চুক্তি হাজাৰ হাজাৰ পুৰুষলৈকে দেখাও।
7 Usilitaje bure jina la Bwana Mungu wako, kwa kuwa Bwana hataacha kumhesabia hatia yeye alitajaye jina lake bure.
৭তোমালোকে তোমালোকৰ ঈশ্বৰ যিহোৱাৰ নাম অনৰ্থকৰূপে নলবা; কিয়নো, যি কোনোৱে তেওঁৰ নাম অনৰ্থকৰূপে লয়, যিহোৱাই তেওঁক নিৰ্দ্দোষী নকৰিব।
8 Ikumbuke siku ya Sabato, uitakase.
৮মোৰ উদ্দেশ্যে বিশ্ৰাম-দিন সোঁৱৰণ কৰি পবিত্ৰ কৰিবা।
9 Kwa siku sita utafanya kazi na kutenda shughuli zako zote,
৯ছয় দিন পৰিশ্ৰম কৰি তোমালোকে সকলো কাৰ্য কৰিবা।
10 lakini siku ya saba ni Sabato kwa Bwana Mungu wako. Siku hiyo hutafanya kazi yoyote, wewe, wala mwanao au binti yako, wala mtumishi wako wa kiume au wa kike, wala wanyama wako, wala mgeni aliye ndani ya malango yako.
১০কিন্তু সপ্তম দিন তোমালোকৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে বিশ্ৰাম-দিন। সেই দিনা তোমালোকে, অথবা তোমালোকৰ পুত্র, ছোৱালী, বা তোমালোকৰ দাস, বা দাসী, বা তোমালোকৰ পশু, বা তোমালোকৰ দুৱাৰৰ ভিতৰত থকা বিদেশী, কোনোৱে একো কাম নকৰিবা।
11 Kwa kuwa kwa siku sita, Bwana aliumba mbingu na nchi, bahari na vyote vilivyomo, lakini akapumzika siku ya saba. Kwa hiyo Bwana akaibariki siku ya Sabato na kuifanya takatifu.
১১কাৰণ, মই যিহোৱাই আকাশ-মণ্ডল, পৃথিৱী, সমুদ্ৰ, আৰু সেইবোৰত থকা সকলোকে ছয় দিনত নিৰ্মাণ কৰিলোঁ, আৰু তাৰ পাছত সপ্তম দিনা বিশ্ৰাম কৰিলোঁ; এই হেতুকে মই যিহোৱাই মোৰ উদ্দেশ্যে বিশ্ৰাম-দিনক আশীৰ্ব্বাদ কৰি পবিত্ৰ কৰিলোঁ।
12 Waheshimu baba yako na mama yako, ili upate kuishi siku nyingi katika nchi anayokupa Bwana Mungu wako.
১২তোমালোকৰ ঈশ্বৰ যিহোৱাই তোমালোকক যি দেশ দিছে, সেই দেশত তোমালোকৰ আয়ুস দীঘল হ’বলৈ, তোমালোকে তোমালোকৰ পিতৃ-মাতৃক সন্মান কৰিবা।
১৪কোনো লোকৰ সৈতে ব্যভিচাৰ নকৰিবা।
16 Usimshuhudie jirani yako uongo.
১৬তোমালোকে তোমালোকৰ চুবুৰীয়াৰ অহিতে মিছা সাক্ষ্য নিদিবা।
17 Usiitamani nyumba ya jirani yako. Usimtamani mke wa jirani yako, wala mtumishi wake wa kiume au wa kike, wala ngʼombe wake au punda wake, wala chochote kile alicho nacho jirani yako.”
১৭তোমালোকে তোমালোকৰ চুবুৰীয়াৰ ঘৰলৈ লোভ নকৰিবা; তোমালোকে তোমালোকৰ চুবুৰীয়াৰ ভার্যালৈ লোভ নকৰিবা, অথবা তেওঁৰ দাস, তেওঁৰ দাসী, তেওঁৰ গৰু, তেওঁৰ গাধ, বা তেওঁৰ আন কোনো বস্তুলৈকে লোভ নকৰিবা।”
18 Watu walipoona ngurumo na radi, na kusikia mlio wa tarumbeta, na kuuona mlima katika moshi, walitetemeka kwa woga. Wakasimama mbali
১৮তেতিয়া লোকসকলে মেঘ-গৰ্জ্জন, বিজুলী, শিঙাধ্বনি, আৰু পৰ্ব্বত ধোঁৱাময় হোৱা দেখিলে। লোকসকলে এইদৰে হোৱা দেখি ভয়ত কম্পমান হৈ তেওঁলোক দূৰত থিয় হ’ল।
19 na wakamwambia Mose, “Sema nasi wewe mwenyewe, nasi tutakusikiliza. Lakini usimwache Mungu aseme nasi, la sivyo tutakufa.”
১৯তেওঁলোকে মোচিক ক’লে, “আপুনিয়ে আমাক কথা কওক; আমি শুনিম। কিন্তু আমাৰ সৈতে ঈশ্বৰক কথা ক’বলৈ নিদিব, নহ’লে আমি মৰিম।”
20 Mose akawaambia watu, “Msiogope! Mungu amekuja kuwajaribu, ili kwamba hofu ya Mungu iwakalie, msitende dhambi.”
২০তেতিয়া মোচিয়ে তেওঁলোকক ক’লে, “ভয় নকৰিব; আপোনালোকে যেন ঈশ্বৰলৈ ভয়ভক্তি ৰাখে আৰু পাপ নকৰে, সেই বাবে আপোনালোকক পৰীক্ষা কৰিবলৈ তেওঁ আপোনালোকৰ ওচৰলৈ আহিল।”
21 Watu wakabaki mbali, wakati Mose alipolisogelea lile giza nene mahali pale Mungu alipokuwa.
২১সেয়ে লোকসকল দূৰত থিয় হৈ আছিল; কিন্তু মোচিয়ে যি ঠাইত ঈশ্বৰ আছিল, সেই ঘোৰ অন্ধকাৰৰ ফালে গতি কৰিলে।
22 Kisha Bwana akamwambia Mose, “Waambie Waisraeli hivi: ‘Mmejionea wenyewe kwamba nimesema nanyi kutoka mbinguni:
২২যিহোৱাই মোচিক ক’লে, “তুমি ইস্ৰায়েলী লোকসকলক এই কথা কবা: ‘মই যে স্বৰ্গৰ পৰা তোমালোকৰ সৈতে কথা পাতিলোঁ, তোমালোকে নিজেই তাক দেখিলা।
23 Msijifanyizie miungu yoyote na kuilinganisha nami, msijitengenezee miungu ya fedha wala miungu ya dhahabu.
২৩তোমালোকে মোৰ কাষত তোমালোকৰ বাবে আন কোনো ৰূপৰ বা সোণৰ দেৱমূৰ্তি নাসাজিবা।
24 “‘Utanitengenezea madhabahu ya udongo, na juu yake utoe sadaka za kuteketezwa kwa moto na sadaka za amani, kondoo zako, mbuzi na ngʼombe zako. Popote nitakapofanya Jina langu liheshimiwe, nitakuja kwenu na kuwabariki.
২৪তোমালোকে মোৰ অৰ্থে মাটিৰ যজ্ঞবেদী নিৰ্মাণ কৰিবা, আৰু তাৰ ওপৰতে তোমালোকৰ হোম-বলি, সমজুৱা বলি, মেৰ-ছাগ, আৰু ষাঁড়গৰুবোৰ উৎসৰ্গ কৰিবা। যি ঠাইবোৰত মই মোৰ নাম গৌৰৱম্বানিত কৰিম, সেই সকলো ঠাইতে মই তোমাৰ ওচৰলৈ আহি তোমাক আশীৰ্ব্বাদ কৰিম।
25 Ikiwa unanitengenezea madhabahu ya mawe, usiijenge kwa mawe ya kuchonga, maana mkitumia chombo cha kuchongea mtaitia unajisi.
২৫তুমি যদি মোৰ অৰ্থে শিলৰ যজ্ঞবেদী নিৰ্মাণ কৰা, তেনেহলে তুমি সেই বেদী কটা-শিলেৰে নিৰ্মাণ নকৰিবা; কাৰণ তাৰ ওপৰত যদি তুমি তোমাৰ অস্ত্ৰ লগোৱা, তেন্তে তুমি তাক অপবিত্ৰহে কৰিবা।
26 Msitumie ngazi kupandia kwenye madhabahu yangu, uchi wako usije ukadhihirika kwa chini.’
২৬তোমাৰ গোপনীয় অংশ যেন দেখা নাযায়, সেই বাবে মোৰ যজ্ঞবেদীলৈ তুমি খটখটিয়েদি নাযাবা’।”