< Mhubiri 7 >

1 Afadhali sifa nzuri kuliko manukato safi, nayo siku ya kufa kuliko ya kuzaliwa.
সুগন্ধি মূল্যৱান তেলতকৈ সুনাম উত্তম, জন্মৰ দিনতকৈ মৰণৰ দিন ভাল।
2 Afadhali kwenda kwenye nyumba ya msiba kuliko kwenda kwenye nyumba ya karamu, kwa kuwa kifo ni hatima ya kila mwanadamu, imewapasa walio hai kuliweka hili mioyoni mwao.
ভোজনৰ ঘৰলৈ যোৱাতকৈ শোকৰ ঘৰলৈ যোৱা ভাল; কিয়নো জীৱনৰ শেষত সকলো মানুহৰে মৃত্যু আহিব, জীৱিত লোকে এই কথা তাক মনত ৰখা উচিত।
3 Huzuni ni afadhali kuliko kicheko, kwa sababu uso wenye huzuni wafaa kwa moyo.
হাঁহিতকৈ দুখ ভোগ ভাল। কাৰণ মুখৰ বিষন্নতাৰ দ্বাৰাই হৃদয়ক আনন্দিত কৰা হয়।
4 Moyo wa wenye hekima uko katika nyumba ya msiba, lakini moyo wa wapumbavu uko katika nyumba ya anasa.
জ্ঞানৱানৰ হৃদয় শোকৰ ঘৰত থাকে; কিন্তু অজ্ঞানী লোকৰ হৃদয় কেৱল আমোদ-প্রমোদৰ ঘৰত থাকে।
5 Afadhali kusikia karipio la mtu mwenye hekima, kuliko kusikiliza wimbo wa wapumbavu.
অজ্ঞানীৰ প্রশংসাৰ গান শুনাতকৈ জ্ঞানৱানৰ তিৰস্কাৰ শুনাই ভাল।
6 Kama ilivyo kuvunjika kwa miiba chini ya sufuria, ndivyo kilivyo kicheko cha wapumbavu. Hili nalo pia ni ubatili.
কেৰাহীৰ তলত জ্বলন্ত কাঁইট খৰিৰ ফুটফুটনি যেনেকুৱা, মূৰ্খৰ হাঁহিও ঠিক তেনেকুৱা; ইও অসাৰ।
7 Dhuluma humfanya mtu mwenye hekima kuwa mpumbavu, nayo rushwa huuharibu moyo.
অন্যায়ভাৱে দাবী কৰা জ্ঞানী লোক স্বৰূপেই মূর্খ হৈ যায়; ভেঁটিয়ে বিবেচনা-শক্তি নষ্ট কৰে।
8 Mwisho wa jambo ni bora kuliko mwanzo wake, uvumilivu ni bora kuliko kiburi.
কোনো কাৰ্যৰ আৰম্ভণতকৈ তাৰ শেষ ভাল, আৰু অহংকাৰী আত্মাতকৈ ধৈর্যশীল আত্মা ভাল।
9 Usiwe mwepesi kukasirika rohoni mwako, kwa kuwa hasira hukaa kifuani mwa wapumbavu.
তোমাৰ আত্মাক হঠাৎ খং উঠিবলৈ নিদিবা; কিয়নো খং অজ্ঞানীবোৰৰ হৃদয়ত বাস কৰে।
10 Usiseme, “Kwa nini siku za kale zilikuwa bora kuliko siku hizi?” Kwa maana si hekima kuuliza maswali kama hayo.
১০বৰ্ত্তমান কালতকৈ আগৰ কাল কিয় ভাল আছিল? এনে কথা নুসুধিবা; কিয়নো এই প্ৰশ্ন কৰা প্রজ্ঞাৰ কাম নহয়।
11 Hekima, kama ulivyo urithi, ni kitu chema na huwafaidia wale walionalo jua.
১১পৈত্ৰিক ধন-সম্পত্তি পোৱাৰ দৰে প্রজ্ঞা বহুমূল্য উত্তম বস্তু। পৃথিৱীত ভালদৰে জীৱিত থকা লোকসকল।
12 Hekima ni ulinzi kama fedha ilivyo ulinzi, lakini faida ya maarifa ni hii: kwamba hekima huhifadhi maisha ya aliye nayo.
১২কিয়নো ধনৰ দৰে প্ৰজ্ঞায়েও নিৰাপত্তা দান কৰে। কিন্তু জ্ঞানৰ সুবিধা হৈছে এয়ে যে, জ্ঞানৱানৰ জ্ঞানেই তেওঁৰ জীৱন ৰক্ষা কৰে।
13 Tafakari kile Mungu alichokitenda: Nani awezaye kunyoosha kile ambacho yeye amekipinda?
১৩ঈশ্বৰৰ কাৰ্যবোৰ ভাৱি চোৱা; কিয়নো তেওঁ যিহক বেঁকা কৰিছে, তাক কোনে পোনাব পাৰে?
14 Nyakati zikiwa nzuri, ufurahi, lakini nyakati zikiwa mbaya, tafakari: Mungu amefanya hiyo moja, naam, sanjari na hiyo nyingine. Kwa hiyo, mwanadamu hawezi kugundua kitu chochote kuhusu maisha yake ya baadaye.
১৪সুখৰ দিনত সুখী হোৱা; কিন্তু দুখৰ দিনত এই কথা বিবেচনা কৰি চাবা: ঈশ্বৰে যেনেকৈ সুখ ৰাখিছে, তেনেকৈ দুখকো ওচৰা-ওচৰিকৈ ৰাখিছে। সেয়ে মানুহে নিজৰ ভৱিষ্যতৰ একো কথাকে নাজানে।
15 Katika maisha haya yangu ya ubatili nimeshaona haya mawili: mtu mwadilifu akiangamia katika uadilifu wake, naye mtu mwovu akiishi maisha marefu katika uovu wake.
১৫মোৰ এই অসাৰ জীৱনকালত মই অনেক বিষয় দেখিলোঁ। কোনো কোনো ধাৰ্মিক লোক নিজৰ ধাৰ্মিকতাৰ মাজত বিনষ্ট হৈ যায়, আৰু কোনো কোনো দুষ্ট লোক নিজৰ দুষ্টতাৰ মাজত অনেক দিন জীয়াই থাকে।
16 Usiwe mwenye haki kupita kiasi, wala usiwe na hekima kupita kiasi: kwa nini kujiangamiza mwenyewe?
১৬নিজৰ চকুত নিজে অতিৰিক্ত ধাৰ্মিক নহবা বা নিজকে অতিৰিক্ত জ্ঞানী নেদেখুৱাবা; কিয় তুমি নিজকে ধ্বংস কৰিবা?
17 Usiwe mwovu kupita kiasi, wala usiwe mpumbavu: kwa nini kufa kabla ya wakati wako?
১৭অতিশয় দুষ্ট নহবা, আৰু অজ্ঞানীও নহবা; কিয় তুমি সময়ৰ আগেয়ে মৰিবা?
18 Ni vyema kushika hilo moja na wala usiache hilo jingine likupite. Mtu amchaye Mungu ataepuka huko kupita kiasi.
১৮এই জ্ঞানৰ কথা তুমি ধৰি ৰখা ভাল; এটাকো হাতৰ পৰা যাবলৈ নিদিবা; যি লোকে ঈশ্বৰক ভয় কৰে, তেওঁ সকলো কঠিনতাত কৃতকার্য হ’ব।
19 Hekima humfanya yeye aliye nayo kuwa na uwezo zaidi kuliko watawala kumi katika mji.
১৯দহজন শাসনকর্তাই এখন নগৰক যিমান শক্তিশালী কৰে, প্রজ্ঞাই এজন জ্ঞানৱানক তাতোকৈ অধিক পৰিমাণে শক্তিশালী কৰে।
20 Hakuna mtu mwenye haki duniani ambaye hufanya mambo ya haki na kamwe asitende dhambi.
২০পৃথিৱীত বাস্তৱিক এনে কোনো সৎলোক নাই, যি জনে ভাল কাম কৰে আৰু কেতিয়াও পাপ নকৰে।
21 Usitie maanani kila neno linalosemwa na watu, la sivyo, waweza kumsikia mtumishi wako akikulaani:
২১মানুহে কোৱা সকলো কথালৈ কাণসাৰ নিদিবা, হয়তো তোমাৰ দাসে তোমাক শাও দিয়াহে শুনিবা।
22 kwa kuwa unafahamu moyoni mwako kwamba wewe mwenyewe mara nyingi umewalaani wengine.
২২কাৰণ তুমিও তোমাৰ হৃদয়ত জানা যে, তুমি নিজেও আনক অনেকবাৰ সেইদৰে শাও দিছা।
23 Yote haya niliyajaribu kwa hekima, nikasema, “Nimeamua kuwa na hekima”: lakini hii ilikuwa nje ya uwezo wangu.
২৩এই সকলো মই প্ৰজ্ঞাৰ দ্বাৰাই পৰীক্ষা কৰি চাই ক’লোঁ, “মই জ্ঞানৱান হ’ম,” কিন্তু জ্ঞান মোৰ পৰা দূৰৈত আছিল।
24 Vyovyote hekima ilivyo, hekima iko mbali sana na imejificha, ni nani awezaye kuigundua?
২৪প্রজ্ঞালাভ মোৰ পৰা অতি দূৰৈত আৰু ই অতি গভীৰ। কোনে তাক পাব পাৰে?
25 Nikageuza fikira zangu ili kuelewa, kuchunguza na kuitafuta hekima na kusudi la mambo, na ili kuelewa ujinga wa uovu, na wazimu wa upumbavu.
২৫সেইবাবে মই মন স্থিৰ কৰিলোঁ যাতে জ্ঞানৰ লগতে যি সকলো বাস্তৱ ব্যাখ্যাবোৰ আছে, তাক জানিব পাৰোঁ আৰু পৰীক্ষা তথা অনুসন্ধান কৰি চাব পাৰোঁ, লগতে বুজিব পাৰোঁ যে দুষ্টতা হৈছে মূর্খতা আৰু মূর্খতাই হৈছে বিচাৰবুদ্ধিহীনতা।
26 Nimeona jambo lililo chungu kuliko mauti, mwanamke ambaye ni mtego, ambaye moyo wake ni wavu wa kutegea na mikono yake ni minyororo. Mtu ampendezaye Mungu atamkwepa, bali mwenye dhambi atanaswa naye.
২৬মই দেখিলোঁ, মৃত্যুতকৈয়ো তিতা হৈছে স্ত্রী, যাৰ হৃদয় ফান্দ আৰু জালেৰে পৰিপূর্ণ আৰু হাত দুখন শিকলিস্বৰূপ। যি মানুহ ঈশ্বৰক সন্তুষ্ট কৰে, তেওঁ তাইৰ হাতৰ পৰা সাৰিব, কিন্তু পাপী তাইৰ দ্বাৰা ফান্দত পৰিব।
27 Mhubiri anasema, “Tazama, hili ndilo nililogundua: “Nimegundua kitu kimoja baada ya kingine nilipokuwa katika kusudi la mambo:
২৭উপদেশকে কৈছে, “চোৱা, মই যি দৃষ্টিগোচৰ কৰিলোঁ, তাক বিবেচনা কৰা।” সকলো কথাৰ অন্তৰালত যি সাৰ আছে, তাক উলিয়াবলৈ মই এটাৰ পাছত এটাকৈ বিচাৰ কৰি কিছুমান বিষয় জানিব পাতিলোঁ।
28 ningali natafiti lakini sipati: nilimpata mwanaume mmoja mnyofu miongoni mwa elfu, lakini hakuna mwanamke mmoja mnyofu miongoni mwao.
২৮মোৰ প্ৰাণে যি বিচাৰিছে, তাক মই এতিয়াও পোৱা নাই; হাজাৰজনৰ মাজত এজনহে সৎ পুৰুষ পালোঁ, কিন্তু তেওঁলোকৰ মাজত এগৰাকী স্ত্রীকো সৎ দেখা নাপালোঁ।
29 Hili ndilo peke yake nililolipata: Mungu amemuumba mwanadamu mnyofu, lakini mwanadamu amebuni mambo mengi.”
২৯কেৱল ইয়াকেহে মই জানিব পাতিলোঁ যে, ঈশ্বৰে মানুহক সৰল কৰি স্ৰজন কৰিছিল, কিন্তু মানুহ নানা যুক্তিৰ আলম লৈ অবাটে গ’ল।

< Mhubiri 7 >