< Torati 27 >

1 Mose na wazee wa Israeli wakawaagiza watu: “Yashikeni maagizo haya yote ninayowaagiza leo.
মোচিয়ে ইস্ৰায়েলৰ বৃদ্ধ নেতাসকলক লগত লৈ লোকসকলক এই আজ্ঞা দিলে, “যি সকলো আজ্ঞা মই আজি আপোনালোকক দিছো, তাক আপোনালোকে পালন কৰিব।
2 Mtakapokuwa mmevuka Mto Yordani na kuingia katika nchi awapayo Bwana Mungu wenu, msimamishe mawe makubwa na mkayatie lipu.
আপোনালোকে যি দিনা যৰ্দ্দন নদী পাৰ হৈ আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকক দিয়া দেশলৈ যাব, তেতিয়া কেইটামান ডাঙৰ ডাঙৰ শিল স্থাপন কৰি ল’ব আৰু চূণেৰে সেইবোৰ লিপি দিব।
3 Andikeni juu yake maneno yote ya sheria hii wakati mtakapokuwa mmevuka na kuingia katika nchi awapayo Bwana Mungu wenu, nchi itiririkayo maziwa na asali, kama vile Bwana, Mungu wa baba zenu, alivyowaahidi.
সেইবোৰৰ ওপৰত এই বিধিৰ সকলো কথা লিখিব। আপোনালোকৰ পূৰ্ব-পুৰুষসকলৰ ঈশ্বৰ যিহোৱাই আপোনালোকৰ ওচৰত কৰা তেওঁৰ প্ৰতিজ্ঞাৰ দৰেই গাখীৰ আৰু মৌ বোৱা যি দেশ আপোনালোকক দিব, আপোনালোক তাত যোৱাৰ পাছত,
4 Mtakapokuwa mmevuka Yordani, simamisheni mawe haya juu ya Mlima Ebali, kama ninavyowaagiza leo, mkayatie lipu.
অর্থাৎ যৰ্দ্দন নদী পাৰ হৈ যোৱাৰ পাছত মই আজি আপোনালোকক যি আজ্ঞা কৰিছোঁ, আপোনালোকে সেই সকলো শিল এবাল পাহাৰৰ ওপৰত স্থাপন কৰি তাক চূণেৰে লিপি দিব।
5 Huko mjengeeni Bwana Mungu wenu madhabahu, madhabahu ya mawe. Msitumie kifaa chochote cha chuma juu yake.
আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে আপোনালোকে সেই ঠাইত এটা শিলৰ যজ্ঞবেদী নির্ম্মাণ কৰিব। সেই শিলবোৰৰ ওপৰত আপোনালোকে কোনো লোহাৰ সজুলি ব্যৱহাৰ নকৰিব।
6 Jengeni madhabahu ya Bwana Mungu wenu kwa mawe ya shambani, na mtoe sadaka za kuteketezwa juu yake kwa Bwana Mungu wenu.
আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ এই যজ্ঞবেদীটো আপোনালোকে নকটা-শিলেৰে নিৰ্ম্মাণ কৰি তাৰ ওপৰত ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে হোম-বলি উৎসৰ্গ কৰিব।
7 Toeni sadaka za amani juu yake, mkizila na kufurahia mbele za Bwana Mungu wenu.
আপোনালোকে মঙ্গলাৰ্থক বলি উৎসর্গ কৰি তাত ভোজন কৰিব আৰু আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ আগত আনন্দ কৰিব।
8 Nanyi mtaandika maneno yote ya sheria hii kwa wazi sana juu ya mawe haya ambayo mmesimamisha.”
সেই শিলবোৰৰ ওপৰত এই নিয়মৰ সকলো কথা অতি স্পষ্টকৈ লিখিব।”
9 Kisha Mose na makuhani, ambao ni Walawi, wakawaambia Israeli wote, “Nyamaza ee Israeli, sikiliza! Sasa umekuwa taifa la Bwana Mungu wako.
পাছত মোচি আৰু লেবীয়া পুৰোহিতসকলে সকলো ইস্ৰায়েলীয়াক ক’লে, “হে ইস্ৰায়েলীয়াসকল, আপোনালোকে মনে মনে থাকি শুনক; আজি আপোনালোক নিজ ঈশ্বৰ যিহোৱাৰ প্ৰজা হ’ল।
10 Mtii Bwana Mungu wako, na kufuata amri zake na maagizo ninayokupa leo.”
১০আপোনালোকে সেয়ে আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ বাধ্য হৈ চলিব। আজি মই আপোনালোকক আদেশ কৰা তেওঁৰ আজ্ঞা আৰু বিধিবোৰ আপোনালোকে পালন কৰি চলিব।”
11 Siku ile ile Mose akawaagiza watu:
১১সেইদিনা মোচিয়ে লোকসকলক এই আজ্ঞা কৰিলে,
12 Mtakapovuka Mto Yordani, makabila haya yatasimama juu ya Mlima Gerizimu kubariki watu: Simeoni, Lawi, Yuda, Isakari, Yosefu na Benyamini.
১২“আপোনালোকে যৰ্দ্দন নদী পাৰ হোৱাৰ পাছত লোকসকলক আশীৰ্ব্বাদ কৰিবলৈ চিমিয়োন, লেবী, যিহূদা, ইচাখৰ, যোচেফ, আৰু বিন্যামীন এই ফৈদৰ লোকসকল গৰিজ্জীম পৰ্ব্বতত উঠি থিয় হ’ব;
13 Makabila haya yatasimama juu ya Mlima Ebali kwa kutamka laana: Reubeni, Gadi, Asheri, Zabuloni, Dani na Naftali.
১৩ৰূবেণ, গাদ, আচেৰ, জবূলূন, দান আৰু নপ্তালী, ফৈদৰ লোকসকলে শাও দিবলৈ এবাল পৰ্ব্বতত থিয় হ’ব।”
14 Nao Walawi watawasomea watu wote wa Israeli kwa sauti kubwa:
১৪লেবীয়াসকলে তেতিয়া ইস্ৰায়েলীয়া সকলো লোকক বৰ মাতেৰে ক’ব:
15 “Alaaniwe mtu afanyaye sanamu ya kuchonga au mwenye kusubu sanamu, kitu ambacho ni chukizo kwa Bwana, kazi ya mikono ya fundi stadi, na kuisimamisha kwa siri.”
১৫‘যি লোকে সাঁচত ঢালি নাইবা খোদাই কৰি কোনো মূর্তি নির্মাণ কৰে আৰু গুপুতে তাক স্থাপন কৰে, সেই লোক অভিশপ্ত হওঁক। এই কার্য কাৰিকৰৰ হাতৰ শিল্পকলা মাত্র। এইবোৰ মূর্তি যিহোৱাৰ ঘিণলগীয়া।’ তেতিয়া সকলোৱে ক’ব ‘আমেন।’
16 “Alaaniwe mtu amdharauye baba yake na mama yake.”
১৬যি কোনোৱে নিজ পিতৃ-মাতৃক অমান্য কৰিব, তেওঁ অভিশপ্ত হওক; তাতে সকলো লোকে কব ‘আমেন।’
17 “Alaaniwe mtu asogezaye jiwe la mpaka wa jirani yake.”
১৭যিকোনোৱে ওচৰ-চুবুৰীয়াৰ মাটিৰ সীমাৰ চিন লৰাব, তেওঁ অভিশপ্ত হওক; তাতে সকলো লোকে সেয়ে হওক বুলি ক’ব।
18 “Alaaniwe mtu ampotoshaye kipofu njiani.”
১৮যি কোনোৱে অন্ধক ভুল পথে লৈ যায়, তেওঁ অভিশপ্ত হওক; তাতে সকলো লোকে ক’ব ‘আমেন।’
19 “Alaaniwe mtu apotoshaye haki ya mgeni, yatima au mjane.”
১৯যি কোনোৱে বিদেশী, পিতৃহীন আৰু বিধৱাৰ প্রতি অন্যায় বিচাৰ হ’বলৈ দিয়ে, তেওঁ অভিশপ্ত হওক; তাতে সকলো লোকে ক’ব ‘আমেন।’
20 “Alaaniwe mtu akutanaye kimwili na mke wa baba yake, kwa maana anadharau malazi ya baba yake.”
২০যি কোনোৱে বাপেকৰ ভার্যাৰে সৈতে ব্যভিচাৰ কৰে, তেওঁ বাপেকৰ অধিকাৰ লোৱাৰ কাৰণে অভিশপ্ত হওক; তাতে সকলো লোকে ক’ব ‘আমেন।’
21 “Alaaniwe mtu akutanaye kimwili na mnyama yeyote.”
২১যি কোনোৱে পশুৰ সৈতে সহবাস কৰে, তেওঁ অভিশপ্ত হওক; তাতে সকলো লোকে ক’ব ‘আমেন।’
22 “Alaaniwe mtu akutanaye kimwili na dada yake, binti wa baba yake au binti wa mama yake.”
২২যি কোনোৱে নিজ ভনীয়েক কি বায়েকৰে সৈতে, অৰ্থাৎ নিজ বাপেক-মাকৰ জীয়েকৰ লগত শয়ন কৰিব, তেওঁ অভিশপ্ত হওক; তাতে সকলো লোকে ক’ব ‘আমেন।’
23 “Alaaniwe mtu akutanaye kimwili na mama mkwe wake.”
২৩যি কোনোৱে শাহুৱেকেৰে সৈতে শয়ন কৰিব, তেওঁ অভিশপ্ত হওক; তাতে সকলো লোকে ক’ব ‘আমেন।’
24 “Alaaniwe mtu amuuaye jirani yake kwa siri.”
২৪যি কোনোৱে চুবুৰীয়াক গুপুতে বধ কৰিব, তেওঁ অভিশপ্ত হওক; তাতে সকলো লোকে ক’ব ‘আমেন।’
25 “Alaaniwe mtu apokeaye rushwa ili kumuua mtu asiye na hatia.”
২৫যি কোনোৱে নিৰ্দ্দোষীক বধ কৰিবলৈ ভেঁটি খাব, তেওঁ অভিশপ্ত হওক; তাতে সকলো লোকে ক’ব ‘আমেন।’
26 “Alaaniwe mtu yule ambaye hatashikilia maneno ya sheria hii kwa kuyatekeleza.”
২৬যি কোনোৱে এই নিয়মৰ কথাবোৰ পালন কৰিবলৈ অস্বীকাৰ কৰিব, তেওঁ অভিশপ্ত হওক; তাতে সকলো লোকে ক’ব ‘আমেন।’

< Torati 27 >