< Torati 1 >
1 Haya ni maneno Mose aliyoyasema kwa Israeli yote jangwani mashariki ya Yordani, ambayo iko Araba, inayokabiliana na Sufu, kati ya Parani na Tofeli, Labani, Haserothi na Dizahabu.
১মোচিয়ে যৰ্দ্দন নদীৰ সিপাৰে মৰুভূমি অঞ্চলত সকলো ইস্ৰায়েলীয়াসকলক এইবোৰ কথা কৈছিল। এই ঠাই চুফৰ সন্মুখত আছিল। এফালে পাৰণ মৰুভূমি আৰু আনফালে তোফল, লাবন, হচেৰোত আৰু দী-জাহব নগৰবোৰৰ মাজত যর্দন নদীৰ উপত্যকাৰ সমথল ভূমিত তেওঁ এই বার্তা দিছিল।
2 (Ni mwendo wa siku kumi na moja kutoka Horebu kwa njia ya Mlima Seiri mpaka Kadesh-Barnea.)
২হোৰেব পাহাৰৰ পৰা চেয়ীৰ পৰ্ব্বতমালাৰ পথেদি কাদেচ-বৰ্ণেয়ালৈ যাবলৈ এঘাৰ দিন লাগে।
3 Katika mwaka wa arobaini, siku ya kwanza ya mwezi wa kumi na moja, Mose aliwatangazia Waisraeli yale yote Bwana aliyomwamuru kuwahusu.
৩ইস্রায়েলীয়াসকলে মিচৰ দেশ ত্যাগ কৰাৰ চল্লিশ বছৰ হ’ল। সেই বছৰৰ এঘাৰ মাহৰ প্রথম দিনা যিহোৱাই ইস্ৰায়েলীয়া সকলৰ সম্পর্কে মোচিক যি সকলো আজ্ঞা দিছিল, সেই সকলো কথা তেওঁ তেওঁলোকৰ ওচৰত প্ৰকাশ কৰিলে।
4 Hii ilikuwa baada ya kumshinda Sihoni mfalme wa Waamori, ambaye alitawala Heshboni, na pia huko Edrei alikuwa amemshinda Ogu mfalme wa Bashani, ambaye alitawala huko Ashtarothi.
৪যিহোৱাই ইমোৰীয়াসকলৰ ৰজা হিচবোন নিবাসী চীহোনক আৰু অষ্টাৰোৎ নিবাসী বাচানৰ ৰজা ওগক ইদ্ৰেয়ীত বধ কৰাৰ পাছত মোচিয়ে এই কথা ক’লে।
5 Huko mashariki ya Yordani katika nchi ya Moabu, Mose alianza kuielezea sheria hii, akisema:
৫বিধানৰ এই সকলোবোৰ কথা মোচিয়ে যৰ্দ্দনৰ সিপাৰে মোৱাব দেশত ঘোষণা কৰিবলৈ আৰম্ভ কৰিলে।
6 Bwana Mungu wetu alisema nasi huko Horebu, “Mmekaa vya kutosha katika mlima huu.
৬তেওঁ ক’লে, হোৰেব পাহাৰত, “আমাৰ ঈশ্বৰ যিহোৱাই আমাক কৈছিল, ‘তোমালোকে যথেষ্ট কাল এই পাহাৰত বাস কৰিছা।
7 Vunjeni kambi, msonge mbele kuelekea nchi ya vilima ya Waamori; nendeni kwa watu wote ambao ni majirani wa Araba, katika milima, upande wa magharibi chini ya vilima, katika Negebu na kandokando ya pwani, mpaka nchi ya Wakanaani hadi Lebanoni, na kufika mto mkubwa Frati.
৭এতিয়া তোমালোকে ঘূৰি যাত্ৰা কৰা। ইমোৰীয়াসকলে বাস কৰা পাহাৰীয়া অঞ্চললৈ যোৱা। তাৰ ওচৰ পাজৰৰ সকলো ঠাইলৈকে যোৱা। তাৰ ওচৰৰ যর্দন নদীৰ উপত্যকাৰ সমথল, পাহাৰীয়া অঞ্চল, নিম্ন ভূমি অঞ্চল, নেগেভ আৰু সমুদ্ৰতীৰলৈ যোৱা। কনানীয়াসকলৰ দেশৰ লগতে লিবানোনৰ পাহাৰলৈকে ইউফ্রেটিচ নামৰ মহানদী পর্যন্ত যোৱা।
8 Tazama, nimewapa ninyi nchi hii. Ingieni mkaimiliki nchi ambayo Bwana aliapa kuwa angaliwapa baba zenu, Abrahamu, Isaki na Yakobo, pamoja na vizazi vyao baada yao.”
৮শুনা, মই সেই দেশ তোমালোকৰ আগত ৰাখিছোঁ; মই যিহোৱাই তোমালোকৰ পূর্বপুৰুষ অব্ৰাহাম, ইচহাক আৰু যাকোবলৈ আৰু পাছত তেওঁলোকৰ ভাবী-বংশলৈকো যি দেশ দিম বুলি শপত খাইছিলো, তোমালোকে গৈ তাক অধিকাৰ কৰা।’”
9 Wakati ule niliwaambia, “Ninyi mmekuwa mzigo mzito sana kwangu kuwachukua peke yangu.
৯সেই সময়ত মই আপোনালোকক কৈছিলোঁ, “মোৰ পক্ষে আপোনালোকৰ ভাৰ অকলে বৈ নিয়াটো সম্ভৱ নহয়।
10 Bwana Mungu wenu ameongeza hesabu yenu, hivi kwamba leo ninyi ni wengi kama nyota za angani.
১০আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকৰ জনসংখ্যা অধিককৈ বৃদ্ধি কৰিলে আৰু চাওঁক, আজি আপোনালোক আকাশৰ তৰাৰ নিচিনা অসংখ্য হ’ল।
11 Naye Bwana, Mungu wa baba zenu na awaongeze mara elfu na kuwabariki kama alivyoahidi!
১১আপোনালোকৰ পূর্বপুৰুষ সকলৰ ঈশ্বৰ যিহোৱাই বর্তমানতকৈ আপোনালোকৰ সংখ্যা আৰু হাজাৰ গুণে বৃদ্ধি কৰক; তেওঁৰ প্রতিজ্ঞা অনুসাৰেই আপোনালোকক তেওঁ আশীৰ্ব্বাদ কৰক।
12 Lakini mimi nitawezaje kubeba matatizo yenu, na mizigo yenu, na magomvi yenu peke yangu?
১২কিন্তু মই অকলে কেনেকৈ আপোনালোকৰ সকলো বাদ-বিবাদ মীমাংসা কৰাৰ ভাৰ আৰু বোজা বহন কৰিম?
13 Chagueni baadhi ya watu wenye hekima, wenye ufahamu na wanaoheshimika kutoka kila kabila lenu, nami nitawaweka juu yenu.”
১৩আপোনালোকে আপোনালোকৰ প্রত্যেকটো ফৈদৰ পৰা কেইজনমান জ্ঞানৱান, বিজ্ঞ আৰু সুখ্যাতিপূর্ণ লোকক বাচি লওঁক; মই আপোনালোকৰ ওপৰত তেওঁলোকক মুখিয়াল পাতিম।”
14 Mlinijibu, “Shauri ulilolitoa ni zuri.”
১৪আপোনালোকে তাৰ উত্তৰত মোক কৈছিল, “আপুনি যি কথা কৈছে তাকে কৰা ভাল।”
15 Kwa hiyo niliwachukua wanaume viongozi wa makabila yenu, wenye hekima na wanaoheshimika, nami nikawateua wawe na mamlaka juu yenu kama majemadari wa maelfu, wa mamia, wa hamsini, na wa makumi, na kama maafisa wa makabila.
১৫সেয়ে মই আপোনালোকৰ ফৈদবোৰৰ পৰা জ্ঞানৱান আৰু সুখ্যাতিপূর্ণ লোকসকলক লৈ আপোনালোকৰ ওপৰত মুখিয়াল পাতিলো। প্রত্যেক ফৈদৰ পৰা হাজাৰপতি, শতপতি, পঞ্চাশপতি, দশপতি আৰু অন্যান্য পদাধিকাৰী ব্যক্তিক নিযুক্ত কৰিলোঁ।
16 Nami wakati ule nikawaagiza waamuzi wenu: Sikilizeni magomvi kati ya ndugu zenu na mwamue kwa haki, hata kama shauri ni kati ya ndugu wa Kiisraeli, au kati ya mmoja wa ndugu wa Kiisraeli na mgeni.
১৬আপোনালোকৰ বিচাৰকসকলক সেই সময়ত মই এই আজ্ঞা দিছিলোঁ, “আপোনালোকে বাদ-বিবাদৰ সময়ত ভাইসকলৰ দুই পক্ষৰ কথা শুনি ন্যায়ভাৱে বিচাৰ কৰিব; সেই বিবাদ ইস্রায়েলীয়া ভাইসকলৰ মাজতেই হওঁক বা এজন ইস্রায়েলীয়া আৰু ভিন্ন জাতিৰ বিদেশীৰ মাজতেই হওঁক।
17 Msionyeshe upendeleo katika maamuzi; wasikilizeni wote sawasawa, wadogo kwa wakubwa. Msimwogope mtu yeyote, kwa kuwa hukumu ni ya Mungu. Mniletee mimi shauri lolote lililo gumu sana kwenu, nami nitalisikiliza.
১৭বিবাদৰ সময়ত আপোনালোকে কাৰো পক্ষ নল’ব আৰু ডাঙৰ-সৰু সকলোৰে কথা সমানে শুনিব। বিচাৰৰ কার্য প্রকৃততে ঈশ্বৰৰ; সেয়ে আপোনালোকে মানুহৰ মুখলৈ চাই ভয় নাখাব। যদি কোনো বিবাদ আপোনালোকৰ কাৰণে কঠিন যেন লাগে, তেন্তে সেই বিচাৰ মোৰ ওচৰলৈ আনিব, মই সেই বিচাৰ কৰিম।”
18 Nami wakati ule niliwaambia kila kitu ambacho mngefanya.
১৮আপোনালোকে কৰিবলগীয়া সকলোবোৰেই মই তেতিয়া আপোনালোকক আজ্ঞা দিছিলোঁ।
19 Kisha, kama Bwana Mungu wetu alivyotuamuru, tuliondoka kutoka Horebu na kwenda kuelekea nchi ya vilima ya Waamori, kupitia jangwa lile kubwa lote la kutisha, lile mliloliona, nasi tukafika Kadesh-Barnea.
১৯ইয়াৰ পাছত আমাৰ ঈশ্বৰ যিহোৱাৰ আজ্ঞা অনুসাৰে আমি হোৰেব পাহাৰ এৰি ইমোৰীয়াসকলৰ পাহাৰীয়া অঞ্চলৰ অভিমুখে যাত্রা কৰিছিলোঁ। আপোনালোকে যি ডাঙৰ আৰু বিপদসংকুল মৰুভূমি দেখিছিল, তাৰ মাজেদি আমি গৈ কাদেচ-বৰ্ণেয়া পাইছিলোঁ।
20 Kisha niliwaambia, “Mmefika katika nchi ya vilima ya Waamori, ambayo Bwana Mungu wetu anatupa.
২০তাৰ পাছত মই আপোনালোকক কৈছিলোঁ, “আপোনালোক ইমোৰীয়া পাহাৰী অঞ্চল আহি পালে। আমাৰ ঈশ্বৰ যিহোৱাই আমাক এই দেশ দিবলৈ গৈ আছে।
21 Tazama, Bwana Mungu wenu amewapa nchi. Pandeni mkaimiliki kama Bwana, Mungu wa baba zenu, alivyowaambia. Msiogope, wala msikate tamaa.”
২১চাওঁক, আপোনালোকৰ ঈশ্বৰ যিহোৱাই দিয়া গোটেই দেশ আপোনালোকৰ আগত আছে। আপোনালোকৰ পূর্বপুৰুষসকলৰ ঈশ্বৰ যিহোৱাৰ কথা অনুসাৰে আপোনালোকে গৈ দেশখন অধিকাৰ কৰক; আপোনালোকে ভয় নকৰিব, নিৰাশ নহ’ব।”
22 Ndipo ninyi nyote mkanijia na kusema, “Tupeleke watu watutangulie kuipeleleza nchi kwa ajili yetu, na kutuletea taarifa kuhusu njia tutakayopita, na miji tutakayoiendea.”
২২তেতিয়া আপোনালোক সকলোৱে আহি মোক কৈছিলে, “কেইজনমান লোকক আগেয়ে পঠাই দিয়া হওঁক যাতে তেওঁলোকে দেশখন চাই মেলি আহি আমাক কব পাৰে কোন পথেৰে গৈ আমি আক্রমণ কৰা উচিত আৰু কোন কোন নগৰবোৰ আমি সন্মুখত পাম।”
23 Wazo hilo lilionekana zuri kwangu; kwa hiyo niliwachagua watu wenu kumi na wawili, mwanaume mmoja kutoka kila kabila.
২৩আপোনালোকৰ এই প্রস্তাৱ মোৰ ভাল লাগিছিল; সেয়ে মই আপোনালোকৰ প্রত্যেক ফৈদৰ পৰা এজনকৈ মুঠ বাৰজন লোকক বাচি লৈছিলোঁ।
24 Waliondoka na kukwea katika nchi ya vilima, wakafika katika Bonde la Eshkoli na kuipeleleza.
২৪তেওঁলোকে পার্বত্য দেশৰ ওপৰলৈ উঠি গৈছিল আৰু ইষ্কোলৰ উপত্যকালৈ আহি ভালদৰে দেশখন অনুসন্ধান কৰি আহিছিল।
25 Wakachukua baadhi ya matunda ya nchi, wakatuletea na kutuarifu, “Ni nchi nzuri ambayo Bwana Mungu wetu anatupa.”
২৫তেওঁলোকে হাতত সেই দেশৰ কিছু কিছু ফল লৈ নামি আহি আমাক কৈছিল, “আমাৰ ঈশ্বৰ যিহোৱাই যি দেশ আমাক দিছে, ই সঁচাকৈয়ে এক উত্তম দেশ।”
26 Lakini hamkuwa tayari kukwea, mkaasi dhidi ya amri ya Bwana Mungu wenu.
২৬কিন্তু আপোনালোকে সেই দেশ আক্রমণ কৰিবলৈ অস্বীকাৰ কৰিছিল। আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ আজ্ঞাৰ বিৰুদ্ধাচৰণ কৰিছিল।
27 Mkanungʼunika ndani ya mahema yenu na kusema, “Bwana anatuchukia, kwa hiyo alitutoa Misri ili kututia mikononi mwa Waamori kutuangamiza.
২৭আপোনালোকে আপোনালোকৰ তম্বুত আপত্তি দর্শাই কৈছিল, “যিহোৱাই আমাক ঘৃণা কৰে। সেয়ে তেওঁ আমাক মিচৰ দেশৰ পৰা বাহিৰ কৰি আনিছিল যাতে ইমোৰীয়াসকলৰ শক্তিৰ দ্বাৰা আমি পৰাজিত হৈ সম্পূর্ণ বিনষ্ট হওঁ।
28 Twende wapi? Ndugu zetu wametufanya kufa moyo. Wanasema, ‘Watu wa huko wana nguvu zaidi na ni warefu kuliko sisi tulivyo; miji ni mikubwa, yenye kuta zilizofika juu angani. Zaidi ya hayo, tumewaona Waanaki huko.’”
২৮এতিয়া আমি ক’লৈ যাব পাৰোঁ? ভাইসকলে আমাৰ মন ভাঙি দিলে। কিয়নো তেওঁলোকে কৈছিল, ‘সেই ঠাইৰ অধিবাসীসকল আমাৰ তুলনাত অতিশয় ডাঙৰ আৰু দীঘল; তেওঁলোকৰ নগৰবোৰো ডাঙৰ ডাঙৰ আৰু তাৰ চৌদিশ আকাশ লঙ্ঘা প্রাচীৰেৰে আবৃত। তাত বাজেও, আমি সেই ঠাইত অনাকীয়াৰ বংশধৰ দৈত্যকায় লোকসকলকো দেখিলোঁ।’”
29 Ndipo nikawaambia, “Msihofu, wala msiwaogope.
২৯তেতিয়া মই আপোনালোকক কৈছিলোঁ, “আপোনালোকে ভয় নকৰিব, সেই লোকসকললৈ ভয় নকৰিব।
30 Bwana Mungu wenu anayewatangulia, atawapigania, kama alivyofanya kwa ajili yenu huko Misri, mbele ya macho yenu hasa,
৩০আপোনালোকৰ ঈশ্বৰ যিহোৱা আপোনালোকৰ আগে আগে আছে আৰু তেওঁ আপোনালোকৰ হৈ যুদ্ধ কৰিব। মিচৰ দেশত আপোনালোকৰ চকুৰ সন্মুখত তেওঁ যি কৰিছিল, ইয়াতো তেওঁ সেই একে কার্য কৰিব।
31 na pia huko jangwani. Huko mliona jinsi Bwana Mungu wenu alivyowachukua, kama baba amchukuavyo mwanawe, katika njia yote mliyoiendea mpaka mkafika mahali hapa.”
৩১পুনৰ আপোনালোকে মৰুভূমিত দেখিছিল যে, কেনেদৰে আপোনালোকৰ ঈশ্বৰ যিহোৱাই সন্মুখত থাকি আপোনালোকক লৈ গৈছিল; যেনেকৈ পিতৃয়ে পুত্রক কোলাত তুলি লৈ যায়, তেনেকৈয়ে আপোনালোক যোৱা সকলো ঠাইতে, গোটেই পথত এই ঠাই নোপোৱালৈকে আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকক লৈ আনিলে।”
32 Pamoja na hili, hamkumtegemea Bwana Mungu wenu,
৩২তথাপিও ইমানতো আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ ওপৰত ভাৰসা নকৰিলে।
33 ambaye aliwatangulia katika safari yenu, kwa moto usiku na kwa wingu mchana, kuwatafutia mahali penu pa kupiga kambi na kuwaonyesha njia mtakayoiendea.
৩৩যিহোৱা! যি জন আপোনালোকৰ যাত্রাপথত আগে আগে গৈছিল, যাতে তেওঁ আপোনালোকৰ কাৰণে শিবিৰ পাতিবৰ ঠাই বিচাৰি পায় আৰু যি পথেদি আপোনালোক যোৱা উচিত, সেই পথ দেখুৱাই আপোনালোকক লৈ যাবলৈ তেঁৱেই ৰাতি অগ্নিৰ মাজেৰে আৰু দিনত মেঘৰ মাজেদি আপোনালোকৰ আগে আগে গৈছিল।
34 Wakati Bwana aliposikia lile mlilosema, alikasirika, akaapa, akasema:
৩৪আপোনালোকৰ কথা শুনি যিহোৱাই ক্রোধিত হৈ শপত খাই এইদৰে কৈছিল,
35 “Hakuna mtu wa kizazi hiki kiovu atakayeona nchi nzuri niliyoapa kuwapa baba zenu,
৩৫“যি উত্তম দেশ তোমালোকৰ পূর্বপুৰুষসকলক দিম বুলি মই শপত খাইছিলোঁ, নিশ্চয়কৈ এই দুষ্ট বংশৰ লোকসকলৰ মাজৰ এজনেও সেই উত্তম দেশ দেখা নাপাব।
36 isipokuwa Kalebu mwana wa Yefune. Yeye ataiona, nami nitampa yeye na wazao wake nchi aliyoikanyaga kwa miguu, kwa sababu alimfuata Bwana kwa moyo wote.”
৩৬কেৱল যিফুন্নিৰ পুত্ৰ কালেবে তাক দেখিব; কালেবে যি ঠাইৰ মাজেদি খোজ কাঢ়ি গৈছিল, সেই ভূমি মই তেওঁক আৰু তেওঁৰ উত্তৰপুৰুষসকলক দিম। কাৰণ তেওঁ যিহোৱাৰ পথত সম্পুৰ্ণভাৱে চলিলে।”
37 Kwa sababu yenu Bwana pia alinikasirikia mimi, akasema, “Hutaingia hiyo nchi pia.
৩৭আপোনালোকৰ বাবে যিহোৱাই মোৰ ওপৰতো ক্রুদ্ধ হৈ কৈছিল, “তুমিও সেই ঠাইত সোমাবলৈ নাপাবা।
38 Lakini msaidizi wako, Yoshua mwana wa Nuni, ataingia. Mtie moyo, kwa sababu atawaongoza Waisraeli kuirithi hiyo nchi.
৩৮কিন্তু পৰিচাৰক হিচাবে তোমাৰ আগত থকা নুনৰ পুত্ৰ যিহোচূৱাইহে সেই দেশত প্রৱেশ কৰিব; তুমি যিহোচূৱাক উৎসাহিত কৰিবা, কিয়নো দেশখন অধিকাৰ কৰিবৰ কাৰণে তেওঁৱেই ইস্ৰায়েলীয়াসকলক নেতৃত্ব দি আগবঢ়াই নিব।
39 Wale watoto ambao mliwasema wangelichukuliwa mateka, yaani watoto wenu ambao bado hawajui jema na baya, wataingia katika nchi. Nitawapa hiyo nchi, nao wataimiliki.
৩৯তাৰোপৰি তোমালোকে কৈছিলা, তোমালোকৰ সৰু সৰু ল’ৰা–ছোৱালীবোৰ ক্ষতিগ্রস্ত হ’ব; কিন্তু শিশুবোৰে সেই দেশত প্রৱেশ কৰিব। কাৰণ, সিহঁতৰ ভাল বা বেয়া বুজাৰ জ্ঞান বর্তমানো হোৱা নাই। সিহঁতকেই মই এই দেশ দিম আৰু সিহঁতেইহে তাক অধিকাৰ কৰিব।
40 Bali ninyi geukeni, mwondoke kuelekea jangwani kwa kufuata njia ya Bahari ya Shamu.”
৪০কিন্তু তোমালোকে হ’লে চূফ সাগৰলৈ যোৱা বাটেদি ঘূৰি মৰুভূমিৰ ফালে যাত্ৰা কৰা।”
41 Ndipo mkanijibu, “Tumemtenda Bwana dhambi. Tutakwenda kupigana, kama Bwana Mungu wetu alivyotuamuru.” Hivyo kila mmoja wenu akachukua silaha zake, huku mkifikiri kuwa ni rahisi kukwea katika nchi ya vilima.
৪১যিহোৱাৰ এই কথা শুনি আপোনালোকে মোক কৈছিল, “আমি যিহোৱাৰ বিৰুদ্ধে পাপ কৰিলোঁ; আমি যুদ্ধ কৰিবলৈ উঠি যাম আৰু আমি আমাৰ ঈশ্বৰ যিহোৱাই দিয়া আজ্ঞা অনুসাৰেই সকলো কার্য কৰিম।” এই বুলি আপোনালোক প্ৰতিজনে যুদ্ধৰ অস্ত্ৰ-শস্ত্র লৈ পার্বত্য অঞ্চল আক্রমণ কৰিবলৈ যুগুত হৈছিল।
42 Lakini Bwana aliniambia, “Waambie, ‘Msipande kupigana, kwa sababu sitakuwa pamoja nanyi. Mtashindwa na adui zenu.’”
৪২তেতিয়া যিহোৱাই মোক কৈছিল, “তুমি তেওঁলোকক কোৱা, ‘তোমালোকে আক্রমণ নকৰিবা আৰু যুদ্ধও নকৰিবা। কিয়নো মই তোমালোকৰ লগত নাথাকিম’; সেয়ে যদি তোমালোক যোৱা, তোমালোক শত্রুবোৰৰ হাতত পৰাজিত হ’বা।”
43 Hivyo niliwaambia, lakini hamkutaka kusikia. Mliasi dhidi ya amri ya Bwana, na katika kiburi chenu mlienda katika nchi ya vilima.
৪৩মই আপোনালোকক সেই কথা জনাইছিলোঁ, কিন্তু আপোনালোকে তাক নুশুনিলে। আপোনালোকে যিহোৱাৰ আজ্ঞাৰ বিৰুদ্ধাচৰণ কৰিলে; কিন্তু আপোনালোক অভিমানী লোক আৰু পার্বত্য অঞ্চললৈ উঠি গৈছিল।
44 Waamori ambao waliishi katika vilima hivyo waliinuka dhidi yenu, wakawafukuza kama kundi la nyuki wakiwapiga njia yote ya Seiri mpaka Horma.
৪৪সেই পৰ্ব্বতত বাসকৰা ইমোৰীয়াসকল আপোনালোকৰ বিৰুদ্ধে ওলাই আহিছিল আৰু মৌ-মাখিৰ দৰে আপোনালোকক খেদি পঠাইছিল। চেয়ীৰত হৰ্মালৈকে আপোনালোকক আঘাত কৰি খেদি নিছিল।
45 Mlirudi na kulia mbele za Bwana, lakini Mungu hakusikiliza kilio chenu, wala hakuwajali.
৪৫তেতিয়া আপোনালোকে উলটি আহি যিহোৱাৰ আগত কান্দিছিল, কিন্তু যিহোৱাই আপোনালোকৰ ক্রন্দন নুশুনিলে; তেওঁ আপোনালোকৰ ক্রন্দনলৈ কাণ নিদিলে।
46 Hivyo mlikaa Kadeshi kwa siku nyingi, kwa muda ule wote mliokaa huko.
৪৬এইদৰে আপোনালোক কাদেচত অনেক দিন ধৰি আছিল আৰু তাতেই দীর্ঘদিন অতিবাহিত কৰিছিল।