< Torati 18 >

1 Makuhani ambao ni Walawi, yaani kabila lote la Lawi, hawatakuwa na mgawo wala urithi pamoja na Israeli. Wataishi kwa sadaka zitolewazo kwa ajili ya Bwana za kuteketezwa kwa moto, kwa maana huo ndio urithi wao.
লেবীয়া পুৰোহিতসকল আৰু লেবী গোষ্ঠীৰ সকলো লোকে আন ইস্ৰায়েলীয়াসকলৰ দৰে কোনো ভূমি বা সম্পত্তিৰ আধিপত্য নাপাব। তেওঁলোকে যিহোৱাৰ উদ্দেশ্যে হোমবলিৰ কাৰণে যি সকলো অনা হ’ব আৰু যিহোৱাক আন যি সকলো আগবঢ়োৱা হ’ব, তেওঁলোকে সেইবোৰ বস্তুহে খাব।
2 Hawatakuwa na urithi miongoni mwa ndugu zao; Bwana ndiye urithi wao, kama alivyowaahidi.
ইস্রায়েলীয়া ভাইসকলৰ মাজত তেওঁলোকৰ উত্তৰাধিকাৰপ্রাপ্তি বুলি একো নাথাকিব। যিহোৱাই কৰা প্রতিজ্ঞা অনুসাৰে যিহোৱাই হ’ব তেওঁলোকৰ উত্তৰাধিকাৰ।
3 Hili ndilo fungu la makuhani kutoka kwa watu watakaotoa dhabihu ya fahali au kondoo: mguu wa mbele, mataya na matumbo.
লোকসকলে যিবোৰ গৰু-ছাগলী বা মেৰ-ছাগ বলি দিব, সেইবোৰৰ কান্ধ, গাল দুখনৰ মাংস আৰু পাকস্থলী তেওঁলোকে পুৰোহিত সকলক দিব; এইবোৰেই হ’ব পুৰোহিতসকলে পাবলগীয়া ভাগ।
4 Mtawapa malimbuko ya nafaka zenu, divai mpya, mafuta na sufu ya kwanza kutoka manyoya ya kondoo zenu,
আপোনালোকৰ প্রথমে চপোৱা শস্যৰ ফলবোৰ, নতুন দ্ৰাক্ষাৰস আৰু তেল, আৰু মেৰ-ছাগৰ পৰা প্রথমবাৰ কাটি উলিওৱা নোম আপোনালোকে পুৰোহিতক দিব।
5 kwa kuwa Bwana Mungu wenu amewachagua pamoja na wazao wao kutoka makabila yenu kusimama na kuhudumu katika jina la Bwana siku zote.
কিয়নো আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকৰ সকলো গোষ্ঠীৰ মাজৰ পৰা লেবী গোষ্ঠীক আৰু তেওঁলোকৰ বংশধৰসকলক বাছি ল’লে যাতে তেওঁলোকে সকলো সময়তে যিহোৱাৰ নামেৰে পৰিচর্যা কার্য কৰিব পাৰে।
6 Ikiwa Mlawi atahama kutoka mmojawapo ya miji yenu popote katika Israeli ambapo anaishi, akaja kwa moyo wote mahali ambapo Bwana atapachagua,
সমগ্র ইস্ৰায়েল দেশৰ কোনো নগৰৰ পৰা এজন লেবীয়াই যদি নিজৰ বাসস্থান এৰি সম্পূর্ণ নিজ ইচ্ছাৰে যিহোৱাই মনোনীত কৰা ঠাইত বাস কৰিবলৈ যায়,
7 anaweza akahudumu katika jina la Bwana Mungu wake kama Walawi wenzake wote wanaohudumu hapo mbele za Bwana.
তেতিয়া আন সকলো লেবীয়া ভাইসকলৰ দৰে তেৱোঁ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে পৰিচর্যা কার্য কৰিব লাগিব।
8 Atashiriki sawa katika mafao yao, hata kama amepokea fedha kutoka mauzo ya mali ya jamaa yake.
সেই লেবীয়া লোকে পৈত্রিক সম্পত্তি বিক্রী কৰি পোৱা মূল্যৰ উপৰিও সেই ঠাইৰ আন লেবীয়াসকলৰ লগত আহাৰৰ সমান ভাগ পাব।
9 Wakati mtakapoingia katika nchi ambayo Bwana Mungu wenu anawapa, msijifunze kuiga njia za machukizo za mataifa ya huko.
আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকক যি দেশ দিবলৈ গৈছে, সেই দেশত সোমাই আন জাতিবোৰে যি সকলো ঘিণলগীয়া কার্য কৰে, আপোনালোকে সেই কাৰ্যবোৰ কৰিবলৈ নিশিকিব।
10 Asionekane mtu yeyote miongoni mwenu ampitishaye mwanawe au binti yake katika moto, atakayefanya uaguzi, ulozi, anayetabiri nyakati, anayejishughulisha na uchawi,
১০আপোনালোকৰ মাজত যেন এনে কোনো লোক নাথাকে, যি জনে নিজৰ সন্তানক হোমবলি উৎসর্গ কৰে, যি জনে মঙ্গল চায়, যি জনে লক্ষণ চাই ভৱিষ্যতৰ কথা কয় বা মায়াবিদ্যা, যাদুবিদ্যাৰ অভ্যাস কৰে,
11 wala arogaye kwa kupiga mafundo, wala mwaguzi au anayeabudu mizimu, wala awaombaye wafu.
১১যি জনে তন্ত্র-মন্ত্রৰে সন্মোহিত কৰে, যিজনে ভূতৰ পৰামর্শ লয় আৰু মৃত লোকৰ আত্মাৰ লগত সম্পর্ক ৰাখে।
12 Mtu yeyote afanyaye mambo haya ni chukizo kwa Bwana, tena ni kwa sababu ya matendo haya ya kuchukiza wayafanyayo ndiyo maana Bwana Mungu wenu atayafukuza mataifa hayo mbele yenu.
১২এনেবোৰ কার্য কৰা সকলো লোক যিহোৱাৰ আগত ঘিণলগীয়া আৰু এনে ঘৃণণীয় কার্যৰ কাৰণেই আপোনালোকৰ ঈশ্বৰ যিহোৱাই সেই সকলো জাতিক আপোনালোকৰ সন্মুখৰ পৰা দূৰ কৰিব।
13 Kamwe msilaumiwe mbele za Bwana Mungu wenu.
১৩আপোনালোক আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ আগত নির্দোষী হ’ব লাগিব।
14 Mataifa mtakayowafukuza husikiliza wale wafanyao ulozi na uaguzi. Lakini kwenu ninyi, Bwana Mungu wenu hajawaruhusu kufanya hivyo.
১৪আপোনালোকে যি জাতিবোৰক উদ্ধাস্তু কৰি ভূমি অধিকাৰ কৰিব, তেওঁলোকে মায়াবিদ্যা আৰু মঙ্গল চোৱা ভৱিষ্যত বক্তাসকলৰ কথা শুনে। কিন্তু আপোনালোকক হ’লে আপোনালোকৰ ঈশ্বৰ যিহোৱাই তেনে কৰিবলৈ নিষেধ কৰিছে।
15 Bwana Mungu wenu atawainulia nabii kama mimi kutoka miongoni mwa ndugu zenu wenyewe. Msikilizeni yeye.
১৫আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকৰ মাজৰ ভাইসকলৰ এজনক আপোনালোকৰ কাৰণে মোৰ নিচিনা এজন ভাববাদীক উৎপন্ন কৰিব। আপোনালোকে তেওঁৰ কথামতে চলিব লাগিব।
16 Kwa kuwa hivi ndivyo mlivyomwomba Bwana Mungu wenu kule Horebu siku ile ya kusanyiko, wakati mliposema, “Na tusiisikie sauti ya Bwana Mungu wetu, wala kuuona moto huu mkubwa tena, ama sivyo tutakufa.”
১৬হোৰেব পাহাৰৰ ওচৰত আপোনালোক সকলোৱেই যিহোৱাৰ সন্মুখত সমবেত হোৱাৰ দিনা আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ ওচৰত ইয়াকে প্রার্থনা কৰিছিল। আপোনালোকে এইবুলি প্রার্থনা কৰিছিল, “ঈশ্বৰ যিহোৱাৰ মাত আমাক পুনৰ শুনিবলৈ নিদিব বা এই মহা-অগ্নি আমাক পুনৰ চাবলৈ নিদিব; সেয়ে হ’লে আমি মৰি যাম।”
17 Bwana akaniambia: “Wanachosema ni vyema.
১৭যিহোৱাই মোক কৈছিল, “তেওঁলোকে ঠিকেই কৈছে।
18 Nitawainulia nabii kama wewe kutoka miongoni mwa ndugu zao; nitaweka maneno yangu kinywani mwake, naye atawaambia kila kitu nitakachomwamuru.
১৮মই তেওঁলোকৰ ভাইসকলৰ মাজৰ পৰা তেওঁলোকৰ কাৰণে তোমাৰ দৰে এজন ভাববাদী উৎপন্ন কৰিম। তেওঁৰ মুখেৰেই মই মোৰ কথা ক’ম আৰু মই যি সকলো কবলৈ তেওঁক আজ্ঞা দিম, তেওঁ তাকে ক’ব।
19 Kama mtu yeyote hatasikiliza maneno yangu ambayo huyo nabii atayasema kwa Jina langu, mimi mwenyewe nitamwajibisha.
১৯সেই ভাৱবাদীয়ে মোৰ নামেৰে এই যি কথা ক’ব, কোনোৱে যদি মোৰ সেই কথা নুশুনে, তেন্তে মই নিজে তেওঁৰ পৰা তাৰ হিচাপ ল’ম।
20 Lakini nabii ambaye atathubutu kusema kwa Jina langu kitu chochote ambacho sikumwamuru akiseme, au nabii ambaye husema kwa jina la miungu mingine ni lazima auawe.”
২০কিন্তু মই আজ্ঞা নিদিয়া কথা যদি কোনো ভাববাদীয়ে মোৰ নাম লৈ অহংকাৰ কৰি ক’য়, অথবা যদি আন কোনো দেৱতাৰ নামেৰে ক’য়, সেই ভাববাদী জনৰ অৱশ্যেই প্ৰাণদণ্ড হ’ব।”
21 Mnaweza kuulizana wenyewe, “Tutawezaje kujua wakati ujumbe haukusemwa na Bwana?”
২১“কোনো কথাত আপোনালোকে হয়তো মনতে ভাৱিব পাৰে, ‘এই বার্তা যিহোৱাই কৈছে নে নাই, তাক আমি কেনেকৈ জানিম?’
22 Ikiwa kile nabii anachotangaza kwa jina la Bwana hakikutokea au kutimia, huo ni ujumbe ambao Bwana hakusema. Nabii huyo amesema kwa ujuaji. Msimwogope huyo.
২২কোনো ভাববাদীয়ে যদি যিহোৱাৰ নামেৰে কথা ক’য় আৰু সেয়ে যদি পাছত সিদ্ধ নহয় বা নঘটে, তেন্তে জানিব লাগিব যে, সেই কথা যিহোৱাই কোৱা নাই; সেই ভাৱবাদীয়ে অহংকাৰ কৰি সেই কথা কৈছে। আপোনালোকে তেওঁক ভয় নকৰিব।”

< Torati 18 >